জীৱন অনুপম-মৌচুমী গগৈ
ৰজত দত্তই চিন্তাক্লিষ্ট মনেৰে ঘৰৰ আগফালৰ চোতালত পায়চাৰি কৰি আছিল। যোৱা কেইমাহমানৰ পৰা তেওঁ অলপ বেছিকৈয়ে সমস্যাত পৰিছে। দত্ত এটা চৰকাৰী বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। দুটা সন্তান, পত্নী আৰু মাতৃৰ সৈতে তেওঁৰ এখন সুন্দৰ সংসাৰ আছে। ডাঙৰ ল’ৰা বিপুল পঢ়া শুনাৰ লগতে খেলা ধুলাতো ভাল। স্কুলৰ শিক্ষকসকলেও বিপুলক বৰ ভাল পায়। তাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই দত্ত অলপ শংকাত ভূগিছে। আজি কেইমাহমানৰ পৰা তেওঁৰ দৰমহা নিয়মীয়া কৈ হৈ থকা নাই। খেতিৰ মাটি বুলিবলৈ যিকণ আছিল, সেইখিনি বিক্ৰী কৰিয়েই সৰুকৈ নিজৰ বুলিবলৈ ঘৰ এটা সজালে। এতিয়া বিপুলৰ স্কুলৰ ফীজ, মাকৰ দৰৱ-পাতি, ঘৰখন চলোৱাৰ একমাত্ৰ সম্বল দত্তৰ ওপৰতেই নিৰ্ভৰ কৰে। তাৰোপৰি আলহী দুলহী প্ৰত্যেক মাহতে থাকেই। তেনেস্থলত মাহেকৰ দৰমহাটো নাহিলে কিমান যে সমস্যা হয়, সেইটো ভুক্তভোগী দত্তৰ দৰে মানুহবোৰেহে অনুভৱ কৰিব পাৰে। এনেতে বিপুলৰ মাতত দত্তৰ তন্ময়তা ভাগিল। সি দেউতাকক স্কুলৰ পৰা দিয়া হোমৱৰ্ক এটা সুধিবলৈ আহিছিল। কিন্তু দেউতাকে তাক ধমক এটা দি নিজেই কৰিবলৈ পঠিয়াই দিলে। বেচেৰা বিপুলেও মনে মনে নিজৰ পঢ়া কোঠালিলৈ গুচি আহিল। কিছু সময়ৰ পিছত দত্তৰ নিজৰ ওপৰতেই খং উঠিল, কিহে পাইছিল বাৰু ল’ৰাটোক এনেদৰে বিনা কাৰণত গালি দিবলৈ। তাৰ গাত একোতো দোষ নাই।
দত্তই এইবাৰ বিপুলৰ ওচৰলৈ গৈ দেখিলে যে সি হোমৱৰ্কৰ বহীখন কাষতে লৈ বিচনাত টোপনিত লালকাল দিছে। তালৈ দত্তৰ মৰম উথলি আহিল। আজিলৈকে কোনো কথাতে সি মাক আৰু দেউতাকৰ অবাধ্য নহয়। দত্তই লাহেকৈ বহীখন টানি আনি কিনো কৰিবলৈ দিছে, তাকেই চাবলৈ বিচাৰিলে।
“সেইবোৰ বস্তুৰ নামত লিখা, যিবোৰ আমাৰ প্ৰথমে ভাল নালাগে, কিন্তু পিছত লাহে লাহে ভাল লাগিবলৈ আৰম্ভ কৰে।”
দত্তই দেখিলে যে বিপুলে ইতিমধ্যেই প্ৰশ্নটোৰ উত্তৰ বহীত লিখিছে। তেওঁ পঢ়িবলৈ আৰম্ভ কৰিলে।
“মই প্ৰথমে মোৰ বছেৰেকীয়া পৰীক্ষাক ভাল নাপাইছিলোঁ, কিন্ত এতিয়া ভাল পাওঁ কাৰণ ইয়াৰ পিছত আমাৰ বন্ধ আৰম্ভ হয় আৰু আমি খেলিবলৈ সময় পাওঁ।”
“মই আগতে সোৱাদ নথকা দৰৱবোৰ খাই বেয়া পাইছিলোঁ, কিন্ত এতিয়া মই ধন্যবাদ জনাওঁ কাৰণ সেইবোৰ খোৱাৰ কাৰণে মোৰ বেমাৰ সোনকালে ভাল হৈ যায়।”
“মোক ৰাতিপুৱাই সোনকালে উঠিবলৈ বাধ্য কৰা এলাৰ্ম ঘড়ীটোলৈ আগতে মোৰ খুব খং উঠিছিল, কিন্তু এতিয়া মই ভাল পাওঁ কাৰণ ঘড়ীটোৱে মোক সোঁৱৰাই দিয়ে যে মই নিজৰ কামখিনি সময়মতে কৰাটো দৰকাৰী।”
“মই আগতে দেউতাই গালি পাৰিলে বেয়া পাইছিলোঁ যদিও মোক দেউতাই ধুনীয়া ধুনীয়া সাধু কিতাপ আনি দিয়ে, ফুৰাবলৈ চাইকেলত লৈ যায়, কিবা খাবলৈ মন গ’লে আনি দিয়ে। এতিয়া মই বহুত সুখী যে এনেকুৱা এজন দেউতা পাইছোঁ। কাৰণ মোৰ বন্ধু ৰজতৰ দেউতাক নাই আৰু সি সদায় সেইটো দুখ কৰে।”
বিপুলৰ লেখাখিনি পঢ়ি দত্তই নিজৰ সমস্যাখিনিৰ কথা আকৌ এবাৰ ভাবিবলৈ বাধ্য হ’ল।
“মই ঘৰৰ সমস্ত খৰছ বহন কৰোঁ, ইয়াৰ অৰ্থ এইটো যে মোৰ ওচৰত সৰুকৈ হ’লেও নিজৰ এটি ঘৰ আছে আৰু ভগৱানৰ কৃপাত সেইসকলতকৈ মই সুখী, যিসকলৰ নিজৰ বুলিবলৈ এটি ঘৰো নাই।”
“মই গোটেই পৰিয়ালটোৰ দায়িত্ব মূৰ পাতি ল’ব লগা হৈছে অৰ্থাৎ মোৰ এটা সুন্দৰ পৰিয়াল আছে। মই সেইসকলতকৈ যথেষ্ট সুখী যাৰ পৰিয়াল বুলিবলৈ কোনো নাই আৰু এইখন সংসাৰত একেবাৰেই অকলশৰীয়া।”
“মোৰ ঘৰলৈ মাজে মাজে আত্মীয় স্বজনসকল আহি মোৰ খৰছ বঢ়ায়, অৰ্থাৎ মোৰ সুখ দুখত অংশীদাৰ হ’বলৈ এইলোকসকল আছে, যি মোক ভাল পায়।”
কথাখিনি ভবাৰ লগে লগেই তেওঁৰ এনে অনুভৱ হ’ল যেন ইমানদিনে তেওঁ ভুগি থকা চিন্তা, সমস্যাবোৰ যেন নিমিষতেই শেষ হৈ গ’ল। তেওঁ বুজি পালে যে যেতিয়াই আমি সমস্যা এটাৰ সন্মুখীন হওঁ আৰু তাৰ নকাৰাত্মক দিশবোৰ ভাবিবলৈ আৰম্ভ কৰোঁ তেতিয়ালৈকে সমস্যাবোৰ কেতিয়াও শেষ হ’ব নোৱাৰে আৰু যেতিয়াই আমি সকাৰাত্মক দিশবোৰ বিশ্লেষণ কৰি চাবলৈ সক্ষম হওঁ, তেতিয়াই সেইবোৰ নিজে নিজেই সমাধানৰ পথত আগুৱাই যায়।
☆ ★ ☆ ★ ☆
2:15 pm
ভাল লাগিল