সম্পাদকৰ তাগিদা বনাম লেখকৰ তাড়না-জয়ন্ত দত্ত
সম্পাদকৰ দাবী লেখা এটা লাগে, তাকো বোলে হাস্য-ব্যংগ।(মই বোলো মোকেই ক’লেনে? মইচোন তামোল এখন খালেও পিকেই নোলায়, লেখাত হাস্যৰস কি চেপি উলিয়াম!)। দাবী মানে সাতদিন ধৰি একেৰাহে ন’টিচ, চমন ইত্যাদি। ফে’চবুক খুলিবই নোৱাৰি, টংটংকৈ মেচেঞ্জাৰৰ শব্দ হয়। শ্ৰীমতী ওচৰত থাকিলেতো আৰু সৰ্বনাশ। পোন্দোৱাকৈ চোৱা চকুৰ পাক দেখিলে বুকুখনতো সেইকেইটা শব্দই বাজে, টং টং। জীৱটোৰ নহ’লেও ৰাতিৰ ভাতমুঠিৰে টনাটনি হওঁ হওঁ হয়।
অলপ ভালো লাগে দিয়কচোন, কোনোবাই লেখা এটা দিবলৈ ক’ব, মই “নাই নাই” বুলি মূৰ-চূৰ জোকাৰিম। পিছলৈ,
: এ হ’ব দিয়কহে, আপুনি পাৰিব। আপোনাৰ কিহৰ ইমান অসুবিধা?
বুলি যেতিয়া অলপ টানকৈয়ে ধৰিব, সেইমুহূৰ্তত কি উত্তৰ দিম সেইটো ভবাৰ সমান্তৰালকৈ প্লট এটাও মনলৈ আনিবলৈ চেষ্টা কৰিম।
: হ’ব বাৰু, মই চেষ্টা কৰিম।
বুলি যেতিয়া বাৰ্তালাপৰ মোখনি মাৰিম, তেতিয়া মোৰ মূৰত গণি গণি তিনিটা প্লটে ভৰ কৰিব। কাগজ-কলম লৈ বহি যাম, লগে লগে লিখি নথ’লে প্লট গুচি পিছলৈ বাঁহৰ সাঙী হ’বগৈ। এনেকুৱা সময়ত মই আৰু দুখনমান হাতৰ প্ৰয়োজন অনুভৱ কৰোঁ। কোনটো এৰি কোনটো ধৰোঁ একো উৱাদিহ নোপোৱা হওঁ।
সেই ক্লাছ চেভেনতে নৱম শ্ৰেণীৰ ছোৱালী জোকাই বৈশ্য ছাৰৰ কেঁচা বেতৰ কোব খোৱা কাহিনীটো এটা বিয়াগোম প্লট। এনেও হাইস্কুলৰ বছৰকেইটাৰ কৰ্ম-কাণ্ডবোৰচোন এখন সুদীৰ্ঘ উপন্যাসৰ সমল। ঠিকেইতো, সেইবোৰ কথা ইয়াত লিখি লাভ নাই। পাৰিলে পিছলৈ ভালদৰে সজাই-পৰাই দীঘল গল্প এটাকে লিখিম। তাতোকৈ বৰুৱাদাৰ বিয়াৰ বজাৰ কৰা ঘটনাটোকে অলপ নাম-চাম সলাই! নাঃ, বৰুৱাদাই পঢ়া-শুনা কৰে। স্মাৰ্ট মানুহ, গম পাই যাব। পিছলৈ মাহৰ বিশ-বাইশ তাৰিখে টকা দুহেজাৰ ধাৰলৈ লোৱাৰো মুদা মৰিব। কাজেই সেইটো প্লট আৰু আগ নবঢ়ালোঁ।
তৃতীয় প্লটটো অৱশ্যে অলপ ছেনজিটিভ। এনেয়ে শ্ৰীমতী বিষয়ক দুই-এটা লেখা লিখিছোঁ, পঢ়িবলৈও দিছোঁ ভয়ে ভয়ে। পঢ়ি উঠি “ইহ্ বৰ গোটেই লেখকটো ওলাইছে!” বুলি ভেঁকাহি মাৰি উঠোঁতে গম পাইছোঁ বৰ এটা বেয়া হোৱা নাই তাৰমানে। পিছলৈ ক্ষতিপূৰণ হিচাপে অকলে গৈ ফাঁচীবজাৰ ফুটপাথৰ পৰা বেনাৰসী চিল্ক্(!)ৰ শাৰী দুখন কিনি দিবলগীয়া হোৱাটোও মই বেয়া পোৱা নাই। হ’লেও শ্ৰীমতীৰ সৈতে সেই ঐতিহাসিক মাহ-দিনজোৰা কাজিয়াখনৰ ঘটনাটোক আজিৰ লেখাৰ সমল বনাব খুজি মোৰ ভৰি-হাত কঁপি উঠিছে। সাহস আৰু দুঃসাহসৰ মাজৰ পাৰ্থক্যটো মোৰ বেচ জনা আছে।
শেষ পৰ্যন্ত ঠিৰাং কৰিলোঁ, অইনৰ কথা লিখি বিপদ চপাই কোনো লাভ নাই। দস্তুৰমত নিজৰ কথা লিখিম, অন্ততঃ “ক্ষতিপূৰণ”, “ক’পিৰাইট” একোৱে মোক চুব নোৱাৰে। ব্যৰ্থ প্ৰেমৰ অভিজ্ঞতাখিনি কামত লগাম, অলপ ৰোমাণ্টিক ফিলিং এটাও দিম যদিও সামৰণিৰ ফালে পাঠকক একেবাৰে হঁহুৱাই বগৰাই দিবলৈ চেষ্টা কৰিম। সুৰক্ষা আৰু গোপনীয়তাৰ খাতিৰত “ডে’নিয়েল”, “ৰে’বেকা”, “ফাৰ্ম-হাউচ্”, “ছী-বীচ্চ” জাতীয় শব্দ কিছুমান সন্নিবিষ্ট কৰিম। ল’কেশ্যনটোত অলপ ফ’ৰেইন টাচ্চ্ ৰাখিম, বাকী কাহিনীৰ জঁকাটো সেই জয়কান্ত-ভদৰী পেনপনীয়া প্ৰেম এক্সপ্ৰেছ।
কথামতেই কাম। কাহিনীটো মনতে জুঁকিয়াই কলমটোৰে এনেয়ে এবাৰ আঁক-বাক কৰি মই সাজু হ’লোঁ।
: অলপদেৰি মোক ডিষ্টাৰ্ব নকৰিবা দেই।
বুলি শ্ৰীমতীক গেৰি এটা মাৰিবলৈ মুখখন মেলিছোঁহে,
“ঘটং…”
মেলা মুখ মেলাতেই ৰ’ল। শব্দটো নিৰ্ঘাত পাকঘৰৰ ফালৰ পৰা আহিছে। ঘড়ীটোলৈ চালোঁ, ভাত ৰন্ধাৰ সময় হোৱা নাই। তেনেহ’লে…! তিনিবছৰীয়া পুত্ৰই কিবা উৎপাত কৰিছে বুলি ভাবি কাণখন উনালোঁ।
: ল’কডাউনতো কিহৰ অ’ফিচডাল খোলা থাকে বুজি নাপাওঁ। দিনৰ দিনটো খটাসুৰটোক লৈ ঘৰখন কেনেকৈ চম্ভালোঁ মইহে জানো, খবৰ ৰাখিবলৈতো কাৰো সময়েই নাই। গধূলি অলপ ভাগৰ জিৰাব খুজিলেও কপালত নাই। অথনিৰে পৰাই মোবাইলটো খুচৰিছে, এতিয়া আকৌ কলম-কাগজ লৈ বহিছে, মুঠতে…।
বুজিলোঁ প্ৰথম সংকেতধ্বনি বাজি উঠিছে। এমহীয়াখনত অস্ত্ৰ সম্বৰণ কৰা মোৰ বেছিদিন হোৱা নাই, আকৌ এখন এমহীয়াৰ প্ৰস্তুতি চলোৱাৰ সমল নাই। কাগজ-কলম সামৰি থৈ লাহেকৈ মাত দিলোঁ,
: চাওঁ দেউতাকণ, এইফালে আহাচোন।
আজি লেখা পঠোৱাৰ শেষ দিন আছিল। “আপোনাৰ কিহৰ ইমান অসুবিধা?” বোলা কথাষাৰ মনত পৰিল। ইতিমধ্যে ব্লক নকৰিলে কাইলৈ ৰাতিপুৱাই মেচেঞ্জাৰতে বাৰ্তা এটা পঠিয়াব লাগিব,
“এইবাৰলৈ ক্ষমা কৰিব, বৰ জৰুৰী অ’ফিচৰ কাম এটাত ফ’চি গ’লোঁ।”
☆ ★ ☆ ★ ☆
12:59 pm
ভাল লাগিল৷
9:58 pm
মজা লাগিল দেই ।
10:28 pm
বঢ়িয়া ।
10:35 pm
মজা
5:17 pm
Mojaaaa ?
5:19 pm
??
7:47 am
আটাইলৈ অশেষ ধন্যবাদ জনালোঁ ।