ফটাঢোল

ভোগমনৰ কঁঠাল- অজান অনুভৱ বৰা

ভোগমনক বাৰু চিনি পাইনে? অঁ‌ অঁ‌ ঠিকেই, সেই ফটা গাঁৱৰ লেৰেলাৰ সেই গেৰেলা পুতেকটো যে, তাৰ কথাই কৈছোঁ। এহ ৰ’ব, কঁঠালৰ লগত ভোগমনে জ্বলাই মাৰিছে। সিদিনা  কি হ’ল জানেনে নাই পিচে? মাকে তাক পাকঘৰৰ পৰা মাতি আছে,

: অ’ বাবা এইফালে আহচোন।

ভোগমনে তাৰ দুই ইঞ্চি ডাঙৰ পেটডাল আগলৈ ঠেলি পাকঘৰলৈ সোমাই গ’ল,

: ক মা, কি হ’ল?

: এঃ ৰ, পেটটো বৰ এটা ভাল নহয় বুইছ। তই দাইলখিনি চাবিচোন, মই সাউতকৈ গাটো ধুই আহোঁ।

“হ’ব মা” বুলি শলাগি ভোগমনে দাইল সিজোৱাত লাগিল। মাকে আকৌ ৰিঙিয়ালে,

: অ’ বাবা কঁঠালগুটি দুটামান আছে, সিজিছেনে নাই চাবি।

মাক গা ধুই আহি পোৱালৈ দাইল হ’ল। মাকে ভাত বাঢ়িবলৈ লৈ দালিত কিবা এটা বিচাৰি আছে, নাপাইহে নাপায় ।  

: হেৰা, কোনডাল সোণৰ হাড় দালিত পেলালাহে, অথনিৰে পৰা যে ঘুকুটি আছা? 

ভোগমনৰ দেউতাকে সুধিলে।

: এঃ ৰ’ব, কঁঠালগুটি দিছিলোঁ, সোপাকে নাই দেখোন। এনেকৈনো গলিব লাগেনে!

অস্বস্তি ফুটি উঠিছে মাকৰ মুখত। খোৱাৰ মজিয়াত বহি থকা আমাৰ ভোগমনে এইবাৰ তপৰাই উত্তৰ দিছে,

: এ মা, তয়ো যে আৰু। কথাবোৰ নিজেই কৈ নিজেই পাহৰি যাৱ। কিয়, তইয়ে দেখোন মোক কঁঠালগুটি সিজেছেনে নাই চাবলৈ কৈছিলি৷ এটা এটা কৈ কামুৰি চাওঁতে গোটেইবোৰ মোৰ পেটতে সোমাল। দুটামান আধা সিজিছিল অ’। সোৱাদ নাই।

ইতিমধ্যে খঙে চুলিৰ আগ পোৱা মাকে এইবাৰ ব্ৰহ্মাস্ত্ৰ ‘হেতা’খন তুলি ল’লে। 

: এই হাইজাত যোৱা, উঠ বুলিছোঁ উঠ। কটা নিধক, তোক মই সোপাকে পেটত ভৰাবলৈ দিছোঁ। আঁতৰ হ এইখিনিৰ পৰা

বুলি হেতাৰ নালেৰে দুকোব দিলে। কিবা এষাৰ ক’বলৈকো দেউতাকৰ মাত হৰিল, দেউতাকে মাথোঁ‌ ভাবিলে “ই গৰহ নে মূৰ্খ !”

এহ!  ইমানতে আচৰিত হৈছে, আচলখিনি বাকীয়ে আছে ৰ’ব। ভোগমনৰ কঁঠাল ভোগৰ কাহিনী ধেৰ। 

এই নামঘৰীয়া যে, নামঘৰীয়াৰ বাৰীত কঁঠাল গছ  এসোপা বুজিছেনে। তাৰে মানুহৰ খাই বেছি হোৱাখিনিৰ গুটিবোৰ উলিয়াই ৰাখি গৰুক খুৱাই আছে। সেইদিনা চোতালতে মই বহিয়ে আছোঁ, ভোগমনো কিবা সকামত আহি সেইখিনি পালেহি। নামঘৰীয়াই ক’লে,

: ঐ ভোগমন, এনেই আছ যদি কঁঠালখিনিকে ফাল অ’, গুটিবোৰ খৰাহীত থৈ যাবি। গৰুকে দিব লাগিব, বেছিকৈ পকি গৈছে। 

ভোগমনে একে উশাহেই “হ’ব বৰদেউতা” বুলি শলাগিলে। মোৰ চকুৰ সন্মুখতে নামঘৰীয়াই তাক মুঠ তেৰটা কঁঠাল আৰু লগতে খৰাহী এটাও দি ক’লে,

: কঁঠালগুটিখিনি ইয়াতে উলিয়াই থৈ যাবি দেই বোপা।

 ঘড়ীৰ কাঁটা খুউব বেছি দহ মিনিট আগবাঢ়িছে। ভোগমনৰ হেনো কঁঠাল গুটি উলিয়াই হ’ল, যোৱাৰ আগত মাতষাৰ দিবলৈ আহিল।  নামঘৰীয়াই যোৱাৰ আগত তাৰ হাতত দুটা বৰ কঁঠাল দি  ক’লে,

 : ঐ ভোগমন, এইকেইটা তহঁ‌তে খাবি, খাবলৈ বৰ সোৱাদ। আৰু লাগে যদি লৈ যাবিহি। বাপেৰক ক’বি গৰুক দিয়ে যদিও দুটামান নিব পাৰিব।

ভোগমনে তাৰ পেটটো আগলৈ দি বিশেষ ভংগীমাত আঁতৰি গ’ল। গৰুৰ দানা দিয়া চৰিয়াটোত ভোগমনে উলিয়াই থৈ যোৱা কঁঠালৰ ফুটাবোৰ দিবলৈ লওঁতেহে ওলাল উৰহী গছৰ ওৰ! আমাৰ ভোগমনে, মানে লেৰেলাৰ পুতেকে সোপাকে কঁঠালৰ ফুটা নিজৰ পেটতহে ভৰালে। গৰুলৈ এফুটো বাকী নাই। 

“হে হৰি! এই পকি গেলা কঁঠালসোপাকে কেলৈ খালে” বুলি নামঘৰীয়ানীয়ে উচপিচাই উঠিল।

ইফালে নামঘৰীয়াৰ চিঞৰ,

: হেৰা, ভেবা লাগি ৰৈ থাকিব নালাগে, দানা অলপকে আনি গাইকেইজনীক দি লোৱা। এই লেৰেলাৰ পুতেকৰ নিচিনাকৈ মোৰ কজলা দমৰাটোও অলপ বাচ বিচাৰ কৰি খাই অ’।

এই সোপাকে দেখি মোৰো অৱস্থা হাঁহো নে কান্দো হ’ল। চাইকেলখন লৈ ঘৰ পালোঁহি। বেলেগ এদিন সেইফালে আকৌ গৈছিলোঁ। নামঘৰীয়ানীয়ে মোক ক’লে,

: ঐ পল, সিদিনা ভোগমনে আকৌ কঁঠাল নিবলৈ আহিছিল বুইছা । তেতিয়া মই সুধিলোঁ বোলো তই গেলা কঁঠালকে কিয় খালি হয় নে! সি কি ক’লে জানা?

নামঘৰীয়ানী অলপ ৰৈ দিলে। উৎসুক চকুকেইটা অলপ ঘোঁ‌পা কৰি, কাণ থিয় কৰি নামঘৰীয়ানীয়ে পুনৰ আৰম্ভ কৰালৈ বাট চালোঁ‌। অপেক্ষাৰ অন্ত পেলাই নামঘৰীয়ানীয়ে আৰম্ভ কৰিলে,

: সি মোক ক’লে, অ’ বৰমা হাতেৰে কঁঠাল গুটি উলিয়াই ইমান অশান্তি লাগিছিল। সেইকাৰণে দাঁততে পেলাই গুটিকেইটা খৰাহীত থৈ গৈ আছিলোঁ‌। কিন্তু আপোনালোকৰ কঁঠালৰ ফুটাবোৰ পকি পেলাই ইমানেই পিছল হৈ পৰিছিল যে মই মুখৰ পৰা উলিয়াই বাহিৰত থওঁ মানে চুঁ‌চৰি পেটেই পালেগৈ নিজে নিজে। 

নামঘৰীয়াও আহি সেইখিনি পালেহি। মোক উদ্দেশ্য কৰিয়েই ক’লে,

: ভাল হ’ল বুইছ পল! মোৰ দেৱতা সদৃশ গৰুহাল আৰু গাইকেইজনী লোকৰ লালটি সোপা খোৱাৰ পৰা বাচিব পাৰিলে।

কথাষাৰ কৈয়ে নামঘৰীয়া হাঁহিত ফাটি পৰিল আৰু আমিও।

বাৰু, ভোগমনৰ ভোগৰ আখ্যান দীঘলীয়া হ’ব। আজিলৈ ইমানতে এৰিছোঁ দেই। ভোগ কৰক কিন্তু বহুদিনলৈ ভূগিব পৰাকৈ কৰক।

☆ ★ ☆ ★ ☆

12 Comments

  • শ্ৰুতিমালা মিশ্ৰ

    ভোগমন বৰ গুণী লʼৰাকণ দেই 🥰

    Reply
    • পল

      অ বৰ গুণী, মোৰ নিচিনা😂

      Reply
  • দীক্ষিতা

    ভোগমনে খাদ্যবস্তু নষ্ট নকৰে । সেইটো বৰ ভাল গুণ।
    লেখকে সেই ভাল গুণবোৰ জন সমাজত প্ৰচাৰ কৰি ভাল বাৰ্তা এটা দিছে যে খোৱা বস্তু পালে টপাটপ গিলিব লাগে, সেই ভোগমন ওৰফে লেখকৰ দৰেই। কাহিনীটোত ছদ্মনাম লৈছে আৰু ন। 😁

    Reply
    • পল

      অপবাদ দিবলৈ শিকিছা ? কাৰ পৰা শিকিশা শৰ্মা নে😏

      Reply
  • পল

    শিকিছা*

    Reply
  • ডলী

    হা হা! ভাল লাগিল

    Reply
  • জিতু

    মজ্জা

    Reply
    • অজান অনুভৱ

      ধন্যবাদ জনাইছো

      Reply
  • Prodip Borah

    অ’ মাই ডগ ৷

    Reply
    • অজান অনুভৱ

      বৰ আচৰিত কথা এইবোৰ😃

      Reply
  • Anonymous

    হা হা জমনি। ভাল লাগিল দেই।

    Reply

Leave a Reply to শ্ৰুতিমালা মিশ্ৰ Cancel reply

Your email address will not be published.

error: Content is protected !!