লাওৰ তলৰ মুখ -মাধুৰীমা ঘৰফলীয়া
পেনপেনীয়া বৰষুণজাক আৰম্ভ হোৱা এসপ্তাহমান হ’ল, আজিহে ৰ’দজাক অকণমানকৈ ওলাইছে। টিউবেলৰ পাৰলৈ যোৱা বাটকণত বোকা হোৱাৰ বাবে নিতাইনীয়ে পুতেক তুনৰ হতুৱাই তামোল এজোপা কাটি পাৰি লৈছিল। নহ’লে বোকা পানী লাগি লাগি গোৰোহা আৰু আঙুলিৰ ফাঁকবোৰ পানী লাগি লাগি অৱস্থা নোহোৱা হয়৷ সেইবোৰৰ খজুৱতিত ৰাতিটো শান্তিৰে শুব নোৱাৰি।
পুৱা গাটো ধুয়ে ভাতকেইটা ৰান্ধিবলৈ চাউলকেইটা ধুবলৈ বুলি টিউবেলৰ পাৰলৈ যোৱা নিতাইনীয়ে তামোলডালত ভৰি থৈছিলহে কোনোবা ফালে দাং খাই তলত পানী জমা হৈ থকা তামোল এডালৰ তলৰ পৰা ফেৰেককৈ পানী এসোপা আহি কপাহী চাদৰখন বুৰাই পেলালে।
বিৰক্তিৰে চাদৰখনলৈ চাই চাউলৰ খৰাহিটো মাটিত থওঁতেই টিউবেলৰ চাৰিওকাষে দিয়া বেৰাখনৰ সিফালেই হাঁহ এজনীয়ে আটাহ পাৰি উঠিল৷ নিতাইনী একদম চিলনীজনীৰ দৰে উৰা মাৰি তাইৰ কাষ পালেগৈ। সিফালৰ পৰা কাষৰ ঘৰৰ মানিকীও চিঞৰ এটা মাৰি ওলাই আহিল। মানিকীৰ চিঞৰ শুনি হাঁহজনীৰ পৰা পোৱালি থপিয়াই নিয়া কাউৰীজনীয়ে পোৱালিটো পেলাই ধপধপাই উৰি গ’ল। তাকে দেখি মানিকীয়ে গৌৰৱৰে নিতাইনীৰ ফালে চাই ভাবিলে-দহে তাইৰ মাতষাৰ ডাঙৰ বুলি ক’লে কি হ’ব এনেকুৱা পৰিস্থিতিত তাইৰ মাতষাৰৰ সমান জোৰ কাৰো নোলাব চাগে। পিচে মানিকীয়ে আশা কৰা দৰে নিতাইনীয়ে তাইৰ মাতৰ প্ৰশংসা নকৰি পোৱালি হিচাপ কৰাতহে লাগিল।
: নিলে নেকি বাইদেউ?
মানিকীয়ে নিতাইনীৰ ফালে চাই সুধিলে। হিচাপ কৰি সন্তোষজনক সংখ্যা পাই নিতাইনীয়ে উত্তৰ দিলে
: নাই নোৱাৰিলে। তই সময়মতে নিচিঞৰা হ’লে নিলেহেঁতেন চাগে।
এইবাৰ মানিকীৰ মুখখন উজ্জ্বলি উঠিল
: মই আকৌ আমাৰজনীও ইয়াতে আছিল বুলি ভাবিছিলোঁ৷ পৰহি দুটা পোৱালি নিলে হেৰৌ।জহনী কাউৰীসোপাৰ পৰা উপায় নাই। লোকৰ চৰাই এজনীয়ে আহি সিহঁতৰ বাহত কণী পাৰি থৈ যাব আৰু সিহঁতি তাকে ডাঙৰ কৰিবলৈ বুলি আমাৰ হাঁহ কুকুৰাৰ পোৱালিবোৰ নি নি শেষ কৰিব।
: শান্তি নাই সঁচাকৈ৷
মুখৰ ভিতৰতে উত্তৰটো দি নিতাইনীয়ে আহি চাউলকেইটা ধুবলৈ লাগিল। ভাতকেইটা সোনকালে ৰান্ধিব লাগে। তুন কলেজলৈ যাব৷ দুখন বাছ বগাই তাৰ কলেজখন পাইগৈ মানে বহুতখিনি সময় লাগে৷ হওঁতে তাতোতকৈ কম দূৰত্বত কলেজ এখন আছিল যদিও দদায়েক গজেনৰ মতে ভাল কলেজ বুলি জনাজাত সেই দূৰৈৰ কলেজখনতে নাম ভৰ্তি কৰিলেগৈ। স্কুলত পঢ়ি থাকোঁতেই দেউতাক ঢুকুৱা ল’ৰাটোৰ সকলোবোৰ দায়িত্ব দদায়েকে লৈ আহিছে। প্ৰয়োজনত ঘৰৰ বাকীবোৰ খৰচ পাতিৰো মাজে মাজে যোগান ধৰে। এই ক্ষেত্ৰত জায়েক মানিকীয়ে কোনোধৰণৰ হকা-বধা নকৰে৷ বৰঞ্চ তুনক নিজৰ ছোৱালী দুজনীৰ সমানেই মৰম চেনেহ কৰে। দুয়োখন ঘৰৰ মাজত টিউৱেলৰ পাৰৰ ঢকুৱাৰ বেৰ দুখনৰ বাহিৰে আন একো বেৰা বা জেওৰা নাই। তাহানিতে দুয়ো ভায়ে নিজা নিজাকৈ ঘৰ দুখন নসজোৱা হ’লে চাগৈ এতিয়া এখন ঘৰ হৈয়ে থাকিলহেঁতেন। সকলোখিনিতে কথাবোৰ আদৰ্শ পৰিয়ালৰ দৰে হ’লেও যেতিয়াই কথাবোৰ দুয়োখন ঘৰৰ হাঁহ কুকুৰা গঁড়াল, গোহালিটো আৰু তাঁতৰ শালখন পাইগৈ তেতিয়াই মানিকী আৰু নিতাইনীৰ মাজত ভাৰত পাকিস্তানৰ দৰে পৰিস্থিতি আহি পৰে৷ সেই পৰিস্থিতিত গজেন, তুন বা ছোৱালীদুজনী কেতিয়াও নোসোমায়৷ লাগিলে দুয়ো গৰাকীয়ে চিঞৰ বাখৰ কৰি গোটেই গাঁওখন ৰজনজনাই দিয়ক তথাপি কোনেও মাত নামাতে৷ এবাৰ ভুলক্ৰমে গজেনে মাত লগাইছিল৷ তাৰপাছত যি পৰিস্থিতি হ’ল কোনোদিনে মাত নলগাওঁ বুলি শপত খালে।
ঘটনাটো আৰম্ভ হৈছিল আবেলি এটাত। বাপেক-জীয়েক সকলোৱে স্কুলৰ পৰা আহি গৰমে গৰমে ভাত খাব পৰাকৈ মানিকীয়ে ভাত পানী ৰান্ধি তাঁতশালত বহিছিলহে পাকঘৰত ঘটংকৈ শব্দ এটা শুনি ভিতৰলৈ দৌৰ মাৰিলে। পাকঘৰত সোমায়ে মানুহজনীৰ মূৰটো গৰম হৈ গ’ল। শিলিখা এখিনি আধা উতলাই চালনী এখনত মেলি থৈছিল। ৰ’দত দিবলৈ পাহৰি গ’ল বাবে সেইদিনা পাকঘৰতে আছিল৷ সেইখিনি প্ৰায় শেষ৷ ডাল কচুৰে জোল ৰান্ধি থৈছিল৷ কেৰাহীৰ তলি ওলাই আছে। ভাতৰ চৰুটোৱে গেছৰ টেবুলৰ পৰা আত্মহত্যাৰ ভংগীত পৰি আছে। নকলেও হ’ব তাত যে এটাও ভাত নাই। গোটেই কাণ্ডবোৰৰ নায়িকা গৰাকীয়ে মানিকী সোমাই অহা দেখিয়ে লৰালৰিকৈ পলাইছিল। তেওঁৰ পলোৱাৰ ধৰণ দেখিলেই যিকোনো মানুহেই কৈ দিব পাৰিব এইবোৰ ক্ষেত্ৰত যে তেখেত পাকৈত৷ পাকঘৰটো তেনেকৈয়ে এৰি জুই একুৰা হৈ মানিকী নিতাইনীৰ ঘৰৰ বাৰাণ্ডাত উঠিলগৈ। তাইৰ ৰূপ দেখি নিতাইনীও তাঁতশালৰ পৰা উঠি আহিল। ইতিমধ্যে স্কুলৰ পৰা অহা গজেনে ঘৰৰ নঙলাডালত হাত দিছিল৷ মানিকীৰ সেইবোৰ চাবলৈ ধৈৰ্য নাছিল৷ একেৰাহে বকি গৈছিল
: বস্তুৰ যদি আল-পৈচান ধৰিব নোৱাৰে লয় কিয়। আপোনাৰ সেই পাখৰী গৰুজনীয়ে আজি মোৰ পাকঘৰটো কি কৰিলে চাওকগৈচোন৷ সদায় কওঁ এৰাল দিয়ক৷ নিদিয়ে৷ পৰহি বাৰীত সোমাই গোটেই তামোলৰ পুলি সোপা চিকুণাই খালে। তাৰ আগতেও কত নষ্ট কৰিছে।
: তই যে গৰুজনীৰ কেৱল বদনামেই গাই থাক সেইজনীয়ে গাখীৰ দিলে খাবলৈ বুলি আগে ভাগে নিয়চোন। এতিয়া অকণমান কিবা এটা কৰিলেই ইমান জকজকাই উঠিছ৷ আৰু গৰুৱে কিবা এটা খালেও আকৌ জী উঠিব কিন্তু তোৰ খাই-মূৰা ছাগলীকেইজনীয়ে যে মোৰ শাকনিখন তহিলং কৰি থাকে সেইবোৰ কিবা তোৰ গাত লাগেনে? সদায় সদায় মোৰ গৰুজনীৰ দোষ খুচৰি ফুৰ।
: এহ এনে একেবাৰে সাইলাখ লখিমীজনী পুহিছে…
গৰমত ঘামে জামে অহা গজেন ইতিমধ্যে অতিষ্ঠ হৈ পৰিছিল। তাতে স্কুললৈ সেইদিনা দুজনমান শিক্ষক অহা নাছিল বাবে অতিৰিক্ত ক্লাছ দুটামান কৰিব লগা হৈছিল। চিঞৰ বাখৰবোৰ কমক বুলিয়ে তেওঁ মাত লগালে
: কিনো অকণমান কথাতে ইমান চিঞৰ বাখৰ কৰি আছা হে!
: অকণমান কথা! এয়া অকণমান কথা!
ফেঁটি সাপজনীৰ দৰে মানিকীয়ে গজেনক উভতি ধৰিলে। তাইক তেনেকৈ উভতি ধৰা দেখি নিতাইনীয়েও কিবা এটা মনত পৰা দৰে কৈ উঠিল
: তই যে মোক বকি থাক মানিকী গোঁহাইদেউক একো এটা নকৱ কিয়? গৰু এজনী লাগে বোলাত কোনে গৰুজনী আনি দিছিল!
এইবাৰ কথাৰ গুৰি বিচাৰি পোৱাৰ দৰে মানিকীয়েও সমান উষ্মাৰে গিৰিয়েকৰ ফালে চাই ক’লে
: গৰু পোহা মানুহো কম নহয় আৰু আনি দিয়া মানুহো কম নহয়৷ হেৰৌ নেজ কটা গৰু কোনোবাই কিনি আনেনে? নেজডাল কাটি থোৱা দেখিয়ে বুজি পাব লাগে তাই গভাইত চুৰুণী নহ’লে তেনেকৈ নেজ কাট নাখায়। মই হ’লে কৈ দিছোঁ হয় এইজনী গৰু আমাৰ ঘৰৰ পাশে থাকিব নহয় মই এইখন ঘৰত থাকিম!
এতিয়া গজেনেনো কেনেকৈ গৰুজনীয়েই থাকক বুলি কয়৷ তাৰপাছত এমাহমান যুঁজি যুঁজি গৰুজনী বিক্ৰী কৰি বৌয়েকলৈ বুলি আন এজনী গৰু আনি দিহে ৰক্ষা। সেই তেতিয়াই তেওঁ কাণত ধৰিছিল কেতিয়াও এই জা-জুৱলীৰ কাজিয়াৰ মাজত নোসোমায়।
তাৰপাছত ঘৰদুখনত বহুত দিনলৈ শান্তি বিৰাজ কৰিছিল৷ মাজতে ব তোলা চুঙা এটা হেৰুৱাৰ বাবে দুয়োজনীয়ে ইজনীয়ে সিজনীক সন্দেহ কৰিছিল। পাছত গম পালে গাঁৱৰে কোনোবা এটাই সুবিধা বুজি নীতাইনীৰ ধোঁৱাচাঙৰ পৰা দুয়ো জা-জুৱলীয়ে সমানে ব্যৱহাৰ কৰি বেছি ভালপোৱা সেই চুঙাটো চুৰ কৰিছিল। গাঁৱত প্ৰচলিত কথা এষাৰ আছে –মুখচোকা শিপিনীয়ে ব্যৱহাৰ কৰা ব তোলা চুঙাৰে সজা গগনাৰ মাত সকলোতকৈ ধুনীয়া হয় হেনো৷ কথাটো জনাৰ পাছত নিতাইনী আৰু মানিকীয়ে একেলগে বহি বতাহৰ গতি ৰৈ যোৱাকৈ সম্ভাব্য সকলো চুৰকে উদ্দেশ্যি গোৱাল গালি পাৰিছিল। কথাৰ গতি দেখি তুনে নিজৰ পেঁপা আৰু ভনীয়েক দুজনীৰ গগনা দুখনো লুকুৱাই থৈছিল। কোনে জানে উৰহৰ খং সিহঁতৰ বস্তুত জাৰে যদি!
তাৰ পাছত কেইবাটাও ব’হাগ পাৰ হ’ল৷ নিতাইনীৰ আৰু মানিকীৰ কুকুৰা এসোপা বেমাৰত পৰি মৰিল। অৱশ্যে দুয়োটা গঁড়ালতে হাঁহ ভৰি উঠিল। ইঘৰৰ পোৱালি সিঘৰত মিহলি নহ’বলৈ দুয়োজনীয়ে পোৱালিবোৰৰ ঠেঙৰ পতাত ফুটাই চিন দি থয়৷ কেতিয়াবা মানিকীক জীয়েকহঁতে কয়,
: মা আপোনালোকে এনেকৈ ঠেঙত ফুটা কৰোঁতে কৰোঁতে সেয়া পতা হৈ থাকেগৈনে?তাতোকৈ একেবাৰে ঠেং এটা এটা ভাঙি থওক! কাৰো এটাও নেহেৰায়৷
: হেহ আঁতৰ হ এই দুজনী৷ যা বৰমাৰক কৈ চাগৈ সেইষাৰ! আইদেৱেহে প্ৰতিবাৰে নিজৰ কাউৰীয়ে নিয়া পোৱালিৰ সংখ্যা পুৰাই থ’বলৈ বুলি মোৰ পোৱালিবোৰ নি মিলাই থয় যা তেওঁক ক গৈ। সিহঁতৰ ঠেং ভঙাতকৈ তহঁত দুজনীৰ ঠেং ভাঙি ডিঙিত ওলোমাই দিব!
জীয়েকহঁতে আৰু একো নকয়৷ বুজি পায় কৈ এগৰাকীকো লাভ নাই!
জীৱন চলি থাকে। পিচে কেণা লাগিবলৈনো কত পৰ! কেইদিনমানৰ পৰা নিতাইনীয়ে মন কৰিলে কণী পাৰিব যেন লগা বগী হাঁহজনীয়ে কেইবাবাৰো মানিকীৰ ঘৰৰ গঁড়ালত সোমাইছে৷ প্ৰথমে সিমান গুৰুত্ব দিয়া নাছিল যদিও এদিন বেছিকৈ সন্দেহ হোৱাত সিহঁতৰ গঁড়ালত সোমাই চালেগৈ। এটা বাহত বহুতকেইটা কণী। নিতাইনী গঁড়ালৰ পৰা ওলাই আহোঁতেই সমুখত মানিকীক পালে।
: কি হ’ল বাইদেউ?
: আমাৰ বগীজনীক দুদিনমান তহঁতৰ গঁড়ালত সোমোৱা দেখিলোঁ। তাই আক কণী পৰাৰ সময় হৈ আছে৷ গতিকে ইয়াতে কেনেবাকৈ কণী পাৰিছে নেকি চাবলৈ বুলি সোমালোঁ।
: আমাৰ এজনীয়ে কণী পাৰি আছে।
মানিকীয়ে নিতাইনীৰ সন্দেহ দেখি ভিতৰি অসন্তুষ্ট হৈ পৰিল।
: নহয় অ’ কণীকেইটা দেখি আমাৰ বগীয়ে পৰা যেনেই লাগিছে৷ তাইৰ কণীবোৰহে ইমান ডাঙৰ!
এইবাৰ মানিকীৰ অসন্তুষ্টিখিনি মুখত সম্পূৰ্ণ কৈ ফুটি উঠিল
: কি যে কথাবোৰ কয় বাইদেউ! কণী দেখিয়েই কোনজনী হাঁহে পৰা ক’ব পাৰে নে! আমাৰকেইজনীয়েও এনেকুৱাকৈ পাৰে! আপোনাৰজনী আজিৰ পৰা বান্ধি থ’ব।
কথাষাৰ কৈ মানিকী আঁতৰি আহিল যদিও নিতাইনীৰ সন্দেহ মাৰ হোৱা যেন নালাগিল। কিন্তু আনকালৰ দৰে চিঞৰ বাখৰ একোকে নহ’ল মাত্ৰ পৰিৱেশটো অকণমান গোমা হৈ থাকিল। চাহপানী অকণমান বাকিলেও ‘ঐ খাবি নি ‘ বুলি মৰা চিঞৰকেইটা নোলোৱা হ’ল৷ পিচে ঘটনাৰ তৃতীয়দিনা কিবা এটা দেখি মানিকীয়ে ৰ’ব নোৱাৰি নীতাইনীৰ ঘৰ পালেগৈ৷ ক’ৰবাৰ পৰা আহি কাপোৰ সলোৱাত ব্যস্ত হৈ থকা নিতাইনীয়ে মানিকীক দেখি ক’লে
: পীৰা এখন আনি তাতে বহচোন৷ মই চাদৰখন সলাই লওঁ।
: ক’লৈ গৈছিল বাইদেউ?
: বৰুৱা ডাক্তৰৰ ওচৰলৈ৷ কঁকালৰ বিষটোৰ বাবে আল্টাচাউণ্ড এখন কৰিবলৈ কৈছিল যে সেইখন কৰি দেখুৱাই আহিলোঁ।
: কিবা ওলালে নেকি?
: ভগৱানৰ কৃপাত বিশেষ একোকে হোৱা নাই বুলি কৈছে। তথাপি ঔষধকেইটামান দিলে।
: টকা পইচা..
: এঃ গোঁহাইদেউকনো প্ৰতিটো কথাৰ বাবে কিমান খুজিম অ’। সিদিনা হাঁহজনীৰ কথা সেইবাবেই সুধিছিলোঁ। বোলো তাই কণী পাৰিলেও সেইকেইটা বেচি হ’লেও দুটকামান পাম। পিচে তাই আক কণী পৰা নাই নহয়৷ সেইবাবে কালি কুকুৰা দুজনীকে বেচিলোঁ। যোৱা মাহত ছাগলীজনী বেচা টকাকেইটাও আছিল যে, সকলো মিলাই হৈ গ’ল।
: আপোনাক কিবা এটা দেখুৱাম আহক!
মানিকীৰ কথা শুনি অকণমান আচৰিত হৈ নিতাইনীয়ে তাইৰ পাছে পাছে গৈ সিহঁতৰ গঁড়ালৰ কাষ পালেগৈ।
: গঁড়ালত চাওক বাইদেউ৷
নিতাইনীয়ে ভিতৰলৈ জুমি চালে। মানিকীৰ গঁড়ালত সিদিনা দেখা বাহটোৰ কণীখিনিৰ ওপৰত তাইৰ বগীহাঁহজনী আৰু মানিকীৰ ক’লী হাঁহজনী একেলগে বহি আছে।
: দুয়োজনীয়ে আজিৰ পৰা উমনিত বহিছে। আমি কণী চিনি পাওঁ বা নাপাওঁ সিহঁতি নিজৰখিনি ভালকৈয়ে চিনি পায় যে গতিকে উমনিত বহিছে।
: দুয়োজনীয়ে মানে সমিলমিলে আধি কৰিছে!
: ও৷ পিচে এজনীক আঁতৰাই দিব লাগিব নহ’লে দুয়োজনীৰ চেনেহত কণী খাস্তাং হ’ব।
: আমাৰজনীকে বান্ধি থ’ম।
: পোৱালিবোৰ পাছত ভাগ কৰিম।
: হ’ব, পোৱালিৰ ভাগ বতৰাৰ কথা পাছে পৰেও ভাবিম। সিহঁতে পাৰিছে যেতিয়া আমাৰো সহজেই ভাগ বতৰা হৈ যাব।
গোটেই মুখখন বিয়পাই হাঁহি এটা মাৰি নিতাইনীয়ে দিয়া উত্তৰটো শুনি মানিকীৰ মুখতো জোনহেন হাঁহি এটা বিৰিঙি উঠিল।
সিফালে গঁড়ালৰ এচুকৰ বাহটোত উমনি লৈ থকা হাঁহ দুজনীয়ে ইজনীয়ে সিজনীলৈ চাই ‘এই দুজনীৰ ঠেহ-পেচ গুচিল যেতিয়া আমাৰ বিচ্ছেদলৈ সাজু হ’ বুলি টেঁত টেঁত কৰি উঠিল!
☆ ★ ☆ ★ ☆
10:26 am
ভাল লাগিল
12:32 pm
বঢ়িয়া লাগিল মাধুৰীমা
12:45 pm
ইমান ভাল লাগিল। বাট চাই আছিলোঁ লেখাটোলৈ।
সঁচা মৰম চেনেহবোৰত খং অভিমান সকলো থাকে। কিন্তু সম্পৰ্ক ছিঙি নাযায় কেতিয়াও! মানিকী আৰু নিতাইনী সদায় এইদৰেই থাকক।
1:28 pm
সুন্দৰ গল্প৷
1:59 pm
ভাল লাগিল।
8:01 pm
ভাল লাগিল পঢ়ি।
8:46 pm
চিনাকি ছবিৰ গল্প।ভাল লাগিল মৰমী
9:05 pm
ভাল লাগিল
10:06 pm
বহুত ভাল লাগিল
7:34 am
Bhal lagil
7:35 am
Bhal lagil bohut
7:43 am
বৰ ভাল লাগিল দেই
8:49 am
বৰ ধুনীয়া। একেবাৰে চকু ৰ আগত হোৱা যেন লাগিল।
11:02 am
বৰ ভাল লাগিল মাধুৰীমা৷আমাৰ গাঁওবোৰৰ পৰিচিত চৰিত্ৰ ইমান মনোগ্ৰাহীকৈ তুলি ধৰিলা৷
10:37 pm
বৰ ভাল লাগিল পঢ়ি৷
8:40 pm
বৰ ভাল লাগিল। একেবাৰে ছবিখন চাই থকা যেনেই লাগিল। মৰম চেনেহবোৰ তেনেকুৱাই, ক্ষণে ৰুষ্ট ক্ষণে তুষ্ট।
2:11 pm
সুন্দৰ
7:31 pm
আপোনালোকৰ বহুমূলীয়া মন্তব্যৰ বাবে অশেষ ধন্যবাদ
2:07 pm
পঢ়ি বৰ ভাল লাগিল
4:46 pm
বৰ ভাল লাগিল। চকুৰ সন্মূখত দৃশ্যবোৰ ভাহি উঠিছে।