মা-দেউতাৰ চকুত তেওঁলোকৰ পচন্দৰ ড্ৰেছেৰে মই বিশ্বসুন্দৰীজনী-অসীমা শইকীয়া দত্ত
সৰুতে নতুন চোলালৈ বাট চাই থকা সময়বোৰ। হোলোঙা ফ্ৰক এটা দেতাই আনি দিয়ে। গোটেই অসমৰ মানুহ সোমাই চুবুৰীয়া ৰাজ্যৰো আধা সোমাব পৰাকৈ। মায়ে কয় ভালেই হ’ল তাই ডাঙৰ হোৱালৈকে পিন্ধিব পাৰিব। দেতাই শলাগি তৎ নেপাই মোক ইমানেই ভাল দেখে। অত শলাগনিত গম পাবলে বাকী নেথাকে মই যে গদাপানীৰ চোলাত সোমাই পৰা গতি এটালে গৈছোঁ। মনতে ভাবোঁ, “ডাঙৰ হোৱালৈকে পিন্ধিব পৰালৈ সৰু কালছোৱাচোন চোলাটোৱেই মোক পিন্ধি ফুৰিব মানে।”
এবাৰ বিয়ালে পিন্ধি ওলালোঁ। অকল মূৰটো ওলাই আছে নিজৰ বুলিবলে। মামাহঁতৰ গাঁৱত বিয়া। মামাই মাক সুধিছে,
: অকলে আহিলি যে বাইদেউ?
মায়ে কৈছে মাইনাও আহিছে। মামাই পিছলে চাই কৈছে,
: ইয়ৌ ফাপৰিক মই দেখাই নাই। কজলা ৰঙৰ কি চোলা আনি দিলি এইক এইটো, গৰু পোৱালিটো বুলিহে ভাবিছিলোঁ মই আমাৰ।
সেইচাট বেইজ্জতীৰ পিছত ইজ্জত বুলিবলে কি বাচি থাকিল মোৰ, যে বিয়াখন খাম। মায়ে বিয়া ঘৰলে নেযাম বুলি মোক কিমান ধুনীয়া লাগিছে বৰ্ণনা কৰে। লগতে এইটো ক’বলে নাপাহৰে তেওঁৰ মানুহটোৱে অনা চোলাটোৰ এটা পিচেই বজাৰত ওলাইছে যিটো কেৱল মইহে পিন্ধিছোঁ৷
মোৰ ফ্ৰকটোৰে এখনেই বিয়া খালোঁ…… পিছলৈ সেইটো দেতাই পিন্ধি ঘাঁহ কাটিবলে যাব বুলি মায়ে কাৰোবাক দি দিলে মনে মনে। হোলোঙা চোলাটোৰে মা দেতাৰ চকুত জোৰেৰে বিশ্ব সুন্দৰী হৈ থকাৰ সময়ৰে কথা। আহি গ’ল চুৱেটাৰৰ দিন। নামটো বেগী আছিল চুৱেটাৰটোৰ। মাৰ্কেট জমাই আছে বেগীয়ে, কিন্তু মোৰ ভাগত পৰাটো বেগীতকৈও বেছিয়ে বেগী আছিল, ওচেইন বল্টৰ দৰে। অনায়াসে দুইটা হাতত মা দেতাৰ দুইটা পৰিয়াল সোমাই ফুৰিব পাৰিব। সেইটো পিন্ধিলৈ জন্ম দিয়া দুইজনৰে চকুত আৰু জোৰেৰে বিশ্বসুন্দৰীৰ ওপৰৰ লেভেল এটালৈ গুচি গ’লোঁ। না সেইটো পিন্ধিলে তললে মোৰ ফ্ৰকটো ওলাই, না মোৰ আঁঠু দুটা ওলায়। ফ্ৰকটো, চুৱেটাৰৰ তলত লাড্ডু পাতি থাকে, তথাপি মই বিশ্বসুন্দৰীতকে ওপৰত, তেওঁলোকৰ খৰচ হোৱা পইচাকেইটাৰ জহত। চুৱেটাৰ দাঙি তললে টানি থাকোঁ ফ্ৰকটো, তাৰ অস্তিত্ব ঘোষণা কৰিবলে। সিফালে চুৱেটাৰৰ হাত হোলোঙা দাঙিব নোৱাৰি, হাত দুটা তললে ওলমি থাকে হাতীকাণৰ দৰে দুচাট। হাত দুটা কোঁচাই লওঁ মানে ওপৰলে দাঙি, তলৰ ওলোৱা ফ্ৰককণ পিৰিককে দৌৰ মাৰে ভিতৰলে, যেন তাৰ ভাও শেষ, গ্ৰীণ ৰূমলে দৌৰিছে। সেইখন যুদ্ধৰ মাজত, মা-দেতাৰে প্ৰশংসা হাই লেভেলত। তেনেকুৱা ফাছ কিলাছ ডিজাইন প্ৰথম মই পিন্ধিছোঁ বুলি। বুৰ্বকৰো বুৰ্বক, সঁচা ভাবোঁ তাকে। নামঘৰৰ কাপোৰ পিন্ধোৱা ডবাটো আৰু মোৰ মাজত পাৰ্থক্য বিশেষ নাই সেয়া মনলে নাহে। মামাই এদিন কৈছিল ফ্ৰকটোৰে সৈতে দেখি, বিশ্ব সুন্দৰী নহয়, তোক বিশ্ব বান্দৰী লাগিছে। কোনে আনি দিলে তোক ভূতে চিনেমাত পিন্ধা চোলাটো।
মানে মই গোটইজনী এনেই ৯০ শতাংশ চুৱেটাৰটোৰ ভিতৰত সোমাই আছিলোঁ…মামাৰ কথাত ওলাই থকাকনো সুমুৱাই আজি পা নিপিন্ধো এইটো চোলা, তহঁতেই পিন্ধ বুলি চোতালত এটোপোলা হৈ বাগৰি দিলোঁ। দেতাই ক’ৰবাৰ পৰা আহি পাইছিলহে অলপ আগত। কথাটো শুনি ই নৰকীয়ে চেচ কে দিলে বুলি, চাইকেল পেলাই, মোক ভৰিৰফালে ধৰি মামাক কয়,
: তই মূৰলে ধৰ, নতুন চুৱেটাৰ লেতেৰা হ’লে ঘূৰায়ো ন’লব। এই বিছনাত বাগৰকগৈ। আহিয়েই তেজটোপা খালি, ধৰ ভাগিনীয়েৰক।
মামায়ো তৎভট নেপাই ধৰেহি, বাটতে সোধে,
: ক’লৈ নিম ভিনদেউ এইক?
দেতাই খঙতে মোৰ মূৰলে নে বুলি চিঞৰে। মায়ে কয়,
: বিছনালে নে হেৰৌ, সিনো কিটো জানে বাৰু এইবোৰ?
দুইটাই মোক নি বিছনাত পেলাই ধমৰকে। মায়ে দেতাই পুনৰ মোৰ ৰূপৰ প্ৰশংসাত নামে। মামাকো মায়ে ইঙ্গিতেৰে কিবা বুজালে হ’বলা, মামায়ো বহুত বলেৰে মোক শলাগে,
: তোক এনেইহে কৈছিলোঁ মই ভূতৰ চোলা বুলি। ভিনদেৱে তোক ইংলিছ মেডিয়ামৰ হেডমাষ্টৰে পিন্ধা চোলা আনি দিছে।
কন্দাৰ মাজতে ঘটক কে ৰৈ সুধিছোঁ সেইটো কি চোলা আকৌ। মায়ে কয়,
: মাষ্টৰ যেতিয়া ভাল চোলাই হ’ব৷ তাকো ইংলিছ মেডিয়ামৰ ভাবচোন।
লগত দেতাৰ উজান,
: তাকো হেডমাষ্টৰৰ, মানে ফাদাৰৰ ভাবচোন।
ফাদাৰ ক’লতে বুজি পাই আকৌ বাগৰিলোঁ, এৰা কান্দোনখনৰ পিছৰকণৰ পৰা, নিপিন্ধো মই ফাডাৰৰ চোলা। মায়ে দেতাক গালি দিছে।
: তাই হেডমাষ্টৰত ৰৈছিল, এই মানুহটোৱেহে বেছিকে বুজাই এইখন কৰিলে। কি কৰ কৰহঁত৷
মই কান্দি কান্দিয়েই চিঞৰোঁ,
: মই ৰোৱা নাছিলোঁ, অ’ কাৰ লেখিয়া লাগিছে অৰ্থটো ভালকে বুজিবলেহে সুধিছিলোঁ। নিপিন্ধো মই এইটো।
দেতাই বোলে,
: তোৰ ভায়েৰ কলি কণ্টকটোৰ দোষ নেদেখ, সি উদাহৰণ নেপালে আউ দিবলে। তাৰ উদাহৰণত জোৰ দিবলে গৈহে এইখন হ’ল।
মামাই কথা বিষম দেখি পলাই পত্ৰং দিলে। দেতাই দুঢকা দিলে,
: ধুনৌতি কাউৰী, নম্বৰ কিমান পাইছিলি?
লগত আহি গ’ল সত সতী তেওঁৰ পত্নী,
: ঠিক কৈছে। নম্বৰ সেয়া ধুনটো চা। যি দিছোঁ তাকে পিন্ধ।
কথা বিষম দেখি তাকে পিন্ধিবলে মান্তি হ’লোঁ৷ চুৱেটাৰৰ ভিতৰৰ পৰা নিজৰ বুলিবলে মোৰ ওলাই থাকে অকল ভৰি দুটা। কেতিয়াবা মাৰ লগত ক’ৰবালে গ’লেও মাক সোধে, অকলে যে নবৌ।
মই মাত দিওঁ, আছোঁ চুৱেটাৰৰ ভিতৰত। তেনেকেই গাঁৱৰে বিয়া এখনত ফালি আছোঁ। লগত তেনেকুৱা মডেল আৰু দুটামান। এটাৰতো জাতেকে ধৰিব নোৱাৰি, জন্মতে কি বিভাগৰ আছিল এইটো। দীঘল চুৱেটাৰে সৰু গাঁঠি চোৱে। ডিজাইন দীঘল হ’লেও বেলেগ কথা, চুৱেটাৰটোক চিজাৰিয়ান কৰি দীঘল কৰা ধৰিব পাৰি। ডাঙৰ মানুহৰ কঁকালত পৰা, মানে তাইৰ খুৰাকৰ চাগে সেইটো। এজনীতো হাত মেলি দিলে যীশু খ্ৰীষ্টই সাইলাখ। তাৰ তুলনাত মই বহুত ভাল।
আমাক চাই, আমাৰ বয়সৰ ষ্টাইলিছ দুজনীমানে হাঁহে, থৰি না পাত্তা দিম। তেনেকেই খেলি খেলি, দৰা অহাৰ আগে আগে ভাগৰ লাগি চাইদতে আন্ধাৰত বাহিৰত ঠেলা এখন আছিল তিনিওজনী বহিলোঁ। চুৱেটাৰৰ ভিতৰলে হাত ভৰি কোঁচাই গোলকে বহি লেকচাৰ দি আছোঁ। তাতে গ’লোঁ টোপনি। যেতিয়া সাৰ পাওঁ……আমি চলন্ত গতিত। ঠেলাখনত দৈ আনিছিল খেৰো আছিল অলপ, এজনী কাটি হৈয়ো পৰিল তাতে আৰামত। মই কথা শুনিবলে কাণ উনাওঁ ক’লৈ আহিছোঁ বুলি, দুজন মানুহে কিবা ৰঙালাও অনাৰ কথা পাতিছে গাঁৱৰ মূৰৰ পৰা। তাৰে চাৰিটামান মাৰি দিব। ৰাস্তাতে থৈ যাব, ঘূৰি আহি ঘৰলে নিব। দৰাঘৰীয়া খানালে পাছলি কমিল। ৰক্ষা বুলি মাতবোল নকৰি তাতে জুপুকা মাৰিলোঁ মই, ঘূৰি একেজেগালেকে আহিম যেতিয়া চিন্তা নাই। ৰঙালাও ল’লে আন্ধাৰতে ঠেলা থৈ। সৱ দ’মালেও সোঁৱে বাঁৱে, অথচ আমি থকা গম নাপায়। লগৰ দুজনী তেতিয়াও টোপনিত। ৰঙালাও লৈ আহি ঠেলাখন খোৱা ঘৰৰ চাইদত থৈ প্ৰথম মোৰ মূৰত ধৰি টানিছে এটাই, বন্ধা চুলি কোচাত ধৰি। ওপৰলে নুঠোঁ। আকৌ টানে নুঠোঁ। বৰ গধুৰ অ’ বুলি এপাকত লগৰজনীক টানে চুলিত ধৰি৷ দিলে চিঞৰি তাই সাৰ পাই, লগত সিজনীও সাৰ পাই কন্দাকটা লগালে। ঠেলাত ৰঙালাও অনা দুইটাই, মাত মতা কি ৰঙালাও দিলে ঐ বুলি ঠেলা এৰি পুখুৰীয়েদি দে দৌৰ। মই চিঞৰিছোঁ ৰ’ব আমিহে বুলি, আৰু হে দৌৰিছে। মাত মতা ৰঙালাও বুলি সিহঁত দুটা ক’লৈ দৌৰিল নাজানো, আমি তিনিওজনী গপচত ৰভাতলত বহি আছোঁহি। পিছদিনা বাটৰ কাষত চাৰিটা ৰঙালাও পৰি আছে, সিহঁতে তাত থৈ যোৱা ৰঙালাওকেইটা মাত মতা ৰঙালাও বুলি বুটলি নিনিলেহি। আমি কিজনীয়ে নি কইনা ঘৰত দি দিলোঁগৈ।
☆ ★ ☆ ★ ☆
3:54 pm
কেনেকৈ লিখে ঔ, হাঁহি মৰিছোঁ।
4:04 pm
বৰ হাঁহিলোঁ। মনত পৰি গৈছে হলৌ-মলৌ বেগী চুৱেটাৰটোলৈ।
5:03 pm
বিৰাট হাঁহিলো।বৰ জমনি
11:16 pm
মাত মতা ৰঙা লাও। ভাল লাগিল।
6:29 pm
কিছু জমনি দেই । খুউব হাহিলো ।
8:45 pm
ভাল লাগিল বুলি নক’লে নিজকে ভাল নালাগিব।