কল্যাণ জুৱেলাৰীৰ নেদেখা হাৰডাল-বন্দিতা জৈন
জন্মদিন, বিবাহ বাৰ্ষিকী আদিত বেলেগে উপহাৰ নিদিলেও যদি নিজৰ মানুহজনে হাঁহি হাঁহি ‘দিম দিয়া’ বুলি কয়, কিযে এক বুজাব নোৱৰা আনন্দ মনলৈ আহে ক’বলৈ ভাষাহীন হৈ পৰোঁ। আচলতে কেৱল মোৰ ক্ষেত্ৰতেই নহয় প্ৰত্যেক গৰাকী মহিলাৰ মনত অপাৰ অনন্দ আহেই।
দহ বছৰীয়া বিবাহ বাৰ্ষিকী সময় সমাগত। দুদিন আগত সুখে-দুখে দিনবোৰ কটোৱা আমি পতি-পত্নী বহি আছোঁ সন্মুখৰ বেলকনিত। তাৰো চাৰিদিনমানৰ আগত লগা উখনা-উখনি এখনৰ বাবে কাৰো মুখত মাত নাই ভালদৰে। তথাপি বহি আছোঁ ওচৰতে হাতত মবাইলটো পকাই পকাই। তেখেতৰ মুখৰ খঙৰ একো অভিব্যক্তি নেদেখি মাত এষাৰ লগাই পৰীক্ষা কৰি চালোঁ। উত্তৰ ঠিক-ঠাক থকা মানে মুদ ঠিকেই আছে। সুবিধা বুজি আৰম্ভ কৰিছোঁ,
: হেৰি, এই দুটা বছৰ ঘৰৰ ভিতৰতে সোমাই থাকি আমনি লাগিছে। ভাবিছিলোঁ এইবাৰ দহ বছৰীয়া বিবাহ বাৰ্ষিকীটো বাহিৰত কৰ’বাত পাতোঁ দিয়ক সৰুকৈ।
তেওঁৰ উত্তৰ,
: হ’ব দিয়া, তুমি কৈছা যেতিয়া। আফটাৰ অল এজনীয়েই ঘৈণী মোৰ।
কি শুনিবলৈ পালোঁ মই! বিশ্বাস, নাই মুঠেও কৰা নাই। অলপ কৃপণ বুলি নাম দিয়া মানুহজনে এষাৰতে মানি ল’লে। এবাৰ চিকুটি চালোঁ নিজকে ঠিকেইতো আছে। তেন্তে,
তেওঁ : কি হ’ল, বিশ্বাস হোৱা নাই নেকি? হ’ব দিয়া তুমি এজনীয়ে মানুহ মোৰ!
মই : ৰ’বচোন, তেতিয়াৰ পৰা যে এজনী মানুহ, এজনী মানুহ কৈ আছে, মই এজনী হয়, থাকিমো এজনীহৈ। পিচে আপুনি এনেদৰে কৈ আছে যে কিয়?
তেওঁ : তোমালোকৰ লগত নোৱাৰি আৰু দেই। ভগৱানেও বুজি নাপায়, মই কি বুজিম। সদায় কথাটো প্ৰতি কৈ থাকা মোক ভাল নোপোৱা। মোক কোৱা কথা নুশুনা। এতিয়া শুনিলেও বিশ্বাস নকৰা।
মই : বাৰু বুজিলোঁ। যদি সঁচা কৈছে তেন্তে এটা সৰু উপহাৰ দি দিব।
তেওঁ : দিমতো কিয় নিদিম। এজনীয়ে মানুহ মোৰ। কি লাগে কৈ দিয়া কেৱল।
এইবাৰ মোৰ চকু কপালত। সঁচাকৈ মানুহজন ঠিকেই আছেনে! নে জ্বৰ উঠি ভ্ৰম বকিছে। এবাৰ হাত লগাই দেখোঁ, ঠিকেই আছে। তেন্তে,
: এজনীয়ে মানুহ, তেন্তে এইবাৰ মোক কল্যাণ জুৱেলাৰীৰ হাৰ এডাল উপহাৰ দিব নে?
তেওঁ : হ’ব। এজনীয়েই মানুহ মোৰ।
ময়ো তভক লাগিলোঁ। সঁচাই শুনিছোঁ নে বাৰু! যাহ! যি হ’ব দেখা যাব।
নিদিষ্ট দিনা মোৰ মন থৌকি বাথৌ।সাজি-কাচি আছোঁ মানুহজনৰ অপেক্ষাত। কিজানি, উপহাৰটো আহেই। সময়ত তেওঁ আহিল। কথাতে কয় নহয়, মাকে চাই মুখলৈ, ঘৈণীয়ে চাই হাতলৈ। যি বচন গালেও গাওক। মানুহজনে ইমান বছৰৰ মূৰত হাতত উপহাৰ এটা লৈ চিনেমাৰ ষ্টাইলত হাঁহি মাৰি আহিছে। উস! কিবা বোলেনে, নিজকে হিৰ’ইন যেন লাগিছে এই মুহূৰ্তত। তেওঁ আহি নিজ হাতেৰে হাৰডাল ডিঙিত পিন্ধাই দিব। হাতত ধৰি হোটেললৈ বুলি আগবঢ়াই লৈ যাব। ময়ো আগবাঢ়ি গৈছোঁ ৰূমৰ পৰা অলপ তেওঁৰ ওচৰলৈ৷ চকুত চকু পৰোঁতে হাঁহিছোঁ৷ যেন ডাৱৰৰ মাজৰ পৰা ৰ’দৰ জিলিঙনি৷ লাহে লাহে দুয়ো গেটৰ কাষৰ বননিত খোজ দিছোঁ৷
হঠাৎ- লগতে গৈ থকা মানুহজনে পিছফালৰ পৰা ঠলামূৰি মাৰি দিলে, কৰ্ফাল খাই পৰিলোঁ। কিবা এটাই জপটীয়াই ধৰিছে। আপ্ৰাণ চেষ্টা কৰিছোঁ ওলাবলৈ। এপাকত মানুহজনৰ মাত শুনিবলৈ পালোঁ,
: হেৰা পৰিলা দেখোন, গোটেই নেটখনো মহটীয়াই পেলালা।
হ’ল বুলিনো বাবুৱে ইমান জোৰেৰে গুৰিয়াই দিব লাগেনে! আৰু কিবা কিবি কৈ আছিল, নুশুনিলোঁ বিৰাট দুখ আৰু অলপ সময়ৰ কাৰণে ইমান সুন্দৰ মুহূৰ্তটো নাপালোঁ, হাৰডালো দেখা নাপালোঁ…
কষ্টৰে উঠি আহিলোঁ ৱালত ঘঁহনি খাই মাখি ছাল এৰাই তেজ ওলোৱা হাতখন মোহাৰি মোহাৰি।
☆ ★ ☆ ★ ☆
8:53 pm
মনৰ আশা মনতে থাকিল মানে?