শিশু শ্ৰমিক আৰু লীনা হাজৰিকা- ঋতুপৰ্ণ শৰ্মা
(অপৰ্ণা চৌধুৰীৰ এটা বাংলা গল্পৰ ছাঁ লৈ)
: তুমি কিন্তু মোৰ লেকচাৰটো প্ৰিপেয়াৰ কৰি দিবা হা।
হাঁহি হাঁহি পত্নী লীনায়ে কোৱা কথাষাৰ শুনি বিপ্লৱে বুজি পালে আকৌ এবাৰ পত্নীয়ে দিবলগীয়া বক্তৃতা প্ৰস্তুত কৰিবৰ সময় আহি পালে।
: এইবাৰ আকৌ ক’ত ভাষণ দিবলৈ যাবা? কিমাননো আৰু লোকৰ পিঠাৰে বিহু পাতা। নিজে প্ৰস্তুত কৰিব নোৱাৰানে নিজে দিবলৈ ওলোৱা ভাষণটো।
বিপ্লৱে কিছু বিৰক্তি ভৰা মাতেৰে ক’লে।
: এইমাত্ৰ মনীষাই ফোন কৰিছিল জানা। এইবাৰ বোলে মোকেই নিৰ্দিষ্ট বক্তা হিচাপে মাতিব আৰুনো তেনেকৈ কিয় কোৱা। তুমি আৰু মই কিবা বেলেগ নেকি? ক’তনো সেয়া লোকৰ পিঠা হ’ব, তুমি বনাবা যেতিয়া নিজৰেই পিঠা দিয়া। তুমি ইমান ধুনীয়াকৈ লিখি দিয়া। মানুহবোৰে যে খুউব্ ভাল পাই জানা।
বিপ্লৱক বৰ শুৱলাকৈ লীনা অৰ্থাৎ সমাজ সেৱিকা লীনা হাজৰিকাই ক’লে।
তাই জানে হাজাৰ আপত্তি কৰিলেও বিপ্লৱে তাইৰ কথা নেপেলায়। সৌ সিদিনাৰ কথা। সিহঁতৰ ঘৰত ‘পাৰ্টটাইম’ কাম কৰা মানুহজনীয়ে কামলৈ আহিবলৈ এৰাৰে পৰা লীনাৰ একেবাৰে পানীত হাঁহ নচৰা অৱস্থা হৈছিল। সদায়ে সভা-সমিতিয়ে ঘূৰি ফুৰা মানুহজনী ঘৰুৱা কামবোৰৰ লেঠা মাৰি শেষ কৰোঁতেই ক’লৈকো ওলাই যাবলৈ সময় নোপোৱা হৈছিল। বিপ্লৱক বৰকৈ খাটনি ধৰি আছিল। যিহেতু বিপ্লৱৰ চাকৰি কাৰ্বি আংলঙত,গতিকে তাৰ পৰা খবৰ কৰি ল’ৰা বা ছোৱালী এজনী আনিব লাগে। প্ৰথম অৱস্থাত বিপ্লৱে কথাটোত সিমান গুৰুত্ব দিয়া নাছিল যদিও পাছলৈ অফিচৰে পিয়ন যাদৱক কথাটো কৈছিল।
ঘৰুৱা কাম-বন কৰিবলৈ সৰু ল’ৰা-ছোৱালী ৰখা কাৰ্যটো বিপ্লৱৰ একেবাৰে পচন্দ হোৱা নাছিল। লীনাই তেতিয়া কৈছিল,
: তেনেকৈনো কিয় ভাবিছা? আমি স্কুলত নাম লগাই দি পঢ়াম নহয়। আজৰি সময়ত মোক অলপ সহায় কৰি দিব আৰু। লগতে আমাৰ হিয়াৰো লগ এটা হ’ব। বৰুৱানীহঁতৰ ঘৰত দেখা নাই লংপি নামৰ ল’ৰাটো থকা আজি চাৰি বছৰমানেই হ’ল।
কথাবোৰ পিচে ইমান সহজ নাছিল। বিপ্লৱৰ অফিচৰ পিয়ন যাদৱে ঠিক কৰি দিয়া ছোৱালী এজনীক লৈ তাইৰ দেউতাক আহি এদিন বিপ্লৱৰ ঘৰত থৈ গৈছিলহি। টকা-পইচা একো দিব নালাগে, মাথোঁ স্কুলত নাম লগাই দি ভালকৈ পঢ়া শুনা কৰালেই হ’ল।
বয়সনো কিমান হ’ব ছোৱালীজনীৰ! হিয়াতকৈ এবছৰমানৰ ডাঙৰ হ’ব। অৰ্থাৎ হিয়াৰ ছয় বছৰ আৰু মিনিৰ সাত বছৰ। মিনি নামটো আচলতে লীনাই দি লোৱা।
অনিচ্ছাসত্বেও বিপ্লৱে ছোৱালীজনীক আনিবলৈ বাধ্য হৈছিল। ইফালে লীনায়ো তাই অহাত বৰ ভাল পাইছিল। পিচে বিপ্লবে লাহে লাহে লক্ষ্য কৰিছিল যে মিনিয়ে বেছিকৈ পঢ়া-শুনা কৰিবলৈ বিচৰাটো লীনায়ে ভাল পোৱা নাছিল। কেতিয়াবা বিপ্লৱে হিয়া আৰু মিনিক একেলগে পঢ়াবলৈ বহুৱাই ল’লে লীনায়ে আহি কিবা এটা অজুহাত দেখুৱাই মিনিক মাতি লৈ গৈ ভিতৰৰ কামত লগাই দিয়ে।
হঠাতে ভিতৰত ধমহ্কৈ কিবা এটা পৰি যোৱাৰ শব্দত লীনা দৌৰ মাৰি ভিতৰলৈ সোমাই গ’ল। বিপ্লৱেও কিনো পৰিল সেয়া জানিবলৈ কাণ পাতি ৰ’ল। অলপ পিছতে বিপ্লৱে ঠাচ্ ঠাচ্কৈ কাৰোবাক চৰ মৰাৰ শব্দ শুনি ভিতৰলৈ সোমাই গ’ল।ভিতৰৰ পৰিস্থিতি দেখি বিপ্লৱৰ চকু কপালত উঠিল। মিনিৰ হাতৰ পৰা আইনাৰ গিলাচ এটা পৰি ভাঙি থাকিল। সেয়ে লীনায়ে তাইক ঠাচ্ ঠাচ্কৈ চৰ মাৰিছে। বিপ্লৱৰ যথেষ্ট খং উঠিল।
: এই কথাটোৰ কাৰণেই তুমি তাইক এনেদৰে মাৰিছা? বেয়া লগা নাই তোমাৰ?
বিপ্লৱে খঙেৰে ক’লে।
: হ’ব, হ’ব, বেছি বেয়া পাই দেখাব নালাগে তুমি। এই দিনক দিনে বাঢ়ি গৈছে। তুমি একো নোকোৱা যে। সেয়ে এই মূৰৰ ওপৰত উঠিছে।
কথাখিনি কৈ লীনা ফোঁফোৱাই পাকঘৰৰ পৰা ওলাই গ’ল। মিনিয়ে কন্দা নাছিল। ভাঙি যোৱা গিলাচটো বুটলি পৰিষ্কাৰ কৰাত লাগিছিল।
: চাওঁ মিনি, তোৰ হাত কাটিব! তই হিয়াৰ ওচৰলৈ যাচোন।
মিনি আঁতৰি যোৱাত বিপ্লৱে ঠাইডোখৰ পৰিষ্কাৰ কৰি পেলালে।
দুদিনৰ পিছৰ কথা।
: হেৰা শুনিছানে! মোৰ লেকচাৰটো লিখিলানে? কালিলৈ কিন্তু মিটিং আছে। আজি ৰাতি মই প্ৰেক্টিচ কৰিব লাগিব।
লীনাৰ মাতত বিপ্লৱে তেওঁলৈ চালে।
: আৰে, বিষয়টো ক’লেহে মই লিখিব পাৰিম।।
বিপ্লৱে ক’লে।
: কি, মই তোমাক বিষয়টো কোৱাই নাই নেকি? ইচ্ ৰাম! দেখিছানে বাৰু কথাবোৰ মই কেনেকৈ পাহৰি যাওঁ! এনি ৱে… বিষয়টো হৈছে শিশু শ্ৰমিক। ধুনীয়াকৈ লিখি দিবা হা। যাতে সকলোৱে পূৰা ক্লেপ্ দিয়ে।
লীনাৰ কথা শুনি বিপ্লৱে মুখ টিপি হাঁহিলে। মনতে এবাৰ ভাবিলে “Three Idiots”-ত বনোৱাৰ দৰে ভাষণ এটা বনাই দিওঁ নেকি! নাই নহ’ব। ৰাতি প্ৰেক্টিচ কৰোঁতে ধৰা পৰি যাম। শিশু শ্ৰমিক আৰু লীনা হাজৰিকা। কথাটো ভাবিয়েই বিপ্লৱৰ হোহোৱাই হাঁহিবলৈ মন গ’ল। কিবা এটা ভাবি বিপ্লৱে অফিচৰ পিয়ন যাদৱলৈ ফোন লগালে। সমাজত শিশু শ্ৰমিকৰ কু-প্ৰভাৱবোৰ বন্ধ কৰিব নোৱাৰিলেও ঘৰত শিশু শ্ৰমিকৰ সমস্যাটো সমাধান কৰিব লাগিব। তাৰ পিছতেই বিপ্লৱ লীনাৰ ভাষণ প্ৰস্তুত কৰাত ব্যস্ত হ’ল।
পিছদিনা মিটিঙৰ পৰা আহি লীনাৰ খুউব ফূৰ্তি। বিপ্লৱে লিখি দিয়া ভাষণটো শুনি উপস্থিত ৰাইজে খুউব ভাল পালে। সকলোৱে হাত চাপৰি বজালে। যেন দেশৰ পৰা শিশু শ্ৰমিকৰ সকলো সমস্যা সমাধান হৈ গ’ল।
: আজি জানা, মানুহবোৰে মোৰ লেকচাৰ শুনি ইমান ভাল পালে। ক্লেপৰ উপৰি ক্লেপ দিছে। তুমি সঁচাকৈয়ে বিৰাট ভাল দেই। এনেকৈয়ে আগলৈয়ো লিখি দি থাকিবা হা। মিনি, মোৰ কাৰণে ফ্ৰীজৰ পৰা পানী এগিলাচ লৈ আহচোন।
ফ্ৰীজৰ পৰা লীনাক পানী এগিলাচ আনি দি বিপ্লৱে ক’লে,
: মিনি নাই লীনা। তাইক দেউতাকে আহি লৈ গ’ল। সিহঁতৰ পৰিয়ালত কাৰোবাৰ বিয়া হেনো আৰু লগতে ক’লে যে তাইক হেনো পুনৰ ইয়ালৈ নপঠিয়ায়। গাঁৱতে পঢ়াব।
বিপ্লৱৰ কথা শুনি মূৰে-কপালে হাত দিয়া লীনালৈ চাই বিপ্লৱে ভাবিলে ঘৰত শিশুৰ ওপৰত অত্যাচাৰ চলাই সভাত ডাঙৰ ডাঙৰ লেকচাৰ দিয়া মানুহৰ অৱস্থা এনেকুৱা হোৱাই উচিত। বেচেৰী (?) লীনাই গমেই নাপালে যে মিনিৰ ওপৰত চলা অত্যাচাৰ সহ্য কৰিব নোৱাৰি বিপ্লৱে নিজেই পিয়ন যাদৱৰ হতুৱাই মিনিৰ দেউতাকক মতাই আনি তাইক ঘৰলৈ উভতাই পঠিয়ালে।
☆ ★ ☆ ★ ☆
10:35 am
লীনাৰ দৰে চৰিত্ৰ আজিকালি সুলভ।ভাল লাগিল
10:56 am
হয়।তেনেবোৰ চৰিত্ৰই ভৰি পৰিছে আজিৰ সমাজখন।মন্তব্যৰ বাবে অশেষ ধন্যবাদ।
9:17 pm
বাস্তৱ৷ ভাল লাগিল৷
10:30 pm
ধন্যবাদ নিলাক্ষীবা।
11:00 pm
Vl laggil