অব্যক্ত আপ্যায়ন -ৰঞ্জিত কুমাৰ শৰ্মা
: আপোনাক বিচাৰি মানুহ এহাল আহিছিল৷
: এহাল মানুহ? কেনেকুৱা এহালহে? হালখন কিহেৰে জুৰিছিল?
পত্নীৰ মুখত এহাল মানুহ বুলি শব্দ দুটা শুনি বৰঠাকুৰে ৰগৰৰ সুৰত সুধিলে৷
: এই মানুহটোৱে কেৱল সকলো কথাতে খুঁতেই বিচাৰি থাকে৷ বোলো এহাল মানুহ মানে মতা-তিৰোতা এহাল, মানে দম্পতী এহাল, বুজিলেনে?
বৰঠাকুৰে বুজিলে, তেওঁৰ প্ৰশ্নত পত্নী ৰুষ্ট হ’ল৷ হ’বই অৱশ্যে৷ কিমান বা উৎসাহত তেওঁ সংবাদটো দিব বিচাৰিছিল! সেয়ে পোনে পোনে মূল বিষয়টোলৈকে অহাৰ বাবে বৰঠাকুৰে ক’লে,
: বাৰু বাৰু, ধেমালিহে কৰিছোঁহে ৷ কোৱাচোন কোন আহিছিল৷
বৰঠাকুৰৰ মতে তেওঁৰ পত্নীৰ খঙটো হেনো জুইশলা জ্বলাৰ দৰে৷ বাকচটোৰ বাখৰ থকা অংশটোত ঘঁহনি খুৱাই মাৰি দিয়াৰ লগে লগে ভমককৈ জ্বলি উঠে আৰু কিছুসময় জ্বলি থকাৰ পাছতে ‘ফুচ’ হৈ যায়৷
বৰঠাকুৰে অফিচৰ পৰা অহাৰ পিছত গাটো তিয়াই পৰিষ্কাৰ হৈ ছোফাত বহিছিল৷ তেনে সময়তে শ্ৰীমতীয়ে অকণমান খোৱা বস্তুৰে সৈতে চাহ একাপ তেওঁৰ হাতত তুলি দি খবৰটো দিলে৷ এই সময়ত বৰঠাকুৰৰ যে চাহ একাপ বা কিছু খাদ্যৰ প্ৰয়োজন হয় সেইটো পত্নীয়ে বুজি পায়৷ মতাবোৰেহে পত্নীসকলৰ কষ্টবোৰ উপলব্ধি নকৰে! নকৰে মানে নকৰেই৷ অৱশ্যে কৰিলেও বা নকৰিলেও নাৰী সমাজত নকৰাটোৱেই ইতিমধ্যে বেদবাক্যৰ দৰে প্ৰতিষ্ঠা লাভ কৰিছেই৷ গিৰীয়েকবোৰে যে ঘৈণীয়েকৰ কষ্ট বুজি নাপাই সেইটো মহিলাসকলে চিৰসত্য বুলি গণ্য কৰে৷ বৰঠাকুৰে তেনেদৰেই ভাবে৷ বাৰু, সেইবোৰ থাকক, ‘নেভাৰ এণ্ডিং’ কথা৷ মূল বিষয়টোলৈ অহা যাওক৷ কোন আহিছিল সেই কথা বৰঠাকুৰে জানিবলৈ বিচৰাত পত্নীয়ে ক’লে যে দম্পতীহালে তেওঁলোকৰ ছোৱালীজনীৰ বিয়ালৈ নিমন্ত্ৰণ দিবলৈ আহিছিল৷ তেওঁলোকে এখন নিমন্ত্ৰণী চিঠিও দি থৈ গৈছে৷ বৰঠাকুৰে কোননো বুলি সুধিলে যদিও পত্নীয়ে নামটো ভালদৰে ক’ব নোৱাৰিলে৷ মানুহ আৰু ঠাইৰ নাম পাহৰাত তেওঁ অভ্যস্ত৷
: নামটো পাহৰিলোঁ৷ তেওঁ নামটো সোমনাথ নে কি তেনেকুৱা কিবা কৈছিল৷ উপাধিটো গোস্বামী বুলি কৈছিল৷ চিঠিখন পঢ়িলেই গম পাব৷ মানুহজনৰ সৈতে হেনো আপোনাৰ ভাল পৰিচয় আছে৷ সেয়ে তেওঁ বিয়ালৈ নিমন্ত্ৰণ দিবলৈ ঘৈণীয়েককো লগত লৈ আহিছিল৷ বিয়াখন গ’লে দুয়ো পুনৰ আমাৰ ঘৰলৈ ফুৰিবলৈ আহিব বোলে৷ এনেয়েই আমাৰ ঘৰলৈ আহিম আহিম বুলিয়েই ভাবি আছিল হেনো৷ আমাক আটাইকেইজনকে বিয়ালৈ যেনেতেনে যাবলৈ কৈছে৷ নগ’লে বেয়া পাব বুলিও কৈছে৷
বৰঠাকুৰৰ পত্নীয়ে নিমন্ত্ৰণ দিয়া মানুহজনৰ নামটো ভালদৰে মনত পেলাব নোৱাৰিলেও বিয়াৰ নিমন্ত্ৰণৰ কথাখিনি ক’লে৷
: চাওঁ চিঠিখন দিয়াচোন৷
চাহ খাই উঠি কাপ-প্লেটযোৰ ওচৰতে থকা ‘টি-টেবুল’খনত থৈ বৰঠাকুৰে ক’লে৷ পত্নীয়ে নিমন্ত্ৰণী চিঠিখন দিয়াত সেইখন চাই বৰঠাকুৰে ব্যক্তিজনক চিনি পালে৷
: সোমনাথ নহয় হে সোমেশ্বৰ গোস্বামী৷ মানুহজনক চিনি পাওঁ৷ বিভিন্ন অনুষ্ঠানত লগ পাওঁ৷ লগ পাওঁতে পাওঁতেই চিনাকি হৈছে৷ বেছিদিনৰ চিনাকি নহয় অৱশ্যে৷
ঘৈণীয়েকক গোস্বামীৰ নামটো শুধৰাই দি বৰঠাকুৰে ক’লে৷
নিমন্ত্ৰণী চিঠিত উল্লেখ থকামতে বিয়াখন হ’ব হৰ-গৌৰী বিবাহভৱনত৷ বিবাহ ভৱনটো বৰঠাকুৰৰ বাসস্থানৰ পৰা খোজ কাঢ়িয়েই যাব পৰা দূৰত্বতে আছে৷
: পিচে, বিয়ালৈ যাবা নে নাই?
সুধিবলগীয়া নাছিল যদিও পত্নীৰ মন জুখিবলৈকে বৰঠাকুৰে সুধিয়েই দিলে৷
: যাব লাগিব, গিৰীয়েক-ঘৈণীয়েক দুয়ো আহিছে৷ ফুৰিবলৈও আহিম বুলি কৈছে৷ জোৰকৈ মাতিও গৈছে৷ নগ’লে বেয়া কথা হ’ব৷
শ্ৰীমতীৰ কথাত বৰঠাকুৰৰ বুজিবলৈ বাকী নাথাকিল যে তেওঁ বিয়ালৈ যাবলৈ প্ৰায় সাজুয়েই৷ বিয়ালৈ অৱশ্যে তেতিয়াও দুসপ্তাহ বাকী৷
বিয়াৰ আগদিনা শ্ৰীমতীয়ে কথাটো বৰঠাকুৰক মনত পেলাই দিলে৷ এইবোৰ কথা পাহৰা ৰোগটো আকৌ বৰঠাকুৰৰ বেছি৷ শ্ৰীমতীয়ে মানুহ আৰু ঠাইৰ নাম পাহৰিলেও এনেবোৰ কথা নাপাহৰে৷ বৰঠাকুৰেহে কেতিয়াবা পঢ়োঁতেই হওক বা শুনোতেই হওক কিছুমান কথাত মন নিদিয়ে৷ ইয়াৰ বাবে তেওঁ কেতিয়াবা সৰু-সুৰা সমস্যাতো পৰিবলগা হৈছে৷ যি কি নহওক, বিয়াৰ আগদিনাই উপহাৰ এটা কিনি ৰঙীন ফুটুকীয়া কাগজেৰে মেৰিয়াই দেখিবলৈ বৰ সুন্দৰ লগাকৈ বৰঠাকুৰে বান্ধি আনিলে৷ উপহাৰৰ কথা কোৱাৰ লগে লগেই ছোৱালীয়ে সাৱধান কৰি দিছিলেই,
: পাপা, কিতাপ নানিবা কিন্তু, দিবলৈ লাজ লাগে৷
ইপিনে বিয়ালৈ যাবলৈ বুলি মাক-জীয়েকেও আগদিনাই বিউটি পাৰ্লাৰলৈ গৈ ধোৱা-পখলা, ৰং কৰা আৰু কটা-ছিঙা কামবোৰ সম্পূৰ্ণ কৰিলে৷
অফিচ বন্ধৰ দিনা বিয়াৰ নিমন্ত্ৰণ পৰিছে যেতিয়া দুপৰীয়াৰ সাঁজ খাবলৈ যোৱাটোকেই ঠিক কৰা হ’ল৷ এনেও নিশা পেট পূৰাই খোৱাটো ভাল নহয়৷ পিচে ‘ভবা কাম নহয় সিদ্ধি, বাটত আছে কণা বিধি’ বোলা আপ্তবাক্য এষাৰি আছে নহয়? বৰঠাকুৰ দম্পতীৰো সেয়ে হ’ল৷ বিয়া খাবলৈ যাবলগীয়া দিনটোটেই পুৱাই আহিল ‘কণা বিধি’ৰ ফোন৷ সেয়াও পত্নীৰ ফালৰ৷ পত্নীৰেই সম্পৰ্কীয় মাহীয়েক এগৰাকী ল’ৰাৰে সৈতে অহাৰ কথা৷ সেয়ে পুৱাই ফোন কৰি মাহীয়েকে ভাগিনীয়েকক কথাটো জনালে৷ আলহী প্ৰথমবাৰ আহিব, গতিকে দুপৰীয়াৰ ভাতসাঁজ নুখুৱাকৈ যাবলৈ দিবও নোৱাৰি৷ কাজেই বৰঠাকুৰ পৰিয়ালৰ বিয়া খাবলৈ যোৱা প্ৰস্তুতিত বাধা জন্মিল৷ আলহীৰ বাবে বজাৰ কৰিবলৈ বুলি বৰঠাকুৰে হাতত মোনাখন লওঁতেই পত্নীয়ে ক’লে,
: মই এটা কথা ভাবিছোঁ৷ আপুনিয়েই বেটীক লৈ বিয়াৰ নিমন্ত্ৰণটো ৰক্ষা কৰি আহক নহ’লে!
তিনিও ৰাতিয়েই যাওঁ নেকি বুলি বৰঠাকুৰে প্ৰস্তাৱ দিয়াত পত্নীয়ে ক’লে,
: নালাগে, দূৰৰ আলহী, তেওঁলোকক ৰাতিটো ইয়াত থকাৰ বাবে এবাৰ কৈ চাব লাগিব, নহ’লে বেয়া কথা হ’ব৷ আলহী যদি ৰাতি থাকে তেন্তে বিয়ালৈ যোৱাই নহ’ব৷ বিয়ালৈ বৰকৈ মাতি গৈছে তেওঁলোকে, নগ’লে বেয়া কথা হ’ব৷
বৰঠাকুৰে ভাবিলে, পত্নীয়ে অৱশ্যে ভাল কথাই চিন্তা কৰিছে৷ আলহী নিশা থাকিলে বিয়া খোৱাই নহ’ব৷ অৱশেষত পিতা-পুত্ৰীয়েই দুপৰীয়া বিয়াৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ সিদ্ধান্ত হ’ল৷ আলহীৰ বাবে বজাৰ অৱশ্যে কৰি দিয়া হ’ল৷
আলহী আহি পোৱাত চাহপৰ্ব শেষ কৰাৰ পাছত বৰঠাকুৰৰ পত্নীয়েই বিয়াৰ নিমন্ত্ৰণৰ কথাটো আলহীক ক’লে৷ মাহীয়েকে তেওঁলোকে আহি সমস্যাহে কৰিলে বুলি বেজাৰ কৰাত বৰঠাকুৰৰ পত্নীয়ে পৰিস্থিতি চম্ভালি ল’লে৷ তেওঁ মাহীয়েকক ক’লে,
: বিয়াঘৰ তেনে বিশেষ একো লগা-ভগা আত্মীয় নহয়, কইনাৰ পিতৃ এওঁৰ চিনাকিহে৷ বিয়া খাবলৈ এনেয়ো সকলোৱে যোৱাৰ কথাও নাছিল৷
অৱশেষত আলহীক মাত দি বাপেক-জীয়েক বিয়া খাবলৈ ৰাওনা হ’ল৷ দুয়ো ‘হৰ-গৌৰী বিবাহ ভৱন’ত উপস্থিত হ’ল যদিও তেতিয়ালৈ দিনৰ প্ৰায় আঢ়ৈ বাজিছে৷ ঘৰত আলহীক বহুৱাই থৈ ভৰ দুপৰীয়াতে বিয়ালৈ যোৱাটো ভাল নেদেখি বাবে স্বাভাৱিকতে বৰঠাকুৰৰ কিছু পলম হ’ল৷
বিবাহ ভৱনত উপস্থিত হৈ বৰঠাকুৰে ইফালে সিফালে চালে যদিও তেওঁ সোমেশ্বৰ গোস্বামীক দেখা নাপালে৷ বিয়াৰ কথা, ক’ত বা ব্যস্ত হৈ আছে বুলি মনটোক সান্ত্বনা দি বৰঠাকুৰে পিতৃ-কন্যাৰ বাবে নিজেই দুখন চকী অধিগ্ৰহণ কৰিলে৷ সেই সময়ত বিবাহ ভৱনটোত বহি থকা মানুহবোৰৰ মুখবোৰলৈকে বৰঠাকুৰে লুকাই-চুৰকৈ চালে৷ নাই, এখনো চিনাকি মুখ নাই৷ অভ্যাগত অৱশ্যে বেছি নাছিল৷ বেছিভাগেই হয়তো আত্মীয়-স্বজনহে৷ বৰঠাকুৰে ভাবিলে, চহৰৰ নিমন্ত্ৰিতসকল নিশাৰ ভাগতে আহিব বোধকৰোঁ৷ কোনোবা চিনাকি আহিছিল যদিও ইতিমধ্যে খাই-বৈ যাবও পাৰে! ইপিনে, মিছেচ গোস্বামীকো তেওঁ চিনি নাপায়! কুৰি মিনিটমান বাপেক-জীয়েক বেলবুং হৈ চকীতে বহি থাকিল৷ ইয়াৰ মাজতে দুই এখন চিনাকি মুখৰ নিমন্ত্ৰিত ব্যক্তিক দেখা গ’ল যদিও ভালদৰে কথা কাৰোৰে লগত পাতিব পৰাকৈ পৰিবেশ আৰু পৰিস্থিতি একোৱেই নাছিল৷ সকলোৰে বিয়াৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ ব্যস্ততা৷ তাৰ মাজতে দুই এজনে অৱশ্যে বৰঠাকুৰক মাত এষাৰ দিলে৷ চিনাকি অচিনাকি যেন লগা দুজনমানে আকৌ মিচিকিয়াই ‘আহিছে’ বুলি সুধি ভদ্ৰতা ৰক্ষা কৰিলে৷ তেওঁলোকে বৰঠাকুৰক চিনি পাই নে নিমন্ত্ৰণী ব্যক্তিক দেখিলে তেনেকুৱাকৈ সম্ভাষণ জনাব লাগে বাবেই মাতষাৰ দিলে সেই ৰহস্য বৰঠাকুৰে ভেদ কৰিব নোৱাৰিলে৷ এবাৰ তেওঁ ছোৱালীক ক’লে,
: বস্তুটো কইনাক দি থৈয়েই আহিবা নেকি?
: বস্তু নহয় পাপা, ‘গিফ্ট কিন্তু গিফ্টটো আগতে দিলে আমাক ভাত-পানী খাই বহি থকা বুলি ভাবি কোনেও যদি খাবলৈ নামাতে তেতিয়া কি হ’ব?
ছোৱালীয়ে ক’লে৷
কথাটো নোহোৱাও নহয়৷ কি কৰিব কি নকৰিব বুলি ভাবি বৰঠাকুৰে আকৌ এবাৰ ডিঙি মেলি সোমেশ্বৰ গোস্বামীৰ মুখখনৰ সন্ধান কৰিলে৷ এনেতে ওপৰ মহলাৰ পৰা চিৰিৰে কইনাৰ পিতৃ, মানে সোমেশ্বৰ গোস্বামীক নামি অহা দেখি বৰঠাকুৰৰ ভোকৰ এমুঠি ভাত, পিয়াঁহৰ এটুপি পানী সন্মুখত দেখাৰ দৰে লাগিল৷ ডিঙিটো মেলি বৰঠাকুৰে গোস্বামী আহি থকাৰ পিনে চালে৷ চোৱাৰ উদ্দেশ্য হ’ল, গোস্বামীৰ চকুৰ দৃষ্টিয়ে যাতে বৰঠাকুৰকো স্পৰ্শ কৰিব পাৰে৷ বৰঠাকুৰৰ ডিঙি মেলাৰ কষ্ট সফল হ’ল৷ গোস্বামীয়ে দুই চাৰিজন লোকক মাত লগাই আগুৱাই আহি থাকোঁতে তেওঁৰ সুদৃষ্টি বৰঠাকুৰৰ ওপৰত পৰিল৷ ‘উহ্ ৰক্ষা!’ গোস্বামীয়ে আগবাঢ়ি আহি নমস্কাৰ জনালে আৰু কাষতে খালী থকা চকী এখনত বহি লৈ বৰঠাকুৰক ‘বহু সময় বহিলে নেকি’ বুলি সুধিলে৷ উত্তৰত বৰঠাকুৰে ক’লে যে বেছি সময় হোৱা নাই৷ তেতিয়ালৈ ৩০ মিনিটমান সময় অতিবাহিত হৈছিল৷ কিন্তু সঁচা কথাটোনো বৰঠাকুৰে কেনেকৈ কয়? ‘মিছেচক নানিলে যে’ বুলি গোস্বামীয়ে সোধাত ঘৰত আলহী অহা কথাটো অৱশ্যে বৰঠাকুৰে সঁচাকৈয়েই ক’লে৷ পাঁচ মিনিটমান দুয়ো কথা পাতিলে যদিও তেতিয়ালৈকে বৰঠাকুৰৰ পেটত নিগনি দৌৰিবলৈ আৰম্ভ কৰিছিল৷ ভাগ্যে ছোৱালীজনীয়ে পুৱা ঘৰতেই এমুঠি খাইছিল৷ তেনেতে গোস্বামীয়ে ‘ঐ দিম্পল শুনাচোন’ বুলি যুৱক এজনক নাম কাঢ়ি মাতিলে৷ যুৱকজনক বৰঠাকুৰৰ সৈতে চিনাকি কৰি দি গোস্বামীয়ে ক’লে,
: এওঁলোকে খোৱা নাই, এতিয়া খাই থকাখিনি উঠিলে এওঁলোককো খুৱাবলৈ লৈ যাবা৷
যুৱকজনেও হ’ব বুলি সঁহাৰি দিলে৷ বৰ্তমানে খাই থকাসকলৰ খোৱা হ’লে খাবলৈ পোৱাৰ আশাত বৰঠাকুৰে কিছু হ’লেও সকাহ পালে৷ খোৱাৰ আগতে ‘গিফ্ট’ দিয়া কামটোকে কৰা যাওক বুলি ভাবি বৰঠাকুৰে গোস্বামীৰ আগত কইনাক সাক্ষাৎ কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে৷ গোস্বামীয়ে কন্যাৰ ওচৰলৈ লৈ গৈ পিতা-পুত্ৰীক চিনাকি কৰাই দিলে৷ বৰঠাকুৰৰ ছোৱালীয়ে মিচিকিয়াই ‘গিফ্ট’টো কইনাৰ হাতত তুলি দিলে৷ কইনায়ো সেই বিশেষ দিনটোৰ চিনাকি হাঁহিটোৰে বৰঠাকুৰক নমস্কাৰ জনাই তেওঁৰ ছোৱালীৰ হাতৰ পৰা ‘গিফ্ট’টো লৈ ছোৱালীজনীৰ সোঁগালত এখন হাতেৰে চুই দিলে৷ দুজনমান চুঙা কেমেৰাধাৰীয়ে কইনা আৰু কইনাৰ পিতৃৰ সৈতে বৰঠাকুৰ আৰু তেওঁৰ কন্যাৰ ফটোও ল’লে৷ গোস্বামীয়ে বৰঠাকুৰৰ ছোৱালীজনীৰ মূৰত হাতখন থৈ ক’লে,
: ভোক লাগিছে নেকি? দেউতাৰাই আহোতে বহু পলম কৰিছে নহয়নে? এইবাৰ খাই ল’বা দেই…৷
তেনেতে মানুহ এজন গোস্বামীৰ কাষলৈ আহি তেওঁক পুৰোহিতে মাতিছে বুলি ক’লে৷ গোস্বামীয়ে,
: অকণমান বহক, বেয়া নাপাব পলম অলপ হৈছে, এইবাৰ খাই ল’ব।
বুলি বৰঠাকুৰক কৈ লোকজনৰ সৈতে তাৰ পৰা আঁতৰি গ’ল৷ কন্যাসহিতে বৰঠাকুৰে পুনৰ পাঁচ মিনিটমান বহিলে৷ এনেতে এখন চিনাকি মুখ আগুৱাই আহিল৷ তেওঁ সঞ্জীৱ ভট্ট, বৰঠাকুৰৰ ভাল চিনাকি৷ ভট্টই ‘আহকচোন মানুহ এজনৰ সৈতে চিনাকি কৰাই দিওঁ’ বুলি বৰঠাকুৰক হল ঘৰটোৰ এচুকলৈ লৈ গ’ল৷ ভট্টই দীঘল, ক্ষীণকায় মানুহ এজনৰ সৈতে বৰঠাকুৰক চিনাকি কৰাই দিলে৷ নমস্কাৰ প্ৰতি নমস্কাৰৰ পাছত মানুহজনে ক’লে যে তেওঁ হেনো বৰঠাকুৰৰ লেখা দুই চাৰিটা অনলাইন মেগাজিনত পঢ়িছে৷ এটা বক্তৃতানুষ্ঠানত বৰঠাকুৰৰ বক্তৃতাও শুনিছে৷ মানুহজনে তেওঁৰ ঘৰ গুৱাহাটীৰ জালুকবাৰীত বুলি ক’লে৷ কথা প্ৰসংগত তেওঁ ক’লে যে মিতালী তেওঁৰ পেহীৰ ছোৱালী হয়৷
জালুকবাৰী আৰু মিতালী এই শব্দ দুটাই বৰঠাকুৰৰ মনটোক হঠাতে যেন সোঁৱৰণীৰ ঘণ্টা হৈ কোবাই দিলে৷ বহুদিনৰ পাছত তেওঁ শব্দ দুটা একেলগে শুনিছে৷ মানুহজনৰ মুখত শব্দ দুটা শুনি বৰঠাকুৰ আচৰিত হ’ল৷ তেওঁৰ বুকুখন যেন চিৰিঙকৈ উঠিল৷ মুহূৰ্তৰ ভিতৰতে বৰঠাকুৰৰ মনত কেইবাটাও প্ৰশ্নৰ উদয় হ’ল,
: মিতালীক এই মানুহজনে কেনেকৈ জানে? তেওঁ মিতালীৰ নাম মোক কিয় ক’লে? তেওঁ কিবা জানে নেকি? কি জানে মানুহজনে মিতালী আৰু মোৰ বিষয়ে? তেনেকৈ জানিবলগাতো একো হোৱাই নাছিল৷
বৰঠাকুৰে চাকৰি বিচাৰি থকা সময়ৰ কথা৷ প্ৰথমটো চাকৰিৰ ৰূপত এটা সৰু কোম্পানীত যোগ দিয়াৰ সূত্ৰে তেওঁ গুৱাহাটীৰ জালুকবাৰীত ভাড়াঘৰ এটাত কিছুদিন থাকিছিল৷ ভাড়াঘৰটোৰ মালিক আছিল হেমন্ত কাকতি বোলা লোক এজন৷ মিতালী তেওঁৰেই খুলশালীয়েক৷ তাই বায়েকৰ ঘৰত থাকি বিশ্ববিদ্যালয়ত পঢ়িছিল৷ বৰ মৰমলগা ছোৱালী৷ মিতালীৰ সৈতে বৰঠাকুৰৰ চিনাকি হৈছিল৷ এই চিনাকিৰে লাহে লাহে ঘনিষ্ঠতাও বাঢ়িছিল৷ মিতালীক কিবা এটা ভাল লাগিছিল তেতিয়াৰ যুৱক বৰঠাকুৰৰ৷ এই ঘনিষ্ঠতাকে প্ৰেম বুলি কয় কিজানি! যদি হয় তেতিয়াহ’লে সেই প্ৰেমত হয়তো মিতালীও সাঁতুৰিবলৈ বিচাৰিছিল৷ কিন্তু জীৱনত কৰা সকলো ইচ্ছা জনো পূৰণ হয়? বৰঠাকুৰ-মিতালীৰ গতিবিধি হেমন্ত কাকতিৰ চকুত নপৰাকৈ থকা নাছিল৷ বৰ টেঙৰ মানুহ কাকতি৷ সৰু কোম্পানীৰ চাকৰি, ভৱিষ্যতৰ নিশ্চয়তা নাই৷ কাকতি দম্পতীয়ে ঠিকেই বুজিলে৷ পৰিণতিত এদিন বৰঠাকুৰে কাকতিৰ ঘৰ এৰি দিব লগা হ’ল৷ মিতালী আৰু বৰঠাকুৰ চকুৰ আঁতৰ হ’ল৷ বেলেগ চাকৰি হোৱাত বৰঠাকুৰে গুৱাহাটীও এৰিব লগা হ’ল৷ দুয়োৰে বেলেগ বেলেগ সংসাৰো হ’ল৷ কিন্তু এয়ানো কি ভূ-ভাৰস্তত নোহোৱা ঘটনা? ইয়াতকৈও কিমান ডাঙৰ কাহিনী আছে!
বৰঠাকুৰে মনৰ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি থাকোঁতে সোমেশ্বৰ গোস্বামীয়ে ভাত খুওৱাৰ দায়িত্ব দিয়া যুৱকজনে বৰঠাকুৰৰ কাষলৈ আহি ভাত খাবলৈ যোৱাৰ কথা ক’লে৷ তেতিয়ালৈ ছোৱালীজনীয়েও নিজৰ চকীৰ পৰা উঠি আহি দেউতাকৰ কাষতে থিয় হৈ আছিল৷ ভট্ট আৰু মানুহজনৰ পৰা বিদায় লৈ ছোৱালীৰ সৈতে বৰঠাকুৰ ওপৰ মহলালৈ গ’ল৷ তাতেই খোৱাৰ ব্যৱস্থা কৰা হৈছিল৷ ওপৰ মহলাত খাবলৈ গৈ বৰঠাকুৰে দেখিলে যে সকলোবোৰ চকী ভৰ্তি৷ মানে খাবলৈ এইবাৰো মানুহবোৰ বহিলেই৷
: ধেই, কথাৰ মহলা মাৰি থাকোঁতে পলমেই হ’ল।
নিজৰ ওপৰতে খং উঠিল তেওঁৰ৷ তেওঁলোকক মতা যুৱকজনকো তেওঁ দেখা নাপালে৷ সি বোধকৰোঁ আন কামত ধৰিলে৷ ছোৱালীজনীৰ মুখখনলৈ চাই বৰঠাকুৰৰ বেছি বেয়া লাগিল৷ তায়ো দেউতাকৰ মুখলৈ চালে৷ দুয়ো ওপৰলৈ উঠি যোৱা চিৰিটোৰেই তললৈ নামিবলৈ ধৰোঁতে ভাগ্যে যেনিবা ওপৰলৈ আহি থকা যুৱকজনৰ মুখামুখি হ’ল৷
: কি হ’ল, নামি আহিলে যে?
যুৱকজনে সুধিলে৷
বৰঠাকুৰে আসন খালী নাই বুলি কোৱাত যুৱকজনে ‘ব’লকচোন ব’লক’ বুলি কৈ জোৰ কৰিয়েই পিতৃ-কন্যাক ওপৰলৈ লৈ গ’ল৷ সন্মুখৰ মেজ এখনত চাৰিখন চকীৰ সলনি দুখন চকী আছিল৷ কিবা অসুবিধাত হয়তো তেনে কৰা হৈছিল৷ তাতেই দুখন চকীৰ ব্যৱস্থা কৰি শেষত যেনিবা বাপেক-জীয়েকক খাবলৈ বহুওৱা হ’ল৷ কিন্তু জালুকবাৰীৰ মানুহজনে কিয় মিতালীৰ কথা উলিয়ালে খোৱাৰ সময়তো সেই কথাটোৱে বৰঠাকুৰৰ মনত ক্ৰিয়া কৰি থাকিল৷ তেতিয়ালৈকে উত্তৰবিহীন হৈ থকা প্ৰশ্নবোৰক মনতে পাগুলি থাকিয়েই বৰঠাকুৰে খোৱা-বোৱা শেষ কৰি ছোৱালীৰ সৈতে তললৈ নামি আহিল৷ বৰঠাকুৰে হাতৰ ঘড়ীটোলৈ চালে, সময় তেতিয়া চাৰি বাজি আগলৈ আগবাঢ়িছে৷ তেওঁ ভাবিলে, খোৱা হ’ল যেতিয়া থাকি লাভ নাই, ঘৰলৈকে যোৱাই ভাল৷ বৰঠাকুৰে ইফালে সিফালে চালে, কিন্তু মাত দিবলৈ সোমেশ্বৰ গোস্বামীক বিচাৰি নাপালে৷ ভাত খাবলৈ মাতি নিয়া যুৱকজনকে বৰঠাকুৰে কইনাৰ বাপেকক মাতি দিবলৈ ক’লে৷ যুৱকজনে জনালে যে মোমায়েকে দৰা আহি জিৰণি ল’বলগা হোটেলখনলৈ গৈছে৷ বৰঠকুৰে বুজি পালে, গোস্বামী তাৰমানে যুৱকজনৰ মোমায়েক হয়৷ কইনাৰ মাকৰ সৈতে তেতিয়ালৈকে বৰঠাকুৰৰ দেখা-সাক্ষাৎ হোৱাই নাছিল৷ তেওঁ হয়তো ভৱনটোতেই আছিল, কিন্তু কোনেও চিনাকি কৰি নিদিয়াত সাক্ষাৎ নহ’ল৷ বিয়ালৈ নিমন্ত্ৰণ দিবলৈ যোৱাৰ সময়ত বৰঠাকুৰতো ঘৰত নাছিলেই ছোৱালীজনীও স্কুলতহে আছিল৷ সেয়ে দুয়ো কইনাৰ মাকক চিনিব নোৱাৰিলে৷ যুৱকজনক বৰঠাকুৰে কইনাৰ মাককে মাতি দিবলৈ ক’লে৷ যুৱকজনে জনালে যে ভৱনৰ বাহিৰত পাছফালে মামীয়েকে কইনা ধুওৱা পৰ্বত ব্যস্ত আছে৷ উপায় নাপাই বৰঠাকুৰে যুৱকজনকে ক’লে,
: তোমাকেই কৈ যাওঁ৷ আমি খাই লৈ যোৱা বুলি মোমায়েৰাক ক’বা৷
যুৱকজনক কথাখিনি কওঁতে বয়োজ্যেষ্ঠ লোক এজন কাষতে আছিল৷ তেওঁ উপযাচি ক’লে,
: একো নহয়, আপোনাৰ পলম হৈছে যদি যাওক বাৰু৷ এওঁ জোঁৱাইক ক’ব পাৰিব৷
বৰঠাকুৰে বয়োজ্যেষ্ঠ লোকজনৰ পৰিচয় জনাৰ বাবে সুধিলে,
: আপুনি…?
: মই মিতালীৰ ককায়েক৷
লোকজনে ক’লে৷
বৰঠাকুৰ পুনৰ আচৰিত হ’ল৷ লোকজনে আৰু কিবা কৈছিল যদিও বৰঠাকুৰৰ কাণত নোসোমাল৷
আকৌ মিতালী? আজি হৈছে কি? মিতালীৰ লগত এওঁলোকৰ কি সম্পৰ্ক? বৰঠাকুৰে বুকুখনত পুনৰ এবাৰ কিহবাই খোঁচ মৰা যেন পালে৷ বিয়ালৈ নিমন্ত্ৰণ দি এওঁলোকে বৰঠাকুৰক জ্বলাবলৈকে কিবা পৰিকল্পনা কৰিছে নেকি? কিন্তু তেনেকুৱা কিবা কৰিব বুলিওচোন একেষাৰে কৈ দিব নোৱাৰি!
কথাবোৰ চিন্তা কৰি বৰঠাকুৰে বিবাহ ভৱনটোত আৰু এক মুহূৰ্তৰ বাবেও থকাটো ঠিক নহ’ব বুলি ভাবিলে৷ যুৱকজন আৰু জ্যেষ্ঠ লোকজনকে মাত লগাই কন্যাৰ সৈতে তেওঁ ওলাই আহিল৷ বিবাহ ভৱনটোৰ পৰা ওলাই আহিহে তেওঁৰ কিবা হেঁচা এটাৰ পৰা কিছু সকাহ পোৱা যেন লাগিল৷ তথাপি, বিবাহ ভৱনত দুজনকৈ ব্যক্তিয়ে কিয় মিতালীৰ নামটো উচ্চাৰণ কৰিলে সেই প্ৰশ্নটো বৰঠাকুৰৰ মনৰ পৰা আঁতৰি নগ’ল৷ ঘৰলৈ বুলি দিয়া প্ৰতিটো খোজতে প্ৰশ্নটোৱে তেওঁৰ মনক খুন্দিয়াই থাকিল৷ এজনে ক’লে মিতালী তেওঁৰ পেহীয়েকৰ ছোৱালী, এজনে ক’লে মিতালী তেওঁৰ ভগ্নী! কথাবোৰ পাগুলি থাকোঁতে ঘৰ পোৱাৰ আগমুহূৰ্তত হঠাৎ বৰঠাকুৰৰ মনলৈ আহিল,
: মিতালী বিয়াঘৰৰে আন কাৰোবাৰ নাম নহয়তো? কইনাৰ মাকৰো নাম হ’ব পাৰে! তেওঁতো গোস্বামীৰ পৰিবাৰৰ নামটো নাজানেই! লগে লগে বৰঠাকুৰৰ নিমন্ত্ৰণী চিঠিখনৰ কথাটো মনলৈ আহিল৷ চিঠিখনৰ তলত সোমেশ্বৰ গোস্বামীৰ উপৰি আন দুটামানো নাম আছিল, তেওঁ ভালদৰে নাচালে৷ তাত কইনাৰ মাকৰ নামটোও নিশ্চয় আছিল!
বৰঠাকুৰে মনত পেলাবলৈ চেষ্টা কৰিলে,
‘কইনাৰ মাকৰ নামটো কি আছিল? চিঠিখনত ‘ম’ আখৰেৰে নাম এটা আছিল বোধকৰোঁ! কইনাৰ মাকৰ নামটোহে মিতালী আছিল নেকি?’
‘ধেই! এনেই টেনচন খালোঁ’ বুলি মনেৰে নিজকে প্ৰবোধ দি বৰঠাকুৰে থিৰাং কৰিলে,
‘সুবিধা বুজি নিমন্ত্ৰণী চিঠিখন বিচাৰি উলিয়াই কইনাৰ মাকৰ নামটো চাব লাগিব৷’
☆ ★ ☆ ★ ☆
4:28 pm
ভাল লাগিল৷
10:23 pm
ধন্যবাদ জনালোঁ৷