ফটাঢোল

কলপ-সত্যপ্ৰসাদ বৰুৱা

কাহিনীৰ নায়ক মানে এই নৰাধমে সেই শৈশৱতেই বহু নকৰিবলগীয়া কাম কৰি বহু লটিঘটিৰ সন্মুখীন হৈছিলোঁ যদিও নকৰাকৈ থকা নাছিলোঁ। তেনে কামবোৰৰ ভিতৰত কাপোৰ ৰ’দাবলৈ চোতালত থকা বাঁহডালত মূৰটো তলফালে ৰাখি ভৰিৰে ওলমি থাকি চাৰ্কাছ দেখুৱাই থাকোঁতে তলত সৰি পৰা, খুড়াই ব্যৱহাৰ কৰা আগৰ জামানাৰ স্ক্ৰু পকোৱা, ব্লেড লগোৱা ৰেজৰেৰে ৭-৮ বছৰীয়া মোৰ গালত দাৰি খুৰোৱাৰ নামত ব্লেডেৰে ৰঙা আঁচ বহাই উঠাৰ কিছু সময় পিছতেই পিঠিত মাৰ সোঁহাতৰ পাঁচ আঙুলিৰ মৰমৰ সাঁচ বহোৱা আদি কামেই প্ৰধান আছিল। তেনেকুৱা অইন এটি অবিস্মৃত কাম কৰি হোৱা লটিঘটিৰ বিষয়ে আপোনালোকক জনাবলৈ ওলাইছোঁ। এটাই মাত্ৰ অনুৰোধ, হাঁহি নুঠিলে নাহাঁহিব কিন্তু আমুকাৰ নামটো মৰসাহসিকতা বঁটা বা ফটাৰত্ন, ফটাভূষণ, ফটাশ্ৰী আদিৰ বাবে যেন মনোনীত নকৰে!

ওহোঁ! দিন-বাৰ, মাহ-বছৰ একেবাৰেই মনত পেলাব পৰা নাই কিন্তু গৰমৰ দিন আছিল সেয়া খাটাং। ম‌ই তেতিয়া তৃতীয় নে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ। স্কুলৰ গৰমৰ বন্ধ চলি আছিল আৰু ম‌ই মামাহঁতৰ ঘৰত কিছুদিন থকাকৈ গৈছিলোঁ। কথা প্ৰসঙ্গত কৈ থ‌ওঁ, মোৰ সৰুমামাজন ফুচুৰি কথা কোৱাত পাকৈত আছিল। এদিন সম্ভৱতঃ দেওবাৰৰ দুপৰীয়া ম‌ই মামাহঁতৰ ঘৰৰ বাৰাণ্ডাত বহি ৰেডিঅ’ত “দুপৰীয়াৰ নাটক”খন শুনি আছিলোঁ। মামাই চুলিত আৰু গোঁফত ক’লা ৰং লগাই আহি ৰঙখিনি শুকোৱালৈ অপেক্ষা কৰি মোৰ ওচৰত বহিল। চুলিতো যে ৰং লগাব পাৰি তেতিয়ালৈকে ম‌ই নাজানিছিলোঁ। মামাৰ চুলি-গোঁফ ইমান ক’লা দেখি ম‌ই মামাক চুলিত কি লগাইছে সুধিলোঁ। মামা‌য়ো এবিধ বিশেষ ৰং লগোৱা বুলি ক’লে তথা ৰঙবিধ বুজাই দিলে। ময়ো ‘ৱাহ্ ! বঢ়িয়া লাগা হৈছি দা’ বুলি শলাগি মোৰ অতিকে প্ৰিয় “দেওবাৰৰ দুপৰীয়াৰ নাটক”খনত মনোনিৱেশ কৰিলোঁ। বন্ধৰ কেইদিন মামাৰ ঘৰত কটাই নিজৰ ঘৰলৈ আহি খেলা-ধূলা, পঢ়া-শুনা আদিত ব্যস্ত হৈ পৰিলোঁ।

তাৰ কেইমাহমানৰ পিছতেই নে পিছৰ বছৰতেই আমাৰ পুৰণি চাৰিচলীয়া খেৰীঘৰটোৰ মেৰামতিৰ কাম চলিছিল। চালিবোৰৰ মেৰামতিৰ বাবে তলৰ পৰা খেৰৰ মুঠি ওপৰলৈ দলিওৱা কামটো মোৰ অতিকে প্ৰিয় কাম আছিল (লিখি থাকোঁতে নষ্টালজিক হৈ গৈছোঁ)। একেসময়তে ঘৰটোৰ খুঁটা, কাঠ, বাটামসমূহত ক’লা আৰু বেৰসমূহত চূণগুড়িৰে বগা ৰং দিয়া কামটোও কৰাইছিল।

এদিন দুপৰীয়াৰ সময়ত মায়ে,

: বাবা, ত‌ই গা ধো, ম‌ই মন্দিৰৰ পৰা আহি ভাত দিম দে!

বুলি কৈ ওচৰৰ শ্যামৰায় মন্দিৰলৈ গ’ল আৰু দেউতাই আগচোতাল চিকুণাই আছিল। ময়ো কিছুসময় দেউতাৰ লগত আগচোতালত থাকি গা ধোবলৈ দমকলৰ পাৰলৈ আহিলোঁ। তেনেতে মোৰ চকু এটা ৰঙৰ টেমাত পৰিল আৰু বপুৰাই ভাবিলোঁ,

: এইটো দেখোন মামাই চুলিত লগোৱা ৰঙটো! আজি ময়ো লগাব পাৰোঁ দেখোন!

কাজেই ভবামতে কাম। বাতি এটা যোগাৰ কৰি তাত টেমাটোৰ পৰা অলপ ৰং লৈ বিশেষ বুদ্ধিৰে ৰঙটো অলপ পাতল কৰি চুলিত লগাই হাতত লাগি ধৰা ৰঙখিনি সেই একেই বিশেষ বুদ্ধিৰে মচি ভালদৰে গা ধুই মা অহালৈ ৰৈ থাকিলোঁ। চুলিৰ ৰং গুচি যাব বুলি গা ধোওঁতে চুলিত চাবোন দিয়া নাছিলোঁ। কিছুসময় পিছত মন্দিৰৰ পৰা মা আহি মোক ভাত দিলে। ময়ো ভাত খাই উঠি বিচনাত বাগৰ দি মৌচাক নে সঁফুৰা আলোচনীখন পঢ়িবলৈ ল’লোঁ। কিছুসময় পিছত খেলিবলৈ যাবৰ বাবে বিচনাৰ পৰা উঠিবলৈ ল‌ওঁতে ম‌ই শুই থকা গাৰুটোত চকু পৰি মোৰ অৱস্থা কাহিল হৈ পৰিল। চুলিত লগোৱা ৰঙেৰে গাৰুটোৰ সোমাজত ক’লা ৰং লাগি গাৰুৰ অৱস্থা আধ্যা। ভয়তে মাক চিঞৰি মাতিবলৈও মোৰ শক্তি নোহোৱা হৈ যোৱাত গাৰুটো হাতত লৈ লাহে লাহে মাৰ ওচৰলৈ গ’লোঁ। মায়ে গাৰুটো দেখি,

: এইই্হ্যে! গাৰুটোত এইমাখা কি লগেলি ত‌ই ?

বুলি সুধি মোৰ উত্তৰলৈ বাট নাচাই গাৰুটো টানি নি শুঙি চাই খঙেৰে,

: এই ৰংমাখা গাৰুটোত কেন্‌কে লগেলি?

বুলি সোধাত ম‌ই ফ্লেশ্ববেকত গৈ সেই গৰমৰ‌ বন্ধৰ সময়ত মামা আৰু মোৰ মাজত হোৱা কথোপকথনৰ আদ্যোপান্ত মাৰ আগত বিৱৰি ক’লোঁ। লগালগ মায়ে ৰং লগোৱা চুলিত ধৰি দমকলৰ পাৰলৈ নিব ওলাল। ৰং লাগি থকা বাবে চুলিখিনি মাৰ হাতৰ মুঠিৰ পৰা বাৰে বাৰে পিছলি ওলাই যায়, মায়েও আগৰবাৰতকৈ জোৰেৰে চুলিত মুঠি মাৰি টানে আকৌ ওলাই যায়। অৱশেষত ডিঙিত ধৰি প্ৰায় গতিয়াই দিয়াৰ দৰে লৈ গৈ দমকলৰ তলত বহুৱাই দি কেৰাচিন তেলেৰে মোৰ মাথা ধুৱাই ধুৱাই ভায়েকক গালি পাৰে আৰু মোৰ পিঠিত ভুকু মাৰে। তেনেকৈয়ে মায়ে কেৰাচিন তেল, কাপোৰ ধোৱা জনতা চাবোন, ভুকু আদিৰে মোৰ চুলিত লগোৱা ‘কলপ’ নোহোৱা কৰিছিল। এতিয়াও সেই ভুকুকেইটাৰ কথা মনত পৰা মুহূৰ্ততেই মোৰ মনটো সেই মামাহঁতৰ ঘৰৰ বাৰাণ্ডা পায়গৈ। সেইদিনা মামা আৰু মোৰ মাজত হোৱা কথোপকথনখিনি আছিল এনেকুৱা,

: মামা, চুলিত কি লগেছ’ৱা হা? ইমেন ক’লা হৈছি চুলিখেনি!

মামাই তেওঁলোকৰ পুৰণি কাঠ-বাটামৰ ঘৰটোৰ খুঁটা আৰু কাঠসমূহৰ ফালে আঙুলিয়াই গহীনাই উত্তৰ দিলে,

: ইন্দ্ৰকোট, সেই যে কাঠত লগোৱা ক’লা ৰঙটো!

(বি:দ্ৰ: ইন্দ্ৰকোট শব্দটো শুদ্ধ নে অশুদ্ধ নাজানো, আমাৰ অঞ্চলত তেনেকেই কয়। কেৰাচিন তেলেৰে ইন্দ্ৰকোট পাতল কৰা আৰু হাত চাফা কৰা বিশেষ বুদ্ধিটো মিস্ত্ৰীয়ে আমাৰ ঘৰৰ কাঠত ৰং দিওঁতে দেখিছিলোঁ।)

☆ ★ ☆ ★ ☆

8 Comments

  • Pranamee Mahanta

    বহুত হাহিঁলো। ভাল লাগিল পঢ়ি। অনাগত দিনত এইদৰে হাহিঁৰ খোৰাক দি যাব বুলি আশা কৰিলোঁ।

    Reply
  • Biki

    Ohh my dog ?????

    Reply
  • Tultul Kakati

    পঢ়ি ভাল লাগিল,,, পিছে দেউলত দাদাগিৰি কৰা কথাবোৰ নিলিখিলা যে,,,,

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *