ফটাঢোল

শিক্ষাবিদ,সাহিত্যিক,সমালোচক ডঃ লীনা ডেকাৰ সৈতে এটি বৰ্ষণমুখৰ আবেলি আৰু কিছু অন্তৰংগ আলাপ

ড°লীনা ডেকা অসমীয়া সমালোচনা সাহিত্যৰ এটা চিনাকি নাম৷ কবিতাৰে সাহিত্যিক জীৱনৰ আৰম্ভণি যদিও গল্প আৰু সমালোচনাত্মক সাহিত্যৰেহে তেখেত অসমীয়া সাহিত্য জগতত অধিক পৰিচিত হয়৷ ডঃ লীনা ডেকা বাইদেউৰ প্ৰকাশিত কবিতাপুথি দুখন- ‘সূৰ্য্য উঠা দেশ’ আৰু ‘বহুদিন বকুলৰ গোন্ধ পোৱা নাই’৷ আৰু গল্পপুথি চাৰিখন- “হাতো নেমেলিবি ফুলো নিছিঙিবি”, “ফাগুনে মায়া জানে”, “লীনা ডেকাৰ নিৰ্বাচিত গল্প” আৰু “উজাই বয় যমুনা” (নিৰ্মলা কোঁৱৰ বঁটাপ্ৰাপ্ত আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ শ্ৰেষ্ঠ গল্প সংকলনৰূপে নিৰ্বাচিত)। একমাত্ৰ উপন্যাস- “বৰষাৰ ডায়েৰী”৷  তাৰোপৰি তেখেতৰ প্ৰকাশিত প্ৰৱন্ধ-নিবন্ধৰ সংখ্যা প্ৰায় এহেজাৰ৷ কাব্যং গ্ৰাহ্যমলংকাৰাৎ, সংস্কৃতিৰ ৰূপৰেখা, কবিতা আলোচনা আৰু কবিতা বিচাৰ- এই চাৰিখন গ্ৰন্থ অসমীয়া বিভাগৰ ছাত্ৰছাত্ৰীৰ বাবে উপযোগী গ্ৰন্থ৷ ইয়াৰোপৰি তেখেতে কেইবাখনো মূল্যৱান গ্ৰন্থ সম্পাদনা কৰিছে৷ দৰং মহাবিদ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰা তেখেতে নলবাৰীৰ ‘মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়’ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰিছে আৰু বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত অতিথি অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে৷ কেইবাগৰাকীও গৱেষক ছাত্ৰ-ছাত্ৰীৰ তত্বাৱধায়ক হিচাপে লগতে বহুতো অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত বাইদেউৰ সৈতে

“ফটাঢোল” ই-আলোচনীৰ নিয়মীয়া শিতান  সাক্ষাৎকাৰৰ বাবে বাৰ্তালাপ কৰিছিল   সম্পাদক ৰূপম ঠাকুৰীয়া,লখিমী হাজৰিকা আৰু নয়নমণি হালৈয়ে৷

জুন মাহৰ ১৯ তাৰিখৰ বৰ্ষণমুখৰ আবেলিটোৰ অনানুষ্ঠানিক আন্তৰিক বাৰ্তালাপখিনি লিখিত ৰূপত তুলি ধৰিছে লখিমী হাজৰিকা আৰু নয়নমণি হালৈয়ে।

ফটাঢোল:  নমস্কাৰ বাইদেউ, ফেচবুকৰ হাস্য-ব্যংগ গোট ফটাঢোলৰ তৰফৰ পৰা আপোনাক আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। আমি প্ৰথমেই জানিব খুজিছোঁ আপোনাৰ শৈশৱৰ বিষয়ে। আপোনাৰ জন্ম ক’ত হৈছিল আৰু কেনেকৈ আপোনাৰ শৈশৱ তথা স্কুলীয়া দিনবোৰ অতিবাহিত হৈছিল সেইবিষয়েই প্ৰথমে কওঁকচোন।

লীনা ডেকা:  প্ৰথমেই তোমালোকৰ ফেচবুকৰ গোট ফটাঢোল তথা আলোচনীখনৰ সকলো সদস্যলৈ মোৰ মৰম আৰু শুভেচ্ছা জনাইছোঁ। শৈশৱ বুলি ক’লে সকলো মানুহৰে এটা মধুৰ শৈশৱ থাকে।  আমি যিটো শৈশৱ পাৰ কৰি থৈ আহিছোঁ, সেয়া তোমালোকে হয়তো কল্পনা কৰিব নোৱাৰিবা। আজিৰ শৈশৱৰ লগত তাৰ আকাশ-পাতাল অন্তৰ আছে। মোৰ জন্ম হৈছিল নলবাৰী জিলাৰ পৰা প্ৰায় পাঁচ কিঃমিঃ পূৱৰ পাইকাৰকুছি নামৰ গাঁওখনত। গাঁও এখনৰ সকলোধৰণৰ পৰিৱেশ আৰু প্ৰকৃতিৰ লগত আমাৰ মিলামিছা আছিল। পথাৰত নামি,খেলি,বোকাপানী গচকি,বৰষুণত তিতি,নিজে ফৰ্মূটি মাৰি আম পাৰি খোৱা,বাৰীৰ পৰা কুঁহিয়াৰ ভাঙি আনি খোৱাৰ পৰা আৰম্ভ কৰি আৰু বিভিন্ন থলুৱা খেল, যেনে অলৌগুটি-টলৌগুটি, দৌৰা, হাও খেল, লুকাভাকু এইবোৰৰ মাজতে আমি ডাঙৰ হৈছোঁ। আজিকালি বিহুত যেনেকৈ ফাংচন হয়, আমাৰ শৈশৱ-কৈশোৰৰ সময়ত বিহুত নাচগানতকৈও খেলধেমালিক বেছি গুৰুত্ব দিয়া হৈছিল। কেতিয়াবা এসপ্তাহলৈ এই প্ৰতিযোগিতাবোৰ চলিছিল। তাত আমি খুব উত্‍সাহেৰে ভাগ লৈছিলো আৰু প্ৰায় খেলবোৰেই খেলিছিলোঁ। পঢ়াশুনাৰ কথা ক’বলৈ গলে, মই আচলতে মাৰ ছাত্ৰ। মোৰ প্ৰাথমিক শিক্ষা মাৰ বিদ্যালয়তেই,পাইকাৰকুছি প্ৰাথমিক বিদ্যালয়। মা সেইখন বিদ্যালয়ৰ শিক্ষয়িত্ৰী আছিল। মই বুলিয়েই নহয়, আমাৰ ঘৰৰ সাতটা লৰাছোৱালীয়ে মাৰ স্কুলতে প্ৰাথমিক শিক্ষা সাং কৰিছিলোঁ। তাৰপিছত সন্ধা এম.ভিত পঢ়োঁ আৰু তাৰপিচত ৰাজকদম হাইস্কুলৰ পৰা হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰোঁ। মোৰ আচলতে নলবাৰী টাউনৰ গৰ্ডন হাইস্কুল (তেতিয়া গৰ্ডন স্কুলত ল’ৰা-ছোৱালী উভয়ে পঢ়িব পাৰিছিল) অথবা নলবাৰী ছোৱালী হাইস্কুলত খুউব ইচ্ছা আছিল। মই প্ৰাথমিক বিদ্যালয়ত পঢ়া সময়ৰে পৰা পঢ়াত বৰ ভাল আছিলোঁ। শ্ৰেণীৰ ভিতৰতে সদায়ে মই প্ৰথম হওঁ। গতিকে মনত এটা ইচ্ছা আছিল কিজানি টাউনৰ সেইবোৰ স্কুলত পঢ়িলে আৰু বেছি আগবাঢ়ি যাব পাৰোঁৱেই। মোৰ আচলতে শিক্ষাগ্ৰহণৰ আকাংক্ষাটো বহুত বেছি আছিল। কিন্তু সেইসময়ত ইমান দূৰলৈ পঢ়িব যোৱাৰ পৰিৱেশ বা যোগাযোগ-যাতায়ত ব্যৱস্থাও আজিৰ নিচিনা নাছিল, গতিকে উপায় নাপাই মই ওচৰৰে ৰাজকদম হাইস্কুলতে পঢ়িবলৈ বাধ্য হলোঁ। সেই সময়ত ৰাজকদম হাইস্কুলখন ভেঞ্চাৰ আছিল আৰু মানুহৰ মুখত এইষাৰ কথা খুব চলিছিল যে ভেঞ্চাৰ মানেই কেঞ্চাৰ, কেঞ্চাৰ মানে নো এনচাৰ। এইষাৰ কথা মানে মন মগজুত সোমাই থাকিছিল, মনটো বেয়া লাগে। কিন্তু সেইখন  বিদ্যালয়ৰ পৰাই মই ১৯৭৪ চনত প্ৰথম বিভাগত মেট্ৰিক পাছ কৰিলোঁ। ময়েই স্কুলখনৰ ভিতৰত প্ৰথমবাৰৰ বাবে প্ৰথম স্থানপ্ৰাপ্ত তথা লেটাৰ নম্বৰ পোৱা ছাত্ৰী হলোঁ। এইখিনি কথা এইবাবেই কলো যে সেই সময়ত প্ৰথম স্থান পোৱা দূৰৰ কথা, উত্তীৰ্ণ হোৱাটোৱে বহুত ডাঙৰ কথা আছিল আৰু আমি তেতিয়া শ্ৰেণীত খুব ভাল শিক্ষক পাইছিলোঁ| তাৰপৰা নলবাৰী মহাবিদ্যালয়, পিচত গুৱাহাটী বিশ্ববিদ্যালয় আৰু তাৰপিচত ড০ বসন্ত কুমাৰ ভট্টাচাৰ্য চাৰৰ তত্বাৱধানত পি.এইচ.ডি কৰোঁ।

ফটাঢোল: আপুনি লেখামেলাৰ লগত কেনেকৈ জড়িত হ’ল? আৰু এইদিশত কোনে আপোনাক বেছিকৈ উত্‍সাহ যোগালে?

লীনা ডেকা:  মই লেখামেলাৰ লগত জড়িত হোৱাৰ আঁৰত দেউতাৰ অৱদান বহুত আছে।মই একেবাৰে সৰু থাকোতেই দেউতা ঢুকাইছিল। দেউতাই এখন উপন্যাস লিখিছিলে ‘অতীতৰ সপোন’ নামেৰে আৰু সেইখন দত্তবৰুৱা এণ্ড কোম্পানীয়ে প্ৰকাশ কৰিছিল। উপন্যাসখন মই খুব সৰুতে পঢ়িলোঁ। দেউতাৰ হাতে লিখা কবিতাৰ কিতাপ, নাটক, গল্প উপন্যাস এইবোৰো বহুত আছিলে। পিচত মই এইবোৰ প্ৰকাশ কৰিছো। তাৰোপৰি দেউতাই সেইসময়ৰ প্ৰায় সকলো আলোচনীয়ে সংগ্ৰহ কৰিছিল। আৱাহন, ৰামধেনু, সাদিনীয়া নৱযুগ আদি আলোচনীবোৰ সংগ্ৰহ কৰি বন্ধাই থৈছিল। সেইবোৰো আমি সৰুৰ পৰাই পঢ়িবলৈ পালোঁ মই একেবাৰে সৰুতে মানে স্কুলীয়া দিনতে বেজবৰুৱাৰ সাহিত্য, ৰজনীকান্ত বৰদলৈৰ উপন্যাস আদিও পঢ়িলোঁ।সেই সময়ত কিন্তু স্কুলীয়া ছাত্ৰছাত্ৰীক এইবোৰ উপন্যাস পঢ়িবলৈ দিয়া হোৱা নাছিল। ল’ৰা-ছোৱালী বেয়া হ’ব বুলি ভয় কৰিছিল। কিন্তু আমাৰ মায়ে আমাক বাহিৰা কেতিয়াও পঢ়িবলৈ হাক দিয়া নাছিল। কৈছিল ‘বেয়াখিনি বাদ দি কেৱল ভালখিনিহে ল’বি’। সেইবোৰ পঢ়াৰ পিচতে মনলৈ আহিছিল যে ময়ো দেখোন এনেকৈ লিখিব পাৰো! সেয়াই আচলতে আৰম্ভণি। গতিকে মোৰ লেখক জীৱনৰ আঁৰত মোৰ প্ৰয়াত দেউতাৰ ভূমিকাই সৰ্বাধিক বুলি মই ভাবোঁ।

ফটাঢোল: আপুনি শিক্ষা জীৱন, কৰ্মজীৱনত  তথা লেখক হিচাপেও আপুনি সফলতা লাভ কৰিছে।  আপোনাৰ জীৱনৰ সফলতাৰ ক্ষেত্ৰত কাৰ প্ৰভাৱ বেছিকৈ পৰা বুলি আপুনি অনুভৱ কৰে?

লীনা ডেকা: মোৰ জীৱনত মাৰ প্ৰভাৱ আটাইতকৈ বেছি। মাৰ ঘৰখন আচলতে শিক্ষাদীক্ষাত খুব আগবঢ়া আছিল। সেইসময়তে তেওঁলোকৰ ঘৰৰ বহুকেইজন সদস্য ডাক্তৰ আছিল, তাৰোপৰি মাৰ দেউতা অৰ্থাত্‍ ককা বৃটিছৰ দিনৰ ‘গ’ল্ড মেডেলিষ্ট’  আছিল। সকলো দিশতে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত, যিকোনো সমস্যা মোকাবিলা কৰাৰ ক্ষেত্ৰত বা স্বভাৱ চৰিত্ৰ গঠনৰ ক্ষেত্ৰত মাৰ প্ৰভাৱ বহুখিনি আছে।মায়ে আমাক সকলো দিশতে আগুৱাই যাবলৈ শিকাইছিল। ছোৱালী বুলি পিছুৱাই থকাটো মায়ে বিচৰা নাছিল। গতিকে সৰুৰ পৰাই গান, নাচ, তৰ্ক, আকস্মিক বক্তৃতা, খেলাধূলা ক’তো পিছুৱাই অহা নাছিলোঁ। মোৰ জেদী আৰু প্ৰত্যাহ্বান গ্ৰহণ কৰিব খোজা স্বভাৱটো মাৰ পৰা পোৱা। কিন্তু মোৰ লেখক জীৱনটোৰ আঁৰত দেউতাৰ প্ৰভাৱ আছে| দেউতা মই সৰু থাকোতেই ঢুকাইছে| কিন্তু তেওঁ যে খুব বিদ্যানুৰাগী, অধ্যয়নশীল মানুহ আছিল সেইকথা আমি জনাবুজা হৈ অনুভৱ কৰিছিলোঁ।

ফটাঢোল:  আপোনাৰ প্ৰথম লেখা ক’ত প্ৰকাশ হৈছিল?

লীনা ডেকা: আন বহুজনৰ দৰে মোৰো লেখক জীৱনটো কবিতাৰেই আৰম্ভ হৈছিল। ষষ্ঠ শ্ৰেণীত থাকোতেই স্কুলৰ হাতেলিখা আলোচনীত কবিতা এটা প্ৰকাশ হৈছিল, নাম আছিল “ঈশ্বৰ”। হাইস্কুলত থাকোতেই তেতিয়াৰ সাপ্তাহিক অসমবাণীত মোৰ কেইবাটাও কবিতা আৰু “এটা বাক্যৰ গল্প” প্ৰকাশ হৈছিল।

সেইবোৰ কবিতা বেছিভাগেই বতৰৰ কবিতা, ব’হাগৰ কবিতা, ফাগুনৰ কবিতা, বৰষুণৰ কবিতা আছিল। এবাৰ যেতিয়া এটা কবিতা প্ৰকাশ হয়, তেতিয়া খুব ভাল লাগে| আৰু মোৰ কিবা লেখা প্ৰকাশ হলেই মাৰ প্ৰতিক্ৰিয়া খুব

উত্‍সাহজনক আছিল|

ফটাঢোল: আপুনি মহাবিদ্যালয়ৰ শিক্ষক হিচাপে যুৱপ্ৰজন্মক একেবাৰে কাষৰ পৰাই পাইছে| সাহিত্য চৰ্চা বা সাহিত্যৰ প্ৰতি অনুৰাগৰ ক্ষেত্ৰত এই যুৱচামটোক আপুনি কেনেকৈ পাইছে? তেওঁলোকৰ ভূমিকা আশাব্যঞ্জক নে?

লীনা ডেকা: মই ৩৬ বছৰ কাল চাকৰি কৰিলোঁ। মোৰ চাকৰিকালটো যথেষ্ট দীঘলীয়া। প্ৰথম দৰং কলেজত পাঁচবছৰ চাকৰি কৰিলো। দৰং কলেজত বহুকেইজন উৎসাহী সাহিত্যানুৰাগী ছাত্ৰ-ছাত্ৰী পাইছোঁ। এতিয়া তেওঁলোকে নামো কৰিছে সাহিত্যচৰ্চাত।তাৰপিচত নলবাৰী বালিকা মহাবিদ্যালয়ত চাকৰি কৰিলোঁ। গতিকে জীৱনটোৰ এটা দীঘলীয়া সময় মই আচলতে ছাত্ৰ-ছাত্ৰীৰ, বিশেষকৈ এম.এন.চি কলেজৰ ছাত্ৰীসকলৰ মাজতে কটালোঁ। তাৰ মাজৰ ভালেকেইগৰাকীয়ে সাহিত্যজগতত কাম কৰিছে। কিন্তু বেছিভাগ ছাত্ৰীয়েই সাহিত্যৰ প্ৰতি বা লেখামেলাৰ প্ৰতি বৰ আগ্ৰহ অনুভৱ কৰা নেদেখিলোঁ। কিছুসংখ্যক ছাত্ৰীয়ে কলেজৰ বাৰ্ষিক অধিৱেশনৰ সাহিত্য প্ৰতিযোগিতাবোৰত ভাগ লবলৈ অলপ-অচৰপ পঢ়া-শুনা কৰে, কিন্তু সাধাৰণতে তেওঁলোক বিষয়টোৰ প্ৰতি বৰ উত্‍সাহী নহয়। মইতো ক্লাছত কবিতা পঢ়ুৱাওঁ, উপন্যাস, গল্প বা সাহিত্যৰ সমালোচনা পঢ়ুৱাও। তেওঁলোকে পৰীক্ষাত পাছ কৰিবলৈ পাঠ্যপুথি ঠিকেই পঢ়ে, কিন্তু তাৰ লগত জড়িত আনুসংগিক সাহিত্য বেছিসংখ্যকেই নপঢ়ে। তেওঁলোকে ভাবে তেওঁলোকৰ কোৰ্ছত যিখিনি লাগে, সেইখিনি বাদ দি বেলেগ পঢ়িবৰ দৰকাৰ নাই। তেওঁলোকে আচলতে নপঢ়ে। মই আচৰিত হওঁ যেতিয়া কলেজৰ ছাত্ৰীসকলে অসমীয়া সাহিত্যৰ বিশেষ একোৱে পঢ়া নাই বুলি গম পাওঁ এইটো কথাত মই অলপ হতাশ হওঁ। তাৰমাজত বহুতে সাহিত্য চৰ্চাও কৰিছে, নকৰা নহয়। কিন্তু অধ্যয়ণ যিসকলৰ কম, তেওঁলোকক ধৰিব পাৰি।

ফটাঢোল: আপুনি শ্ৰেণীকোঠাত নিশ্চয় অসমীয়া কবিতা সম্পৰ্কে বহু পাঠ পঢ়ুৱাইছে।কবিতাৰ সমালোচনাও বহুত আগবঢ়াইছে। সাম্প্ৰতিক সময়ৰ অসমীয়া কবিতাৰ বিষয়ে আপোনাৰ অনুভৱ জানিব বিচাৰিছোঁ।

লীনা ডেকা: সাম্প্ৰতিক সময়ৰ বহুকবিতাত অলপ অশ্লীলতাৰ মুক্তপ্ৰকাশ বেছি হৈছে বুলি অনুভৱ কৰোঁ। গাম্ভীৰ্য কমিছে বহুক্ষেত্ৰত। মই যোৱাবছৰ আৰু তাৰ আগৰ বছৰো নলবাৰী কলেজৰ দৰ্শন বিভাগে আয়োজন কৰা কাব্যসন্মিলনৰ সঞ্চালনা কৰিছিলোঁ। তাত অসমৰ বহু কবিয়ে কবিতা পাঠ কৰিছে। কিন্তু এনেকুৱা কবিতাও পাঠ কৰিছে, য’ত কবিতাৰ ‘ক’টোও নাই। একেবাৰে পেনপেনীয়া প্ৰেম অথবা নিৰলস বৰ্ণনা। কবিতাৰ যিটো প্ৰথম চৰ্ত কবিত্ব গুণটোৱেই তাত নাই। শব্দকেইটামান সজাই দিলেই সেয়া কবিতা হ’ব নোৱাৰে। আকৌ বেছিভাগৰে শব্দৰ ভঁড়াল নাই, তেওঁলোকে শব্দ বিচাৰি বিচাৰি লিখে। যুৱপ্ৰজন্মৰ পৰা বহুত ভাল কবি ওলাইছে, সুপ্ৰতিষ্ঠিত হৈছে। কিন্তু বহুতে চখতহে লিখা কৰিছে, অধ্যয়ন বহুতৰে কম। কিন্তু কবিতা লিখাৰ চখ থকাৰ সমানে কবিতা পঢ়াৰ চখটোৱো থাকিব লাগিব। কবিতাৰ অধ্যয়ন আৰু চৰ্চাই হৈছে এজন কবিৰ প্ৰথম কৰণীয়।  কিন্তু বহুতৰে অধ্যয়ন নাই। আকৌ যুৱপ্ৰজন্মৰ বহুতৰে কবিতাই কি ক’ব বিচাৰিছে সেয়া বুজাই দিয়ে। একেবাৰে শাৰীয়ে শাৰীয়ে বুজাই দিয়ে। এতিয়া দেখিছোঁ বহুতৰে শব্দৰ ভঁৰাল নথকাত তেওঁলোকে শব্দ বিচাৰি বিচাৰি লিখে। ফেচবুকতো বহুতো কাব্যগোট ওলাইছে। তাত বানান ভুল হোৱা কথাটো মই বৰকৈ নধৰো, কিন্তু ভাৱৰ গভীৰতা নথকা কবিতাৰ সংখ্যাই বেছি। কবিতা এটাত অৰ্ন্তনিহিত ভাব এটা থাকিব লাগিব। যুৱ কবিসকলে প্ৰথমে আমাৰ সাহিত্যৰ শ্ৰেষ্ঠ কবিতাসমূহ অধ্যয়ন কৰা উচিত, বুজা উচিত। তেতিয়াহ’লে বহুত ভাল সৃষ্টি হব বুলি মই আশা কৰোঁ।

ফটাঢোল: নতুন প্ৰজন্মৰ কাৰ কবিতাই আপোনাক আকৃষ্ট কৰে?

লীনা ডেকা: কাৰো নাম তেনেকে উল্লেখ কৰিব নোখোজোঁ, নিৰ্দিষ্ট এজন দুজনৰ নাম লৈ কোনোবা এজন দুজন বাদ পৰি গ’লে বেয়া লাগিব। কিন্তু নতুন প্ৰজন্মৰ বহু প্ৰতিষ্ঠিত কবিৰ কবিতাত শ্লীলতা হানি হোৱা বুলি মই ভাবোঁ। ভাৱৰ উন্মুক্ত প্ৰকাশ বেয়া নহয়, কিন্তু তাত শ্লীলতা থাকিব লাগে, সংযম থাকিব লাগে| আমাৰ পুৰনি কবিসকলেও বহুত কথাই কৈছে| শৰীৰৰ কথা কৈছে, মিলনৰ কথা কৈছে, কিন্তু তাত তেওঁলোকে সংযম ৰক্ষা কৰি চলিছে| আমি আমাৰ দৈনন্দিন জীৱনতে সংযম মানি নচলো জানো! তেন্তে সাহিত্য জীৱনৰ পৰা পৃথক হব কেনেকৈ! সেইবুলি কবিতা লিখাত তেনেকুৱা কঠোৰ নিয়ম নীতিও থাকিব নালাগে, তেতিয়া হ’লে কবিতাৰ ৰস বিকৃত হব। এই যে মই নিয়ম মানি চলিব লাগে বুলিও কৈছোঁ, আকৌ নালাগে বুলিও কৈছোঁ, এই লাগে আৰু  নালাগেৰ মাজৰ সীমাৰেখাডাল নতুন কবিসকলে বুজি পাব লাগে| তেতিয়া কবিতাৰ গাম্ভীৰ্য আৰু মাধুৰ্য দুয়োটাই ৰক্ষা পৰিব।

ফটাঢোল: আপোনাৰ কবিতাক কিহে প্ৰভাৱিত  কৰে বুলি ভাৱে?

লীনা ডেকা: মই খুব কম কবিতা লিখিছোঁ।  যেতিয়াৰ পৰা সমালোচনা সাহিত্যত বেছিকৈ সময় দিবলৈ  ধৰিলোঁ, তেতিয়া কবিতাৰ ভুল-ক্ৰটিবোৰহে চকুত পৰিবলৈ ধৰিলে। পিছলৈ মোৰো ভাৱনাত ব্যাঘাত হ’ল চাগে। গতিকে তেনেকৈ কবিতা লিখা কমি আহিল। মোৰ দুখন কবিতা পুথিয়ে এতিয়ালৈ প্ৰকাশ পাইছে। মই যেতিয়া কবিতা লিখিবলৈ আৰম্ভ কৰিছিলো, তেতিয়া দুটা ধাৰাৰ কবিতা অসমত জনপ্ৰিয় আছিল। এটা সাম্যবাদী বৈপ্লৱিক ধাৰাৰ কবিতা আৰু আনটো সাধাৰণ বা ৰোমান্টিক ধাৰা। মই কলেজত থাকোতেই বৈপ্লৱিক ধাৰাৰ কবিতাৰ প্ৰতি আকৃষ্ট হৈছিলো। সেই সময়ত অসমৰ বাদেও বাঙালী কবি শক্তি চট্টোপাধ্যায়, বীৰেন্দ্ৰ চট্টোপাধ্যায় আদিৰ সাম্যবাদী ধাৰাৰ কবিতাসমূহ খুব পঢ়িছিলোঁ। গতিকে মোৰ কবিতাতো তেনেকুৱা বৈপ্লৱিক ভাৱসম্পন্ন কবিতাৰ প্ৰভাৱ পৰিছিল। অৱনী চক্ৰৱৰ্তী, ৰোহিনী পাঠক, ৰবীন শৰ্মা, সমীৰ তাতী, সনন্ত তাঁতী আমি প্ৰায় একেটা সময়তে কবিতা লিখিবলৈ আৰম্ভ কৰিছিলোঁ। আমি সেই সময়ত ‘পান্থপ্ৰদীপ’ নামৰ কবিতাৰ আলোচনী এখনত নিয়মীয়াকৈ কবিতা লিখিছিলোঁ।  তাত প্ৰকাশ হোৱা প্ৰায়খিনি কবিতাই বৈপ্লৱিক ভাৱৰ কবিতা।

ফটাঢোল: সেই সময়ৰ কবি বা সাহিত্যিকৰ কলমত বৈপ্লৱিক চিন্তা বা সামাজিক দায়বদ্ধতা প্ৰায়ে দেখিবলৈ পোৱা গৈছিল। শাসকৰ বিৰুদ্ধে, শোষনৰ বিৰুদ্ধে, দুখীয়া নিষ্পেষিত লোকৰ হকে তেওঁলোকৰ কলম অতি শক্তিশালী আছিল। এইটো দিশত এতিয়াৰ কবি বা লেখকৰ কলম ক’ৰবাত দুৰ্বল হৈ পৰিছে যেন অনুভৱ হয়নেকি আপোনাৰ? নে ভয় কৰে?

লীনা ডেকা : ভয় কৰে বুলিয়ে ভাবিছোঁ। মই সঁচাটোক সঁচা বুলি আগতেও কৈছিলোঁ, এতিয়াও কওঁ। মামণি ৰয়চম বাইদেৱে আগভাগ লোৱা আলফা চৰকাৰৰ আলোচনাৰ প্ৰথম অভিৱৰ্তনত ময়ো নিমন্ত্ৰিত হৈছিলোঁ। মহিলা বক্তাৰ ফালৰ পৰা মোকেই প্ৰথম ক’বলৈ দিয়া হৈছিল। সেই সময়ত পৰেশ বৰুৱা অহা নহাক লৈ ভিতৰি বৰকৈ চৰ্চা হৈছিল। তাত ময়ে প্ৰথম কৈছিলোঁ যে পৰেশ বৰুৱা নাহিলেও আলোচনা হব লাগে আৰু সমস্যাৰ সমাধান হ’ব লাগে। সভাৰ বহুতেই মোৰ কথাখিনি বেয়াও পাইছিল। কিন্তু পিচদিনা প্ৰায় প্ৰতিখন কাকততে মোৰ কথাখিনি প্ৰকাশ হৈছিল।  অনুৰাধা শৰ্মা পূজাৰীয়ে “সাদিন”ত মোৰ কথা বহুত প্ৰশংসা কৰি লিখিছিল।  কবি সাহিত্যিকৰ কলম শক্তিশালী হোৱাৰ আঁৰত সেই সময়ৰ প্ৰেক্ষাপটৰ কথা আহি পৰে। সেই সময়ৰ প্ৰেক্ষাপট আৰু আজিৰ প্ৰেক্ষাপট একে হৈ থকা নাই। এতিয়াৰ পৰিবেশ-পৰিস্থিতি বহুত বেলেগ।

ফটাঢোল:  আমি যিহেতু ফেচবুকৰ এটা গোটৰ উদ্যোগত আলোচনীখন প্ৰকাশ কৰি আহিছোঁ।গতিকে আপোনাক সুধিব খুজিছোঁ ফেচবুক বা ডিজিটেল মাধ্যমৰ সাহিত্য সম্পৰ্কে আপুনি কি ক’ব? যিহেতু  ডিজিটেল মাধ্যম বা ফেচবুকৰ সাহিত্যক উচ্চ মান দিব পাৰি নে নোৱাৰি এই কথা লৈ প্ৰায়ে বিতৰ্ক হয়।

লীনা ডেকা: একেষাৰে উচ্চ মানদণ্ডৰ নহয় বুলি ক’ব নোৱাৰি। মই নিজেও বহুত  ভাল কবিতা ,উচ্চমানৰ গল্প পঢ়িছোঁ ফেচবুকত। শেষতীয়াকৈ  হৈ যোৱা লকডাউনৰ সময়ত মই বহুত ফেচবুকৰ লেখা পঢ়িছোঁ। মই একেষাৰে ডিজিটেল মাধ্যমৰ সাহিত্যক নিম্নস্তৰৰ বুলি কলে মানি নলওঁ। আৰু এতিয়া ফেচবুক বা ডিজিটেল মাধ্যমত নিলিখি উপায়ো নাই। এতিয়া কাকত আলোচনীলৈ লেখা এটা পঠিয়ালেও ডিটিপি কৰিহে পঠিয়াব লাগে। বাতৰিবোৰো আজিকালি বহু সাংবাদিকে মোবাইলত লিখিয়ে পঠিয়ায়। গতিকে ডিজিটেল মাধ্যম আমাক লাগিবই। গতিকে সাহিত্যও ডিজিটেল মাধ্যমত সৃষ্টি হবলৈ বাধ্য। অৱশ্যে ক’ভিদৰ এই সময়তো ডিজিটেল মাধ্যমৰ সাহিত্য বহুত জনপ্ৰিয় হৈছে। আনহাতে কাকত আলোচনীতো চিনাকিৰ ভিতৰত লেখা বহুতৰ ওলায়। কিন্তু সকলোৱে হয়তো সেই সুযোগটো নাপায়। কাকত-আলোচনীত বহুত সীমাবদ্ধতাও থাকে। গতিকে ফেচবুকক নিজেই বাছি লৈছে।  কিন্তু এই কথাও মই ক’ব লাগিব যে জাবৰ-জোঁথৰো কিন্তু বহুত সৃষ্টি হৈছে।যিহেতু ডিজিটেল মাধ্যমত সম্পাদনা নাথাকে, গতিকে যি মন যায় তাকে লিখা মানুহ বহুত ওলাইছে। এই জাবৰ-জোথৰখিনিৰ কাৰণে হয়তো কেতিয়াবা ভালখিনিও তলত পৰি ৰৈছে।

ফটাঢোল:  এই ডিজিটেল মাধ্যমে গ্ৰন্থ বা ছপা মাধ্যমটোলৈ প্ৰত্যাহ্বান আনিছে নেকি? গ্ৰন্থৰ ভৱিষ্যতৰ ক্ষেত্ৰত ই বাধা হৈ উঠিব পাৰে নেকি?

লীনা ডেকা: নাই নাই, মই এইটো কেতিয়াও মানি নলওঁ। মানুহ থকালৈ গ্ৰন্থ থাকিব, গ্ৰন্থৰ কেতিয়াও মৃত্যু নহয়।গ্ৰন্থ পঢ়া মানুহ এতিয়াও আছে,ভৱিষ্যতেও থাকিব।

ফটাঢোল: কিন্তু গ্ৰন্থ পঢ়ুৱৈৰ সংখ্যা বাঢ়িছে জানো? অসমৰ প্ৰকাশন প্ৰতিষ্ঠানসমূহে প্ৰায়ে এইটো অভিযোগ কৰে যে, অসমীয়া কিতাপৰ বিক্ৰী সন্তোষজনক নহয়।

লীনা ডেকা:  এইটো একেবাৰে শুদ্ধ কিজানি নহয়। অৱশ্যে এটা কথা আছে, আগতে যিকোনো এটা তথ্য বা বিষয় পঢ়িব লগা হলে মানুহে কিতাপ এখন কিনি অনাৰ  বাহিৰে বেলেগ উপায় নাছিল। কিন্তু এতিয়া বিকল্প কিছু ওলাইছে। ইন্টাৰনেটতো বহু কথা পোৱা যায়।  গতিকে আওপকীয়াকৈ হয়তো এনেকুৱা প্ৰভাৱ এটা পৰিছে।

ফটাঢোল: আপুনি অসমীয়া সাহিত্যৰ জগতখনৰ লগত বহুবছৰ ধৰি জড়িত হৈ আছে। আপোনাৰ এনেকুৱা অনুভৱ নহয়নে, যে সাহিত্যৰ হাস্য-ব্যংগ শাখাটোত যেন বহুত কম চৰ্চা হৈছে! আপুনি কি কয়?

লীনা ডেকা: ব্যংগ সাহিত্যই নহয়, ৰহস্য সাহিত্যও বহুখিনি অৱহেলিত হৈ আছে।বেজবৰুৱাই ব্যংগ আৰম্ভ  কৰিছিল।তেখেতে তাহানিতে কৈছিল “অসমীয়া মানুহে হাঁহিব নাজানে”। তেওঁ আৰু এটা কথা কৈছিল যে যি মানুহে হাঁহিব নাজানে তেওঁ চয়তান’| বেজবৰুৱাই আচলতে সঁচা কথাকে কৈছিল| এতিয়া মানুহে ‘লাফিং ক্লাৱ’ খুলিছে, কিন্তু আচল হাঁহি কাক কয় মানুহে নাজানেই। আৰু এটা কথা, ব্যংগ লিখা ইমান সহজ কথাও নহয়। ব্যংগৰ দুটা দিশ থাকে। ব্যংগই এহাতে হাঁহিৰ খোৰাক দিব লাগিব, লগতে এটা বাৰ্তাও দিব লাগিব। লক্ষ্মীনাথ বেজবৰুৱা, হেম বৰুৱা আদি ব্যক্তিসকলে সমাজ সংস্কাৰৰ কাৰনে ব্যংগটোক বাছি লৈছিল। কিন্তু এতিয়া ব্যংগ মানে কেৱল ঠাট্টা বিদ্ৰূপতহে পৰিণত হৈছে। টিভিতো আমি যিবোৰ হাস্য-ব্যংগ দেখি থাকোঁ সেইবোৰৰ বেছিভাগেই অতি তৰল, শাৰিৰীক ভংগীক বা দোষক ব্যংগ কৰাটো অতি দোষনীয় কথা। আমাৰ ফকৰা যোজনা, পটন্তৰ আদিৰ মাজতে বহুতো হাস্য-ব্যংগৰ উপাদান আছে| সেইবোৰক লৈয়ো কৰিব পাৰি নহয়। সাহিত্যৰ ক্ষেত্ৰত অকল হাস্য-ব্যংগই নহয়, আমাৰ সাহিত্যত ৰহস্য সাহিত্য আৰু শিশু সাহিত্যৰ ক্ষেত্ৰখনো খুব আশাব্যঞ্জক নহয়। ৰহস্যৰ ক্ষেত্ৰতো দীননাথ তামূলী, সত্যৰঞ্জন কলিতাই থ্ৰিলাৰ লিখিছিল। অসমীয়া সাহিত্যিকে আৰম্ভণিৰ পৰাই এইদিশত বৰ সবল ভূমিকা পালন কৰা নাই। সাধুৰ কিতাপ কিছু বজাৰত ওলাইছে। আমি লেখিকা সমাৰোহৰ পৰা শিশুৰ কাৰনে সাধুৰ সংকলন এটা উলিয়াইছোঁ। কিন্তু শিশুসাহিত্যৰ ক্ষেত্ৰখনত আমাৰ কৰণীয় বহুত আছে। শিশুৰ হাতত তুলি দিব পৰাকৈ কিতাপ-পত্ৰৰ সংখ্যা তাকৰ  আমাৰ। বংগীয় সাহিত্যত কিন্তু সকলো শাখাতে যথেষ্ট কিতাপ আছে।

ফটাঢোল: সমাজৰ উত্তৰণতো ব্যংগ সাহিত্যৰ যথেষ্ট প্ৰভাৱ আছে নহয়নে? 

লীনা ডেকা: একেবাৰে ঠিক কথা। হেম বৰুৱা লক্ষ্মীনাথ বেজবৰুৱাই ব্যংগক সমাজ শুধৰোৱাৰ অস্ত্ৰ হিচাপে লৈছিল। 

ফটাঢোল: তেওঁলোকে যিটো বাট কাটি থৈ গ’ল, আমি সেই বাটটো আমি এৰি আহিলোঁ নেকি বাৰু! 

লীনা ডেকা: একেবাৰে ঠিক,এৰি থৈ আহিলোঁ বাটটো। আৰু আচলতে কি জানা তেওঁলোকে সাহিত্য চৰ্চা কৰিছিল সমাজক শুদ্ধ কৰিবৰ কাৰণে, কেৱল নিজৰ বাবেই কৰা নাছিল। আৰু সমাজৰ কথা ভাবিবলৈ মানুহক “সমাজ সচেতনতা” গুণটো লাগিব।এই গুণটোৰ অভাৱ দেখা যায়। এতিয়া অপ্ৰিয় হ’লেও এটা কথা সঁচা যে সমাজসেৱাটো এটা পেছা হৈ পৰিছে। কাকো একো বিশেষণ দিবলৈ নাপালে তেওঁক সমাজসেৱক বুলি কৈ পেলায়। 

ফটাঢোল: বিনোদনৰ ক্ষেত্ৰখনত হাস্য-ব্যংগ, ৰস-ৰচনা,জমনি সকলো একাকাৰ কৰি পেলোৱা যায় কেতিয়াবা নহয়নে? 

লীনা ডেকা: একাকাৰ কৰি পেলায়।তৰল কৰি তুলিছে। জমনিবোৰকে হাস্য-ব্যংগ বুলি ধৰে। হাস্য-ব্যংগৰ কিছু বৈশিষ্ট্য আছেতো! আকৌ হাস্য-ব্যংগ লেখাবোৰো সমালোচনাৰ আওতালৈ আনিব লাগিব।তেতিয়াহে মানুহ আকৃষ্ট হ’ব।কোনোবাই গুৰি ধৰিব লাগিব। 

ফটাঢোল প্ৰতিনিধি: বাইদেউ আমি ইতিমধ্যেই আপোনাক ফটাঢোল  ই-আলোচনীখনৰ কথা জনাইছোঁ।এইবাৰ আলোচনী খনৰ চতুৰ্থ বছৰ দ্বাদশ সংখ্যা প্ৰকাশ পাব।আমি কিমানদূৰ সফল হৈছোঁ সেয়া সময়ে ক’ব।তথাপিও ব্যংগ সাহিত্যৰ জগতত এনেধৰণৰ পদক্ষেপক লৈ আপুনি আশাবাদী নে? 

লীনা ডেকা : নিশ্চয় আশাবাদী। মানুহ কি লৈ জীয়াই থাকে? আশাতেই জীয়াই থাকে।হয়নে নহয়? গতিকে আশা নেৰিবা। আৰু এইটো খুবেই ভাল পদক্ষেপ বুলি অনুভৱ কৰিছোঁ মই। মোৰ শুভেচ্ছা আছে।আৰু আশাবাদী মনোভাৱৰ লগতে আৰু কি লাগিব জানা? প্ৰত্যাহ্বান! প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিব লাগিব। 

ফটাঢোল: বাইদেউ বিশ্বৰ অন্যতম সন্মানীয় বঁটা বুকাৰ বা আন আন বিলাকলৈ নাযাওঁ বাৰু, কিন্তু ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ জ্ঞানপীঠ বঁটাৰ যোগ্য হ’ব পৰাকৈ অসমৰ সাহিত্য আছেনে? অসমীয়া সাহিত্য কোনটো পৰ্য্যায়ত আছে? সমালোচক হিচাপে আপোনাৰ মতামত কি? 

লীনা ডেকা: তাকেইতো! এইটো এটা ডাঙৰ প্ৰশ্ন,মোৰ নিজৰো প্ৰশ্ন। মামনি ৰয়চম বাইদেউৰ পিছত আমাৰ কোনেও জ্ঞানপীঠ বঁটা অৰ্জন কৰা নাই। তেনেকুৱা পৰ্যায়ৰ উপন্যাস বা কাব্য ৰচিত হৈছেতো! অন্তত মোৰ হৈছে যেন ভাৱ হয়। 

নীলমনি ফুকনৰ কবিতা, নলিনীধৰ ভট্টাচাৰ্যৰ কবিতাতটো কেৱল অসমৰ কথা নাই, তাত বিশ্বৰ প্ৰতিচ্ছবি প্ৰতিফলিত হয়। অৱশ্যে  জ্ঞানপীঠৰ দৰে বঁটাৰ বাবে তেওঁলোকৰ বিচাৰ প্ৰক্ৰিয়া বা কেনেকুৱা! বা কিহৰ ভিত্তিত তেওঁলোকে বিবেচনা কৰে, সেইসম্পৰ্কে মই বৰ জ্ঞাত নহয় বা যোগ্যতাও নাই ইমান উচ্চমানৰ বঁটা সম্পৰ্কে মত দিবলৈ। তদুপৰি বঁটা-বাহনৰ ক্ষেত্ৰত আজিকালি বহুত অবাঞ্চিত কথাৰ প্ৰভাৱ আহি পৰিছে, সেইবাবে বিতৰ্কলৈ আহিছে। মই অসম উপত্যকা বঁটা আৰু সাহিত্য অকাডেমী বঁটাৰ জুৰী বোৰ্ডত বহুবছৰেই জড়িত হৈ আছোঁ। যোৱাবাৰো বিতৰ্কলৈ আহিছে। এইবোৰ বেয়া লগা কথা। 

ফটাঢোল: অসমৰ বঁটা -বাহন লৈ অলপ বেছিয়ে বিতৰ্ক হয় নেকি! যিটো জাতিটোৰ বাবে ক্ষতিকাৰক নহয়নে? 

লীনা ডেকা: হয়। অসমীয়া সাহিত্যত বুলিয়ে নহয়,বেলেগতো  আছে, কিন্তু এই কথাবোৰ আচলতে একেবাৰে শুভজনক নহয়। আৰু এটা কথা, বঁটা-বাহনৰ প্ৰতি মানুহবোৰ লালায়িত হ’ব নালাগে। মই তেনেদৰেই ভাবোঁ।মই নিজেও কিছু কিছুক্ষেত্ৰত বঞ্চিত হৈছোঁ যেন অনুভৱ হয় যদিও মোৰ কোনো আক্ষেপ বা ক্ষোভ নাই আৰু মই যিখিনি পাইছোঁ, সেইখিনিও যোগ্যতাৰ বলতে পাইছোঁ। নোপোৱাখিনিক লৈ মই হামৰাও নাকাঢ়ো। 

ফটাঢোল: আপোনাৰ তত্বাৱধানত বহুকেইজনে গৱেষনা কৰি আছে আৰু দূৰশিক্ষাৰ লগতো আপুনি জড়িত হৈ আছে নহয়নে? 

লীনা ডেকা: হয় মোৰ তত্বাৱধানত এতিয়া ছয়জনে বৰ্তমান গৱেষণা কৰি আছে।আৰু নজনে ইতিমধ্যে সম্পূৰ্ণ কৰিছে। অসমৰ বিভিন্ন মহাবিদ্যালয়ত তেওঁলোকে কাম কৰি আছে বৰ্তমান। আৰু তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়,গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰশিক্ষাৰ সৈতে জড়িত হৈ আছোঁ, ষ্টাডী মেটেৰিয়েল লিখিছোঁ। তেজপুৰ বিশ্ববিদ্যালয়ৰ এজন গৱেষক ছাত্ৰ মোৰ জীৱন আৰু কৃতি সম্পৰ্কে এখন গৱেষনাপত্ৰ লিখিছে ।এইটো ভাললগা খবৰ আৰু এটা। 

ফটাঢোল: হয় নিশ্চয়।আমাৰো বহুত ভাল লাগিল জানি বাইদেউ। 

বাইদেউ আপুনি সদৌ অসম লেখিকা সমাৰোহৰ সৈতেও আপুনি জড়িত হৈ আছে নহয়নে? 

লীনা ডেকা: হয়। মই একদম জন্মলগ্নৰে মানে  ১৯৭৬ চনৰ পৰা জড়িত হৈ আছোঁ। ১৯৭৭ চনত মই সদস্য হৈছোঁ। তেতিয়া মই স্নাতক পঢ়ি আছিলোঁ। 

ফটাঢোল: বাইদেউ এইখিনিতে এটা প্ৰশ্ন হয় এইযে লেখক বা লেখিকা বুলি কোৱা যায়, এই লিংগভেদটো থকা উচিতনে? 

লীনা ডেকা: উচিত নহয়।মই যদিওবা আছোঁ, মই কিন্তু এইটো কথাৰ বিৰোধী। কাৰণ সাহিত্যত কোনো লিংগ নাই। লেখকৰ কোনো লিংগ নাই।কাৰণ মহিলা এগৰাকীয়ে যি অনুভৱ কৰে,পুৰুষ এজনেও একেখিনি কথা ভাৱে,অনুভৱ কৰে।

কিন্তু! এইখিনিতে “কিন্তু” এটা কিয় আহে জানানে, সেই সময়ত মহিলাসকলে সাহিত্যৰ অনুষ্ঠানবোৰত বৰকৈ গুৰুত্ব পোৱা নাছিল বা সুযোগ পোৱা নাছিল, যিটো আমি সাধাৰণত পাত্তা বুলি কওঁ, তেনেকুৱা কাৰণতে মহিলাসকলে বিশেষকৈ মহিলাৰ কাৰণে সদৌ অসম মহিলা সমাৰোহ সমিতি গঠন কৰিছিল। তাৰপিছত মোলৈ চিঠি আহিল যে নলবাৰীতো এটা শাখা কৰা হওক। তেনেকৈ নলবাৰীৰ যি লেখিকা সমাজ আছে,সেই শাখাটোও ময়েই আগভাগ লৈ গঠন কৰিলোঁ।কিন্তু সম্পাদকৰ দায়িত্ব মই নল’লোঁ। লীনা দেৱী বাইদেউ সম্পাদক আৰু বাগদেৱী দেৱী বাইদেউ সভাপতি হ’ল।বহুবছৰ ধৰি মই সভাপতি,সম্পাদক হৈ থাকিলোঁ। এতিয়া উপদেষ্টা হৈ আছোঁ। তাতে সম্পাদকীয়ত মই লিখিছোঁ কথাটো যে মহিলা লেখিকা বুলি থাকিব নালাগে। সাহিত্যত লিংগ থাকিব নালাগে। সম্পাদক বা তত্বাৱধায়ক এইবোৰ আচলতে এটা পদ বা পোষ্টহে। অনুৰাধা শৰ্মা পূজাৰীও এখন কাকতৰ সম্পাদক,তেখেতক আমি সম্পাদিকা বুলি নকওঁ। তেখেতৰ সেইটো পদ।ইয়াত লিংগ নাথাকে। কিন্তু লেখিকা সমাৰোহে বহুত কাম কৰিছে।বহুত মহিলা জড়িত হৈ আছে। সমগ্ৰ অসমৰ উপৰিও অসমৰ বাহিৰতো শাখা আছে। প্ৰবাসী অসমীয়াৰ কাৰণে এতিয়া ইংলেণ্ডতো শাখা হ’ব। গৱেষণা কোষ এটাও আৰম্ভ কৰিছে, য’ত গৱেষণামূলক গ্ৰন্থৰ কাম হ’ব। 

ফটাঢোল : বাইদেউ,আমি সাহিত্য আৰু সমাজৰ বহুখিনি কথাই পাতিলোঁ।এতিয়া অলপ ঘৰুৱা কথা পাতো।আপোনাৰ বৈবাহিক  জীৱন,পৰিয়ালৰ কথা কওঁকচোন। 

লীনা ডেকা: মোৰ ল’ৰা এটা-ছোৱালী এজনী। ল’ৰা চিন্ময় এম কম,এম ফিল। তেওঁ পি.এইচ.ডি কৰি আছে। ল’ৰাই  বিয়া কৰাইছে,মোৰ বোৱাৰী শ্বিলঙৰ, খাচী ছোৱালী। আমাৰ ঘৰত মানে এই ক্ষেত্ৰত জাতিৰ সমন্বয় বুলিও ক’ব পাৰা(হাঁহি)। নাতিনী এজনীও আছে অকণমানি। বোৱাৰীও পি এইচ ডি। ল’ৰা-বোৱাৰী দুয়োৰে বিষয় হিন্দী।ডিব্ৰু কলেজত চাকৰি কৰি আছে। এওঁ (স্বামী) ৰজত ডেকা গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰূপে অৱসৰ ল’লে। এতিয়া অৱশ্যে তেওঁ নলবাৰী জুনিয়ৰ কলেজৰ লগতে  ধমধমা চায়েন্স কলেজৰো অধ্যক্ষ। ছোৱালীও বিয়া দিলোঁ। শিলচৰত থাকে তেওঁলোক। বৰ্তমান ঘৰত আমি দুজনেই আৰু। 

ফটাঢোল: বাইদেউ আপুনি অৱসৰৰ সময়ত পঢ়া-শুনাৰ সৈতেই জড়িত হৈ থাকেনে? কেনেধৰণে ব্যস্ত থাকে?

লীনা ডেকা: মই আচলতে ঘৰুৱা কাম-বন সকলো নিজেই কৰোঁ। তাৰোপৰি পঢ়া-শুনাৰ  কামখিনি মিলাই লওঁ আৰু।

ফটাঢোল: বাইদেউ আপুনি এগৰাকী সমালোচক হিচাপে সুখ্যাতি লাভ কৰিছে। সমালোচক এগৰাকীয়ে সমালোচনাৰ ক্ষেত্ৰত কোনটো কথাত অধিক গুৰুত্ব দিব লাগে বুলি ভাবে? 

লীনা ডেকা: সমালোচনা লিখি থাকোতে লেখকজনক মই মুঠেই মনত নাৰাখো,মই লেখাটো চাওঁ। কাৰণ আজিকালি সাহিত্য সমালোচনা হওঁক বা কবি সন্মিলনৰ পৰ্যালোচনাই হওঁক তোষামোদেহে প্ৰায়ে ঠাই লোৱা দেখা যায়, যিটোৱে লেখকজনক ক্ষতি কৰে। গতিকে মই নিৰপেক্ষ আৰু নিৰ্মোহ হ’বলৈ যত্ন কৰোঁ। এইদুটাই সমালোচক এজনৰ আটাইতকৈ প্ৰয়োজনীয় গুণ বুলি ভাবোঁ। 

ফটাঢোল: বাইদেউ কেতিয়াবা এনেকুৱা পৰিস্থিতিত পৰিছেনেকি যে কোনোবাজন আপোনাৰ চিনাকি, আপোনাক তেওঁৰ কিতাপৰ সমালোচনা বা পাতনি লিখিবলৈ দিছে, কিন্তু সেইখন আচলতে বৰ লেখত ল’বলগীয়া বা তেনেধৰণৰ হোৱা নাই। 

লীনা ডেকা:  (হাঁহি) ই হৈছে হৈছে! বৰ অস্বস্তিকৰ হয় তেতিয়া।কিন্তু মই তেতিয়া সাধাৰণতেই বেছি নিলিখোঁ।তেখেতৰ প্ৰচেষ্টাক শলাগি শুভেচ্ছাবাণীহে জনাওঁ। 

ফটাঢোল: অৱসৰৰ পিছৰ সময়ছোৱাত আপোনাৰ বিশেষ পৰিকল্পনা কৰিছে নেকি? বা আপোনাৰ লেখা-মেলা সমূহৰ পুনৰমূদ্ৰণ সম্পৰ্কে কিবা পৰিকল্পনা আছেনেকি? 

লীনা ডেকা: অৱসৰৰ পিছত আচলতে বিভিন্ন ধৰণৰ কাম ভাবিছিলোঁ। মোৰ বহুবিলাক প্ৰবন্ধ পাতি আদি বিভিন্ন আলোচনীত সিঁচৰতি  হৈ আছে, সেইবিলাক থান-থিত কৰিম। কিন্তু অৱসৰৰ পিছত ইমান নামবিহীন কামকিছুমানত ব্যস্ত হৈ পৰিলোঁ মানে উপায় বিহীন হৈ পৰোঁ। কিছুমান কামে ধৰা সন্তুষ্টিও দিয়ে, কিন্তু এই কাম বিলাকৰ কাৰণেও বহুত অধ্যয়ন কৰিবলগীয়া হয়,সময় লাগে। গতিকে মোৰ লেখা বিলাক থান-থিত লগোৱা হোৱাগৈ নাই। এইযে অলপতে আমাৰ  লক্ষীনন্দন চাৰ (লক্ষীনন্দন বৰা) ঢুকাল, চাৰৰ প্ৰায় এবছৰমান হ’ল বোধকৰো শেহতীয়াকৈ প্ৰকাশ হোৱা “ৰাগ-অনুৰাগ” নামৰ  গ্ৰন্থখনৰ সমালোচনা লিখিবলৈ চাৰে ক’লে। চাৰৰ সেই আন্তৰিক দাবী মই কোনোকাৰণত না কৰিব নোৱাৰাধৰণৰ। কিন্তু চাৰে সমালোচনা পঢ়ি যিমান ভাল পালে, সন্তুষ্ট হ’ল, সেইখিনি কথা বৰ ভাললগা। কিন্তু ছাৰৰ লেখাতো য’ত মই অনুভৱ কৰিছোঁ, তাত ছাৰকো সমালোচনা কৰিছোঁ। এতিয়া শেহতীয়াকৈ মনিকুন্তলা ভট্টাচাৰ্যৰ শিশুসাহিত্যৰ সমালোচনা লিখিবলৈ দিছে।তাকেই অধ্যয়ন কৰি আছোঁ। মামনি ৰয়চম বাইদেউৰ “থেং ফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল” গ্ৰন্থখনৰ সমালোচনা লিখি আছোঁ। সাধাৰণতে কিছুমান গ্ৰন্থৰ সমালোচনা খুবেই কম হয়। যদিওবা সেইখন বহুত আগতেই পঢ়িছোঁ তথাপি কেইবাবাৰো অধ্যয়ন কৰাটো খুবেই জৰুৰী। 

ফটাঢোল প্ৰতিনিধি: বাইদেউ, সাহিত্যৰ কোনটো শাখাই আপোনাক বেছি আকৃষ্ট কৰে, কোনটো কাম কৰি আপুনি বেছি ৰস পায়? 

লীনা ডেকা: আগতে মই খুউব গল্প লিখি ভাল পাইছিলোঁ। কিন্তু যেতিয়াৰ পৰা সমালোচনাৰ সৈতে জড়িত হ’লোঁ, এইক্ষেত্ৰতহে বেছিকৈ জড়িত হৈ পৰিলোঁ।ভালোপাওঁ কৰি। 

ফটাঢোল: বাইদেউ আপোনাৰ প্ৰিয় সাহিত্যিক কোন? বা বিশেষকৈ কাৰ লেখাই  আপোনাক প্ৰভাৱিত কৰে? 

লীনা ডেকা: প্ৰিয় বুলি ক’লেতো বহুতৰে কথাই মনলৈ আহে। তথাপি মামনি ৰয়চম গোস্বামী বাইদেউ মোৰ খুবেই প্ৰিয়। নিৰুপমা বাইদেউৰ (নিৰুপমা বৰগোহাঞি) লেখা বৰ ভালপাওঁ।ইমান সজীৱ ,সপ্ৰাণ বৰ্ণনা! খুউব ভালপাওঁ মই। 

ফটাঢোল: বাইদেউ আপুনি কৈছিল, বেঙ্গলী সাহিত্যও আপুনি অধ্যয়ন কৰিছিল। 

লীনা ডেকা: হয় ন হন্যতে ভালপাওঁ। মৈত্ৰেয়ী দেৱী, আশাপূৰ্ণা দেৱীৰো বহুত লেখা পঢ়িছোঁ।কিছুমান পাহৰিছোঁও এতিয়া বাৰু। 

ফটাঢোল: যুৱপ্ৰজন্মৰ কাৰ গল্প আপোনাৰ ভাল লাগে? 

লীনা ডেকা: যুৱপ্ৰজন্মৰ বুলিলে বহুকেইজনেই ভাল লিখি আছে। (অকণমান ভাৱি) গীতালি বৰা, মনালিছা শইকীয়াৰ পঢ়োঁ। অপূৰ্ব শইকীয়াৰো ভাল লাগে। থাওকতে তেনেকৈ মনত পৰা নাই।অনুৰাধা শৰ্মা পূজাৰী,মাইনী মহন্তৰ পঢ়োঁ। 

ফটাঢোল: বাইদেউ আপোনাৰ জীৱনৰ শৈশৱ অথবা কৈশোৰৰ কিবা হাঁহি উঠা ঘটনা আছেনে? এতিয়া আমাক ক’ব পৰাকৈ মনত আছেনে? 

লীনা ডেকা: হাঁহি উঠা ঘটনা মানে মোৰ স্কুলীয়া দিনৰ ঘটনা এটা আৰু, আমাৰ তেতিয়া বিদ্যালয় সপ্তাহ চলি আছিল।মোৰ এটা ফ্ৰক আছিল। ফ্ৰকটো মানে হাত দুখন অলপ ডাঙৰ,ফ্ৰিল থকা।শ্বিলঙত দেখিছিলোঁ তেনেকুৱা ফ্ৰক পিন্ধা। তাৰ লগত আকৌ পেন্টটো কেনেকুৱা ,আমি চুৰি পেন্ট বুলি কৈছিলোঁ চেপা মৰা যে আজিকালিও পিন্ধা দেখো তেনেকুৱা। মুঠতে চিনেমাতো পিন্ধে আৰু। অকণমান ষ্টাইলিছ আৰু। তেতিয়াতো আমাৰ বিদ্যালয়ৰ ইউনিফৰ্মো নাছিল।সাধাৰণ স্কাৰ্ট-টপ পিন্ধিয়েই গৈছিলোঁ, তথাপি বিদ্যালয় সপ্তাহ বুলি অলপ সাজি কাচি গৈছিলোঁ। মই সেইটো চোলাকে পিন্ধি গ’লোঁ।সকলোৱে মোক ঘুৰি ঘুৰি চাইছে। আকৌ তোমালোককতো কৈছোৱেই আমি সেইখিনি সময়ত মানে সকলোতে আগবাঢ়ি গৈছিলোঁ,জনাই-নজনাই সকলোতে আৰু! চেষ্টা নেৰোঁ। মইতো গীত গাবলৈ মঞ্চত উঠিছোঁ। পিছে কি জানো হ’ল! সকলোৱে ফ্ৰকটোৰ বাবেই চাগে ইমানকৈ চাইছে মোক। মই  মানে ইমানেই নাৰ্ভাছ কৰিলোঁ ।দুশাৰীমান গায়েই গীতটোও পাহৰি থাকিলোঁনহয়! একদম গীতো পাহৰি মানে নাৰ্ভাচনেছত মই একেবাৰে মঞ্চৰ পৰা কেৱল ঘৰলৈহে দৌৰিছোঁ আৰু পিছলৈ নোচোৱাকৈ। সেইটো ঘটনা মনত পৰিলে বৰ হাঁহি উঠে নিজৰে। 

আকৌ কলেজীয়া দিনত হৈছিল কি মোৰ মানে গাল-চাল একদম ৰঙা পৰি থাকিছিল, তাতে ঘৰুৱা কামৰ ভিতৰত মই কেৱল চাহহে কৰিছিলোঁ।লগৰ ছোৱালীবোৰে মানে হাতবোৰ, গালবোৰ পিটিকি থাকিছিল মোৰ। আৰু সেই বয়সত খুউব ব্ৰণ উঠিছিল গালে-মুখে ছোৱালীবোৰৰ। মোৰ উঠা নাছিল মানে। মোৰ লগৰবোৰৰ মানে এইটো চৰ্চাৰ বিষয় আৰু এইৰ কিয় নুঠে, গতিকে সিহঁতে নিজৰ গালখন মোৰ গালত ঘঁহাই দিব খুজি থাকিছিল যাতে মোৰো উঠে  আৰু মই সিহঁতৰ পৰা পলাবলৈ দৌৰি থাকোঁ।

(কোঠাটোত হাঁহিবোৰ চিটিকি পৰিছিল বাইদেউৰ অতীত সোঁৱৰণত) 

সেইবোৰেই আৰু কথা।বৰ সহজ সৰল আছিল দিনবোৰ। 

ফটাঢোল:  বৰ ভাল লাগিল বাইদেউ।আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক ইমানখিনি কথা জনালে।

লীনা ডেকা: জানো পাই! কি আৰু ক’লোঁ। ঢেৰ অনৰ্গল কথা ক’লোঁ নেকি!

: নহয় বাইদেউ, সাহিত্য সমাজ সংস্কৃতিৰ ইমানবোৰ কথা পাতিলোঁ। আপুনি আমাৰ আবেলিটো সমৃদ্ধ কৰি তুলিলে।

ফটাঢোল হাস্যব্যংগ গোটৰ তৰফৰ পৰা আপোনালৈ পুনৰ অলেখ অযুত ধন্যবাদ আৰু কৃতজ্ঞতা যাঁচিলোঁ। লগতে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। 

লীনা ডেকা:  অশেষ ধন্যবাদ তোমালোককো জনালোঁ। ফটাঢোল গোটলৈও মোৰ আন্তৰিক শুভকামনা,আশীৰ্বাদ যাচিলোঁ। আলোচনীখনৰো সফলতা কামনা কৰিলোঁ। 

ফটাঢোল: ধন্যবাদ বাইদেউ। 

(কিনকিনীয়া বৰষুণজাক সময়ৰ লগে লগে বাঢ়ি আহিছিল আৰু শেষলৈ কলহৰ কাণে ঢালিছিল বুলিলেও বেয়া নহয়। কথা শেষ কৰি আমি সকলোৱে বতৰৰ সৈতে ৰজিতা খুৱাই বাইদেৱে নিজহাতে ভজা লোভনীয় পকোৰা,চাহ-মিঠাই খাই সময়খিনিক মোবাইলকেমেৰাত বন্দী কৰি বাইদেউৰ পৰা বিদায় ল’লোঁ।)

☆ ★ ☆ ★ ☆

3 Comments

  • Mamata Deka

    ভাল লাগিল পঢ়ি

    Reply
    • Anonymous

      ধন্যবাদ জনাইছোঁ।বাইদেউ নলবাৰীৰ গৌৰৱ।

      Reply
  • বন্দিতা জৈন

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *