ফটাঢোল

ফটাপ্ৰশ্ন

১) যদুমণি হাজৰিকা : জীৱনত ধনৰ গুৰুত্ব, ধন কিয় লাগে, ধন কেনেকৈ ঘটিব পাৰি, ধন কেনেকৈ ঘটা উচিত আদি সম্পৰ্কে কোনো স্তৰৰ পাঠ্যপুথিতে এষাৰো পঢ়িবলৈ কিয় নাপালোঁ বাৰু?

উত্তৰ : সকলো কথা পোনে পোনেনো কিয় ক’ব লাগে হে? এনেই পঢ়া শুনাৰ মেইন কামটোৱেই যে ধন ঘটা, সেইটো দেখোন পাকে প্ৰকাৰে পিতৃ-মাতৃ, শিক্ষক- শিক্ষয়িত্ৰী, খুৰাদেউ- মোমাইদেউ, গাঁওবুঢ়া, সকলোৱে বুজায়েই থাকে- ছাত্ৰয়ো পানী পানীকৈ বুজি থাকে; তাকে পুনৰ লিখি দিয়াৰ সকাম নাই বুলিয়ে পাঠ্যপুথিত ভৰোৱা নহয়। আমাৰ দেশত আচলতে সকলো কামেই তেনেকুৱা৷ আচল কথাবোৰ মুখে মুখে হে চলে, লিখি দিয়া নহয়। 

২) ৰাতুল গোস্বামী : স্বৰ্গলৈ নোযোৱাকৈ “স্বৰ্গসুখ পালোঁ” আৰু অমৃত নোখোৱাকৈ “অমৃত যেন লাগিল” বুলি কিয় কয়?

উত্তৰ : অনুমানৰ ওপৰতে কৈ দিয়ে। এনেও স্বৰ্গ আৰু অমৃতজাতীয় বস্তুবোৰ অনুমানেই- কোনেনো বাস্তৱত দেখি পাইছে হে এইবোৰ। 

৩) নমিতা বৰা : হিন্দী ফিল্মত যে দেখোঁ, নায়িকা চলন্ত ৰেলৰ যিখন দুৱাৰৰ মুখত ৰৈ নায়কলৈ হাত মেলি থাকে, মৰি হজি হ’লেও সেইখন দুৱাৰ পাবলৈ নায়ক দৌৰি থাকে। লাগিলে ৰেল পাৰ হৈ গুচিয়েই যাওক। কাৰণটো কি? নায়কে দৌৰি থাকোঁতে ওচৰতে পোৱা ৰেলৰ অন্য দুৱাৰবোৰ নেদেখে, নে যিকোনো দুৱাৰেদি উঠিলেই যে ভিতৰেদি গৈ নায়িকা থকা ডবাটো পাব সেইটো নাজানে৷ নে অন্য কিবা?

উত্তৰ : আচলতে হিন্দী চিনেমাৰ কাহিনীকাৰ, পৰিচালক, নায়ক সকলোৱেই কোটিপটি, তেওঁলোকে প্ৰাইভেট জেট লৈ অহা যোৱা কৰে, ৰেলত উঠাৰ প্ৰশ্নই নুঠে। কোনোবা সৰুকালতে উঠিছিল যদিও সেই সময়ত ৰেলৰ ডবাবোৰৰ মাজত দুৱাৰ নাছিল। সেয়ে তেওঁলোকৰ জ্ঞান বুদ্ধি মতে নায়িকাক লগ পাবলৈ হ’লে মৰি হজিও সেইখন দুৱাৰেদিয়েই উঠিব লাগিব। 

৪) ভূপালী দেৱী : ত্যাগ কৰা আৰু পৰিত্যাগ কৰাৰ মাজত পাৰ্থক্য কি?

উত্তৰ : যি ত্যাগ কৰিলে মানুহ লুটি খাই পৰে, তাকে পৰিত্যাগ বুলি কোৱা হয়। 

৫) অঞ্জন সাধনিদাৰ :

“লাও সদায় পাতৰ তল”

ইয়াত লাও শব্দটোৱে মহিলাক  বুজাইছে বুলি কিয় ধৰি লোৱা হয়?

উত্তৰ : এইটো মহিলাসকলৰ ষড়যন্ত্ৰ বুজিছে নে! তেওঁলোকে ইয়াত দুইফালে ধাৰ থকা তৰোৱাল ব্যৱহাৰ কৰিছে। এক- লাও পাতখিলাৰ কিবা কাম আছে জানো, লাওটোহে মেইন। ইয়াৰ দ্বাৰা পুৰুষ জাতিক ইনচাল্ট কৰি কোৱা হৈছে যে, তহঁতৰ কোনো কাম নাই। দুই- নিজে লাও হৈ অদৰকাৰী পাতৰ তলত সোমাই থাকিব লগা হৈছে বুলি ভিক্তিম কাৰ্ডটো খেলি দিছে। আচলতে কোন কাৰ তলত থাকে সেইটো সকলোৱে জানে। মোৰ মতে এই প্ৰবচনটোৰ বিৰুদ্ধে সমগ্ৰ পুৰুষ সমাজে জোৰদাৰ প্ৰতিবাদ গঢ়ি তুলিব লাগে। 

৬) সঞ্জীৱ কুমাৰ মহন্ত :

ক)মানুহৰ মূৰত যদি দুটাকৈ শিং থাকিলে হয়, কি কি অপকাৰ আৰু উপকাৰ হ’লহেঁতেন?

উত্তৰ : অপকাৰৰ কথা নেজানো, কিন্তু উপকাৰ বহুত হ’লহেঁতেন। পতি পত্নীসকলে কাজিয়া লাগিবলৈ মুখৰ মাত খৰচ নকৰি- ভোবোলা ছাগলীৰ দৰে ‘হৰ্ণ লক’ কৰি থাকিব পাৰিলেহেঁতেন৷ যাৰ ফলত শব্দ প্ৰদূষণ কমিলেহেঁতেন; ৰোমাণ্টিক লোকসকলে হেন্দিকৰ ছোৱালীৰ মেক-আপ সুশোভিত শিং দুডাল চাই “মুংগেৰিলাল” হ’ব পাৰিলিহেঁতেন, আনকি অমুকায়ো কোনোবা পাকত এনেকুৱা প্ৰশ্ন সোধাৰ বাবে আপোনাক লাহেকৈ খোঁচ এটা মাৰিব পাৰিলোঁহেঁতেন। 

খ) হিন্দীত চিৰিয়া মানে  চৰাই৷ তেন্তে চিৰিয়াখানাত কেৱল চৰাইহে থাকিব লাগিছিল বাকীবোৰ জীৱ জন্তু কিয় ৰাখে?

উত্তৰ : হিন্দীত খানা মানে খাদ্য, এতিয়া আপুনি ক’ব চিৰয়াখানাত থকা চৰাইবোৰ আচলতে আমাৰ খাদ্যহে, ফান্দ পাতি ধৰাহে কথা। 

গ)”গৰুৰ আগত টোকাৰী বায়, শিং জোকাৰি ঘাঁহ খায়”

  1. i) গৰুৰ আগত টোকাৰী বোৱা মানুহজন কোন? তেওঁ কিয় গীটাৰ বা তবলা নবজালে?

উত্তৰ : এই প্ৰবচনটো আৱিষ্কাৰ হোৱাৰ সময়ত, অসমীয়া চহা ৰাইজে গীটাৰ বা তবলা দেখাই নাছিল- নামেই শুনা নাছিল, গতিকে বজোৱাৰ প্ৰশ্নই নুঠে। 

  1. ii) আৰু গৰুটোৱে যে ঘাঁহ খালে, টোকাৰী বোৱা জনে বেলেগ কিবা খাব বুলি ভাবি টোকাৰী বজাইছিল নেকি?

উত্তৰ : হয়, তেওঁ আচলতে গৰুজনীয়ে কলগছ কাটি, চাপৰ- তুঁহ সিজোৱা দানাখিনি খাব বুলি আশা কৰি টোকাৰী বজাইছিল কিন্তু গৰুজনীয়ে ঘাঁহহে খালে। 

৭)জ্যোৎস্না ৰাণী দাস : এই যে প্ৰায় চিনেমাবোৰত হিৰোৱে ভিলেইনক মাৰি পেলায়, মাৰ্ডাৰাৰ হিচাপে সিহঁতে শাস্তি নাপায় নেকি? (কিছুমান চিনেমাত অৱশ্যে জে’ল যোৱাটো দেখুৱায়৷)

উত্তৰ : আত্মৰক্ষাৰ বাবে হত্যা কৰা বুলি উকীলে বচাই দিয়ে চাগে- এফ আৰ খনেই মেইন, সেইখন মাখন ঘিউ ঘঁহি মমোমোহাকৈ লিখাব পাৰিলে, হিৰো কি আপুনিও জেলেলৈ নোযোৱাকে বাচি যাব। 

৮) বন্দিতা জৈন : মানুহৰ নিজকে বুঢ়া বা বুঢ়ী বুলি ভবাৰ আচল বয়স কোনটো?

উত্তৰ : তাৰ কোনো নিৰ্দিষ্ট সময় নাই, ই অন্তৰাত্মাৰ আহ্বান। অন্তৰাত্মাই যেতিয়াই ভিতৰৰ পৰা মাত দিয়ে, যে বোপাই/ আইজনী তই বুঢ়া বা বুঢ়ী হ’লি- তেতিয়াই বুঢ়া বয়স আৰম্ভ হৈ যায়।

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *