ফটাঢোল

কুকুৰৰ নেজ- সোনটো ৰঞ্জন বৰুৱা

“দাদা…. আহিছোঁ৷”

….কাৰোবাৰ মাত শুনি খকা-মকাকৈ সাৰ পালোঁ৷ পুৱতি নিশাৰ অৰ্ধ-নিৰ্মিলিত চকুৰে দেখিলোঁ মোৰ সহযাত্ৰীজন হাতত ধৰি কৈ আছে৷ 

“গোটেই যাত্ৰাটো ৰসাল কৰি তোলাৰ বাবে ধন্যবাদ দাদা৷” 

কথাষাৰ কৈ, মই কিবা কোৱাৰ আগতেই লৰালৰিকৈ নামি গ’ল৷ 

তেখেত নামি যোৱাৰ পাছত ময়ো ইউৰিণেললৈ গৈ পুনৰ নিজৰ বাৰ্থলৈ উঠোঁতেই তেখেতে এৰি যোৱা বাৰ্থত চকু থৰ লাগিল৷ কালি নিজৰ গৱেষণাৰ বিষয়ে ক’বলৈ সেই সম্ভাৱনাপূৰ্ণ বিজ্ঞানীজনে যিটো ফাইল দেখুৱাইছিল, সেইটো চিটতে এৰি গ’ল৷ 

কি কৰোঁ এতিয়া? ইতিমধ্যে বহু পলম হৈ গ’ল৷ নাম ঠিকনা বিচাৰি গোটেই ফাইলটো চলাথ কৰিলোঁ, নাই ক’তো নাম-ঠিকনাৰ চিনমোকাম নাই৷ হয়তো নিজৰ গবেষণা পত্ৰ লিখোঁতে ইমানেই বিজি হৈছিল যে, নাম ঠিকনা লিখিবলৈ পাহৰি গ’ল৷ হওঁতে, চিনাকি হওঁতে নাম কৈছিল; কিন্তু যি অত্যাধুনিক নাম মোৰ মস্তিষ্কত চেভ কৰিবই নোৱাৰিলোঁ৷ 

 সেই মেধাবী তথা নতুন কিবা এটা কৰাৰ অদম্য ইচ্ছা দেখুওৱা উৎসাহী বৈজ্ঞানিকজনৰ ইমান দিনৰ কষ্টৰ ফচল এই ফাইলটো কেনেকৈ তেওঁৰ হাতত পৰাৰ ব্যবস্থা কৰিব পাৰোঁ?  এটা কাম কৰোঁ, ফাইলটোৰ সাৰমৰ্ম লৈ এটি চমুটোকা লিখোঁ৷ সংযোগবশত যদি সেই বিজ্ঞানীজনৰ নতু তেখেতৰ লগৰ কাৰোবাৰ যদি এই লেখাটি চকু পৰে মোৰ লগত অনতিবিলম্বে যোগাযোগ কৰিব৷ লগতে এই পষ্টটো পঢ়োতাসকলকো শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ জনাইছোঁ৷ _____ পষ্টদাতা৷ 

ভূমিকা :

কুকুৰ মানে কেনিচ ফেমিলিএৰিছ ৰাজহাড়ধাৰী, স্তন্যপায়ী জীৱ৷ সাধাৰণ ভাষাত কুকুৰ বা ডগ বুলি কোৱা হয়৷ ই মাংসভোজী আৰু কেনিডি পৰিয়ালৰ সদস্য৷ এতিয়ালৈকে প্ৰকাশিত লেখাবোৰ অধ্যয়ন কৰি ইয়াৰ ৩৭টা জাতি পোৱা গৈছে বুলি ক’ব পাৰি৷ কিন্তু কুকুৰ বিশেষজ্ঞ সকলৰ ব্যাপক প্ৰচেষ্টাত ইহঁতৰ অসংখ্য বৰ্ণসংকৰ প্ৰজাতিৰ সৃষ্টিত সফলতা পোৱা গৈছে (ফেয়াৰচাইল্ড ১৯২১, স্মীথ ১৯৩৯)৷ এই কাৰণেই আমাৰ চৌপাশে চুনুমুনু চাও, ম’গ্ৰেলৰ পৰা দেখিলেই বুকু কঁপা টেৰিয়েল, গ্ৰেহাউণ্ডলৈকে বিচৰণ কৰা দেখা যায়৷ 

 ইহঁতৰ আকাৰ আৰু ৰঙৰো ভিন্নতা দেখা পোৱা যায়৷ কোনোবাটো যদি তেনেই সৰু (এডৱাৰ্ড ১৯১৩), কোনোবাটো আকৌ বহুত বৃহৎ (নেলচন, ১৯১৭) আকাৰৰ হয়৷ এণ্ডাৰচনৰ (১৯১৭) মতে বহুত কুকুৰৰ নোম দীঘল যদিও ইমাৰ্চন আদিয়ে (১৯২১) ১৫০টা কুকুৰৰ ওপৰত পৰীক্ষা কৰি প্ৰমাণ কৰি দিছিল যে ১৩৫টা কুকুৰৰ নোম ৫ ছেঃমিঃতকৈ দীঘল নহয়৷ ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে বেছিভাগ কুকুৰৰ নোম ৫ ছেঃমিঃতকৈ দীঘল নহয়৷ ইহঁতৰ দৃষ্টি শক্তি আৰু ঘ্ৰাণশক্তি প্ৰবল (মিলাদ ১৯১৮)৷ ইহঁতে গোন্ধ অনুকৰণ কৰি চিকাৰ কৰিব পাৰে (পাৱেল ১৯৪১)৷ ইহঁতৰ ঠেং দীঘল, পাতল আৰু নেজ প্ৰায়েই দীঘল নোমেৰে আবৃত হয় (ৱাকাৰ ১৮৯১)৷ কিন্তু চোপ্ৰা (১৯৪৫), পিয়েচন (১৯৩২) তথা ভিক্টৰ (১৯৪৭) আদিয়ে ভিনভিন সময়ত ১০০ কুকুৰৰ পৰীক্ষাত প্ৰায় ৯০ শতাংশৰ নেজৰ নোম চুটি পোৱা গৈছিল৷ যাৰ দ্বাৰা প্ৰমাণ হয় যে অধিকাংশ কুকুৰৰ নেজ চুটি৷ বিভিন্ন সাহিত্য তথা বিভিন্ন প্ৰাণী বিশেষজ্ঞৰ লিখিত গ্ৰন্থসমূহ অধ্যয়ন কৰিলে এটা কথাত উপনিত হ’ব পাৰি যে, কুকুৰ যি দেশৰে নহওক, যি প্ৰজাতিৰে নহওক, যি ৰঙৰে নহওক… সকলো কুকুৰৰে নেজ বেঁকা৷ কিন্তু, আশ্চৰ্যকৰ কথাটো হ’ল এই বিষয়ত আজিলৈকে কোনোৱে একো বিশেষ দৃষ্টি দিয়া নাই৷ কোনো বৈজ্ঞানীকে কুকুৰৰ নেজ কিয় বেঁকা উৎসুক হোৱা দেখা নাযায়৷ ১২ বছৰ কুকুৰৰ নেজত বাঁহৰ চুঙা ভৰাই ৰাখিলেও বেঁকায়েই হৈ থাকিব, কথাষাৰ আজিও কোনো বিজ্ঞানীয়ে পৰীক্ষা কৰি চোৱা নাই৷  মেংগপিপলৰ লগত জড়িত এই কথাষাৰ প্ৰমাণ কৰিবলৈ মই প্ৰয়াস কৰিছিলোঁ আৰু মোৰ পৰীক্ষাসমূহৰ ফলাফলেৰে এই গবেষণা পত্ৰখন প্ৰস্তুত কৰিছোঁ৷ এই ১২ বছৰীয়া বিশেষ পৰীক্ষণটোলৈ ৰাষ্ট্ৰীয় অনুসন্ধান পৰিষদৰ তৰফৰ পৰা ৫০ লাখ টকাৰ আৰ্থিক সাহায্য লাভ কৰিছিলোঁ৷ সেই টকাৰে আৱশ্যকীয় সা-সৰঞ্জামৰ লগতে এজন কনিষ্ঠ অনুসন্ধান সহায়কাৰী, দুজন টেকনিকেল সহায়কাৰী, চাৰিজন পশু চকিদাৰ তথা এজন পিয়নৰ খৰচ বহন কৰা হয়৷ 

ঐতিহাসিক পটভূমি : 

অনেক বৈজ্ঞানিকৰ মতে মানুহে প্ৰায় ১০ হাজাৰ বছৰৰ আগৰে পৰা কেনিচ ফেমিলিএৰিচ পালন কৰিবলৈ লৈছিল৷ কোৱা হয়, আদিতে মানুহে কুকুৰনেছীয়াৰ পোৱালি নিজৰ গুহাত প্ৰতিপালন কৰিবলৈ লৈছিল আৰু সিহঁতে মানুহক চিকাৰ কৰাত সহায় কৰিবলৈ লৈছিল৷ পিছলৈ এই প্ৰাণীবিধ ক্ৰমান্বয়ে প্ৰভুভক্ত হৈ আহি থাকিল৷ (কুকুৰনেছীয়াৰ দৰে হিংস্ৰ প্ৰাণীৰ লগত তেজৰ সম্পৰ্ক থকাৰ স্বত্বেও ইহঁতৰ প্ৰভুভক্ত গুণ কোন জিনৰ প্ৰভাৱত আহিল সেইটাও গৱেষণাৰ বিষয়৷) কিন্তু কুকুৰৰ প্ৰথম উপৰিপুৰুষৰ মূলজনৰ নেজ বেঁকা নে পোন আছিল, এতিয়ালৈকে কোনেও গবেষণা কৰি উলিয়াব পৰা নাই৷ গুহা চিত্ৰসমূহতো এতিয়ালৈকে হৰিণ, ভালুক, ষাঁড় আদিৰহে চিত্ৰ দেখা গৈছে৷  কিছু দেশত যদিও কুকুৰৰ প্ৰাচীন মাটিৰ মূৰ্তি আৱিস্কৃত হৈছে, তাতো নেজ ইমানেই সৰু যে কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নাযায়৷ 

প্ৰাচীন সাহিত্যসমূহ অৱলোকন কৰি মহাভাৰতৰ দুটা খণ্ডত কুকুৰৰ কথা উল্লেখ কৰা পাইছোঁঁ৷ তাত মানে এটা কুকুৰৰ কথা উল্লেখ আছে, যি যুধিষ্ঠিৰ নামৰ ব্যক্তিগৰাকীৰ লগত হিমালয় আৰোহণ কৰিছিল আৰু কুকুৰটোক স্বৰ্গত প্ৰৱেশ কৰিবলৈ অনুমতি নিদিয়াৰ বাবে যুধিষ্ঠিৰে নিজেও প্ৰৱেশ নকৰে বুলি কৈছিল (মহাভাৰত)৷ অন্য এখন ধৰ্মপুথি ৰামচৰিত মানসতো লেখক তুলসী দাসে দেৱতাৰ ইন্দ্ৰ, সদ্য যৌবনপ্ৰাপ্ত যুৱকক কুকুৰৰ লগত তুলনা কৰিছে৷ কিন্তু ইন্দ্ৰ বা যুৱক কাৰোৰে নেজ দেখা নাযায় (ব্ৰাউন ১৮৯০), যাক লৰচৰ কৰিব পাৰি৷ গতিকে লেখক তুলশীদাসৰ সৈতে সহমত নহয়৷  প্ৰাচীন ৰোমতো দেৱতাক প্ৰসন্ন কৰিবলৈ কুকুৰ বলি দিয়া হৈছিল (ডেভিডচন ১৯২৩)৷ 

চিকিৎসা বিজ্ঞানৰ ইতিহাসত এই প্ৰাণীবিধৰ অলেখ প্ৰয়োগ দেখা পোৱা যায়৷  ইহঁতৰ শুক্ৰাণুৱে পুনযৌৱন লাভ কৰিব পাৰি বুলি ৬০ বছৰীয়া ব্ৰাউন চেক্সৱাৰ্ডে (১৮৮৯) উল্লেখ কৰিছে৷ প্ৰ. মিক্সোভস্কীয়ে গৱেষণাগাৰৰ কুকুৰ এটাৰ মুত্ৰত মাখি উৰা দেখি পৰীক্ষা কৰাত তাত চেনিৰ উপস্থিতিৰ প্ৰমাণ পাইছিল কিন্তু কেনিচ ফেমিলিএৰিচৰ ওপৰত আটাইতকৈ সফল পৰীক্ষা প্ৰখ্যাত ৰুচ বিজ্ঞানী ইভান পেত্ৰবিচে (১৮৭২-১৮৮৮) কৰিছিল৷ তেখেতে সেই পৰীক্ষা পাচনতন্ত্ৰৰ ওপৰত কৰিছিল৷ সেই পৰীক্ষাত তেওঁ প্ৰমাণ কৰিছিল যে খোৱাৰ সময়ত খাদ্য যোগানকাৰীৰ পদশব্দ শুনিলেই কুকুৰৰ পাচকৰস নিৰ্গত হয় (পেত্ৰবিচ ১৯০২)৷ বহুতেই বহু পৰীক্ষা-নিৰীক্ষা কৰিলে কিন্তু কোনেও নেজৰ ফালে দৃষ্টি নিদিলে৷ 

মহাকাশ গবেষণাতো ইহঁতক প্ৰয়োগ কৰা হ’ল৷ ইহঁতৰ ওপৰত ভাৰহীনতা, মহাকৰ্ষণ আদিৰ পৰীক্ষা কৰা হ’ল৷ লাইকা নামৰ কুকুৰ এজনীক মহাকাশলৈ পঠিওৱা হ’ল৷ লেখক আচৰিত, ইমানবোৰ পৰীক্ষা হোৱাৰ পাছতো ইহঁতৰ নেজ আজি পৰ্যন্ত কাৰো দৃষ্টিত নপৰিল৷ সমগ্ৰ অধ্যয়নত এটা ঠাইতেই ইহঁতৰ নেজৰ বিষয়ে কোনোৱে ধ্যান দিয়াৰ পৰিলক্ষিত হয়৷  জাৰৰ শাসনকালত ৰুছত বিন লেকিশ নামৰ এজন দাৰ্শনিক আছিল৷  কুকুৰে নেজ কিয় হিলাই বুলি প্ৰশ্ন কৰাত তেখেতে উত্তৰ দিছিল যে কুকুৰৰ শৰীৰ নেজতকৈ অধিক শক্তিশালী, শৰীৰ শক্তিশালী নোহোৱা হ’লে নেজে কুকুৰক হিলালেহেঁতেন৷ 

 ইয়াতো কিন্তু নেজ কিয় বেঁকা তাক অস্পৃশ্য জ্ঞান কৰা হ’ল৷ গতিকে এই লেখকেই এই বিষয় প্ৰথম অনুসন্ধানকাৰী বুলি দাবী কৰিব পাৰোঁ৷ 

 সামগ্ৰী আৰু বিধি :

এই অধ্যয়নত নিম্নলিখিত সামগ্ৰী সমূহ ব্যৱহাৰ কৰা হৈছিল৷ 

 বিভিন্ন প্ৰজাতিৰ ৪০টা কুকুৰৰ পোৱালি, লোৰ গঁড়াল ৪০টা, প্লেট ৪০খন, শিকলী ৪০ডাল, বাঁহৰ চুঙা ১০টা, লোৰ চুঙা ১০টা, ষ্টীলৰ নলী ৫টা, তামৰ তাঁৰ ৫ডাল, এক কিলো পৰ্যন্ত দগা, এপ্’ন ৫টা, ৰেকৰ্ড বুক, কলম, ওজন জোখা যন্ত্ৰ আদি৷ ইয়াৰ অতিৰিক্ত ৪০খন পেৰাম্বুলেটৰো ক্ৰয় কৰা হয়৷ যি সমূহ পোৱালিবোৰে নলীসমূহ দাঙিব নোৱৰা হোৱালৈকে ব্যৱহাৰ কৰা হয়৷ প্ৰতিকূল বতৰৰ পৰা ৰক্ষা কৰিবলৈ এটা শীত-তাপ নিয়ন্ত্রিত গৃহ নিৰ্মাণ কৰা হয়৷ পৰীক্ষাগাৰৰ ব্যয় কম কৰিবলৈ বৈজ্ঞানিক আৰু সহায়কাৰী মাত্ৰ দুটা কক্ষ নিৰ্মাণ কৰি সমূহীয়াকৈ কাম কৰিবলৈ দিয়া হয়৷ 

 পৰীক্ষাৰ আৰম্ভণিতে পোৱালিবোৰক ৬টা ভাগত ভগাই লোৱা হয়৷ 

১০টা – পোৱালিৰ নেজত বাহঁৰ চুঙা

১০টা – লোৰ চুঙা 

৫টা – ষ্টীলৰ চুঙা 

৫টা – তামৰ তাঁৰ বান্ধি ওজন

৫টা – নেজ বিছিন্ন

৫টা – নেজ স্বাভাবিক ভাবে বাঢ়িবলৈ এৰি 

এইদৰে পোৱালিবোৰ ভাগ ভাগ কৰি লোৱা হ’ল৷ সিহঁতক পেৰাম্বুলেটৰত ফুৰোৱা হ’ল৷ আৱশ্যক হ’লে চুঙাবোৰ হাতেৰে দাঙি ধৰি ঘূৰা-ফুৰাত সুবিধা কৰি দিয়া হ’ল৷ নেজহীন অৱস্থা অধ্যয়ন কৰিবলৈ পাঁচটি পোৱালিৰ নেজ কাটি দিয়া হ’ল৷ ৫টা পোৱালিৰ নেজত চুঙাৰ সলনি চিধা কৰি ৰাখিবলৈ দগা ওলমাই দিয়া হ’ল৷ ৫টা পোৱালিৰ নেজ সম্পূৰ্ণ স্বাভাবিক ভাবে থাকিবলৈ দিয়া হ’ল৷ সকলো পোৱালিক দিনে পশুবিশেষজ্ঞৰ পৰামৰ্শ মতে আহাৰ যোগান ধৰা হ’ল৷ সিহঁতৰ নিয়মিত স্বাস্থ্য পৰীক্ষা কৰা হয়৷ প্ৰতিদিনেই সিহঁতৰ তাপমান, ৰক্তচাপ, হৃৎস্পন্দনৰ গতি ৰেকৰ্ড কৰা হয়৷ এবাৰ মাংসৰ তথা তিনিবাৰ অন্যান্য খাদ্যৰ বাবে সিহঁতৰ বেমাৰ হয়, যাক উচিত চিকিৎসা কৰি আৰোগ্য কৰা হয়৷ ( আচৰ্য্যকৰ কথা, কুকুৰৰ লগতে পৰীক্ষাগাৰৰ সকলো প্ৰতিবাৰেই কৰ্মচাৰী বেমাৰত পৰিছিল)৷

পৰিণাম :

১২ বছৰৰ শেষত মাত্ৰ ১১টা কুকুৰহে জীৱিত ৰয়৷ বাকী ২৯টাৰ ১০টা পেচিজ, ৫টা ৰেবিজ আৰু ১৪টা অজ্ঞাত কাৰণত মৃত্যু মুখত পৰে৷ ১১টা জীৱিতৰ ভিতৰত ২টা বাহঁৰ চুঙা, ২টা ষ্টীলৰ চুঙা, ২টা লোৰ চুঙা, ১টা ওজন ওলমোৱা, ২টা নেজ বিছিন্ন কৰা আৰু ২টা স্বাভাবিক ভাবে নেজ বৃদ্ধি হোৱা বাচি থাকে৷ 

 এই ১২ বছৰত ইহঁতৰ ৰক্তচাপ, হৃৎগতি, উশাহ আৰু নাড়ীৰ গতি কিছু সময়ত স্বাভাবিক আৰু কিছুসময় যেনে মাংস দেখিলে, কাৰোবাক ভুকিবলৈ হ’লে বা খেলা-ধুলা কৰাৰ সময়ত অস্বাভাবিক আছিল৷ 

ঠিক ১২ বছৰৰ শেষত ৬টা কুকুৰৰ নেজৰ পৰা চুঙা খুলি দিয়াৰ সময়ত,  কুকুৰৰ আকাৰ অনুসৰি সমানুপাতিক হাৰত শকত আৰু দীঘল হোৱা পৰিলক্ষিত হয় আৰু চুঙাৰ পৰা বাহিৰ হোৱাৰ মাত্ৰেই নেজসমূহ বেঁকা হৈ যোৱা পৰিলক্ষিত হয়৷ লগতে ইহঁতৰ ব্যৱহাৰটো স্বাভাবিকতা পৰিলক্ষিত হয়, কিয়নো মুক্ত হোৱাৰ লগেলগেই সিহঁতে নেজ হিলাবলৈ আৰম্ভ কৰে৷ 

ফলাফল :

এই ১২ বছৰীয়া পৰীক্ষাৰ শেষত এটা কথা প্ৰতিপন্ন হ’ল যে কেনিচ ফেমিলিএৰিচ নেজ ১২ বছৰ চুঙাত(যি চুঙাতেই নহওক) ভৰাই ৰাখিলেও পোন নহয়৷ 

ধন্যবাদ স্বীকাৰ :

এই গুৰুত্বপূৰ্ণ গৱেষণাৰ স্বীকৃতি দি আৰ্থিক সাহায্য কৰাৰ বাবে লেখকে ৰাষ্ট্ৰীয় অনুসন্ধান পৰিষদৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে৷ এই দীৰ্ঘ সময়চোৱাত কুকুৰ গৱেষণা কৰিবলৈ বিদেশ যাত্ৰাৰ সম্পূৰ্ণ সা-সুবিধা কৰি দিয়াৰ বাবে পৰিষদৰ অধ্যক্ষৰ প্ৰতি কৃতজ্ঞতা জনাইছে৷ লগতে এই গৱেষণাত বিভিন্ন পৰ্যায়ত সহায়তা আগবঢ়োৱা সকলো সহযোগীলৈ ধন্যবাদ জনাইছে৷

☆ ★ ☆ ★ ☆

2 Comments

  • ডলী

    বঢ়িয়া

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    তামাম লিখিছা৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *