সোঁতৰ বিপৰীতে- নিবিড় বৰা-দেবজিত শৰ্মা
আপাত দৃষ্টিত শিক্ষা,এটা নিৰাপদ কৰ্মসংস্থান আৰু পৰিয়াল পোষণ- এজন মানুহৰ জীৱন পৰিক্ৰমা এনেকুৱা এটা চক্ৰৰ মাজেৰেই চলি থাকে৷ প্ৰচলিত ব্যৱস্থাটোৱেই আমাক তাকেই শিকায়,’সময়’ নামৰ মাপকাঠি এডালৰ জোখত কামবোৰ কৰিবলৈ৷ ইচ্ছা কৰা হ’লেও তেখেতেও তাকেই কৰিব পাৰিলেহেঁতেন৷ কি নাছিল তেওঁৰ-এটা অভিযান্ত্ৰিক ডিগ্ৰী,নিজৰ যোগ্যতা অনুসাৰে পোৱা এটা চাকৰি আৰু সময়ে সময়ে পদোন্নতিৰ সম্ভাৱনাৰে প্ৰতিষ্ঠা লাভৰ এটা সেন্দুৰীয়া পথ৷ অথচ আজি কোনোবা এটা মাহত তেখেতৰ দুইচকীয়া বাহনখনৰ মাহেকীয়া কিস্তি দিবলৈকো টনাটনি হৈ যায়৷ তাৰ পাছতো তেখেত থমকি ৰোৱা নাই কিন্তু! ৰুক্ষ কংক্ৰিটৰ দেৱালবোৰ নিজৰ কল্পনাৰ আকাশত উৰি ফুৰা ৰঙেৰে প্ৰাণৱন্ত কৰি গৈছে৷
তেখেতৰ পৰিচয় দিয়াৰ আগতে চিত্ৰশিল্পৰ বিষয়ে সৰুকৈ আলোচনা অলপ কৰি লোৱা ভাল হ’ব৷ ষ্ট্ৰীট আৰ্ট বা পথৰ চিত্ৰক মানুহে গ্ৰেফিটি আৰ্টৰ লগত ভুলকৈ বুজি একেটা দৃষ্টিভংগীৰে চাব খুজে৷ গ্ৰেফিটি মূলত: অবৈধ আৰু আনৰ অনুমতি অবিহনে কৰা আৰ্ট৷ ষ্ট্ৰীট আৰ্ট মূলত পথত অঁকা অংকন যাৰ কোনো আখৰ নাই৷ এই ষ্ট্ৰীট আৰ্টৰ কোনো নিৰ্দিষ্ট দৰ্শক নাই৷ ফলত ইয়াৰ লগত পেছাগত ভাবে জড়িত এজন ব্যক্তিৰ ভবিষ্যতৰ সম্ভৱানা একেবাৰেই অস্পষ্ট৷
নগাঁৱৰ বাইপাছৰ কালভাৰ্ট,দেৱাল আদিক নিজৰ ছবিৰে অংকিত কৰি সৌন্দৰ্য্য বৰ্ধন কৰা এই যুৱকজনৰ নাম হৈছে নিবিড় বৰা৷ পিতৃ স্বৰ্গীয় সুনীল বৰা পেছাত এজন ব্যৱসায়ীৰ লগতে অভিনেতাও আছিল৷ আশীৰ দশকৰ অগ্নিগড়, ৰনাংগিনী, সাঁতোৰ আদি ছবিৰ জৰিয়তে অভিনয়ৰ জগতখনত এক বলিষ্ঠ চিনাকি দি থৈ গৈছিল৷ মাতৃ শ্ৰীমতী জ্যোতিৰেখা বৰা এগৰাকী শিক্ষয়িত্ৰী৷ নিবিড়ৰ স্কুলীয়া শিক্ষা খ্ৰাইষ্টজ্যোতিৰ স্কুলৰ পৰা৷ পৰৱৰ্তী সময়ত বিজ্ঞান শাখাত নাম ভৰ্টি কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ কোকৰাঝাৰৰ বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজৰ পৰা কেমিকেল শাখাত অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰে৷ পৰৱৰ্তী সময়ত এটা চাকৰিত যোগদান কৰে যদিও মাত্ৰ একবছৰ চাকৰি কৰিয়েই অন্তৰৰ আহ্বানত চাকৰি বাদ দি ৰং তুলিকা হাতত তুলি লয়৷
নিবিড়ে জনোৱা মতে তেখেতৰ ছবি অংকনৰ ক্ষেত্ৰত আনুষ্ঠানিক শিক্ষা নাই৷ চৌপাশৰ পৰিবেশে উদ্ধুদ্ধ কৰিছিল ছবি আঁকিবৰ বাবে৷ পশ্চিমীয়া দেশৰ ষ্ট্ৰীট আৰ্ট আৰু গ্ৰেফিটি সংস্কৃতিয়ে নিবিড়ৰ ভিতৰৰ শিল্পী সত্বাক সদায়েই অনুপ্ৰেৰিত কৰিছিল আৰু সেয়ে হাজাৰ দূৰ্যোগকো নেওচি ছবি আঁকি গৈছে৷ বৰ্তমান নিবিড়ৰ পৰিচয় এজন পেচাদাৰী চিত্ৰশিল্পী আৰু ফটোগ্ৰাফাৰ৷ আই অ’ চি এল, মহামৃত্যুঞ্জয় মন্দিৰ, ট্ৰলচ আদি অনুষ্ঠানৰ লগত সুখ্যাতিৰে কাম কৰা নিবিড়ৰ নিৰ্দিষ্ট কোনো প্ৰিয় চিত্ৰশিল্পী নাই৷ তেখেতৰ মতে চৌপাশৰ প্ৰতিজন শিল্পীয়েই তেখেতৰ প্ৰেৰণাৰ উৎস৷
অসমৰ দৰে ৰাজ্য এখনত নিবিড়ৰ ভবিষ্যতৰ বাট আজিও সেন্দুৰীয়া নহয়৷ নহ’লেনো ৰাজপথৰ কোনোবা কালভাৰ্টত আঁকি থৈ অহা সুন্দৰ ছবিৰ ওপৰত কোনোবাই ৰাজনৈতিক দলৰ প’ষ্টাৰ মাৰি থৈ আহে নে! তথাপি নিবিড় ৰৈ যোৱা নাই৷ জীৱনৰ হাজাৰটা চিন্তাৰ মাজতো নিজৰ শিল্পকৰ্মত গতি দি গৈছে প্ৰতিনিয়ত৷ নিবিড়ৰ দৰে শিল্পীক প্ৰয়োজন আপোনাৰ মৰম আৰু আশিৰ্বাদৰ৷ নিবিৰৰ এই যাত্ৰা সফল হওঁক৷
☆ ★ ☆ ★ ☆
10:06 am
ভাল লাগিল।নিবিড়ৰ শিল্পী জীৱনৰ উন্নতি কামনা কৰিলোঁ।