ফটাঢোল

চোৰ – ৰাজীৱ শৰ্মা

চোৰ… চোৰ কেইপ্ৰকাৰৰ বাৰু? ৰ’ব, তাৰ আগতে কওকচোন চোৰ কাক বোলে? আপুনি কেতিয়াবা কাৰোবাৰ ঘৰলৈ চোৰক আমন্ত্ৰণ কৰা দেখিছে নে শুনিছে? কি হ’ল উচাপ খাই উঠিল যে? সন্দেহ কৰিছে নহয় মই চোৰৰ বিষয়ে কি বা ক’বলৈ গৈছোঁ বুলি৷ হাঃ হাঃ চোৰৰ মন পুলিচ পুলিচ বুলি কোৱা বাক্যটো পাহৰিলে হ’বলা৷ আজিকালি ডিজিটেলাইজেছনৰ এই যুগত চোৰৰো চুৰি কাৰ্যৰ উত্তৰণ ঘটিছে৷ তাহানিৰ সিন্ধি দিয়া চোৰ আজিকালি পাবলৈ নাই৷ আজিৰ এই যুগত কেতিয়াবা চোৰক গৃহস্থই নিজেই আমন্ত্ৰণ জনাবলগীয়া হয়৷ কিয়বা?

কোনো মৰে হাড়ে হাড়ে
কোনো মৰে মঙহৰ ভাৰে৷

পুৱা শুই উঠি মোবাইলটো হাতত লৈয়ে মোৰ খঙে চুলিৰ আগ পালেগৈ৷ ধুৰ, গোটেই দিনটোত মাথো দহটা লাইক, দুটা কমেণ্ট৷ এইটো আৰু লিখকৰ জীৱন হ’লনে? আনৰ লিখনিয়ে পোৱা পাঁচশ, হাজাৰ লাইকৰ তুলনাত মোৰটো ফুটুকাৰ ফেন, তপাৰ মুৰৰ চুলি, সোলাৰ দাঁত৷ খঙতে আৰু কিবাকিবি কিছুমান মনলৈ আহিছিল যদিও খং নামে চণ্ডাল বুলি সিমানতে সামৰি থ’লো৷

এইবাৰ মোৰ কালিৰ লেখাটোৰ লাইক, কমেণ্টৰ গৰাকীৰ নাম চালো, ভালদৰে মতামত দুটাও চালো৷ এজনে লিখিছে, “এইটো কাৰ পৰা মাৰিলা?” দ্বিতীয়জনৰটো আৰু এখোপ চৰা- “আৰু অলপ বেয়া হোৱা হ’লে গালিহে দিলোহেঁতেন৷” আও গোঁসাই মই ইমান বেয়া লিখোনে?

নিজৰ ওপৰতে পুনৰ খঙটো উঠি আহিল৷ বুঢ়া শালিকাই মাত ল’বলৈ শিকিলে এনে হ’বই৷ উদৰ সাত পুৰুষ গ’ল কেঁচা মাছ খাওঁতেই৷ লিখক হওঁ বুলিলেই হ’ব নোৱাৰি দিয়কচোন৷ আম্বানিৰ কৃপাত 4G-ৰ মুখ দেখা মোৰ দৰে নদাইৰ লিখক হোৱাৰ স্বপ্ন বাওনা হৈ চন্দ্ৰলৈ হাত মেলা৷ কিন্তু মই বদ্ধপৰিকৰ৷ লিখক হ’মেই৷ পাৰিলে বুদ্ধি-সন্ধি কৰি কেতিয়াবা মোৰ নামত কিবা পুৰস্কাৰৰো জুতি ল’ম৷ এদিন ইয়াকৈ লৈ দেউতাক কথা শুনাই আছিলো বোলো আপোনাৰ বংশত এজনো লেখক উপজিব নোৱাৰিলেনে আজিলৈ? থকা হ’লে মোৰ পুৰস্কাৰৰ বাটতো মসৃণ হ’ল হয়৷ ইয়াকে শুনি দেউতাই ক’লে, “সাতপুৰুষত নাই গাই, কৰিয়া লৈ খিৰাবলৈ যায়৷”

মুখেৰে একো নামাতিলো যদিও এইষাৰে মোক ভালকৈয়ে বিন্ধিলে৷ হয় দেই, ভাতৰ তিতা খাব পাৰি, মাতৰ তিতা খাব নোৱাৰি৷ নিজকে কঠোৰ কৰিলো এজন নামজ্বলা লিখক হৈ দেউতাক দেখুৱাবলৈ৷ কিন্তু সকলো মিছা৷ ঘৰচিৰিকা হৈ ৰাজহংসৰ খোজ দিবলৈ গৈ এটাও নহ’লগৈ৷ বৰ্তমান মোৰ অৱস্থা ডেউকাত ময়ূৰৰ পাখি গুজি নিজৰ জাতিৰ পৰাই খেদাখোৱা কাউৰী জনীৰ দৰে৷ ডাকে তাহানিতে কোৱা মনত পৰিল, বলে নোৱাৰা শিলক পৰি নমস্কাৰ কৰাই যুগুত৷

কিন্তু বৰ্তমান মোৰ দুই নাৱত দুই ভৰি৷ এফালে মোৰ লিখনিৰ এমুঠিমান লাইক আনফালে ঘৰ শত্ৰু বিভীষণ দেউতাৰ বিদ্ৰূপাত্মক চাৱনি৷ ডাকে কৈ গ’ল, “আপুনি বয়স হৈলে বুদ্ধি হৈব ভাল৷” কিন্তু এই বয়সত হৰিনামৰ সলনি দেউতাৰ হাতত মোবাইল, ফেচবুক৷ দিনৰ দিনটো খালী ফেচবুক আৰু ফেচবুক৷ কাৰণটো মোৰ লেখাই কেইটা লাইক পাইছে তাক চোৱা যেন মই তেওঁৰ কোনোবা জনমৰ শতৰুহে৷ মোৰ মুখলৈ চাই কেতিয়াবা দেউতাই মৰা হাঁহিটোৰ প্ৰত্যুত্তৰ দিওঁ এনেদৰে, মই আপোনাৰ পানী খোৱা পুখুৰীত কেতিয়া বিহ ঢালিলো!
লাহে লাহে মোৰো জেদ বাঢ়িল৷ মনক সান্ত্বনা দিলো, ঘঁহি থাকিলে শিলো ক্ষয় যায়৷ অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ৷ শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে ইত্যাদি৷

মই ন উদ্যমেৰে সাজু হ’লো৷ এইবাৰ হাজাৰ লাইক পোৱা লিখকৰ লেখনি বিচাৰি বিচাৰি পঢ়িলো আৰু তেখেতসকলক অনুসৰণ কৰিবলৈ ল’লো৷ কিন্তু অৱস্থাৰ কোনো সলনি নহ’ল৷ এতিয়াও এপাচি শাকত এটা জালুক৷ জীৱনটোলৈকে বিতৃষ্ণা লাগিল৷

এইবোৰ ভাবি গুণি ফেচবুক চাই থাকোতেই দেখিলো এজনে বৰ খঙেৰে কিবা এটা লিখিছে৷ সাৰমৰ্ম- তেখেতৰ লেখা কোনোবাই চুৰ কৰি বেলেগ গোটত দিছে৷ এনেই নকয় দেই হ’বৰ দিনত কুকুৰেও মৈ টানে বুলি৷ এওঁৰ লেখাৰ ইমানেই কদৰ যে আনেও নিজৰ নামত দি লাইক, কমেণ্ট বুটলিছে৷ ময়ো শেষ মেষ কিবা এটা কৰিব লাগিব৷ এইবাৰ হয় ৰঙামাটি নহয় গুৱাহাটী৷ মুঠতে আপোনাৰ নাক কাটি হ’লেও সতিনীৰ যাত্ৰা ভংগ কৰিব লাগিব৷ ভগৱানে দিয়া নাওমান মূৰটোৰে মই ভাবিবলৈ ধৰিলো কি কৰা যায়? মানুহজনৰ লিখনিটো আকৌ মনপুতি পঢ়িলো আৰু মই নিজেই দেখি আচৰিত হ’লো, তেখেতৰ মূল লেখাটোতকৈও এইটোত লাইক, কমেণ্টৰ বাহাৰ কি চাবা৷ যেন ভৰ বাৰিষাৰ ফেনে ফুটুকাৰে বঢ়া ব্ৰহ্মপুত্ৰহে৷ মনত চাটকৈ এটা বুদ্ধি খেলালে৷ যদি মোৰো লেখা এটা আনে চুৰ কৰি বেলেগ গোটত দিয়ে বৰ ভাল কথা হ’ব৷ কিন্তু চুৰ কোনে কৰিব? চোৰে গোহালিত সদায় বলধেই বিচাৰে, নাপালেহে গাই সাঙোৰে৷ মোৰ দৰে লেখকৰ লেখা চুৰ কৰি চোৰে নিজৰ বৃত্তিটোৰ সন্মান লাঘৱ কৰিব নোৱাৰে নহয়৷ শেষত তাৰো উপায় ওলাল৷ মুঠতে ময়ো মা কা দুধ পিকে ডাঙৰ হোৱা ল’ৰা৷ মূৰটো যেন কু চিন্তাৰ ভঁৰালহে৷

সময়ৰ কাম সময়ত কৰিব নোৱাৰিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা৷ গতিকে মিচনত নমাহে কথা৷ ফেচবুকৰ মোৰ বন্ধু তালিকাত থকা শিলচৰ, ধুবুৰী আদিৰ দূৰৰ কেইজনমানৰ লগত কথা মাতি সিহঁতক মেনেজ কৰিলো৷ কথা দিলো বন্ধুৰ মান ৰাখিলে, বিনিময়ত একোটাকৈ ফুল মাত্ৰ৷ কিন্তু কামটোত যদি সিহঁতে ভবাতকৈ বেছি গালি শুনে তেতিয়া ওপৰঞ্চি হিচাপে মাংসও যোগান ধৰিব লাগিব৷ সিহঁত মান্তি হ’ল৷ নহ’বনো কিয়? তিনিওটা মোৰ দৰে একে পানীৰ মাছ৷ পৰৰ মূৰত খোৱা, ভটিয়নি পানীত যোৱা৷

অৱশেষত মোৰ জয় হ’ল৷ কালি মোৰ যিটো লেখাই মুঠেই দহটা লাইক পাইছিল আজি সেই লেখা অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিখ্যাত হৈ গ’ল৷ কথাটো মইয়ে নিজৰ ৱালত ফাদিল কৰিলো যে মোৰ কালিৰ মৌলিক লেখাটো চুৰ কৰি অমুকৰ পৰা অমুক অমুকে বেলেগ গোটত নিজৰ বুলি প্ৰকাশ কৰিছে৷

এনে নৰাধম ঐ এইকেইটা৷

তাৰপাছত মোৰ হাঁহিৰ পাল৷ লাইক, কমেণ্টেৰে ভৰি পৰিল মোৰ ৱাল৷ বাৰিষাৰ ন পানী পাই যেন মাছৰ উজানহে উঠিল৷ দেখি দেউতাৰ মুখৰ মাত হৰিল৷ মনে মনে ভাবিছে চাগৈ, বকৰাণিটো বাঘ থাকে তাৰমানে৷ ময়ো বালিলৈ যি পাত সুগ্ৰীৱলৈও সেইপাত কথাটো মনত পেলাই দেউতাৰ পুৰণা উপদেশ এটাৰে যেন দেউতাৰ মুখ বন্ধ কৰিলো৷ সাঁতোৰ সাঁতোৰ নিজ বাহু বলে, সাঁতুৰিব নোৱাৰিলে যা ৰসাতলে৷

★★★★

Leave a Reply

Your email address will not be published. Required fields are marked *