ফটাঢোল

কৌতুক-পদ্মলোচন ভৰদ্বাজ

বহুসময় ধৰি ইণ্টাৰভিউ চলি আছে৷ অফিচৰ পিয়নে লিষ্ট অনুসৰি অপেক্ষাৰত এজন এজনকৈ কেণ্ডিডেটৰ নাম মাতি গৈছে আৰু সেইমতেই সকলোৱে ভিতৰলৈ সোমাই ইণ্টাৰভিউ দি দি ওলাই আহিছে৷ এনেতে এজন কেণ্ডিডেট ওলাই অহাৰ পিছত, পিয়নজনে গলখেকাৰি মাৰি 

চিঞৰিলে : “টিয়া বাৰিক”! নাই, কোনো উঠি নাহিল৷ পুনৰ পিয়নজনে জোৰকৈ চিঞৰিলে,  ‘টিয়া বাৰিক’। কিন্তু কোনেও পাত্তাই নিদিলে। 

পিয়নজনে ইণ্টাৰভিউত বৰ্ডৰ মানুহকেইজনক কথাটো জনালে৷ বৰ্ডৰ চিনিয়ৰ মানুহজনে ক’লে, কেণ্ডিডেটজন হয়তো অলপ পিছত আহিব পাৰে। গতিকে কিছুসময়ৰ পিছত পুনৰ এবাৰ মাতি চাবা৷ পিছৰজনক মাতা৷

বচ! ইণ্টাৰভিউ চলি থাকিল। প্ৰায় এঘণ্টাৰ পিছত, পিয়নজনে পুনৰ চিঞৰিলে, ‘টিয়া বাৰিক’! কিন্তু এইবাৰো কোনোৱেই উঠি নাহিল৷ এইদৰেই ইণ্টাৰভিউ শেষ হৈ গ’ল৷ এইবাৰ ইণ্টাৰভিউ বৰ্ডৰ মানুহ দুজনো উঠি আহিল আৰু পিয়নজনৰ লগ হৈ, একেলগে তিনিওজনে চিঞৰিলে, ‘টিয়া বাৰিক !” কিন্তু কোনেও সঁহাৰি নিদিলে৷ বাধ্য হৈ চিনিয়ৰ কেইজনে পেনেল লিষ্টৰ পৰা সেই নামটো কাটিবলৈ সিদ্ধান্ত ল’লে আৰু পিয়নজনৰ হাতৰ পৰা লিষ্টখন ল’লে৷ তেওঁলোকে পিয়নজনক সেই নামটো লিষ্টৰ ক’ত আছে দেখাবলৈ ক’লে। পিয়নজনেও তেওঁলোকক নিৰ্দিষ্ট নামটো আঙুলিয়াই দেখালে৷ নামটো দেখি চিনিয়ৰকেইজনৰ চকুকেইটা ডাঙৰ হৈ গ’ল!

কাৰণ লিষ্টখনৰ মাজভাগতে ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছিল ……

“TEA BREAK”

☆ ★ ☆ ★ ☆

One comment

  • কমল নেওগ, তেজপুৰ৷

    হাঃ হাঃ হাঃ এইটো সাংঘাটিক দেখোন ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *