ফটাঢোল

বৌদ্ধিক ধদুৱা- মৃদুল কুমাৰ শৰ্মা

শৰ্মানীঃ হেৰা শুনিছানে?

শৰ্মাঃ কোৱা ডাৰ্লিং৷ আজি ইমান মিঠা মাত দিছা যে কেচটো কি?

শৰ্মানীঃ মোৰ মাত মিঠাই, তুমিহে তিতা শুনা হ’লা আজিকালি৷ পুৰণি হ’লে সোৱাদ কমি যায় ন’?

শৰ্মাঃ তুমি যিহে কেটেৰা জেঙেৰা মাৰি থাকা আজিকালি মিঠা মাতষাৰ শুনিবলৈকো নোপোৱা হ’লো৷

শৰ্মানীঃ হেৰা, শুনানা৷ ওলোৱা সোনকালে৷

শৰ্মাঃ কলৈ যাবানো? আজি কাৰোবাৰ বাৰ্থডে আছে নেকি?

শৰ্মানীঃ উৱা, পাহৰিলা৷ আজি ধনতেৰচ নহয় জানো? ব’লা আক’ মাণিকচান্দৰ পৰা আহো৷ আজি কিবা সোণৰ বস্তু কিনিব লাগে নহয়৷

শৰ্মাঃ চু…..প চুপে চাপে কোৱা, বেৰৰো কাণ থাকে৷ তুমি যিমান জোৰে কৈছা গান্ধীকলনিৰ চবেই শুনিব৷

শৰ্মানীঃ শুনিলেই যেনিবা তাতেনো কি হ’ল? আমি নিজৰ পইচাৰেহে কিনিম কিবা৷ চুৰ কৰিব নাযাওঁ নহয়৷

শৰ্মাঃ নহয় ঔ৷ দেখা নাই নেকি আজি কলিতাৰ কি অৱস্থা হ’ল৷

শৰ্মানীঃ কি হ’লনো? গমকে নাপাওঁ নহয়৷

শৰ্মাঃ কি কবা! চি-ব্লকৰ কলিতাই আজি প’ষ্ট এটা দিলে ’হেপী ধনতেৰচ’ বুলি৷ বচ, এজাকমানে লগ লাগি ধুই পেলালে বুজিছা৷ ধনতেৰচ হেনো আমদানি কৰা বিজতৰীয়া উৎসৱ; আমি নিজৰটো পাহৰি আনৰবোৰ চপাই লোৱাত এক্সপাৰ্ট; আমাৰ স্বকীয়তা নাইকিয়া হৈছে; হিন্দী বলয়ে হেনো চেপি আনিছে এট্‌ চেটৰা এট্‌ চেটৰা৷ তেওঁ জন্মদিনত মমবাতি ফুৱাই কেক কটাটো ক’ৰ আমাৰ নিজা সংস্কৃতি বুলি মুখ মেলিছিলহে দুজনমানে একেবাৰে ব্যক্তিগত আক্ৰমণ আৰম্ভ কৰি দিলে৷ বেচেৰাই উপায় নাপাই একাউণ্টেই ডিএক্টিভেট কৰি দিলে৷

শৰ্মানীঃ এইবোৰ হিংসাকুৰীয়া মানুহ বুজিছা৷ উৎসৱ এটাত উইছ্‌ কৰিছে দায় তাতো ধৰিছে৷ নিজৰতো কিনিবলৈ ঔকাত নাই, আনে কিনা দেখিলে হিংসা কৰে৷ চিধাকৈ ক’ব নোৱাৰি সংস্কৃতিত ধৰে৷ এইকাৰণে অসমীয়া জাতিটো ধনী হ’ব নোৱাৰে কোনো কালে৷ মাৰোৱাৰীবোৰক দেখা নাই, ধনতেৰচ মনাই সোণ ৰূপ কিনি মালামাল হৈ গৈছে৷ আৰু আমাৰ ফফৌফৌ৷

শৰ্মাঃ আমাৰ ডি-ব্লকৰ দত্তয়ো বেয়া ধোৱন খালে আজি৷ ঘৈণীয়েকে তিলপিঠা পুৰি থকা ফ’টো এখন আপল’ড কৰি প’ষ্ট দিছিল ’হেপী কাতিবিহু’ বুলি৷ বৰানীহঁতে জকজকাই ধৰিল৷ কাতি বিহু কঙালীহে, কঙালীত জানো চেলিব্ৰেট কৰে, মাহ-প্ৰসাদহে খাব লাগে, কোনোবাদিনা কাতি বিহু বুলি হুঁচৰিকে মাৰিব দেখোন ইত্যাদিবোৰ গালে৷

শৰ্মানীঃ ময়ো দেখোন ঘিলাপিঠা পুৰিছো৷ কঙালী বুলি মনৰ দুখতে দেহবিচাৰৰ গীত গাব লাগিছিল নেকি?

শৰ্মাঃ তাকেই, চোৱাচোন৷ আমাৰ মন গৈছে আমি পিঠা খাইছো৷ তোমাৰ মন যোৱা নাই নাখাবা৷ তোমাকতো কোনেও জোৰ কৰি পিঠা পুৰিব কোৱা নাই৷ মোৰ নেজ দীঘল হৈছে মই কোঁচাই বহিম, তোমাৰ নেজ নাই মনে মনে থাকিব ভাই৷

শৰ্মানীঃ হয় দেই, দুদিনীয়া জীৱনটোত আছেনো কি? সৰু বৰ উৎসৱবোৰতে অলপ মাইণ্ডবোৰ ফ্ৰেছ হয়৷ নিজৰ উৎসৱ লোকৰ উৎসৱ বুলি কি কথা আছে৷ নিজৰটোও ধৰি ৰাখিছো, আনৰটোও লৈছো৷ খালী হিংসা কৰো কৰোকে থাকে৷

শৰ্মাঃ আৰু এটা কথা চোৱা৷ এটা সময়ত মানুহৰ বৰ অভাৱ আছিল৷ ধান নচপোৱালৈকে অনাটন নাটনি আছিল৷ সেইকাৰণে অনুষ্টুপীয়াকৈ লখিমীক আদৰি কাতি বিহু কঙালী হিচাপে পাতিছিল৷ পিছে ভাবাচোন, এটা সময়ত যেতিয়া চব অসমীয়া মানুহ ধনী হৈ যাব তেতিয়া কাতি বিহু কঙালী হৈ নাথাকিব নহয়৷ মানুহে কঙালীতো ভোগ কৰিব৷ এয়াই সময়ৰ আহ্বান, বিৱৰ্তন, ইভলুচ্যন৷

শৰ্মানীঃ ঠিকেই কৈছা৷ এইবোৰ কথা তেওঁলোকে বুজি নাপায়৷ কেনেকৈ লোকক ডাউন দিব পাৰে তাৰেই চেষ্টাত থাকে৷

শৰ্মাঃ প্ৰতিটো উৎসৱৰ সময়তে পানী ঢলা এচাম আছেহে৷ দেখিছানে নাই, দুৰ্গা পূজাৰ সময়ত বলিবিধান লৈ হৈ-চৈ, দেৱালীৰ সময়ত ফটকা-ফুলজাৰি লৈ হৈ-চৈ, ফাকুৱাৰ সময়ত হৈ-চৈ, শিৱৰাত্ৰিৰ সময়ত হৈ-চৈ৷ আপত্তিয়েই নুগুচে এইচামৰ৷

শৰ্মানীঃ দেৱালীত কিন্তু ফটকা ফুটুৱাটো ময়ো ভাল নাপাওঁ, টমিয়ে ইমান ভয় খায়৷

শৰ্মাঃ সকলো বস্তুৰে বেয়া দিশ একোটা থাকেই৷ সেইবোৰৰ ভুল আঙুলিয়াই দিয়াটো বা সেইবোৰ নিৰ্মুল কৰিব বিচৰাটো ভাল কথা৷ সেইবুলি স্থান কাল পাত্ৰ বুলি কথা এটা আছে নহয়৷ উৎসৱ এটা চলি থাকোতে নিগেটিভ কথাবোৰ কৈ মানুহক নিৰানন্দ দিয়াটো কেনেধৰণৰ ভদ্ৰতা? খাই থাকোতে যদি কোনোবাই লেতেৰা কথা কয় বা ফুচকৈ হেৰি এটা এৰি দিয়ে খাব পাৰি জানো?

শৰ্মানীঃ সেইটোৱে কথাটো৷ এই সমালোচনাবোৰ উংসৱৰ হয় আগত নতুবা পিছত কব লাগে৷ উৎসৱ চলি থকাৰ সময়ত বিতৰ্ক কৰি চেডিষ্টিক প্লিজাৰ এটা লৈ উৎসৱ হৈ যোৱাৰ পিছত চব পাহৰে৷

শৰ্মাঃ ডাৰ্লিং, আমি সৰু থাকোতে চাৰিআলিত আমাতকৈ ডাঙৰ ল’ৰা কিছুমান দেখিছিলো৷ দিনৰ দিনটো কাম বন নাই কেৱল কেৰম খেলি থাকে৷ মানুহে তেওঁলোকক ধদুৱা বুলি কৈছিল৷ এওঁলোকো একেই বুজিছা৷ কাম বন নাই ধদুৱামি কৰি থাকে৷ একধৰণৰ ’বৌদ্ধিক ধদুৱা৷’

শৰ্মানীঃ ধেই কিবা৷ তুমিও যে আৰু৷ ব’লা ব’লা দেৰিয়ে হ’ল৷

শৰ্মাঃ ৰ’বা মই কাপোৰযোৰ পিন্ধি আহো৷

★★★★

Leave a Reply

Your email address will not be published. Required fields are marked *