ফটাঢোল

ওলায়ে দেখিবা যাক, শত্ৰু নুবুলিবা তাক- প্ৰণীতা গোস্বামী বৰঠাকুৰ

: পিমু, এই ব্ৰহ্মপুৱাতে খিৰিকীবোৰ কিয় খুলি দিছা, বন্ধ দিনটোতো ভালকৈ শুবলৈ নাপাওঁ। কিযে শব্দবোৰ কৰে ঔ…

‘দু’ৱে বিছনাৰ পৰাই ভোৰভোৰাই উঠিল। কাষৰ বৰুৱা আংকোলৰ এতিয়া মুখ ধোৱাৰ সময়, খেক্ খুক্ খোৱাক্, খোল্লেক্ আদি বিভিন্ন শব্দৰে তেওঁ মুখখন পখালে। সেই শব্দতে ‘দু’ৰ পুৱাৰ চিকুন টোপনিকণ ভংগ হৈছে। বন্ধ বাৰত এনেয়ো দেৰিলৈকে শোৱাৰ অভ্যাস ল’ৰাকালৰে পৰাই, তাতে কালি ফুটবল খেল চাইছে দেৰিলৈকে। দহটালৈকে শুবই আজি! আগতে মাকেই কাম কৰি কষ্ট কৰা ল’ৰাটোক বন্ধৰ বাৰটোত মনপূৰাই শুবলৈ দিছিল। অভ্যাসটো এৰা নাই এতিয়াও। কাষৰ গাৰুটোৰে কাণখনত হেঁচা দি পুনৰ শুই পৰিল দাদ্লু। 

: উঠাহে দু, আঠটা বাজিল। ৰণৰো অনলাইন আৰ্টৰ ক্লাচ আৰম্ভ হ’লেই।

এনেয়ে এবাৰ মাতি চালোঁ দাদ্লুক। নাই তাৰ কাণসাৰ নাই। এই অনলাইন ক্লাচসোপাৰ বাবেই মই মন গ’লেও দেৰিলৈকে শুব নোৱাৰোঁ ‘দু’ৰ দৰে। ব্ৰেকফাষ্ট কৰাই ৰণক ক্লাচৰ বাবে সাজু কৰাব লাগে, নিজেও অলপ ভাল ড্ৰেচ এটা কৰি ল’ব লাগে, হঠাতে পেৰেণ্টচক বিচাৰিলে দেখা দিবও লাগে মিছক। খোলা বাৰত সিহঁত তিনিওটাই তিনিটা ৰূমত লেপটপ, মোবাইলৰ কাষত ঘণ্টাজুৰি বহি থাকিব লাগে অন লাইন কামৰ নামত। ক্লাচ  থ্ৰিৰ ল’ৰা এটাৰো ইমানবোৰ ক্লাচ, আচৰিত লাগে কেতিয়াবা। কি বুজে সিহে জানে, আজৰিয়েই নাপায়। ক্ৰাফ্টৰ কামবোৰ আছেই।

বৰুৱা আংকোল(আংকোল বুলি মাতিলে খুৰাই বৰ ভাল পায়, য়ং ফিল কৰে হেনো) আমাৰ চুবুৰীয়া। মানে ৱালখনেহে দুখন ঘৰ কৰি ৰাখিছে। খুৰা, খুৰী, কলেজ পাছ কৰা টিংকু আৰু বাংগালোৰত চাকৰি কৰি থকা টিনাই খুৰাহঁতৰ সংসাৰ। আমি তেখেতৰে সম্বন্ধীয়া ভায়েক এজনৰ ঘৰত ভাড়াতীয়া। সৰু চহৰখনত ফ্লেটৰ চাহিদা কম বাবেই এনে চোতাল-বাৰী থকা ঘৰত ভাড়া ল’ব লগা হৈছে। মই ফ্লেটহে ভাল পাওঁ। ওলোৱা-সোমোৱা দুৱাৰ এখনেই বাবে তলাও এটাহে লগাব লগীয়া হয়, নিৰাপত্তাৰ  ফালৰ পৰাও নিশ্চিন্ত থাকিব পাৰি। এতিয়া কোনোবাই গে’টখন কুটুং কৰিলেই লেপটপ চাই থকাৰ পৰাই মূৰ তুলি চাব লগা হয়, হকাৰেইনে, পাছলি বেপাৰীয়েইনে, পাৰ্চেলেই আহিলনে…, মুঠতে অন্যধৰণৰ মানসিক চাপ এটা। 

বৰুৱা আংকোলহঁতৰ ডাইনিং ৰূম আৰু পাকঘৰটো আমাৰ শোৱনিকোঠা আৰু টিভি ৰূমৰ একেবাৰে নিকতৱৰ্তী। খুৰীৰ পাকঘৰত বাচন এটা পৰিলেও আমাৰ ঘৰত পৰা যেনেই লাগে। খুৰীয়ে পাকঘৰত পাঁচফোৰণ দি তেলমৰা দাইলখনৰ গোন্ধেও আমাৰ মন-মগজুত ক্ৰিয়া কৰে। উশাহটো উজাই আহে। মাংস বা আন ভালগোন্ধোৱা খাদ্যৰ কথা নকৱেই। মুঠতে খুৰীৰ ৰন্ধাৰ গোন্ধে আমাৰো আধা পেট ভৰাই পেলায়। কেতিয়াবা খুৰীৰ যাদুকৰী হাতৰ পৰশত প্ৰাণ পাই উঠা খাদ্যৰ গোন্ধৰ লগত আমাৰ পাকঘৰত ৰন্ধা খাদ্যৰ নুন্যতমো সামঞ্জস্য নাথাকিলে খোৱা টেবুলত শীতল যুদ্ধ এখনেই আৰম্ভ হয় আমাৰ। মই পিচে কেৰেপ নকৰোঁ। ভোজন বিলাসী দুৰহে মুখখন ফুলে। ভাল ৰন্ধা খাই অৱশ্যে ময়ো ভালেই পাওঁ, পিচে…

ৰন্ধা-বঢ়াত মই একেবাৰেই কে‍ঁচা। মেগী আৰু কণী বইল কৰাৰ বাহিৰে বিয়াৰ আগতে একোৱেই ৰান্ধি পোৱা নাছিলোঁ। বোধকৰোঁ দীৰ্ঘদিন হোষ্টেলত থাকি পঢ়াৰে ফল এইবোৰ। অৱশ্যে মোৰ ৰন্ধাত আগ্ৰহো কম। কোনোমতে পাছলিখিনি প্ৰেচাৰত সিজাই পাছত তেলত পিয়াঁজ-নহৰু দি লৰফৰ কৰিলেই ভাজিখন হৈ যায়। এইটো বুদ্ধিও ক’লিগ এগৰাকীৰ পৰাই ধাৰ লোৱা। পাকঘৰত দিনটো সোমাই ৰন্ধা-বঢ়া কৰি থকাটো মোৰ দ্বাৰা সম্ভৱ নহয়। বিয়াৰ পাছত এই বিষয় লৈ অলপ ভয় খাইছিলোঁ যদিও সাদৰী শাহুমায়ে মোক কুটা এগছো কৰিবলৈ নিদিছিল। কৰাৰ ভিতৰত তেওঁ বেলি দিয়া লুচীকেইখন তেলত ফুলাই ফুলাই ভজা, ফুলোৱাৰ কিটিপটোও তেঁৱেই শিকাই দিছিল আৰু সকলো যোগাৰ কৰি মিক্সিত ভৰাই দিয়া পদিনা বা ধনীয়াৰ চাটনিখন মিক্সিৰ চুইছটো টিপি তৈয়াৰ কৰা। ছোৱালী বিহীন ঘৰখনত মোক বৰ আটোলটোলকৈ ৰাখে এতিয়াও। 

ইয়ালৈ আহি অকলে দুয়ো সংসাৰ আৰম্ভ কৰোঁতেও ঠিকেই আছিল, দুৱে সমানে কামত সহায় কৰিছিল। পাৰ্ট টাইমাৰ এগৰাকীও আহি আছিল অলপ দিনৰ আগলৈকে। এতিয়াহে সৱ নিজেই কৰিবলগা হৈছে। তথাপিও অফিচ, স্কুল খোলা দিনবোৰতো ঠিকেই আছিল। লৰালৰিকৈ কিবা এটা খাই ওলাই গৈছিলোঁ, ঘূৰি আহোঁতে আবেলিৰ খোৱাও কিনি আনিছিলোঁ। ৰাতিৰ সাঁজলৈ বিনিতা আহিছিলেই। মুঠতে ৰুটিনখন ঠিকেই চলি আছিল। লকডাউনৰ পৰাহে কামবোৰ খেলি-মেলি হ’ল। খোৱাৰ যোগাৰো বেছি লগা হ’ল।

কিটিঙকৈ গে’টখন খোলাৰ শব্দ শুনি খিৰিকীৰে জুমি চালোঁ। বৰুৱা আংকোল। বাৰীৰ পৰা কিবা নিবলৈ আহিল চাগে। ভায়েকৰ বাৰী বাবে তেওঁৰ একো সোধ-পোচ নাই। চিধাই গে’টখন খুলি লগা বস্তুকেইপদ যেনে- গহৰা গজি হোৱা ভাতকেৰেলাকেইটা, কলপাত দুখন, কলডিলটো বা ৰঙলাওৰ আগখিনি বা ফুলখিনি আদি বিনাদ্বিধাই লৈ যায়। বাৰীত কি লাগিছে সেইবোৰ চোৱাত আমাৰ দুয়োটাৰে আগ্ৰহ নাই। খুৰাইহে চাই ফুৰেহি। খুৰীয়ে কেতিয়াবা উপযাচি ভাতকেৰেলা দুটা দি থৈ যায়হি। আমাৰ তিনিওৰে অস্পৃশ্য বস্তু এইবোৰ। গতিকে তেওঁলোকেও জানে যে আমি আজিৰ যুগৰ দম্পত্তি, বজাৰৰ বস্তুহে ভালপাওঁ। লোকে ৰান্ধি থোৱা খাদ্য পালেতো কথাই নাই, পইচালৈ চিন্তা নকৰোঁ তেতিয়া।

: মা, মোৰ ক্লাচ শেষ, কিবা এটা খাবলৈ দিয়ানা।

পঢ়া টেবুলৰ পৰা উঠিয়েই ৰণে চিঞৰ ধৰিলে।

এইকণ সময়ত তাক কিবা-কিবি এটা লপ-লপাবলৈ লাগে। ভাতলৈ দেৰি আছে। ফ্ৰিজত থকা ইন্সটেণ্ট কৰ্ণৰ পেকেটটো উলিয়াই ল’লোঁ, তাকে অলপ অভেনতে গৰম কৰি দিওঁ তাক। দুও এঙামুৰি দি উঠি আহিল। দুলৈয়ো চাহৰ বাবে হটকেটলিটো গেছত তুলি দিলোঁ। টেবুলত দুয়োলৈ খোৱা যতনাই ফ্ৰিজটো খুলি চিন্তা কৰিলোঁ, কি ৰান্ধিম আজি দুপৰীয়া। ডিপ ফ্ৰিজত কালিয়েই অনলাইনত কিনি অনা চিকেন আৰু মাছ আছে। চিকেনখিনিকে উলিয়াই বেচিনৰ টেপৰ তলত থৈ টেপটো খুলি দিলোঁ বৰফখিনি গলক বুলি। ৰেডিমেড পনীৰৰ পেকেটটো আৰু ফিংগাৰ চিপচৰ পেকেটটোও উলিয়াই ল’লোঁ, ৰণে খাই ভাল পায়। তিয়ঁহ আৰু বিলাহীৰ চালাড এখন বনাম, হৈ যাব। মাইক্ৰ অভেনটো গৰম কৰি ৰেডিমেড পনীৰখিনি বাউল এটাত বাকি অভেনত সুমুৱাই দিলোঁ। চিকেনখিনি ভালকৈ ধুই তেলত এপিচ এপিচকৈ ভাজি ল’লোঁ। চিকেন গ্ৰেভিৰ ৰেডিমেড পেকেটটো কাটি কেৰাহিত বাকি দি ভজা চিকেন কেইপিচ দি উটলিবলৈ দিলোঁ। মাৰপৰা শিকি আজিকালি শেষত কচুৰি মেঠি শাক অলপ মোহাৰি চটিয়াই দিওঁ, টেষ্ট ভাল হয়। সেইটো পেকেটো ওচৰলৈ আনি থ’লোঁ। ইতিমধ্যে চিকেন কাৰী আৰু পনীৰ দোপিয়াঁজা ৰান্ধি হৈছেই। ৰাইচ কুকাৰতে অলপ ঘিঁ আৰু চাহীজিৰা অলপ দি বাচমতি চাউলখিনি দি জোখত পানী দি এবাৰ লৰাই ঢাকোন বন্ধ কৰি দিলোঁ, হৈ যাব জিৰা ৰাইচ। ফিংগাৰ চিপচখিনি গৰমে গৰমে ভাজি দিম। থাওকতে চালাডখনো কাটি ল’লোঁ। শ্লেপখন মচি পাকঘৰৰ পৰা ওলাই আহিলোঁ। খাবৰ সময়ত অভেনতে গৰম কৰি ল’ম।

ক্ৰিং ক্ৰিং কৈ বে’ল বজাৰ শব্দ শুনি বেডৰূমৰ পৰা ওলাই আহিলোঁ।

: অ’ খুৰী, আহক আহক।

: কি কৰিছিলা, ভাত পানী হ’লনে? মই তোমালোকে সোনকালে খাবাই বুলি লৰালৰিকৈ বনাই আনিছোঁ।

: ইচ, খুৰী কিয় কষ্ট কৰিলে। আজিকালি আমাৰো দেৰি হয় দুপৰীয়া, তাতে আজি দেওবাৰ যে অফিচৰ কামো নাই। মোৰ ৰন্ধা প্ৰায় হৈছেই। পাছত গৰম কৰি ল’ম।

খুৰীক বহিবলৈ দি ক’লোঁ।

: ভালেই দিয়া, আমাৰ আক’ খুৰাৰাৰ সৱ গৰমে গৰমে ৰন্ধা হ’ব লাগিব। সেয়ে দিনটো পাকঘৰতে যায় মোৰ। ৰুটিও অলপ ঠাণ্ডা হ’লে নাখায় বুজিছা!

খুৰীয়ে অলপ আক্ষেপ কৰি কোৱা যেন লাগিল কথাখিনি।

: এয়া লোৱা, আজি আৰিমাছ ভাপত দিছিলোঁ। খুৰাৰাই কলপাত ইয়াৰপৰাই লৈ গৈছে। কাঁইট নথকা মাছ ৰণেও খাব পাৰিব।

খুৰীয়ে মাছ অনা টিফিন বাতিটো মোলৈ আগবঢ়াই দি ক’লে। খুৰীৰ মৰমীয়াল মনটোও যেন বাতিটোৱে কঢ়িয়াই আনিলে। হাত পাতি ল’লোঁ বাতিটো। ধন্যবাদ জনাবলৈ সংকোচ হ’ল মোৰ। চাহ একাপ খাই যাবলৈ অনুৰোধ জনালোঁ যদিও খুৰী নবহিল। ভাজি কাটি থৈ আহিছে বোলে। খুৰা বাথৰূমত সোমাইছেই, ওলালেই ভাতৰ পাতত বহিব। 

গহীন খোজেৰে খুৰী ওলাই গ’ল। ৰণ দৌৰি আহিল, “আইতাই কি দিছে চাওঁ”  বুলি। মই  দুৱাৰখন বন্ধ কৰি ডাইনিং টেবুললৈ বাতিটো লৈ গ’লোঁ। ৰণৰ উৎপাতত বাতিটো খুলি চালোঁ, কলপাতেৰে মেৰিওৱা ভাপত দিয়া মাছ চাৰিপিচ, কাষৰ চেপাৰেটৰত খৰিছা দি কঁঠালগুটি পিটিকা অলপ। খৰিছাৰ গোন্ধ পাই ৰণে নাকত ধৰিলে। “বহুত টেষ্টি হয় খাই চাবাচোন, ভাল পাবা।”  তাক বুজালোঁ যে আনে দিয়া বস্তুক অৱজ্ঞা কৰিব নাপায়। কিছুমান জ্ঞান বিয়াৰ পাছত আপোনা-আপোনি বৃদ্ধি পাইছে মোৰ। ল’ৰাক শিকাব লাগে বুলিয়েই হওক।

দুপৰীয়াৰ ভাতসাঁজ তৃপ্তিৰে খালোঁ। ফেচবুক ষ্টেটাছত দিম বুলি মাছকেইপিচৰ ফটো একপিও তুলি থ’লোঁ। পনীৰখিনি কোনেও নুচুলোঁৱেই। মাছৰ গাত লাগি থকা বগা ৰঙৰ গ্ৰেভিখিনিৰেই আধা ভাত খোৱা হৈ গৈছিল। বৰ সোৱাদ হৈছিল খাবলৈ। খুৰীৰ হাতৰ জুতি বহুবাৰ পাইছোঁ যদিও আজি বৰ সু-স্বাদু হৈছিল। তাতে এনেকৈ ভাপত দিয়া মাছ আমি বহুতদিন খোৱাই নাছিলোঁ। দাদ্লুৱে ভাত খাই মাকলৈ ফ’ন কৰি জনালেই।

মায়েও সিফালৰ পৰা জনালে যে, “পিম্লিকো খুৰীক খালী বাতিটো ঘূৰাই পঠাবলৈ নিদিবি, কিবা এবিধ ৰান্ধি পঠাবলৈ ক’বি।”

মাৰ কথাষাৰে চিন্তিত কৰিলে মোক। খুৰীলৈ মই ৰন্ধা খাদ্য….!  ‘দু’ক কথাটো ক’লোঁ, 

: মই ৰন্ধাত বেয়া, কেনেকৈ খুৰীহঁতক মোৰ হাতৰ খাদ্য খুৱাম! 

: কিবা এটা হ’ব ৰ’বা।

দুৱে আশ্বাস দিলে মোক।

এনেকৈ এসপ্তাহমান গ’ল। অনলাইন ক্লাচ, অফিচৰ কামৰ হেঁচাত আমি পাহৰি থাকিলোঁ খুৰীৰ টিফিন বাতিটোৰ কথা।

এদিন বাচনৰ মাজত বাতিটো দেখি দুক চিঞৰি মাতিলোঁ। আজি কিবা এটা কৰিবই লাগিব। কি ৰান্ধিম ইউ টিউবত খুচৰিবলৈ লাগিলোঁ। এটাও ৰেচিপি মোৰ সাধ্যৰ ভিতৰত নপৰিল। দুক ঘৰুৱাকৈ ৰন্ধা ধাৱা বা হোটেলৰ পৰাই মাটন বা ডাক কাৰী অলপ কিনি আনিবলৈ ক’লোঁ। “চাবা যাতে টেষ্টটো ঘৰত ৰন্ধাৰ দৰে হয়”- সঁকিয়াই দিলোঁ মই।

মোৰ কথা মতেই দুৱে হাইৱেৰ কাষৰ ধাৱা এখনৰ পৰা হাঁহৰ মাংস অলপ আৰু ৰণৰ বাবে মাটন কাৰী অলপ লৈ আহিল। ৰণক হাঁহৰ মাংস নুখুৱাও কফৰ বাবে। মই খুৰীৰ টিফিনটোত হাঁহৰ মাংসখিনি ধুনীয়াকৈ ভৰাই কাষতে মায়ে পঠোৱা কঁঠালৰ আচাৰ অলপ দি বাতিটো দিবলৈ ওলালোঁ। লগতে দেৰি হোৱা বাবে ‘চৰী’ বুলি ক’বলৈ যাতে নাপাহৰোঁ আওৰাই ল’লোঁ মনতে। মোৰ লগত ৰণো যাবলৈ ওলাল। ৰণক সঁকিয়াই নিলোঁ সি যাতে ভুলতো হোটেলৰ পৰা অনা বুলি নকয়গৈ।

খুৰীক টিফিনটো আগবঢ়াই দি নিজৰ ৰন্ধাৰ অজ্ঞতাৰ বিষয়ে জনাই দুখ কৰিলোঁ। মনত অনুশোচনা হ’ল যদিও মিছা মাতিলোঁ। খুৰীয়ে আশ্বাস দিলে, দহ বছৰৰ পাছতহে বোলে এগৰাকী পত্নী সম্পূৰ্ণ গৃহিণী হয়। গতিকে সময় বহুত আছে, দেখি-ঠেকি শিকি থাকিবা। 

মনটো ভাল লাগিল। খুৰীয়ে ঘৰতে বনোৱা টেঙা আমৰ চৰবত এগিলাচ খাই যাবলৈ উঠিলোঁ। খুৰা আগফালৰ বাৰান্দাতে বহি আছিল। ৰণক কাষ চপাই নি সুধিলে,

: কিহে য়ং বয়, খেলা-ধূলা কৰিছানে ক্লাচকে কৰি আছা? 

ৰণেও “কৰি আছোঁ” বুলি শলাগিলে।

: পাপাক, আজি বহুত দিনৰ মূৰত 

বাইক লৈ ওলাই যোৱা দেখিলোঁ, তোমালৈ কি আনিলে পাপাই..

খুৰাই ধেমালি কৰি সুধিলে।

: মোলৈ নহয়, তোমালোকলৈহে আনিবলৈ গৈছিল। মায়ে পঠাইছিল….

মই ৰণৰ হাতখনত চিকুটি দিলোঁ। সি মোলৈ চাই ককাকৰ কাষৰ পৰা আঁতৰি আহিল।

খুৰাক মাত লগাই ৰণৰ হাতখন জোৰেৰে টানি ঘৰমুৱা হ’লোঁ। লাজত মই মূৰ ওপৰ কৰিব পৰা নাছিলোঁ। 

খুৰাই চাগে বাৰান্দাৰ পৰাই আমাক চাই মিচিকিয়াই হাঁহি আছে এতিয়া।

☆ ★ ☆ ★ ☆

3 Comments

  • Rimjhim

    হাঃহাঃ বঢ়িয়া লাগিল। এনেকুৱা অস্বত্বিকৰ পৰিস্থিতিৰ সৃষ্টি হয় কেতিয়াবা

    Reply
  • ফটিক বৰা

    বৰ সুন্দৰ।খুৰীৰ আৰি মাছৰ ভাপত দিয়া খিনিৰ দৰে।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বৰ ভাল লাগিল লেখাটো৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *