ফটাঢোল

লিমাৰিক : স্বপ্নালী কলিতা

১/

বৰুৱানী বাইদেউৰ দীঘল চুলি

স্কুটি চলাই উৰুৱালে বাটৰ ধূলি

নগৰত অফিচ কৰে

ডেকাও প্ৰেমত পৰে

চকুৰ টিপতে মাতে ওচৰলৈ বুলি৷

২/

গাঁও এৰা ডেকা বকুলতলৰ সোণ

অসমীয়া শব্দৰ শৰাধ কৰে চোন

বিহুত ঘৰলৈ আহে

ফিতাহিৰ কোব বাঢ়ে

মাষ্টৰ খুৰাই কৰে একে চৰে পোন৷

৩/

চুকৰ চেনেল পেহী ৰহিমলা বাই

তিলকে তালটো কৰি ঘৰে ঘৰে গাই

কেও-কিছু নাই দেহি

চুবুৰিত থাকেহি বহি 

কিজানি কিবা অলপ খাবলৈয়ে পাই 

৪/

লেডি পুলিচ তাই মনোৰমা বৰুৱা 

সদায় ওলায় নতুন লেঠা ঘৰুৱা

আচামীক জেৰা কৰে

খঙটো দুগুণে চৰে

মাকৰ আছিল তাই বৰ আদৰুৱা৷

৫/

কৃপণ সন্থাৰ সভাপতি ধনীৰাম

টকাখিনি গণি থকাই তেওঁৰ কাম

ঘৈণীয়েক হেমলতা

ধনীৰামে পায় গতা

কান্দি কান্দি টকা চুমি লয় ৰামনাম।

৬/

গুৱাহাটীৰ গগন দদাই আহিল

চুবুৰিতে ভোজৰ আয়োজন চলিল

কিমান খাবা মাংস

ঘৰলৈ নিলে অংশ

লেট্ৰিনলৈ গৈ-আহি হ’ল দেহা কাহিল।

৭/

নাইট চকীদাৰ মাংৰা ককাইৰ

ডিউটি পৰিছে কানিমুনিৰ পৰাই

ফটিকা নিছে লগত

নাহৰ লাঠি হাতত

পুৱা বৰবাবুৱে কোবাইহে জগায়৷

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *