বিষন্নতা-নীলাক্ষী ভট্টাচাৰ্য্য
বহু বছৰৰ মূৰত নিজৰ মানুহৰ বিয়া এখন হ’ব। আগতেও হৈছিল বিয়া কিন্তু সৰু আছিলোঁ নে ফিলিংছ কম আছিল জানো! আগতে বিয়া মানে তামোল বেছিকৈ খাবলৈ পাম সেয়াহে মনত ধান্দা আছিল। মোৰ মানে সৰুতে কেমেৰাৰ ফটো হওক নহ’লে ভিডিঅ’ কেচেট হওক মুখত তামোল লৈ বুঢ়ী মানুহৰ দৰে চোবাই থকা ফটোৱেই পাব। এতিয়া কলেজ পাইছোঁ, নিজকে ডাঙৰ ডাঙৰ লাগিছে। অলপ অলপকৈ মেকাপ কৰিব জনা হৈছোঁ। ইয়াতে এটা কথা কওঁ, মোৰ মানে কিবা কথাত খং উঠি থাকিলেও মই মেকাপ কৰোঁ।
এতিয়া আহিছোঁ বিয়াখনলৈ। আমাৰ সৰু বাইদেউৰ বিয়াখনলৈ বেছি আগ্ৰহ। মই তাইক ফেৰ মাৰিব পৰা নাই। সেই বিয়াখন আছিল আমাৰ পেহীৰ ল’ৰাৰ। বায়ে আকৌ বিয়াৰ এমাহৰ আগৰ পৰাই দোকানলৈ গৈ লিপষ্টিক, কাজল, লিপলাইনাৰ, নখপলিচ আদি বিভিন্ন ধৰণৰ মেকাপ যোগাৰ কৰি লৈছে। কাপোৰৰ লগত মিলাই মিলাই কাণফুলি, গলপতা, হিল ছেন্দেল কিনি লৈছে। মুঠতে তাই বিয়াখনত ষ্টাইল কৰিবই। ইফালে মই আকৌ ঘৰৰ পাউদাৰটো ল’ব লাগিব বুলি সদায় এবাৰ মনত ৰাখোঁ, কিজানি অলপ বগা হওঁৱেই দেখাত!
বিয়াৰ এসপ্তাহৰ আগত বায়ে পেহীৰ দাদাক মাতিলে তাইক লৈ যাবলৈ। মোৰ মন আছিল যাবলৈ কিন্তু পঢ়া এৰি বিয়া বিয়া কৰি থাকিলে ঘৰতো গালি খাব লাগিব। তাই যাবলৈ ওলোৱাত হিংসা অকণ নলগা নহয়! ইফালে তাই যাব বুলি মস্ত ডাঙৰ বেগ এটা লৈছে, যিটো বেগত মানুহ এটা ধুনীয়াকৈ ভৰাই ল’ব পাৰি তেনে বেগ এটাত কাপোৰ ভৰালে। জোৰোণৰ বাবে মেখেলা চাদৰ এযোৰ, ৰাতি পূজালৈ চুৰিদাৰ, বিয়াৰ দিনা ৰাতিপুৱা এযোৰ, জলপান খোৱা সময়ত এযোৰ, দিনৰ ভাগত এযোৰ, গধূলি মেখেলা চাদৰ এযোৰ, ৰাতি দৰাৰ লগত যাওঁতে এযোৰ। তাৰে লগত কাণফুলি, ছেন্দেল, মেকাপৰ সামগ্ৰী। বেগটোৱেহে গম পাইছে কাৰ বস্তু মোৰ তাত সোমাইছে। পিছদিনাখন দাদাই নিবলৈ আহি তাইৰ বেগ দেখি চক্ খাই উঠিল। বাইকত বেগে মানুহে একেলগে যাব নোৱাৰি বাবে দুবাৰ আহিব লগা হ’ল দাদা। তাই এসপ্তাহৰ আগত পেহীৰ ঘৰ ওলালগৈ।
মই জোৰোণৰ দিনা মা-দেউতাৰ লগত যাব লগা হ’ল। কিন্তু সেইদিনা ঘৰ ওচৰত দেখি দেউতাই ঘৰতে মোক কৈছিল, “টোপনি খতি কৰি থাকিব নালাগে কাইলৈ ৰাতিপুৱা গ’লেও হ’ব, আজি আমাৰ লগত জোৰোণ শেষ কৰি ঘৰলৈ আহিবি”। মই আমাৰ আত্মীয়ৰ প্ৰথম ল’ৰাৰ বিয়া পাইছোঁ তেনেকৈ ক’লেই আহিমনে, কন্দা-কটাৰ বিনিময়ত থাকিবলৈ দিলে। কিন্তু মোৰ চকুপানী ওলাই কাজল লোৱা চকু কেইটা ভূতুনী যেন দেখা হ’ল। সেয়া চাফা কৰিলোঁ যদিও আগৰ মুখখন আনিব নোৱাৰিলোঁ। তথাপি আফছোচ নাই, থাকিবলৈ পালোঁ বাবে। বায়ে মেখেলা চাদৰ পিন্ধি হিল পিন্ধি যিটোহে খোজ দিছিল ষ্টাইলত মোৰ তাইৰ দেহৰ ভাঁজ দেখি হাঁহিহে উঠিছিল। বিয়া ঘৰত এবাৰ হঠাতে বাৰ ফালে চকু গ’ল। তাইক দেখোন এখন ভৰি অলপ চাপৰ আনখন ওখ দেখা গৈছে। অলপ সময় লক্ষ্য কৰি তাইক দূৰৰ পৰা মোৰ ওচৰলৈ মাতিলোঁ। ওচৰ আহি পোৱাত দেখোঁ যে, সৰু বাৰ এপাট হিলৰ তলৰ হিলখিনি নাই। ইফালে মোক কৈছে, “কি কৰোঁ এতিয়া?” মানে এইবোৰ সময়ত কুৰ্চুতীয়া বুদ্ধিবোৰ মোৰ তাত থাকেই যে। মই আইডিয়া দিলোঁ, সেইপাত ছেন্দেলৰ হিলটো ভাঙি দিওঁ। মই ক’বলৈহে পালোঁ, তাই “ইমান দামী ছেন্দেল এনেকৈ বেয়া নকৰোঁ” বুলি কোৱাত মই তাইক তেনেকৈ লেঙেৰা হৈ খোজ কাঢ়ি থাকিবলৈকে ক’লোঁ। লাজ পালে নেকি! অলপ সময়ৰ পিছত হিল খহাই দিলে। পিছত মোক কৈ আছে, কাইলৈ ৰাতি আহোঁতে ছেন্দেল এযোৰ বেগত ভৰাই আনিবলৈ। মাটিখিনি খলাবমা যে আকৌ ছিঙিব পাৰে। ময়ো “হ’ব দে আজি আগতে গৈ লওঁ” বুলি শলাগি থ’লোঁ।
জোৰোণ দি অহাৰ পিছত ভাগৰত যি টোপনি গৈছোঁ ক’বকে পৰা নাই। ওচৰত কাৰোবাৰ কান্দোন শুনি বিছনাৰ পৰা জাঁপ মাৰি উঠিলোঁ। যিহেতু ল’ৰাৰ বিয়া কন্দা-কটাৰ খেল নাই। মোৰ ওচৰত সৰুবা, পেহী, পেহীহঁতৰ বা, এনেকৈ পাঁচজনী মানে কান্দিবলৈ ধৰিছে। মই চকুকেইটা মোহাৰি মোহাৰি ভাবিলোঁ কইনা পলাই গ’ল নেকি সেইবাবে কান্দিছে। তথাপি সঁচা কথাটো জানিবলৈ সুধিলোঁ কি হৈছে? সুধিবলৈহে পালোঁ সৰু বাৰ আৰু কান্দোন বেছিহে হ’ল। পিছতহে ক’লে, আমাৰ মৰাৰ আহুজ লাগিছে, এতিয়া বিয়াত থাকিব নোৱাৰোঁ। কথাষাৰ শুনি মোৰো বেয়া লাগিছে, যিহেতু বিয়াখনলৈ আমাৰ বহুত দিনৰ আশাবোৰ থুপ খাই আছিল। পিছত ঠিক হ’ল আমি দিনটো থাকিম গধূলি ঘৰলৈ আহিম।
গধূলি অহাৰ সময়ত আকৌ এবাৰ কন্দা-কটা বিয়াঘৰত। পেহীহঁতৰ ঘৰৰ পৰা গাড়ীত উঠা ঠাইখিনিলৈ অলপ খোজ কাঢ়িব লাগে আৰু লগত বেগটো আছে। দুয়ো দুফালে ধৰি লৈ আহি আছোঁ। সৰু বায়ে যি কান্দি কান্দি আহিছে ৰাস্তাত সকলোৱে সোধে, “কি হছি হা মাইতোৰ কান্দিছে যে?” তাইক এই প্ৰশ্নটো যেতিয়াই সোধে তাই আৰু বেছিহে কান্দিবলৈ ধৰে। ইফালে তাই যিমানে কান্দে নাকৰ পানী, চকুৰ পানী মচি মচি আহোঁতে বেগৰ ওজন মোৰ তাতহে বেছিকৈ পৰে। সেইসময়ত মোৰ চেহেৰা আধামৰা মানুহৰ টাইপ হয়গৈ। চৰ্বি নাছিল হাড্ডিহে আছিল, বেগ দাঙিবলৈ গৈ ভাঁজ লাগি যাওঁ। এবাৰ দুবাৰ তাইলৈ চাই হাঁহি উঠে। মোৰ হাঁহি দেখি তাই কান্দি কান্দি হাঁহিব চেষ্টা কৰে যদিও তাইৰ শোক উথলি পৰে। মুখখন দেখাতে চিনেমাৰ হিৰ’ৰ পৰা কোব খোৱা ভিলেইনকেইটাই আহি বিষতে লগৰকেইটাক কোব খোৱা নাই বুলি মিছা মাতিবলৈ গৈ মুখৰ আকৃতি যেনেকুৱা হয় তাইৰো একে হৈ পৰিছিল। হাজাৰ হওক কাপোৰবোৰ পিন্ধি ষ্টাইল দিব নোৱাৰিলে দুখ লাগিবই। আমাক দুয়োকে ৰাস্তাৰ নোচোৱা মানুহ কোনো নাই। মোৰ তাইক দেখি পিছলৈ মাৰিবলৈ মন গৈছে। এনেকৈ আৰু ৰাস্তাই ৰাস্তাই কোনোবাই কান্দে নেকি? ইফালে গোটেই ৰাস্তাটো যিজন মৰিছিল তেওঁক গালি দি দি আহিছে আৰু দুটাদিন থাকিব নোৱাৰিলি বুলি। ইফালে তাইক দেখি মানুহবোৰে সুধি সুধি চাই থাকে বাবে মোৰ লাজ লাগি খঙতে মই গালি পাৰিবলৈ ধৰিলোঁ। এনেকৈ আহি আহি গাড়ীৰ ওচৰ পালোঁ। গাড়ীতো তাই কান্দি থকা বাবে তাইৰ ওচৰত মই নবহিলোঁ। ধেই এনেকৈ আৰু কান্দে নে? তাইৰ চকুৰ পানী নাকৰ পানী দেখি মোৰে ঘিণ লাগিছিল।
ঘৰ আহি পাই তাইক দেখি মোৰ হাঁহি উঠা হ’ল। যি বেগ নিছিল, যেন পেহীহঁতৰ ঘৰত নিগাজিকৈ থাকিবহে। বেছি আশা কৰোঁতে একো নাপালে। বিয়াৰ পিছত এসপ্তাহ থাকিম বুলি যোৱা বায়ে বিয়াৰ দিনা আহিব লগা হ’ল। ট্ৰেজেদি হৈ গৈছিল কিন্তু সেইসময়ত। এতিয়া হাঁহিছোঁ যদিও পিচে এটা কথা ভাল লাগিছিল আঠমঙলা আমাৰ আহুজ যোৱাৰ পিছত দিছিল।
☆ ★ ☆ ★ ☆
2:49 pm
বঢ়িয়া
10:27 pm
হাঃ হাঃ হাঃ