অতিথি দেৱো ভৱ-অসীমা শইকীয়া দত্ত
অতিথি এগৰাকী বহুদিন থকাকৈ আহি অৱশেষত যাবলৈ ওলাল। নতুন জেগা বিচাৰি তেওঁ থানথিত লাগিবগৈ। আলহীগৰাকীক মাৰ পৰামৰ্শ মৰ্মে, ছাগলী মাংসৰে এসাজ দকচি খুৱাই বিদায় দিবলৈ দেতাই মাংস কিনি আনিলেগৈ। মাংসৰ তৰকাৰীত কাজি নেমু চেপি দিছে কিৰনদাই। গোন্ধ পাই দেতাই কৈছে, “ছাগলীয়ে নেমু নেখায়, নিমপাত খায়। পিচি দে তাতে। অলগদ্ধ, মাছৰ আঞ্জাতহে নেমু দিয়ে। খাবা আজি নেমুৱে ছাগলীয়ে!”
খাবলৈ বহিল গোটেইবোৰ। ছাগলী মাংস দকচি খাব আটাইকেইটাই। তাৰ সলনি ভাতৰ পাতত ছাগলীটোৱে আটাইকেইটাকে দকচি পেলালে। বুঢ়া ছাগলীৰ মাংস। কিৰনদাৰ চিঞৰ – “কাৰ বা শাহুৱেক আছিল এইজনী। কি বা হৈ মৰিল দেহি। আমাৰ কোম্পানীৰ হাতত তাৰ আধা পৰিল। হাড়ৰ পৰা মাংস টানোতে ছাগলীৰ ঠেঙে লাঠ মৰাদি তালুত মাৰিছে হেৰৌ।”
দেতাৰ মতে কিৰনে নিসিজালে ভালকে। কেঁচা হৈ থাকিল।
কিৰন দাই কৈছে, “সাত বজাৰ পৰা জুই দিছোঁ, তিনিখন অসমীয়া ছিৰিয়েলত দুবাৰ কান্দি কান্দি জুই দি গৈছোঁহি। ছাগলীয়েও উতলি বেবাই গৈছেগৈ। ন বজাত নমাইছোঁ কেটা কেটাই। কি কোৱাহে তুমি?”
মায়ে কৈছে, “কিৰনে কোৱাটোৱেই হয়। বৃদ্ধ পেঞ্চন পোৱা ছাগলী এইজনী। কামবোৰেই এনে এইজনৰ।”
দেতাই কয়, “ঠিকেই তোক আনোতেই গম পাব লাগে কামবোৰেই এনে মোৰ।”
বচ, দন আৰম্ভ। দেতাৰ হাতত ছাগলীৰ আঁঠুটোৰ এডোখৰ, মাৰ হাততো টিকাটোৰ চাইদৰ হাড় এডাল। কিৰনদাই কৈছে “মুখেৰে লাগি থাকহঁত ঐ এই দুটা। মাংসৰ হাড় অস্ত্ৰ কৰি পাকঘৰ নেফাল। মূৰত পৰিলে মৰি যাব মানুহ।”
আলহীজনী তেতিয়াও নিজত মগন। তেওঁৰ যুঁজ বাগৰ মাংসৰ লগত।
কিৰন দাই কৈছে, “জীৱৰ বিলৈ ঐ। এফালে এহাল দন লাগি মৰো মৰো, এইজনীলৈ চা। হ’ব থওক হে মাংসডোখৰ। ছাগলীৰ হাড় টানোতে আপোনাৰ নিজৰ টিকাৰ হাড়েই পীৰাত বহি থকাতে কটকটাই গৈছে। হাড়ৰ ঘঁহনিত পীৰাত জুই লাগি আমি সৱ মৰিম পাকঘৰ জ্বলি। মাটিত ভৰিৰে খোপনি ধৰি, পীৰাত এখন হাতেৰে খামুচি মাংস টনা দৃশ্যটো কোনো দেশৰ মেপত নাই। কোম্পানীৰ ঘৰৰ বাদে।”
দেতাই দন কৰিবলৈ বুলি দঙা ছাগলীৰ আঁঠুটো আলহীজনীৰ খোৱাৰ দৃশ্যটো চাই উৎসাহত পুনৰ মুখত লৈ পকটিয়ালে। কিজানি কোমলেই। নতুনকে চাইকেল শিকি, পেদেল ঢুকি নোপোৱাটোৰ দিজাইনত। টিকাটো অকতিয়া পকতিয়াকে যে চলাই। দেতাৰ মুখেও তেনে ভাঁজ ল’লে মাংস চোবাওঁতে।
খোৱা মজিয়াত মুঠতে দাঁত চাৰি পাৰি দুটা। মাৰ লগোৱা দুপাৰি দাঁত। কিৰনদাৰ এপাৰি, আলহীজনীৰো এপাৰি। চাৰি পাৰি হ’ল। দেতাৰতো নায়েই দাঁত। বাকী মজিয়াত থকা মুঠ চাৰিপাৰিৰ দুটা দাঁত হ’ল, কিৰনদাৰ তলৰ পিনে থকা এটা, আলহীজনীৰ চুকৰ পিনে থকা এটা। সমীক্ষাটো দেতাৰ দেই।
সেই চাৰি পাৰি দুটা দাঁতৰে তুমুল ৰণ ছাগলীজনীৰ লগত। বাকী ঘৰৰ সদস্যৰ, ফুল সোলা পাৰ্টি, হাফ সোলা পাৰ্টিয়ে হাত দাঙি দিলে। আলহীজনীয়ে তেতিয়াও চোবায়েই আছে, এপাকত ককাইদেউক শিং দিলে নেকি বুলি জুপে লেমৰ পোহৰত।
দেতাই খুন্দনাটো আগবঢ়াই দিয়ে। ইয়াত খুন্দি খা বুলি নহয়, বোলে “এইটোকে চোবা। অলপ কোমল পাবি, ৰাহুমতী। কিৰন এইজনী ঘামি গৈছে, মৰিব এতিয়া হাড়ে তালুত মাৰি। আমাক ভাতৰ পাততে পুলিচে সাঙুৰিবহি। ফচি মৰিম তিনিওটাই।”
তেনেতে বাজিল ফোনটো। মই কৰিছিলোঁ। এটাই ৰিচিভ কৰি কয় ডাঙৰ যুদ্ধ আমাৰ দাঁত আৰু ছাগলীৰ। পিছত ফোন কৰিবি ফটৌ।” ফোনতে শুনিলোঁ দেতাৰ মাত, “ফোনত বজা গানটোৰ লগত এইজনীৰ হাড় চোবোৱা দৃশ্যটো মিলিছে, মুন্নী বদনাম হুয়ী ছাগলী তেৰে লিয়ে। কিৰন কি গান বাজে ঐ সেইটো?”
শেষত সৱ উঠি আহে, আলহীয়েও হাৰ মানি ছাগলীৰ হাড়ৰ ওচৰত আত্মসৰ্মপণ কৰে। পিছদিনা যাবলে আমাৰ চিনাকি বেটাৰী ৰিক্সাখনৰ ল’ৰাটোক মাতি আনিলে। মানুহজনী গ’লগৈ, কিন্তু নিজৰ ঘৰলৈ নহয় , লগৰ এজনীৰ ঘৰত থাকিব। ঠিকনাও জানে, কিন্তু ড্ৰাইভাৰক নকয়। বোলে, “অসভ্য মই ক’ত থাকিম তোক কেলৈ লাগে? বাটটো দেখুৱাম, বাটৰ মূৰত নমাই দিবি।”
তাৰ পিছত বাট বিচাৰি ৰিক্সাখন ঘূৰাই লৈ ফুৰিছে। এইপাকে ব’ল বুলি কয়, তাত সুমাই, অ’ এইটো নহয়। তেনেকেই বহুত বাটৰ পৰা ঘূৰিল। শেষত ড্ৰাইভাৰে ফোন কৰিলে আমাৰ ঘৰলৈ, “অ’ চাৰ এইটো কি পেচেঞ্জাৰ দিলি, কোনফালে যাব বুলি সুধিলে নকয়, অসভ্য তোক কেলৈ লাগে বুলি কয়। বাটটো দেখুৱাম বুলি আধা বাট ঘূৰালে, মানুহৰ লেট্ৰিনলে যোৱা বাটহে আছেগৈ এতিয়া।”
দেতাই ঠিকনাটো কৈ দিলে, পিছত নমাই থৈ আহিল। তেওঁ এটকাও নিদিলে, “ৰাস্তা পদূলি চিনি নেপাৱ! কাম নাইকিয়া”, বুলি গ’লগৈ।
ড্ৰাইভাৰৰ ফোন আহিল দেতালৈ, পইচা বিচাৰি। দেতাই ক’লে, “কালিৰে ছাগলিৰ হাড় অলপ আছে, তোৰ চিনাকি বেজ আছেনি ক’বিচোন, বেজক জৰা ফুকাত হাড় লাগে নহয়। বেচিব পাৰিলে দি আছোঁ পইচা তোক তাৰে।”
☆ ★ ☆ ★ ☆
6:57 pm
হাঁহি হাঁহি বাগৰি যাম অ বা।
7:21 pm
মৰিবলৈহে বাকী আৰু ঔ হাঁহি হাঁহি। বুঢ়ী ছাগলীৰ হাড় গৈ তালুত লাঠ মাৰে?
7:06 pm
???
7:21 pm
Val lagil
7:37 pm
???কি জমনি।
10:13 am
হাঃ হাঃ ! তামাম জমনি!
2:21 pm
হাঃ হাঃ তামাম
10:04 am
হে ভগৱান !!! এই চাইটৰ খবৰ আগত নাজানিলো কিয় ??? জীয়াই আছো হাঁহি, অলপৰ কাৰণে নমৰিলো ।