ফটাঢোল

এজন নতুন আচাৰ্য্যৰ আবিৰ্ভাৱ – ডাঃ কুমাৰ পাৰ্থ প্ৰতিম

শ্ৰদ্ধেয় ৰাইজ, আজি মই আপোনালোকক এনে এটা কথা ক’বলৈ গৈ আছোঁ যে পোনপ্ৰথম আপোনালোক সন্দিহান হ’ব৷ এনে ভুল ভাবো আহিব পাৰে যে মোৰ মগজুৰ বিকৃতি ঘটিছে৷ আচলতে তেনে একো হোৱা নাই৷ অতবছৰে চিকিৎসাবৃত্তিত থাকিও মোৰ পঢ়া শুনা শেষেই নহ’ল৷ বয়সহে বহুত হ’লগৈ, কিন্তু বাৰেপাছি পঢ়ি থাকিবলৈয়ে বাধ্য হ’লোঁ৷ কালি নিশাও শ্ৰীমতী আৰু জীয়ৰী শোৱাৰ পিছত মই প্ৰায় ডেৰঘণ্টা এজন ৰোগীৰ বিষয়ে অধ্যয়ন কৰিব লগাত পৰিলোঁ৷ তাৰ পিছত ৰাতি প্ৰায় দুই বজাত শুলোঁ৷ ৰাতি টোপনিত থাকোতেই পৰমাত্মা সদাশিৱই স্বয়ং প্ৰকট হৈ মোক জগাই দিলে৷ মইতো আচৰিত৷ সপোন দেখি থকা যেনহে লাগিছিল৷ নিজকে চিকুটি চালোঁ, নাই মই টোপনিত নাছিলোঁ৷ মোৰ কাষত শ্ৰীমতী আৰু জীয়ৰী তেতিয়াও দুৰ্ঘোৰ নিদ্ৰাত মগ্ন, আৰু মোৰ সন্মুখত সেয়া এটি দুষ্টামিভৰা মিচিকিয়া হাঁহিৰে পৰম ঈশ্বৰ মহাদেৱ ভোলানাথ৷ মোৰ অবাক চাৱনি দেখি তেখেতৰ দুষ্টামিভৰা হাঁহিটি যেন আৰু বেছিহে প্ৰস্ফুতিত হৈ পৰিল৷

আচৰিত হৈছা নহয়নে বৎস?

প্ৰভু, আপুনি?

হয় বৎস, কিমান পঢ়িবা আৰু? পঢ়ি পঢ়ি ব’ৰ হোৱা নাই?

উত্তৰ দিবলৈ অলপমান ভাবিলোঁ, কিন্তু লাভ নাই৷ ভোলানাথ যে অন্তৰ্য্যামী৷

মোৰ আগত মিছা কৈ লাভ নাই বৎস৷ মই সকলো জানো, সেয়ে তোমাৰ মাৰ্গদৰ্শন কৰাবলৈ আজি ইয়াত আহি হাজিৰ হৈছোহি৷ বাৰু বাদ দিয়া, কিমান ঘটিলা এতিয়ালৈ?

প্ৰভু…

হেঃ হেঃ৷ ইমান পঢ়ি শুনি, ইমান কষ্ট কৰি এনেদৰে অলপ অলপ ঘটি থাকি কেনে লাগিছে?

সুখতে আছোঁ দেখোন প্ৰভু৷

জানো বৎস, তুমি য’তে ৰাতি ত’তে কাটি টাইপৰ মানুহ বা তেনে মানুহ হিচাপে নিজকে ‘প্ৰেজেণ্ট’ কৰি ভাল পোৱা৷ বেয়া নহয়, ভাল কথা৷ কিন্তু আজিৰ যুগত… বাৰু বাদ দিয়া বৎস৷ তোমাক মই এটা মন্ত্ৰ শিকাই থৈ যাওঁ৷ একেবাৰে গুপুত মন্ত্ৰ৷ মন্ত্ৰটো গুণগুণাই পানী জাৰি বেমাৰীক খুৱাবা, বচ, বেমাৰ অন্তৰ্ধান৷

এনে মন্ত্ৰও আছে নেকি প্ৰভু?

ৰ’বা, কৈ আছোঁ৷ অধৈৰ্য্য নহ’বা৷ আৰু মই কথা কৈ থকাৰ মাজত মাত নিদিবা৷

মহাদেৱ অলপমান হয়তোবা অতিষ্ঠ হৈ পৰিছিল৷ তেখেতৰ কপালৰ সোঁমাজত থকা তৃতীয় নেত্ৰটোৰ পতায়েও এবাৰ পিৰিকিয়াইছিল৷ এই মেল খাওঁ, এই মেল খাওঁ হৈ ভাগ্য ভাল ৰৈ গ’ল৷ সাতে পাঁচে ভাবি চিন্তি মুখখনত একপ্ৰকাৰ চেল’টেপ লগাই লোৱাৰ দৰে টিপি ধৰি ভয়ে ভয়ে ক’লোঁ,

ছ’ৰি প্ৰভু৷
হ’ব, একো নাই৷ এবাৰৰ দোষ মৰিষণ কৰিব পাৰি৷ মোৰ বাকী কথাখিনি মনপুতি শুনা৷
মহাদেৱ মনে মনে ৰ’ল৷ ময়ো মুখ মেলাৰ সাহস কৰিব নোৱাৰিলোঁ৷

কি হ’ল বৎস? ব’ৰ হৈছা নেকি?

ঃ কি যে কয় প্ৰভু!

তেনেহ’লে একো নক’লা যে?

আপুনিয়েই দেখোন কথাৰ মাজত কথা ক’বলৈ মানা কৰিছিল?

অ’হ, পাহৰিয়েই গেছিলোঁ৷ বাৰু ক’ব পাৰা, অনুমতি দি দিছোঁ৷ নহ’লে অকলে অকলেই বকি থকা যেন লাগে৷ বুজিলাতো?

হয় প্ৰভু৷

শুনা৷ তোমাৰ আৰু চাৰিজন বান্ধৱ আৰু লগতে তোমাৰ ভায়েৰাকো মই আজি দৰ্শন দিম৷ মন্ত্ৰটো কেৱল তোমাকেই শিকাম৷ তেওঁলোকক তোমাৰ লগত সহযোগ কৰি ব্যৱসায়টো ভালদৰে চলাই নিবলৈ নিৰ্দেশ দিম৷ তেওঁলোকো মোৰ পৰম ভক্ত৷ মোৰ কথা নমনাৰ ‘আশংকা’ নাই৷

মহাদেৱ একমুহূৰ্তৰ বাবে মৌন হৈ ৰ’ল৷ মোৰ মনত অলপ খুদুৱনি লাগিল৷ স্বয়ং সদাশিৱই নিজে নিৰ্দেশ দিয়াৰ পিছত কোনোবাই অমান্য কৰাৰ সাহস কৰিব পাৰেনে বাৰু? মহাদেৱে মিচিকিয়াই হাঁহিলে৷

তোমাৰ মনৰ কথাখিনি শুনিলোঁ বৎস৷ তোমালোকৰ এই যুগৰ মনুষ্যবোৰ একদম খটাসুৰ৷ কৰিমেই বুলি মোলায়েম হাঁহি মাৰি মন ভোলাই মোকেই এতিয়ালৈকে কতবাৰ টুপী পিন্ধাইছে৷

মোৰ পেটে পেটে অলপ খঙেই উঠিল৷ ক’বলৈ মন গৈছিল, এই অলপ সময় আগতে অকণমান কথাতে মোক ৰূদ্ৰমূৰ্তি দেখুৱালে, কিন্তু টুপী পিন্ধোৱাকেইটাক একো কৰিব নোৱাৰিলে৷

হেৰা বৎস, আজিকালি সৰগতো গণতন্ত্ৰ৷ ৰাজতন্ত্ৰ কেতিয়াবাই আঁতৰিল৷ তোমালোকৰ মৰতৰ ইংলেণ্ডৰ ৰাণীৰ দৰেই ইন্দ্ৰদেৱো নিয়মমাফিক ‘সৰগৰ ৰজা’ হৈ আছে৷ আগৰ দৰে দূৰ্ধৰ্ষ দোষী বুলি নিঃসন্দেহ হ’লে নিমিষতে ভস্ম কৰা ধৰণৰ ‘তুৰন্ত’ একচন আজিকালি আমি ল’ব নোৱাৰোঁ৷ ফাইল ঘূৰি ঘূৰি বিচাৰৰ ‘ভাৰ্ডিক্ট’ ওলোৱালৈ ইয়াৰ দোষীবোৰ সাধাৰণতেই যমপুৰী পায়গৈ৷ যমেও বিচাৰৰ ৰায় নোলাৱালৈ শাস্তি দিয়াৰ সলনি যমপুৰীৰ কাৰাগাৰতে আৰামেৰে খুৱাই বোৱাই ৰাখিবলৈ বাধ্য৷ নহ’লে ‘যমপুৰী বিচাৰাধীন মৃতক অধিকাৰ সমিতি’য়ে যমৰাজৰ পানীত হাঁহ নচৰা অৱস্থা কৰিব৷

কিবা এটা কথা মনলৈ আহোতেই মহাদেৱে পুনৰ ক’লে,

সেইবোৰ চিন্তা নানিবাই৷ তপত তেলত ভজা, নচঁচা শুলত দিয়া এই শাস্তিবোৰ কেতিয়াবাই উঠি গ’ল৷ সেইবোৰ বোলে ‘নাৰকীয়তাৰো’ পৰিপন্থী৷ আমাৰ আইনৰো বহু সলনি হ’ল বৎস৷

এইবাৰ বহু কষ্ট কৰি মোৰ মনলৈ অহা কথাবোৰ দবাই ৰাখিবলৈ যত্ন কৰিলেও মহাদেৱে গম পাই গ’ল৷

মই ভাঙৰ নিচাত এইবোৰ কথা কোৱা নাই বৎস৷ আৰু তোমালোক মৰতৰ মূৰুখমতিবোৰে বুজি নাপালেও মই অনিষ্টকাৰী বস্তুবোৰ সদায় সীমাৰ ভিতৰতহে খাওঁ৷ মোৰ সাধনা কৰাৰ নামত তোমালোকেহে গোটেই ৰাতি টেঁটুফলা গানবোৰ লগাই ৰাস্তাই ৰাস্তাই মদ ভাং খাই ঘূৰি ঘূৰি চিঞৰ বাখৰ কৰি মোৰ সুখৰ নিদ্ৰা ভঙ্গ কৰা৷ বাৰু বাদ দিয়া এইবোৰ কথা৷ মূল কথালৈ আহো৷ তোমাক মই মন্ত্ৰ এটাৰ কথা কৈ থকা নাছিলোঁ জানো?

হয় প্ৰভু৷

শুনা, আজি পুৱাৰপৰাই তোমালোকৰ কাম আৰম্ভ কৰিবা৷ চিনাকি ৰিপৰ্টাৰ কেইজনক জনাব পাৰা, কিন্তু তেওঁলোকে তোমাক বিশ্বাস কৰাৰ সলনি তোমাৰ মগজুৰ বিকৃতি ঘটা বুলি সন্দেহ কৰাটো অস্বাভাৱিক নহয়৷ গতিকে তেনেদৰে কাম নিসিজিলে দৰকাৰত নিউজ চেনেল আৰু খবৰ কাগজবোৰত ‘এড স্পেছ’ কিনি হ’লেও এডভাৰটাইজ কৰিবা৷ বৈদ্যুতিন মাধ্যমত দিবলৈ কোনো প্ৰফেচনেল এডিটৰৰ সহায়ত অলপমান পইচা খৰচ কৰি আধা মিনিটৰপৰা তিনিমিনিটমানৰ কেইবাটাও আটকধুনীয়া ভিডিঅ’ বনাই ল’বা৷ আজিকালি বিভিন্ন চেনেলবোৰত প্ৰচাৰ হৈ থকাৰ দৰে আধাঘণ্টামানৰ এড প্ৰ’গ্ৰামো কৰিব পাৰা, ভালহে হ’ব৷ পিছলৈ অৱশ্যে পপুলাৰিটি বাঢ়িলে টিআৰপিৰ স্বাৰ্থত তুমি ইণ্টাৰভিউৰ পিছত ইণ্টাৰভিউ দি তত্ নাপাবা৷

প্ৰভু, বহু খৰচ হ’ব দেখোন এইবোৰ কৰোতে৷

তাৰ বাবে খৰচ অলপ নিশ্চিতভাৱে হ’ব, কিন্তু চিন্তা নকৰিবা৷ দুমাহমানৰ পিছৰপৰাই তাৰ হাজাৰ গুণ টেক্স ফ্ৰি ‘ৰিটাৰ্ণ’ আহিবলৈ আৰম্ভ কৰিব৷

আৰম্ভণিৰ কামখিনি কৰিবলৈ বহুত টকা লাগিব দেখোন প্ৰভু৷

কিনো কোৱা হে বৎস? ইমান বছৰে কি ঘোঁৰা ঘাঁহ কাটিলা? অৱশ্যে এটা কথা, তোমাৰ দৰে বুৰ্বক এটাক কৈনো কি লাভ? হ’ব দিয়া, দুজনমানক টকা পইচাৰে সহায় কৰি দিবলৈ ক’ম৷ আৰু এটা কথা, তোমাৰ নামটোৰ অলপ পৰিবৰ্তন কৰিব লাগিব৷ ধৰা তোমাৰ নামৰ আগে পিছে ‘বাবা’ বা ‘আচাৰ্য্য’ বা তেনেধৰণৰ কিবা কিবি অলপ সংযোগ কৰিব লাগিব৷ ‘গুগল’ চাৰ্চ কৰি তাতোকৈয়ো কিবা আধুনিক শব্দৰ কথাও বিবেচনা কৰিব পাৰা৷

হ’ব প্ৰভু৷ ৰোগীসকলৰপৰা ফিজ কিমানকৈ ল’ম বাৰু?

ফিজ? জধামূৰ্খ নেকি? ফিজ নল’বা, দান ল’বা, দান৷ মুক্তহস্তে দান৷ নোৱাৰাখিনিয়ে একো নিদিলেও কথা নাই, কিন্তু দেখিবা অন্ধবিশ্বাসী ‘বৈদ্য’ ধনী পৰিয়াল কিছুমানে তোমাক এজন ৰোগীৰ বাবেই সেই জাৰি দিয়া পানীখিনিৰ ‘ভক্তিত’ গদ গদ হৈ লাখ লাখ টকা দান কৰিব৷ কেইমাহমানৰ ভিতৰতে তুমি আৰু তোমাৰ বান্ধৱসকল ‘মালামাল’ হৈ যাবা৷

সদাশিৱ মনে মনে ৰ’ল৷ ময়ো আৰু কি সুধিম ভাবি ভাবি পাত্তাই নাপালোঁ৷ আগতে এবাৰ সুধি গালি খোৱা প্ৰশ্নটো মনলৈ আকৌ এবাৰ আহিলেও সুধিবলৈ সাহ নহ’ল৷ ভগৱন্তই নিজেই সুধিলে, এইবাৰ আকৌ সেই প্ৰথমতে দেখা দুষ্টামিভৰা হাঁহিৰে৷

মনৰ কথাবোৰ নিঃসঙ্কোচে প্ৰকাশ কৰি পেলোৱা বৎস৷ এইবাৰ মই খং নকৰোঁ৷ সোনকালে সোধা৷ তাৰ পিছতে তোমাক মন্ত্ৰটো শিকাই তোমাৰ ভায়েৰা আৰু বান্ধৱ চাৰিজনৰ লগতে তোমাৰ ভায়েৰাৰ ওচৰলৈ বুলি প্ৰস্থান কৰিম৷ এতিয়াও নিশাটোৰ বহু কাম বাকী


মানে প্ৰভু, আপুনিতো বুজিছেই৷ তথাপিও আপুনি অনুমতি দিয়াৰ বাবেহে সুধিবলৈ সাহ কৰিছোঁ৷ দৰাচলতে প্ৰকৃততে এনেধৰণৰ মন্ত্ৰ আছে জানো?

নাই বৎস৷একেবাৰে নাই৷

তেনেহ’লে সেয়া অন্যায়, মানে পাপ কাম নহ’ব জানো?

একেবাৰেই নহয় বৎস৷ পাপ কাম হ’লহেঁতেন, যদিহে তুমি নিৰ্দোষ কাৰোবাক ঠগিলাহেঁতেন৷ কিন্তু আজিৰ যুগতো যিসকল তথাকথিত শিক্ষিত ব্যক্তি এনেদৰে ভীষণৰূপে অন্ধবিশ্বাসী, বা ইতিমধ্যেই বুৰ্বক বা জধামূৰ্খ, তেওঁলোকক বুৰ্বক বনাই উপাৰ্জন কৰাতো একো পাপ কাম হ’ব নোৱাৰে৷ তদুপৰি তুমি পুখুৰীৰ পানী খাবলৈ নিদিয়া নহয়, কোনোবা ভাল মিনাৰেল ৱাটাৰৰ কোম্পানীৰ লগত ময়েই কথা পাতি দিম৷ কোম্পানীটোৱেই দহ মিলিলিটাৰমানৰ বিজ্ঞানসন্মতভাৱে প্ৰস্তত কৰা সৰু সৰু বটলত বিশুদ্ধ খোৱাপানী ভৰাই দিব৷ সেয়া খাই কাৰো একো অনিষ্ট নহয়৷

কিন্তু যদি মন্ত্ৰৰ একো গুণ নাই বুলি ধৰা পৰি যাওঁ?

হেঃ হেঃ হেঃ৷ বৎস, সেয়ে তুমি পানী খোৱাৰ কিছুমান নীতি নিয়ম বান্ধি দিবা, যেনে পবিত্ৰ অন্তৰেৰে মোৰ নাম তিনিবাৰ জপ কৰি সহৃদয়ৰে তোমাৰ ওপৰত বিশ্বাস ৰাখি কালসন্ধ্যাহে যাতে পানীখিনি খায়৷ লগতে কৈ পঠাবা যে নিয়ম সঠিকৰূপে পালন নকৰিলে জাৰি দিয়া পানীয়ে কাম নিদিব৷

প্ৰভু তথাপিও? কোনোবাই কিবা অসুবিধাত পেলাই যদি?

সেইবোৰ চিন্তাই নকৰিবা বৎস৷ ইতিমধ্যেই তোমাৰ যিমান ‘ফেন’ বা ‘ভক্ত’ৰ সৃষ্টি হ’ব, তেওঁলোকে কোনোবা বিবেচনা শক্তি থকা মনুষ্যই তোমাৰ বিৰুদ্ধাচৰণ কৰিবলৈ বিচাৰিলে তেওঁক বখলিয়াই পেলাব৷ আৰু কিবা সুধিবা?

এতিয়া একোৱেই মনলৈ অহা নাই প্ৰভু৷

হ’ব, পিছে পৰেও আমাৰ লগালগি হৈয়েই থাকিব৷ বাৰু, তেন্তে এতিয়া মন্ত্ৰটো শিকাই দিওঁ?

দিয়ক প্ৰভু৷

কিন্তু মন্ত্ৰটো তুমি কেতিয়াও বেলেগক নুশুনাবা৷ মনে মনেহে গুণগুণাবা৷ আহা, কাণখন পাতি দিয়া৷

মহাদেৱ সদাশিৱই মন্ত্ৰটো আওৰাই গ’ল৷ মন্ত্ৰটো হ’লঃ

“ঔম জৰাপানী নমহ,
বিজ্ঞানৰ যুগৰ কলঙ্ক,
বুৰ্বক গছত নালাগে,
এইবোৰৰ দৰেই য’তে ত’তে থাকে৷”

শুনিলা নহয় বৎস?

হয় প্ৰভু৷

তেনেহ’লে আজিলৈ আহিছোঁ৷ তুমি কাম আৰম্ভ কৰি দিবা৷

এটা চকু টিপিয়াই দুষ্টামিৰ ভাৱটো আৰু অলপ বঢ়াই দিব্যৰশ্মি বিকিৰণ কৰি মহাদেৱ অন্তৰ্ধান হ’ল৷ হাঁহিটি যেন মোলৈও সিঁচৰিত হৈ আহিল৷ ভূবন ভুলোৱা মোৰ চিৰ পৰিচিত হাঁহিটি হয়তোবা মোৰ মুখমণ্ডলতো বিৰাজমান হ’ল৷

হেৰা, উঠাহে৷ কিনো তেতিয়াৰেপৰা ‘প্ৰভু’ ‘প্ৰভু’ বুলি ভোৰভোৰাই কিবা কিবি আবোল তাবোল বকি মিচিক মিচিক হাঁহি আছা?

শ্ৰীমতীৰ চিঞৰত একে জাপে শোৱাৰপৰা উঠিলোঁ৷ ধেৎ তেৰি, ইমানপৰে তাৰমানে সপোনহে দেখি আছিলোঁ৷ তেওঁৰ গালখনত লাহেকৈ টিপি আত্মবিশ্বাসত ফুটি উঠা উজ্জ্বল হাঁহি এটিৰে শ্ৰীমতীক ক’লোঁ,

বুজিছা, বঢ়িয়া প্লেন এটা পাইছোঁ৷ নতুন ব্যৱসায় এটা আৰম্ভ কৰিম আজিৰপৰা৷ এতিয়াৰপৰা আমাৰ টকাই টকা৷

★★★★

 

Leave a Reply

Your email address will not be published. Required fields are marked *