বেবী দন-হৃষিকেশ ডেকা
কাহিনী, পৰিচালনা, প্ৰযোজনা, সংলাপ : হৃষিকেশ ডেকা।
সংগীত : মৃদুল নাথ
মেকআপ : অনামিকা গগৈ
কৰিঅ’গ্ৰাফী : দেৱজিত শৰ্মা
একশ্যন : বিজয় মহন্ত
পোষ্টাৰ ডিজাইন : যোগেশ ভট্টাচাৰ্য
অভিনয়ত
নিলাক্ষী ভট্টাচাৰ্য : বেবী (দাদাগিৰী কৰি ফুৰা ছোৱালী)
ভূপালি দেৱী : মায়া (দাদাগিৰী কৰি ফুৰা ছোৱালী)
বাগ্মীতা ৰাজখোৱা : বিতু (দাদাগিৰী কৰি ফুৰা ছোৱালী)
চাহীন জাফ্ৰি : নয়না (দাদাগিৰী কৰি ফুৰা ছোৱালী
লখিমী হাজৰিকা : নিতা (দাদাগিৰী কৰি ফুৰা ছোৱালী
হেমন্ত কাকতি : হৰেন (এজন ব্যৱসায়ী)
আৰাধনা বৰুৱা : কমলা (হৰেনৰ পত্নী)
দিগন্ত ভট্টাচাৰ্য : মহেন্দ্ৰ (হৰেনৰ বন্ধু)
ধুৰ্যতি কাকতি : পুলিচ ইন্সপেক্টৰ
নয়নমণি হালৈ : এজন চিপাহী
হিতেশ বি বৰুৱা : এজন চিপাহী
ৰূপজ্যোতি শৰ্মা : কামেশ্বৰ (এজন দোকানি)
১ নং দৃশ্য
কেমেৰাই জুম কৰি এখন স্কৰপিও দেখুৱাব আৰু স্কৰপিওখন দলঙৰ ওপৰত আহি ৰৈ দিব। তাৰ পৰা এজনী ছোৱালী গাড়ীৰ দৰ্জাখন খুলি নামি অহা কেমেৰাই ক্ল’জআপত ভৰিৰ পৰা মূৰলৈ দেখুৱাব। মুখত পকেটৰ পৰা এটা চিগাৰেট উলিয়াই মুখত ল’ব আৰু ড্ৰাইভাৰক মেচটো খুজিব। ড্ৰাইভাৰে মেচটো দিয়াত তাই চিগাৰেট জ্বলাই দলঙৰ কাষলৈ আহি বোৱতী নৈখন চাব।
বেবী : (বেবীয়ে বাকীবিলাকক মাতিব) ঐ, তহঁত এইফালে আহিবিনে? আহ বে’। অলপ প্ৰকৃতিৰ সৌন্দৰ্য্যবোৰ উপভোগ কৰোঁ। সেই মতলীয়া বতাহজাক দেখিছেনে। কিমান যে ভাল লাগিছে৷
সকলোৱে গাড়ীৰ পৰা নামি বেবী দনৰ কাষলৈ আহে।
মায়া : সেই ঠাইখিনিত ফটো উঠোঁ বলক।
বেবী : তহঁতৰ মানে ফটো উঠা চখ যোৱাই নাই। মই তহঁতক কি কৈছিলোঁ মনত আছেনে?
সকলোৱে : আছে মেম।
বেবী : বাৰু, তহঁতে শুন, মোৰ লগত থাকিব খুজিলে তহঁতে মোৰ মতে চলিব লাগিব। অলপ দম লাগিব বে’। নহ’লে তহঁতে মোৰ লগত থাকি একো লাভ নাই বে’। শুন, মই কাকো কেয়াৰ কৰা মানুহ নহয়, কোনোবাই মোৰ ওপৰত হাত উঠালে সেইখন হাতেৰে সি জীৱনত কেতিয়াও একো কৰি খাব নোৱাৰিব পৰা কৰি দিওঁ আৰু সি গোটেই জীৱন পস্তাব লাগিব।
নিতা : কিন্তু মেম…..
বেবী : কি কিন্তু?
নিতা : মানে মই ক’ব খুজিছোঁ, আমাৰ অলপ শক্তি বঢ়াব লাগে।
মায়া : মেম, নিতায়ো বেয়া ভবা নাই কথাটো।
বেবী : অত্সা, যদি আমাৰ দৰে সাহসী ছোৱালী আছে তেন্তে লৈ আহিব পাৰ।
নয়না : আছে মেম।
বেবী : কিন্তু তাইক অলপ চাব লাগিব আৰু ট্ৰেইনিং দিব লাগিব। যদি পাছ কৰে আমাৰ দলত ল’ব পাৰি। বাকী আমাৰ নেক্স টাৰ্গেট কি আছিল।
নয়না : সেই চহৰৰ কলেজৰ পৰা প্রায় দুই কি:মি: মান নিলগৰ সেই ঠাইখনিত এটা বিল্ডিং বনোৱা আৰম্ভ কৰিছে। সেই ঠাইখিনি এপাক চাই আহোঁ নেকি? পাৰিলে তাৰ পৰা অলপ মাল উলিয়াব লাগিব।
বেবী : হয় চাই অহা ভাল হ’ব। কিজানি হাতত কিবা অলপ মাল সোমায়েই। যদি কিবা কোনোবাই উল্টা-পুল্টা কথা কয় বখলীয়াই পেলাম। আজি এনেই মোৰ হাতখন খুজুৱাই আছে। ব’ল…..
সকলোৱে গাড়ীত উঠি প্ৰস্থান কৰে।
২ নং দৃশ্য
দ্ৰোণ কেমেৰাৰে বজাৰৰ পৰিবেশ দেখুওৱা হ’ব। বিভিন্ন দূৰ-দূৰণিৰ পৰা মানুহ আহিছে কোনোবাই বিক্ৰী কৰিবলৈ আৰু কোনোবাই কিনিবলৈ। কেমেৰাই ক্ল’জআপত এজন মধ্য বয়সীয়া লোকে বজাৰ কৰি থকা দেখুৱাই।
হৰেন : ও ভাইটি, ইয়াৰ কিলো কেনেকৈ দিছাহে?
বেপাৰী : কিলোঁ ৮০ টকা খুড়া।
হৰেন : মানুহ মাৰিবাহে তুমি। যিহে বস্তুৰ দাম বঢ়াইছা। মানুহ নাখায় মৰিব লাগিব দেখোন।
তেওঁ অলপ আঁতৰি আহি আনখন দোকানত সোমাই।
হৰেন : ও ভাইটি মাংসৰ কিলো কিমান হে?
বেপাৰী : দাদা বেছি নহয়, একদম ফ্ৰেছ মাল হয়। কিলো ৭০০ টকা।
হৰেন : ইস্ বেছি দাম নহয়। কিলো ৭০০। দিয়া এপোৱা দিয়া। ১৫০ ল’বা।
বেপাৰী : নহ’ব দাদা। হাতৰ যাব।
হৰেন : এহ নাযায় দিয়া, দিয়া বুলি কৈছোঁ দিয়া।
বেপাৰীয়ে হৰেনক মাংস এপোৱা দিয়ে আৰু তাৰ পৰা মাংসখিনি লৈ গুচি আহে আৰু বিভিন্ন ঘৰৰ সামগ্ৰী কিনি লৈ তেওঁ বজাৰৰ যিখিনি ঠাই কিনি লৈছিল তাত এটা বিল্ডিঙৰ কাম চলি আছে সেই ঠাইলৈ তেওঁ ই-ৰিক্সাৰে গৈ তাত তেওঁ উপস্থিত হয় আৰু সকলো খা-খবৰ লৈ থাকে।
হৰেন : কাম ঠিকমতে আগবাঢ়িছেনে?
বনুৱা : হয় ঠিকেই আগবাঢ়িছে।
হৰেন : কিবা অসুবিধা হ’লেই মোক ফোন কৰিবা। যিমান সোনকালে পাৰি সিমান সোনকালে ঘৰটো উলিয়াব লাগে। অহাবছৰৰ পৰা কাম আৰম্ভ কৰিব লাগিব।
এনেকৈ কথা পাতি থাকোঁতে হঠাতে বেবী দন আহি উপস্থিত হয় আৰু আৰু পৰিবেশটো কিছুসময় চাই থাকে। কিছুসময় পিছত বেবী দনে মাত দিয়ে
বেবী : মালটো কোনটো বে’। চিনি পোৱা যেন লাগিছে।
নয়না : দম দি অলপ মাল উলিয়াওঁ নেকি?
বেবী : নিদিলে?
নয়না : বখলীয়াই পেলাম।
বেবী : নাই নালাগে এতিয়া। চিনেমাৰ আৰম্ভণিতে ফাইটৰ দৃশ্যবোৰ ভাল নালাগে।
মায়া : হ’ব মেম, নিশ্চয় উলিয়াম। আপুনি টেনশ্যনেই নল’ব।
সেইসময়তে তেওঁলোকক হৰেনেই তাৰ পৰাই লক্ষ্য কৰে৷ হৰেন তাৰ পৰা ওলাই আহোঁতে তেওঁলোক আৰু হৰেনৰ মাজত মুখামুখি হয় আৰু হৰেন গুচি যায়।
বেবী : আচল মাল এইটোৱেই।
নয়না : মানে ,
মায়া : এইজনেই মেইন মালিক চাগে।
বেবী : হয় হয় ইয়েছ ইয়েছ। ইয়াক কাইলৈ ধৰিব লাগিব। যাওঁ ব’ল এতিয়া।
৩ নং দৃশ্য
আৰক্ষী বিষয়াৰ কাৰ্য্যালয়। বাহিৰত দুজন চিপাহীয়ে কথা পাতি থাকে।
চিপাহী ৰমেন : ঐ কচোন বিয়া কেতিয়া পাতিবি। আগৰজনী চাই থাকোঁতে দেখোন এতিয়া আনৰ ঘৈণী হ’ল। এতিয়া কি কৰিম বুলি ভাবিছ। পঞ্চাশ বছৰ হ’বলৈ দেখোন তোৰ মাত্ৰ দুমাহমানহে আছে।
চিপাহী কমল : ঠাট্টা কৰি নাথাকিবি দেই। তাই মোৰ কপালত নাছিল। তাত দুখ কৰি লাভ নাই। পিছত যি হয় সময়ত দেখা যাব।
চিপাহী ৰমেন : পিছত পিছত বুলি ভাবি তোৰ লগৰীয়াবোৰে বিয়া পাতিলে আৰু তেওঁলোকৰ ল’ৰা-ছোৱালী কলেজ যাব পৰা হ’ল। পিছত পাতিম বুলি ভাবি থাকোঁতেই চাবি বুঢ়া হৈ থাকিবি।
হঠাতে ইন্সপেক্টৰৰ গাড়ীখন তাত উপস্থিত হয়। ইন্সপেক্টৰ গাড়ীৰ পৰা নামি চিপাহীদুজনৰ ফালে আগবাঢ়ে আৰু চিপাহীদুজনক উদ্দেশ্যি কয়।
ইন্সপেক্টৰ : দুয়ো বিয়নী মেলত ধৰিলে যে। মই কৰিবলৈ কোৱা কামখিনি কৰিলেনে।
চিপাহী কমল : (ৰমেনক উদ্দেশ্যি) ঐ ছাৰে কিবা সুধি আছে। কৰিলেনে নাই।
ইন্সপেক্টৰ : আপোনাকো সুধিছোঁ।
চিপাহী ৰমেন : কি ছাৰ…. (অলপ চিন্তা কৰি) অ’ মনত পৰিছে ছাৰ। মনত পৰিছে ছাৰ। মই ছাৰ এতিয়াই গৈ তাৰ পৰা আনি আছোঁ ছাৰ। আপুনি টেনশ্যনেই নল’ব ছাৰ।
ৰমেন গুচি যায়
ইন্সপেক্টৰ : (অলপ চিন্তা কৰি কয়) কি যে হ’ব নহয় ইহঁতৰ লগত।
ইন্সপেক্টৰ ৰূমলৈ গুচি যায় আৰু চকীত বহি পৰে৷ কিছুসময় পিছত ইন্সপেক্টৰৰ ৰূমলৈ কমলৰ প্ৰবেশ।
চিপাহী কমল : ছাৰ, বাহিৰত কোনোবা এজন ৰৈ আছে। আপোনাক লগ কৰিব খুজিছে৷
ইন্সপেক্টৰ : পঠিয়াই দিয়া।
কমল : ঠিক আছে ছাৰ। মই এতিয়াই পঠিয়াই দি আছোঁ।
অলপ সময় পিছত হৰেন ইন্সপেক্টৰৰ ৰূমত প্ৰৱেশ কৰে ।
হৰেন : সোমাব পাৰোঁনে ছাৰ।
ইন্সপেক্টৰ : আহক আহক।
হৰেন : ছাৰ মই বিশেষ দৰকাৰী কাম এটাৰ বাবে আহিলোঁ।
ইন্সপেক্টৰ : কওকচোন
হৰেন : ছাৰ মই চহৰৰ যিদোখৰ ঠাইত মাটিখিনি লোৱাৰ কথা আছে সেইখিনি লোৱাৰ বাবে কেইজনমানে আমাক ভাবুকি দি আছে সেয়ে মই সহায় বিচাৰি আপোনাৰ ওচৰলৈ আহিছোঁ।
ইন্সপেক্টৰ : চিনি পায় নেকি তেওঁলোকক।
হৰেন : নাই নাপাওঁ, কিন্তু সেই গেংটো লেদিজ গেং হয়। গেংটোত ভালেকেইজনী ছোৱালী আছে।
ইন্সপেক্টৰ : আৰু কিবা ইফৰ্মেচন আছে নেকি আপোনাৰ হাতত….
হৰেন : তেনেকুৱাকৈ মোৰ হাতত একো ইফৰ্মেচন নাই। কিন্তু…..
ইন্সপেক্টৰ : কিন্তু কি, কওক৷ ভয় কৰিব নালাগে।
হৰেন : এজনীক মই দুদিনমান আগতেই দেখা পাইছিলোঁ। প্ৰায়ে আমাৰ সেইফালেৰে অহা যোৱা কৰি থাকে।
ইন্সপেক্টৰ : ঠিক আছে আপুনি একো টেনশ্যন নল’ব। এই ফোন নম্বৰটো লওক। মই আপোনাক যিমান পাৰোঁ সহায় কৰিম। এটা কথা মনত ৰাখিব এদিন নহয় এদিন সত্যৰ জয়ী হ’বই।
হৰেন : ঠিক আছে ছাৰ মই আহিছোঁ।
ইন্সপেক্টৰ : ঠিক আছে।
৪ নং দৃশ্য
এখন চাৰিচকীয়া গাড়ীৰ পৰা বেবী দন আৰু তেওঁৰ সমনীয়াসকলক নমা দেখুৱাই। তেওঁলোক সকলোৱে গাড়ীৰ পৰা নামি কিছুসময় গাড়ীৰ কাষত ৰৈ দিয়ে।
বেবী : ঐ, এইবাৰ এই গাড়ীখন চেঞ্জ কৰিব লাগিব বুজিছ। এইখনত কিমান উঠিবি আৰু!
নিতা : হয় বে’
মায়া : এইবাৰ অলপ গাড়ীখন ব্ৰেণ্ডেড কোম্পানীৰ ল’ব লাগিব। দেখিছাই নহয় এইখনৰ যোৱাকালি ৰাস্তাতেই আগৰ টায়াৰটো ফুটিল। আগদিনাখন আকৌ পিছৰ টায়াৰটো ফুটিছিল।
বেবী : বাদ দেচোন এইবোৰ কথা৷ আচলতে আমাৰ গাড়ীখনেই ছেকেণ্ডহেণ্ড মাল যে। সেয়ে বেছিদিন ক’ত টিকিব।
নয়না : আপুনি যে এদিন আমাক এটা কথা কৈছিল মনত আছেনে?
বেবী : কোনটো কথা?
নয়না : আমাৰ গ্ৰুপত এজনী ছোৱালী ভৰ্তি কৰাৰ কথা।
বেবী : অ’ অৎসা, আছে নেকি তোৰ কোনোবা চিনাকি?
নয়না : আছে আছে। মোৰ লগৰ এজনী।
বেবী : বাৰু ঠিক আছে। ঐ কিবা খাব লাগিছিল বে’।
নয়না : ব’ল, খাই দিওঁ কিবা।
সকলোৱে : ব’ল ব’ল
সকলোৱে ৰেষ্টুৰেণ্টত সোমাই গৈ একেলগে দন ষ্টাইলত বহি লয়। বেবীয়ে অৰ্ডাৰ দিয়ে আৰু তেওঁলোকে মেলত বহে।
বেবী : এটা কথা গম পাইছনে?
নয়না : কি?
বেবী : আমাৰটো বেলেগ ইনকাম নাই। আমি যে এনেকৈ পইচা গোটাই আছোঁ ঘৰত যাতে কোনোৱে গম নাপায়। সেয়ে আমি ঘৰৰ পৰা বহু দূৰলৈ ওলাই আহিছোঁ।
মায়া : নাপায় নাপায়। কিয় গম পাব?
বেবী : কিন্তু এটা কথা আমাৰ বেকত কোনো মানুহো নাই।
মায়া : যোৱা তিনিমাহ আগত যিটো ৰূম ভাড়ালৈ লৈছোঁ সেইটো খালী কৰি তাৰ পৰা পলাব লাগিব। কেইবামাহ ধৰি সেইটো ৰূমৰ ভাড়াও দিয়া নাই।
নয়না : হয় বে’। নহ’লে আমাৰ বিপদ নিশ্চিত।
বেবী : ব’ল যাওঁ এতিয়া।
মায়া : অঁ ব’লক।
সকলোৱে যাব ওলাই, গেট পোৱাৰ লগে লগে মালিকে মাত দিয়ে, বাইদেউ বিলটো দিয়ক।
বেবী : (লগৰকেইজনীক উদ্দেশ্যি), ঐ বিলটো অলপ বেছিকৈ দিওঁ নেকি?
নয়না : কিমান হ’ল বে’ বিল।
ৰেষ্টুৰেণ্টৰ মালিক : ৪০০ টকা।
বেবী : (মালিকৰ টিছাৰ্টটোত ধৰি দাঙি দিয়ে আৰু মুখত ঘোচা এটা দিব খোজে।) ঐ বিল লাগিব নেকি ক…..
মালিক : এইবোৰ কি কৰিছে এৰি দিয়ক৷ প্লিজ প্লিজ…
বেবী : আজি বাৰু এৰি দিলোঁ। নেক্স টাইম আমাক পইচা খুজিলে গম পাই যাবি কি কৰোঁ। আজি বাৰু এৰি দিলোঁ।
৫ নং দৃশ্য
হৰেনৰ ঘৰ। হৰেনে ঘৰত এখন পেপাৰ পঢ়ি থাকে। তেওঁৰ পত্নী কমলাই চাহ লৈ আহে।
কমলা : চাহ খাওক
হৰেন : অ’ চাহ আনিছা। ভালেই কৰিলা। চাহ একাপ খোৱাৰ কথা ভাবিয়ে আছিলোঁ হে।
কমলা : মই জানো নহয় আপোনাৰ মনৰ কথা।
হৰেন : জানা কেনেকৈ?
কমলা : দহ বছৰ হ’ল আমাৰ সংসাৰ। পাঁচ বছৰ প্ৰেম। মুঠতে পোন্ধৰ বছৰ। গতিকে কিয় নাজানিম।
হৰেন : কম প্ৰেম হোৱা নাছিল কিন্তু আমাৰ। তাৰ পিছত পলুৱাই লৈ আহিলোঁ।
কমলা : হ’ব দিয়ক সেইবোৰ পুৰণি কথা উলিয়াব নালাগে। এইবোৰ কথা ল’ৰা-ছোৱালীহালক নক’ব। কিবাকৈ গম পালে বৰ দিগদাৰ হ’ব।
হৰেন : নকওঁ নকওঁ। গম নাপায় নহয়। চিন্তা নকৰিবা।
কমলা : সেইবোৰ বাদ দিয়ক। আচল কথালৈ আহোঁ এতিয়া।
হৰেন : কি কথা বাৰু?
কমলা : টাউনৰ ঘৰটোৰ কাম কিমান আগবাঢ়িছে বাৰু?
হৰেন : যোৱাকালি খবৰ লৈ আহিছোঁ। কাম ঠিকেই আগবাঢ়ি আছে। কিন্তু….
কমলা : কিন্তু… ৰৈ গ’ল যে কিয়? কওক৷
হৰেন : পিছত ক’ম দিয়া৷
কমলা : এতিয়াই কওক।
হৰেন : চহৰৰ কেইজনীমানে বৰ দাদাগিৰী কৰি আছে ।
কমলা : কোন হয় তেওঁলোক।
হৰেন : চিনি নাপাওঁ।
কমলা : পুলিচক খবৰ কৰিছেনে নাই?
হৰেন : হয় কৰিছোঁ। তেওঁলোকে ব্যৱস্থা ল’ব বুলি কৈছে?
কমলা : এনেই দিনকাল বৰ ভাল নহয়। কি যে হৈছে নহয়।
হৰেন : হ’ব এইবোৰ তুমি চিন্তা কৰিব নালাগে। মই আছোঁ নহয়।
কমলা : ঘৰটো সোনকালে ওলালেই হয়।
হৰেন : ওলাব ওলাব। পিচে এটা কথা নহয়…
কমলা : কি কথা কওকচোন
হৰেন : সেই ঘৰটো ওলালে এইটো ঘৰ কি কৰিম বুলি ভাবিছা।
কমলা : ভাবি চাওঁ কি কৰোঁ।
হৰেন : বাৰু তুমি এতিয়া ভাবি থাকা মই অলপ ওলাই যাওঁ।
হৰেন ওলাই যাব খোজে কমলা ভিতৰলৈ যায় ঠিক সেইসময়ত মহেন্দ্ৰৰ প্ৰৱেশ।
মহেন্দ্ৰ : কিহে ডাঙৰীয়া। এইফালে মই শহুৰহঁতৰ ঘৰলৈ গৈছিলোঁ আৰু আহোঁতে শহুৰহঁতৰ ঘৰৰ পৰাই অলপ মান শাক-পাচলি লৈ আহিলোঁ।
হৰেন : ভালেই কৰিলে। পিচে কি কি আনিলে বাৰু?
মহেন্দ্ৰ : আনিলোঁ আকৌ কিবাকিবি। এয়া জিকা৷ একদম লোকেল হয়। অলপো ভেজাল নাই বুজিছে।
হৰেন : (মনতে ভাবি, ই বেটাই শহুৰেকৰ ঘৰৰ পৰা বস্তু লৈ আহি আমাক দেখুৱাবলৈহে আহিছে। আমি যেনিবা খাবলৈহে পোৱা নাই৷ ইয়াক দি আছোঁ।)
মহেন্দ্ৰ : হেৰি কি ভাবিছে।
হৰেন : নাই একো ভবা নাই। এটা কথাহে ডাঙৰীয়া।
মহেন্দ্ৰ : কি কথা
হৰেন : আপুনি যে শহুৰৰ ঘৰৰ পৰা খাবলৈ এইবোৰ লৈ আহে আপোনাৰ বাৰু লাজ নালাগে নে? আমি হ’লে বৰ লাজ পাওঁহে আৰু এটা কথা আপুনি সপ্তাহত কেইদিন যায় বাৰু শহুৰৰ ঘৰলৈ?
মহেন্দ্ৰ : ধেই আপোনাৰ লগত কথা পাতিব নোৱাৰি দেই। (তেওঁ মোনাখন লৈ গুচি যায়)
৬ নং দৃশ্য
বেবী দনৰ ভাড়াঘৰৰ ৰূম দেখুৱাব। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে আৰু কথা-বতৰা চলি থাকে।
বেবী : ঐ তহঁতৰ হ’লনে।
মায়া : ৰ’বি ভাতখিনি খাই লওঁ।
নয়না : ঐ ৰাতি দেখোন মোতকৈও দুকাঁহী ভাত বেছি খালি। এতিয়া নাখালেও হ’ব দে।
মায়া : জোকাই নল’বি দেই কৈ দিছোঁ। কিবা খং উঠিব দিম ভালকৈ….
নয়না : দে হ’ব দে। ইমান খং দেখুৱাব নালাগে।
বেবী : ঐ তহঁতৰ লেকচাৰ বন্ধ কৰচোন। মেইন কথালৈ আহোঁ।
নিতা : কোনটো কথা।
নয়না : কিয়, ৰাতি যে কৈছিল পাহৰিলি নেকি?
নিতা : অঁ সেইটো কথা।
বেবী : গতিকে আমি সোনকালে ওলোৱা ভাল হ’ব আৰু সোনকালে তাইক ইয়ালৈ আনি ভালকৈ তাইক ট্ৰেইনিং দিব লাগিব।
মায়া : অঁ হয় কথাটো। গতিকে আমি বেছি পলম কৰিব নালাগে নহ’লে আমাৰ দিগদাৰ হ’ব।
বেবী : উম ব’ল সকলো।
সকলো ৰূমৰ পৰা ওলাই যায়। চলন্ত গাড়ীৰ ভিতৰত তেওঁলোকৰ মাজত কথা বতৰা চলি থাকে।
বেবী : ঐ ক’ৰবালৈ পাৰিলে অহামাহত ফুৰিবলৈ যাম দেই। বঢ়িয়া লাগিব।
নিতা : বেয়া নহয়। যাব পাৰি
নয়না : ক’লৈ যাম বুলি ভাবিছে পিচে? দিল্লী, ছিমলা, গোৱা।
বেবী : ঐ শুন… অহামাহত আমি শ্বিলং যাম৷ তহঁতৰ কিবা আপত্তি আছে নেকি ক৷ এতিয়াই ক৷
নিতা : নাই নাই আমাৰ আপত্তি নাই। যাব পাৰিলেই হ’ল।
বেবী : বাৰু। পিচে সেইজনীক ক’ত লগ পাম বুলি কৈছিলি?
মায়া : আৰু যাব লাগিব অকণমান।
এনেকৈ গৈ গৈ কিছুসময় পিছত সেই ছোৱালীজনীক লগ পাই তাইক ৰূমলৈ লৈ আহে আৰু সকলো কথা তেওঁলোকে বুজাই দিয়ে৷
বেবী : এতিয়া বুজি পালা নহয় আমাৰ কামবোৰ কেনেকুৱা।
বিতু : হয়, সকলো বুজি পালোঁ। কিন্তু ….
বেবী : কিন্তু …কি….
বিতু : এহ পিছত কম দিয়ক।
বেবী : এতিয়াই কোৱা। মনত কিবা প্ৰশ্ন থাকিলে খোলা খুলিকৈ ক’ব লাগে।
বিতু : মোৰ হ’লে পুলিচ দেখিলে মূৰ ঘূৰাই৷
বেবী : কিয়…. একো নহয়। কিবা কাম কৰিবলৈ আহিলে মনত ভয় ৰাখিব নালাগিব। বুজিছা….
বিতু : বাৰু ঠিক আছে।
৭ নং দৃশ্য
আৰক্ষী বিষয়াৰ কাৰ্যালয়।
চিপাহী কমল : এ হেৰী নহয়
চিপাহী ৰমেন : কি কওক
চিপাহী কমল : চাধা অলপ হ’ব নেকি হে।
চিপাহী ৰমেন : কিয়… মোৰ তাত নাই।
চিপাহী কমল : খাবলৈ বৰকৈ মন গৈ আছেহে।
চিপাহী ৰমেন : সেয়ে ষ্টকত জমা ৰাখিব লাগে। খাবলৈ মন গ’লে যেতিয়াই মন তেতিয়াই খাবলৈ।
আৰক্ষী বিষয়াৰ চৌহদত এজন লোকৰ প্ৰৱেশ।
কামেশ্বৰ : (চিপাহীক উদ্দেশ্যি), ছাৰ আছে নেকি ভিতৰত?
চিপাহী কমলে কেচ ডায়েৰীটো লৈ আহি কেচ ডায়েৰীটো মেলি লৈ কামেশ্বৰক কয়,
চিপাহী কমল : কওক কেছটো কি?
কামেশ্বৰ : মই কি সুধিছোঁ? ছাৰ আছেনে নাই?
চিপাহী কমল : নাই বাবেহে মই কেচটো ৰেজিষ্ট্ৰাৰ কৰিব খুজিছোঁ।
কামেশ্বৰ : অ’ হয় নেকি? কেতিয়া আহিব বাৰু ?
চিপাহী ৰমেন : ৰাতিও হ’ব পাৰে।
কামেশ্বৰ : ৰাতি কিয়?
চিপাহী কমল : ছাৰে মোক যাওঁতে ক’লৈ যাব কৈ যোৱা নাই নহয়।
কামেশ্বৰ : তেন্তে মই আহিছোঁ।
কামেশ্বৰ যাব খোজে আৰু যাব খোজাৰ লগে-লগে ইন্সপেক্টৰৰ প্ৰৱেশ।
ইন্সপেক্টৰ : অ’ আপুনি। কিবা কথা আছিল নেকি?
কামেশ্বৰ : হয় ছাৰ। এটা কেচ দিবলৈ আহিছিলোঁ।
ইন্সপেক্টৰ : আহকচোন মোৰ ৰূমলৈ আহক।
কামেশ্বৰ : ঠিক আছে ছাৰ।
কামেশ্বৰ ইন্সপেক্টৰৰ ৰূমলৈ প্ৰৱেশ কৰে।
ইন্সপেক্টৰ : বহক, কওকচোন কি কামৰ বাবে আহিলে বাৰু?
কামেশ্বৰ : এটা দৰকাৰী কামৰ বাবে আহিছিলোঁ ছাৰ।
ইন্সপেক্টৰ : কওকচোন…..
কামেশ্বৰ : ছাৰ আমাৰ চহৰত গুণ্ডাগিৰী চলি আছে। কিবা এটা ব্যৱস্থা কৰক। নহ’লে আমাৰ উপায় নোহোৱা হৈছে ছাৰ।
ইন্সপেক্টৰ : তেওঁলোক ক’ৰ হয় ক’ৰ পৰা আহিছে কিবা জানে নেকি?
কামেশ্বৰ : সেইবোৰ একো নাজানো ছাৰ। বৰ দাদাগিৰী সেই কেইজনীৰ।
ইন্সপেক্টৰ : সেইকেইজনী মানে? গেংটো ছোৱালীৰ নেকি?
কামেশ্বৰ : হয় ছাৰ৷ কিবা এটা কৰক৷ নহ’লে আমি শান্তিৰে একো কৰিব নোৱাৰা হৈছোঁ।
হঠাতে ইন্সপেক্টৰলৈ ফোন আহে। ইন্সপেক্টৰে ফোনটো ৰিচিভ কৰে।
ইন্সপেক্টৰ : হেল্ল’…
ফোনত : হেল্ল’ ছাৰ, আমাৰ ইয়াত কেইজনীমানে বহুদিনৰ পৰা বৰ গুণ্ডাগিৰী কৰি আছে। এইমাত্ৰ আমাৰ ৰেষ্টুৰেণ্টত তেওঁলোকে খাই লৈ উঠোঁতে আমি পইচা খোজোঁতে তেওঁলোকে কেচিয়াৰজনক বৰ বেয়াকৈ বজালে আৰু তেওঁৰ অৱস্থা ভাল নহয় তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ছাৰ কিবা এটা কৰক।
ইন্সপেক্টৰ : ঠিক আছে মই গৈ আছোঁ।
ইন্সপেক্টৰে ফোনটো ৰাখে আৰু কিছুসময় চিন্তা কৰে।
কামেশ্বৰ : ছাৰ…..
ইন্সপেক্টৰ : ঠিক আছে। আপুনি চিন্তা নকৰিব। আমি যি ব্যৱস্থা কৰিব লাগে সকলো কৰিম।
কামেশ্বৰ : ঠিক আছে ছাৰ আহিছোঁ।
ইন্সপেক্টৰ : ঠিক আছে।
৮ নং দৃশ্য
চহৰত বেবী দনৰ দাদাগিৰী। চহৰৰ এখন কাপোৰৰ দোকানত সোমাই৷
বেবী : ঐ কাপোৰ চাওঁ।
দোকানি : কেনেকুৱা কাপোৰ লাগিব বাইদেউ।
বেবী : সকলো উলিয়াই দে। যিযোৰ পচন্দ হয় সেইযোৰ ল’ম।
নিতা : এইযোৰ চাওঁ।
দোকানি : এইযোৰ লওক।
বেবী : এইযোৰ কেনেকুৱা হ’ব।
দোকানি : এইযোৰ কাপোৰেৰে আপোনাক বঢ়িয়া লাগিব। মাত্ৰ চাৰিহাজাৰ।
বেবী : ঐ দামৰ কথা নক’বি দেই। কৈ দিছোঁ। এইখিনি পেকিং কৰি দে।
সকলোখিনি পেকিং কৰি তেওঁলোকক গতাই দিয়াৰ পিছত তেওঁলোকে পইচা নিদিয়াকৈ গুচি অহাৰ পিছত দোকানিয়ে পিছফালৰ পৰা মাত দিয়ে।
দোকানি : বাইদেউ, পইচা নিদিয়াকৈ গ’ল যে।
বেবী : (ৰৈ যায় আৰু পিছফালে ঘূৰি চাই।) কি পইচা লাগে? কিমান লাগে ……
দোকানি : ন হাজাৰ পাঁচশ টকা।
বেবী : মাত্ৰ ন হাজাৰ পাঁচশ। অলপ বেছিকৈ দিওঁ নেকি।
দোকানি : বেছি নালাগে। পাবলগীয়াখিনি দিয়ক।
বেবীয়ে আৰু লগৰবোৰে দোকানিক বৰ বেয়াকৈ মাৰধৰ কৰে আৰু ওলাই গুচি আহে। ইফালে বিতুৱে ওলাই আহোঁতে ৰাস্তাত পুলিচ দেখা পাই আৰু মূৰ্চা গৈ মাটিতে ঢলি পৰিল। বাকীবোৰে তেওঁক উঠাই নিব খোজে যদিও পুলিচ অহা বাবে তেওঁলোক বিফল হ’ল। তেওঁলোক পলাবলৈ বাধ্য হ’ল।
৯ নং দৃশ্য
আৰক্ষী বিষয়াৰ কাৰ্যালয়। বিতুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু আৰক্ষীয়ে তেওঁক কিবা সোধ-পোচ কৰি থাকে।
ইন্সপেক্টৰ : আপুনি কওক, আপোনাৰ লগত কোন কোন আছে?
বিতু মনে মনে থাকে।
ইন্সপেক্টৰ : কওক কোন কোন আছে। নক’লে কিন্তু আপোনাৰ শাস্তি বেছি হ’ব। জেইললৈও যাবলগীয়া হংব পাৰে। আপোনাৰ একো নহয়। কওক।
বিতু : মোৰ ভুল হৈছিল ছাৰ। মোক ক্ষমা কৰি দিয়ক।
ইন্সপেক্টৰ : নিশ্চয় ক্ষমা কৰি দিম। আপোনাৰ লগত কোন কোন আছে নামসমূহ কৈ দিয়ক।
বিতুৱে তেওঁলোকৰ লগত থকা সকলোৰে নামসমূহ ক’বলৈ ধৰিলে। পুলিচ ইন্সপেক্টৰে তেওঁলোকক বিচাৰিবলৈ অভিযান আৰম্ভ কৰি দিলে।
১০ নং দৃশ্য
বেবীহঁতৰ ঘৰৰ ভাড়া ৰূম। তেওঁলোকে এতিয়া কি কৰিব তাৰ আলোচনাত ব্যস্ত হৈ আছে।
বেবী : কি হ’ব এতিয়া৷ এজনীক এৰেষ্ট কৰিলে। এতিয়া তাইৰ কাৰণে আমিও মৰিব লাগিব।
নিতা : তাইৰ কাৰণে সকলো শেষ। ধৰা পৰিবলৈ আৰু আমাৰ হাতত বেছি সময় নাই।
নয়না : তাইক অনিবই নালাগিছিল।
নিতা : (নয়নাক উদ্দেশ্যি) তইহে অনিছিলি। তোৰ কাৰণে সকলো শেষ।
বেবী : এটা কথা ভাবিছোঁ।
মায়া : কি কথা বাৰু?
বেবী : আমাৰ হাতত এটাই ৰাস্তা আছে। তাৰ বাহিৰে অন্য বেলেগ ৰাস্তা নাই।
নিতা : কওকচোন৷
বেবী : এটা কথা গম পাইছানে… আমি যে এইবোৰ কিমান ভুল কৰিছোঁ। কোনোবাই উপলব্ধি কৰিছানে ?
মায়া : কথাটো ময়ো ভাবিছোঁ।
বেবী : সেয়ে এটাই উপায় আছে আমাৰ হাতত।
নিতা : কি বাৰু ?
বেবী : আমি এতিয়া পুলিচৰ ওচৰলৈ গৈ ক্ষমা খোজোঁ। তেতিয়া হয়তো আমাৰ অলপ শাস্তি কমিব পাৰে।
নিতা : হয় কথাটো পিচে।
নয়না : সেইটোৰ বাহিৰে আমাৰ অন্য উপায় নাই৷
বেবী : ব’ল আমি থানালৈ যাওঁ।
তেওঁলোক সকলোৱে থানালৈ গৈ নিজৰ ভুলবোৰ কৈ আৰক্ষীৰ ওচৰত ক্ষমা খোজে আৰু আৰক্ষীয়েও তেওঁলোকক ক্ষমা কৰি দি তেওঁলোকক ঘৰলৈ যাবলৈ দিয়ে৷
☆ ★ ☆ ★ ☆
1:40 pm
ভাল লাগিল হিচি৷৷আৰু অলপ টুইষ্ট দিব পাৰিলা হেতেন বাৰু৷
2:01 pm
ই আই এনে ভয়াতুৰ নে মই??
2:38 pm
ভাল লাগিল চিনেমা চায়। পুৰা হিট মুভী।