সম্পাদকীয় – বিকাশ শইকীয়া
সুখ-দুখৰ জীৱনত
নাথাকে যদি দুখ..
ক’ত জিৰাবহি সুখৰ চৰাই…
দুখেও যে বিচাৰে সুখৰ আলয়…!!
এমুঠি হাঁহি বিচাৰি পায়৷৷
সঁচাকৈ, বিশ্বত চিহ্নিত প্ৰতিটো জীৱৰ জীৱন সংগ্ৰামত ছাঁটোৰ দৰে দুখ কষ্টবোৰ লাগি থাকে। তাৰেই মাজত লুকাই থাকে ভালপোৱা আৰু সুখৰ অনুভৱ। আমি জীৱনৰ প্ৰতিটো কাম কৰো ভাল হ’বৰ বাবে, অকণমান সুখ অনুভৱ কৰিবৰ বাবে। চোৰেও চুৰ কৰে সুখ পাবৰ বাবে। হয়তো দুখেও বিচাৰি থাকে সুখ। কিন্তু ক’ত থাকে সেই সুখ? কোনো মন্দিৰ, মছজিদ, গীৰ্জা কিম্বা গুৰুদ্বাৰত বিচাৰি নোপোৱা সুখকণ আমি বিচাৰি পাওঁ হাঁহিৰ মাজত। হাঁহিব জনা আৰু হঁহুৱাব জনা প্ৰাণীবিধেই হ’ল মানুহ। হাঁহিবৰ বাবে অথবা হঁহুৱাবৰ বাবে নালাগে আমাক ধন, ঐশ্বৰ্য্য, মান-সন্মান। লাগে মাথো এটা অনুভৱী মন।
যিজনৰ জীৱ-জন্তু অথবা মানুহৰ প্ৰতি ভক্তি বেছি তেওঁৰে মানুহক হঁহুৱাব পৰা শক্তি বেছি। যিহেতু হাস্যৰস সাহিত্যৰ নটা ৰসৰ ভিতৰত অন্যতম। এই ৰস সৃষ্টি কৰিবলৈ বেছ জটিল। হয়তো জটিলতাৰ বাবেই বৰ্তমান যুগত হাস্যৰসৰ ৰচকক সংখ্যা একেবাৰে নগণ্য হ’ব পাৰে।। এই ব্যংগ সাহিত্য বা হাস্যৰস সৃষ্টিৰ বাবে কোনো বিষয় বস্তু সুক্ষ্মভাৱে পৰ্য্যবেক্ষণ কৰিব পৰা এটা সুন্দৰ মন লাগে। সেই সুন্দৰ মনৰ অধিকাৰী হ’বলৈ হ’লে অন্তৰত ভক্তি লাগিব। ভক্তি থাকিলে আমি আনৰ দুখ উপলব্ধি কৰিব পাৰো। সেই মুহুৰ্ততে আমি দুখত জিৰাবলৈ অহা সুখৰ চৰাইটো বিচাৰি পাওঁ। সেইদৰে আমি হাঁহি আৰু আনক হঁহুৱাই জীৱনটো অধিক সমৃদ্ধ কৰিব পাৰো। হাঁহিৰে আমি জীৱন ওপচাই তোলো আহক।
হাস্যৰস পোন প্ৰথমে কেতিয়া সৃষ্টি হৈছিল বুলিলে সঠিক ভাৱে ক’ব নোৱাৰি যদিও ইজিপ্তৰ “দ্য চেটায়াৰ অৱ ট্ৰেইদচ” পুথিখন ব্যংগ সাহিত্যৰ প্ৰথম কবিতা পুথি বুলি অভিহিত কৰা হৈছে। আনহাতে আমি যদি ভাৰতীয় সাহিত্যলৈ মন কৰোঁ, সাহিত্যৰ নটা ৰসৰ ভিতৰত হাস্যৰসক অন্যতম প্ৰধান ৰস হিচাপে স্বীকৃতি দিছে। ভৰত মুনি বিৰচিত “নাট্য শাস্ত্ৰতো” হাস্যৰসৰ প্ৰভাৱ আছে। তেওঁ নাটকত হাস্যৰসক অন্যতম ৰস হিচাপে বিবেচিত কৰিছে।। মহাকবি কালিদাসেও “মালৱিকা অগ্নিমিত্ৰম”ত শৃঙ্গাৰ ৰসৰ উপৰিও হাস্যৰস সৃষ্টি কৰি গৈছে। ভাৰত নাট্যম নৃত্যশৈলীতো হাস্যৰসক ছয় ধৰণে বিভক্ত কৰিছে। তদুপৰি সংস্কৃত সাহিত্যৰ বিদুষকৰ চৰিত্ৰটোও হাস্যৰসৰ এটা অন্যতম উদাহৰণ।
সংস্কৃত সাহিত্যত বীৰ ৰস আৰু হাস্যৰসৰ মাজত প্ৰভেদ আছে যদিও বীৰ ৰস আৰু হাস্যৰস দুয়োটা ইটো সিটোৰ ওচৰ চপা। উদাহৰণস্বৰূপে ভীমৰ বচনবোৰ বীৰ ৰস যুক্ত। কিন্তু ভীমৰ বচনবোৰ শুনিলে আমাৰ হাঁহিও উঠে। আকৌ কোনোবা এজনে যদি হাঁহি সৃষ্টি কৰিবৰ বাবে লাহতি লৈ সাগৰ সিঁচিব বিচাৰে, তেন্তে তেওঁৰ বচনবোৰ বীৰৰ দৰেই হয়। মহাপুৰুষ মাধৱদেৱৰ “চোৰ ধৰা পিম্পৰা গুচোৱা” নাটকৰ নামটো শুনিলেই আমাৰ মুখত হাঁহি বিৰিঙি আহে। শ্ৰীকৃষ্ণৰ ল’ৰালিকালৰ বৰ্ণনাই আমাক আমোদ দিয়ে, হাঁহিৰ খোৰাক যোগায়। গতিকে কবলৈ হ’লে অসমীয়া সাহিত্যৰ বাটকটীয়াসকলৰ এজন ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে অসমত ব্যংগ সাহিত্যৰ এটা সুকীয়া ধাৰা সৃষ্টি কৰিছিল যদিও ইয়াৰ প্ৰভাৱ অতীজৰে পৰাই আছিল।
ব্যংগ সাহিত্য কেৱল হাঁহিৰ বাবে সৃষ্টি হোৱা নাছিল। হাঁহিৰ চলেৰে ব্যংগ সাহিত্যই সমাজলৈ একোটা বাৰ্তা দিয়ে৷ব্যংগক সমাজৰ দুৰ্নীতিক আক্ৰমণ কৰিব পৰা অন্যতম আহিলা হিচাপে ব্যৱহাৰ কৰা হয়। কথাতে কোৱা হয় “হাঁহিৰে হাড় ভঙা” অৰ্থাৎ হাঁহিৰ চলেৰে কোনো এক দুৰ্বোধ্য কাম সমাধা কৰা। আমাৰ চহা জীৱনত হাঁহিক মহৌষধ বুলি কোৱা হয়। গতিকে হাঁহিৰ শক্তি অপাৰ বুলি বৰ্তমান যুগত বৈজ্ঞানিক ভাৱেও প্ৰমাণিত হৈছে।
আমি কিয় হাঁহিব লাগে ?
১. আমাৰ শৰীৰৰ সঞ্চালনৰ সৈতে সম্পৰ্ক আছে হাঁহিৰ ।
২. হাঁহিয়ে আমাৰ আৱেগিক স্বাস্থ্য উন্নত কৰে।
৩. হাঁহিয়ে আমাৰ সামাজিক সম্পৰ্ক গঠনত প্ৰধান ভূমিকা পালন কৰে।
৪. হাঁহি হৈছে আৰ্কষণীয় ব্যক্তিত্ব গঠনৰ আহিলা ।
৫. হাঁহিয়ে অৱসাদ আৰু দুঃচিন্তা আঁতৰায়।
৬. হাঁহিয়ে সুস্বাস্থ্যৰ অধিকাৰী কৰি প্ৰতিৰক্ষা ক্ষমতা গঢ়ি তোলে৷
৭. হাঁহিয়ে আমাৰ শ্বাস-প্ৰশ্বাসতো অৰিহণা যোগাই ।
গতিকে ইতিহাস বা ইতিহাসে ঢুকি নোপোৱাৰে পৰা বৰ্তমান বিজ্ঞানৰ যুগলৈ হাঁহিয়েই মানৱ জীৱনৰ অন্যতম সম্পদ বুলি পৰিলক্ষিত হৈছে। কিন্তু আজিৰ যান্ত্ৰিক যুগত মানুহে হাঁহিবলৈ পাহৰিছে। হাঁহিবলৈ সময় নোহোৱা হৈছে। ফলত দুখ-কষ্টবোৰে বেৰি ধৰিছে। কিন্তু তাৰ মাজতো হাঁহিক জীয়াই ৰাখিব বিচৰা, অসমীয়া ব্যংগ সাহিত্যলৈ কিঞ্চিত হ’লেও বৰঙণি যোগোৱা ফটাঢোল গোটলৈ মোৰ অন্তৰভৰা শুভকামনা জনালোঁ। সকলো সদস্যৰ প্ৰচেষ্টা সফল হওক। সদায় নতুন ব্যংগ সৃষ্টি কৰক। ফটাঢোল গোটে ভালৰো ভাল ব্যংগ সাহিত্যিকৰ জন্ম দিয়ক। এয়ে মোৰ নেদেখাজনৰ ওচৰত সৰল প্ৰাৰ্থনা।
“হাঁহিয়ে সকলোৰে জীৱন সুন্দৰ কৰক”
সকলো সদস্যৰ গোটৰ প্ৰতি থকা মৰম, পৰস্পৰৰ মাজত থকা স্নেহ, ভালপোৱাই মোক আপ্লুত কৰিলে। জয়তু ফটাঢোল।
বিকাশ শইকীয়া
সম্পাদক,
৫ম সংখ্যা, ২০১৭ বৰ্ষ।
[email protected]
12:35 am
Bhal lagil …hahi hosai mohoukhodh
….assamese type korat problem hoise heye anekoie likhilu…
6:34 pm
অশেষ ধন্যবাদ।
1:01 am
সুন্দৰ আৰু সাৱলীল সম্পাদকীয়। আলোচনীখনৰ সুন্দৰতাৰ কথাও ক’বই লাগিব । মজ্জা মজ্জা বিকাশ শইকীয়া ।
6:35 pm
বহুত ধন্যবাদ জনালোঁ।
6:26 am
অভিনন্দন বিকাশ শইকীয়া… বৰ সুন্দৰ সম্পাদকীয়
6:35 pm
ধন্যবাদ ৰামানুজ দা।
10:01 am
অভিনন্দন বিকাশ ।
সুন্দৰ সম্পাদকীয় ।
6:35 pm
ধন্যবাদ বাইদেউ।
10:07 am
অভিনন্দন বিকাশ শইকীয়া।
সুন্দৰ সম্পাদকীয়।
6:36 pm
ধন্যবাদ বাইদেউ।
11:08 am
সুন্দৰ দাদা৷ ভাল লাগিল পঢ়ি৷
6:36 pm
বহুত ধন্যবাদ।
11:13 am
সম্পাদকীয়টো ভাল হৈছে বিকাশ, পঢ়ি ভাল লাগিল।
6:36 pm
ধন্যবাদ দাদা।
11:50 am
সুন্দৰ
6:36 pm
ধন্যবাদ
11:54 am
সম্পাদকীয় উচ্চমানৰ। জানো বুলি ভাবি থকা বহু কথা বিস্তাৰিতভাৱে পঢ়ি খুব ভাল লাগিল। অভিনন্দন বিকাশ।
6:37 pm
ধন্যবাদ বাইদেউ।
3:21 pm
অভিনন্দন বিকাশ ।
সুন্দৰ সম্পাদকী
6:37 pm
ধন্যবাদ বাইদেউ।
4:46 pm
অভিনন্দন বিকাশ৷ সম্পাদকীয়ৰ লগতে আলোচনীখন সুন্দৰ হৈছে৷
6:39 pm
ধন্যবাদ দাদা।
9:16 pm
বিকাশ খুউব ভাল লাগিল সম্পাদকীয় পঢ়ি ৷ অলপ ব্যস্ততাৰ মাজেৰে দুদিন গ’ল, তুমি জানাই ৷ আজি পঢ়িবলৈ বহিলো ৷ এফালৰ পৰা পঢ়ি গৈছো ৷ মেগাজিন ভাল হৈছে যেন লাগিছে ৷ সম্পাদকীয় আৰু তোমাৰ কাম উচ্চ মানদণ্ডৰ হৈছে মোৰ বোধেৰে ৷
অভিনন্দন থাকিল ৷
9:35 am
হয় হয় কাকতি দা। ধন্যবাদ।
12:06 pm
সম্পাদকীয় আৰু আলোচনী উচ্চ মানদন্দৰ হৈছে । অভিনন্দন বিকাশ ।
11:30 am
ধন্যবাদ।
5:24 pm
সম্পদকীয় সুন্দৰ হৈছে দাদা!
5:28 pm
দাদা, সম্পাদকীয় অতি সুন্দৰ!
11:09 pm
ধন্যবাদ মনালী
6:12 pm
Bikash da bohut bhal lagil likhoni tu. Proud of you. Keep going …
11:10 pm
ধন্যবাদ
8:18 pm
Fantastic
11:10 pm
ধন্যবাদ ৰহমান দা
7:19 am
সম্পাদকীয় পঢ়ি বৰ ভাল লাগিল দাদা
11:11 pm
ধন্যবাদ ভণ্টী
7:07 am
এক অনন্য সুন্দৰ সম্পাদনা …সম্পাদকৰএকলম
বহুত উন্নত গুণৰ …
9:43 pm
দেৰিকৈ পঢ়িলোঁ , সুন্দৰকৈ লিখিলে আপুনি . .