চাহাবে খোৱা চাহপাত- জয়ন্ত গগৈ
টিলিং, টিলিং, টিলিং….
পদূলিৰ মুখত চাইকেলৰ টিলিঙাৰ শব্দ শুনি শ্ৰীমতীয়ে পাকঘৰৰ পৰাই ল’ৰাটোক চিঞৰিলে,
: ঐ মাইনা আগফালে চোৱাচোন, চাহপাত অনা দাদাজন আহিছে নেকি?
মাকৰ আব্দাৰত ল’ৰাটোৱেও বাৰাণ্ডালৈ ভূমুকি মাৰি মাকক চাহপাত বিক্ৰী কৰিবলৈ অহা বেপাৰী দাদাজন ৰৈ থকাৰ কথা ক’লেহি। এই চাহপাত বিক্ৰীৰ বাবে অহা মানুহজনৰ পৰা প্ৰথম অৱস্থাত চাহপাত লোৱা নহৈছিল। ঘৰলৈ সাধাৰণতে নগৰৰ পৰা ভাল অৰ্থড’ক্স চি টি চি চাহপাতেই আনি ব্যৱহাৰ কৰি থকা হয়। দিনটোত অলপ ‘কৰক’ ভাল চাহ এটুপি খাবলৈ কাৰ মন নাযায়। ভাল চাহৰ সোৱাদে মনলৈ প্ৰশান্তিও আনে। কাষৰ বৰমা আৰু আলিৰ সিপাৰৰ ককাইদেউহঁতৰ ঘৰত ফিকা চাহ খালে, চাহৰ সোৱাদটো কিবা চাৰ্ফ মিহলি সোৱাদ এটি পোৱা যেন লাগে। গাঁৱৰে দুই এঘৰততো চাহৰ সোৱাদ তৰকাৰী বেছি সময় জুইত থৈ দিলে যি ধূপা গন্ধ এটা লাগে, ঠিক তেনেধৰণৰে অনুভৱ কৰা যায়। সেয়ে ভাল চাহপাতৰ, ভাল সোৱাদ পোৱা যায়। এই বেপাৰীজনে বিক্ৰী কৰা চাহপাতৰ গুণাগুণ গাঁৱৰ কেইবাগৰাকীয়ে ভাল বুলি কৈ থকা বাবে এদিনাখন ১০০ টকাত আধা কেজি চাহপাত পৰীক্ষামূলকভাৱে লোৱা হৈছিল। এই যে চাহপাত লোৱা হ’ল, সেই নিদিষ্ট দিনাখনৰ পৰা এক আনুমানিক সময়ৰ অন্তৰে অন্তৰে পদূলিত চাইকেলৰ টিলিঙা বাজিবলৈ ল’লে। চাহৰ ৰং আৰু সোৱাদ দুয়োটাই অলপ হ’লেও নগৰৰ পৰা অনা চাহপাততকৈ উৎকৃষ্টতা লাহে লাহে পোৱা হ’লোঁ। এতিয়া গ্ৰাহক হিচাপে আমিও তেখেতৰ তালিকাত অন্তৰ্ভুক্ত হ’লোঁ।
আজিও সেই চাহপাতৰ বেপাৰীজনেই পদূলিত ৰৈ আছে, চাহপাত ল’বগৈ বুলি। শ্ৰীমতীয়ে ১০০ টকাৰ চাহপাত লৈ থাকোঁতে, চাহপাতৰ বেপাৰীজনে কৈ গ’ল,
: বাইদেউ বহুত ভাল চাহপাত আনিছোঁ৷ একেবাৰে বাগানৰ ফেক্টৰীৰ পৰা তুলি আনিছোঁ। ভালপাব, লওকচোন। এক কেজিকে দিওঁ নেকি?
: হব, আধা কেজিকে লওঁ। আপুনি আহিয়েই থাকেচোন?
: এইখিনি চাহপাত খাই ভাল পাব, বহুত ভাল। বাগানৰ চাহাবহঁতে খোৱা চাহপাত। বজাৰত পাবলৈ টান। বাহিৰত বহুত দামত বিক্ৰী কৰে বাগানে, সেয়ে কৈছিলোঁ বাইদেউ।
আধা কেজি চাহপাত লৈ শ্ৰীমতী ঘৰৰ ভিতৰ সোমাই প্ৰয়োজনীয় কামত লাগিলগৈ। বেপাৰীজনে ওচৰৰ এঘৰৰ পদূলিত পুনৰ টিলিঙা বজোৱা শুনিলোঁ। এনেকৈয়ে চাহপাতৰ বেপাৰীজন মাহেকে-পষেকে আহি থাকে। নিদিষ্ট গ্ৰাহকৰ ঘৰৰ পদূলিত চাইকেলৰ টিলিঙা বজাই আৰু গ্ৰাহকে তেওঁৰ চাহপাতৰ টোপোলা টকা দি পাতল কৰে৷
আবেলি ওচৰৰ গাঁও এখনলৈ বিয়া হোৱা সম্পৰ্কীয় বাইদেউ এগৰাকী জা এজনীৰ লগত ওলালহি। শ্ৰীমতীয়ে বাইদেউগৰাকীক কেইবাদিনো ঘৰলৈ মাতি আছিল, লগাই থোৱা তাঁতশালৰ চাদৰৰ জুতিটো চাবলৈ। বাইদেউগৰাকী তাঁতশালত পাকৈত। শ্ৰীমতীয়ে নজনা কথাকেইটা আৰু তাঁতশালৰ কিটিপবোৰ দেখুৱাই যাবহি বুলি। তাঁতশালত ব্যস্ত হৈ থকাৰ মাজতে শ্ৰীমতীয়ে চাহৰ কেটলীটো জুইত বহুৱাই চাহৰ যোগান ধৰিলে। বাইদেৱে হাতত বিস্কুট এখন লৈ চাহৰ কাপত এক শোহা মাৰিয়ে ৰৈ গ’ল৷ সুধিলে,
: তহঁতেও চাহাবে খোৱা চাহপাতৰ বেপাৰীজনৰ পৰা চাহপাত লৱ নেকি?
: হয়, বাইদেউ। আজি কালি সেইজন বেপাৰীৰ চাহপাতেই বেছিকৈ লোৱা হয়। নগৰৰ পৰা অনা দামী ভাল চাহপাততকৈচোন বেপাৰীজনৰ চাহপাতহে ভাল লগা হ’ল। আমাৰ এওঁ কৈছে নহয় নগৰত এনেকুৱা চাহপাতৰ দাম কেজিত ৪০০/৫০০ টকামান পৰে হেনো৷
: হয় দেই, চাহপাতবোৰ যে ভালেই আনে। পিচে বাগানৰ চাহাবহঁতে খোৱা চাহপাত ন’লবি আকৌ!
: কিয় বা বাইদেউ?
বাইদেৱে সন্মুখত বহি থকা জা গৰাকীৰ মুখলৈ চাই মিচিকিয়া হাঁহি এটিৰে কৈ গ’ল,
: আমাৰ এই জাজনীৰ সেই চাহপাত বেপাৰীজনৰ ঘৈণীয়েকৰ লগত দূৰ সম্পৰ্কীয় চিনাকি। এদিন গোটৰ মিটিং এখনলৈ ব্লকলৈ যাওঁতে সিহঁতৰ ঘৰত সোমাওঁতে বাহিৰৰ ৰ’দত ঢেৰ তিতি থকা চাহপাতবোৰ দেখি এই সুধিলত মানুহগৰাকীয়ে কওঁ নকওঁকৈ যিখিনিহে ক’লে! কি জাননে, সিহঁতৰ দদায়েক এজন বাগানৰ অফিচত পিয়নৰ কাম কৰে। মাজে সময়ে চাহাবসকলক চাহৰ যোগান ধৰে। বাগানৰ চাহাবসকলে বহুত ভাল জাতৰ চাহপাত ব্যৱহাৰ কৰে। চাহপাতবোৰ এবাৰ সিজোৱাৰ পিছতো দ্বিতীয়, তৃতীয়বাৰ সিজালেও চাহৰ ৰং আৰু সোৱাদ একেই থাকে। চাহাবসকলে এবাৰ সিজোৱা চাহপাত পেলাই দি নতুন চাহপাতৰ চাহহে খায়। গাঁৱত একেখিনি চাহপাতকে দুবাৰকৈ সিজাই খোৱাৰ অভ্যাস দদায়েকৰ। সেয়ে অফিচতো চাহাবসকলে খোৱা চাহপাতবোৰ দ্বিতীয়বাৰলৈ দদায়েক আৰু অফিচৰ তলতীয়া লগৰীয়াবোৰে খায়। সদায়েই এনেকুৱা বহুত চাহপাত নষ্ট হয়। সেয়ে পিছলৈ দদায়েকে সিজোৱা চাহপাতবোৰ পেলাই নিদি গোটাই গোটাই ঘৰলৈ আনি ভতিজাকৰ হাতত জমা দিয়েহি। সেই চাহপাতবোৰ ৰ’দত ভালদৰে শুকুৱাই পুনৰ ব্যৱহাৰ কৰিব পৰা হয়। তোকহে ক’লোঁ আকৌ, আনক নজনাবি বুলি বেপাৰীজনৰ ঘৈণীয়েকে এইৰ আগত কোৱা কথা।
: ধৈৎ, কি ক’লে বাইদেউ! আজি এই চাহপাতখিনিও চাহাবে খোৱা ভাল চাহপাত বুলিয়েই লৈছিলোঁ। মিছা নহয় মানে, এইটো চাহাবে খোৱা চাহপাতেই হয়৷
হাঃ …হাঃ …হাঃ… কৰি ঠেৰেঙা লাগা তিনিজনীৰ হাঁহিৰ খিলখিলনিত আবেলিৰ পিছ চোতালখন জীপাল হৈ পৰিল৷
☆ ★ ☆ ★ ☆
7:29 am
ইয়ে হৰি