ফটাঢোল

লোকেল মুৰ্গীৰ চুপ- গীতাৰ্থ গোস্বামী

আমাৰ ককা-আইতা দুয়ো সত্রৰ পৰিয়ালত জন্ম হোৱা সূত্রে ঘৰখন কিছু নীতি-নিয়মৰ মাজেৰে চলিছিল। বিশেষকৈ খাদ্যাভাষত বহুতো নিয়ন্ত্রণ আছিল যেনে মাছৰ ক্ষেত্রত কুছিয়া, শিঙি আদি মাছ আৰু লগতে মুৰ্গী মাংস, ফাৰ্মৰ কণী আদিৰ আমাৰ ঘৰত আইতা থকালৈ একদম প্ৰৱেশ নিষেধ আছিল। ২০১২ চনত যেতিয়া দেউতাৰ হঠাৎ কৰ্কট ৰোগ ধৰা পৰে আৰু লাহে লাহে কেম’থেৰাপী আৰু অস্ত্রোপচাৰ কৰি দেউতা একেবাৰে দুৰ্বল হৈ পৰিছিলে,  তেতিয়া চিকিৎসকে পৰামৰ্শ দিলে যে কুছিয়া মাছৰ জোল আৰু লোকেল মুৰ্গীৰ চুপ বনাই খুৱালে শক্তি পাব আৰু দুৰ্বলতা কমিব। তেনে পৰিস্থিতিত ৯৩ বছৰীয়া আইতাক কোনোমতে ঘৰত মুৰ্গী আৰু কুছিয়া মাছ ৰন্ধাৰ অনুমতি দিবলৈ সৈমান কৰিব নোৱাৰি এটা সিদ্ধান্তলৈ অহা হ’ল যে, ওচৰতে থকা বাইদেৱে সিহঁতৰ ঘৰতে কুছিয়া মাছ আৰু মুৰ্গীৰ চুপ বনাই দিব আৰু মই আনি দেউতাক খুৱাব পাৰিম। 

তেনেদৰে কেইবাদিনো লোকেল মুৰ্গীৰ চুপ আৰু কুছিয়াৰ জোল বাইদেউৰ ঘৰৰ পৰা আনি খুৱাইছিলোঁ। এদিন মায়ে ক’লে,

: সদায় বায়েৰেহঁতে বনাই দি আছে, গতিকে তয়ে যাচোন আজি মুৰ্গীটো কিনি দি আহগৈ।

মাৰ কথাত হয়ভৰ দি একে জাঁপে উজান বজাৰ পালোঁগৈ আৰু জীৱনত কেতিয়াও মুৰ্গী কিনি নোপোৱা মানুহটোক যাতে বেপাৰীয়ে ঠগিব নোৱাৰে সেয়ে অলপ দমত পূৰা কনফিডেন্সত বেপাৰীক ক’লোঁ,

: কিমানকৈ দিছা মুৰ্গী?

: ২০০ টকা কেজি।

 : বঢ়িয়া চাই মুৰ্গী এটা দিয়া। 

বেপাৰীয়েও চাই মেলি খোঙৰ পৰা (পাঁচিৰ পৰা) এটা অকণমানি মুৰ্গী উঠাই জুখিলে আৰু ক’লে,

: বঢ়িয়া ওজন দাদা, ৭৫০ গ্ৰাম আছে। 

মুৰ্গীটো কাটিবলৈ লওঁতেই মোৰ চকু গ’ল খোংটোৰ ওপৰত ৰঙা, বগা, হালধীয়া, সেউজীয়া, ক’লা আদি সকলো ৰঙৰ পাখিৰে জাতিষ্কাৰ হৈ দীঘল দীঘল নখৰে সৈতে এখন ঠেঙত ঠিয় হৈ এটা চকু মুদি ৰজাৰ দৰে বহি থকা মুৰ্গীটোলৈ। 

বেপাৰীলৈ চাই অলপ দমত ক’লোঁ, 

: ধেই ইমান সৰু মুৰ্গীটোৰে কি হ’ব ? সেইটো দিয়া।

বুলি ৰজা মুৰ্গীটোলৈ আঙুলিয়াই জুখিবলৈ দিলোঁ। 

দিনটোৰ ভাগৰ আৰু গৰমত অৱশ হৈ  থকা বেপাৰীটোৱে যেন ঘপককৈ মোৰ প্ৰস্তাৱত চকহে খালে আৰু অলপ আচৰিত হৈ আকৌ হঁহাৰ দৰে কৰি এক প্ৰশ্নবোধক অভিব্যক্তিৰে পুনৰ নিশ্চিত হ’বলৈ সুধিলে,

: এই ডাঙৰ মুৰ্গীটোনে?

মই আগতকৈও বেছি আত্মবিশ্বাসেৰে আৰু অলপ দম দি, 

: অঁ আকৌ। কি হ’ল ইমান ডাঙৰ মুৰ্গী আজিলৈ বিক্ৰী কৰি পোৱায়ে নাছিলা নিকি? আমি যি লওঁ ডাঙৰ ডাঙৰেই লওঁ বুজিছা। ভাল হ’ব নে নাই?

: অঁ অঁ ভালেই হ’ব। (পাল্লাত জুখি) ২ কেজি ৬৫০ গ্ৰাম আছে। 

: দিয়া দিয়া সোনকালে কাটি বাছি দিয়া। দেৰিয়ে হৈছে আকৌ মাছ ল’বলৈ আছেই।

সিয়ো ফূৰ্তি মনে কাটি বাছি হিচাব কৰি  ৫৩০ টকা হ’ল যদিও মোৰ পৰা ৫০০ টকা লৈ, এমোকোৰা হাঁহিৰে “আকৌ আহিব দেই” বুলি কৈ বিদায় দিলে।

মাংসখিনি নি বাইদেউৰ ঘৰত দি থৈ আহিলোঁ; আৰু আবেলি যেতিয়া চুপ নিবলৈ গ’লোঁ ভিনদেৱে বাহিৰতে হাঁহি সুধিলে, 

: মুৰ্গী ক’ৰ পৰা কিনিছিলা?

ময়ো ভাবিলোঁ বৰ বঢ়িয়া মুৰ্গী কিনা বাবে চাগে ভিনদেৱে ঠিকনাটো জানিব বিছাৰিছে আৰু সেয়ে দুগুণ উৎসাহেৰে ক’বলৈ ধৰিলোঁ, 

: বজাৰৰ ভিতৰৰ পৰা মই নিকিনো। সিহঁতে মানুহক ঠগিব বিচাৰে আৰু দামো বেছি লয়। সেয়ে বেপাৰী এটা বাহিৰতে বহিছিলে তাৰ পৰায়ে ল’লোঁ। বৰ ভাল বেপাৰীটো। ডিচকাউণ্টো দিছে ৩০ টকা। আগলৈ তাৰ পৰায়ে কিনিম আৰু তোমালোকেও কিনিব পাৰা বেকাৰীখনৰ সন্মুখতেই বহিছিলে সি। 

একে উশাহে কথাখিনি কৈ শেষ কৰিলোঁ কি নাই,

ভিনদেৱে (হাঁহি হাঁহি) : অঁ বঢ়িয়া মাংস দিছে। দুপৰীয়াৰ পৰা সিজায়ে আছে সিজাহে নাই এতিয়ালৈ। এপিচ এঘণ্টামান আগতেই মুখত লৈছিলোঁ সিজিছেনে নাই চাবলৈ এয়া ছুইংগাম টাইপ চোবায়ে আছোঁ। বেপাৰীটোৰেই আজি কপাল ভাল আছিল বঢ়িয়া গ্ৰাহক পালে।

বুলি কৈ ‍আকৌ হাঁহিব ধৰিলে।

মই একো তত্ ধৰিব নোৱাৰি বেঙাটোৰ দৰে মুখ মেলি ভাবি থাকোঁতেই বাইদেউ আহি ক’লে,

: মূৰ্খ লোকেল মুৰ্গী ৫০০ৰ পৰা ৭৫০ গ্ৰাম মানৰ ল’ব লাগে। তোক বেঙা পাই ইমান প্ৰকাণ্ড বুঢ়া মুৰ্গীটো বেচিলে।

সেইদিন ধৰি বেপাৰীয়ে নিজে বাচি দিয়া মুৰ্গীয়ে কিনি আছোঁ আৰু “আকৌ আহিব” বুলি মতা বেপাৰীজনক বিচাৰি আছোঁ।

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published.