ফটাঢোল

মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছত-আৰমান হাজৰিকা

আমি যেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছিলোঁ, সেই সময়ৰ প্ৰায় দুবছৰ আগলৈকে এই শিক্ষান্ত পৰীক্ষাৰ ফলাফল বা জনপ্ৰিয়ভাবে কোৱা, ‘মেট্ৰিকৰ ৰিজাল্ট’ বাতৰি কাকতত ওলায়। বাতৰি কাকতৰ প্ৰায় ডেৰ/দুই পৃষ্ঠামান জুৰি ‘Abhayapuri’ চেণ্টাৰৰ পৰা আৰম্ভ কৰি ‘এল্ফাবেটিকেলি’ সজাই একাদিক্ৰমে সমগ্ৰ অসমৰে প্ৰতিটো চেণ্টাৰৰ ৰিজাল্ট ওলায়। প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিভাগৰ ৰিজাল্টত ৰোল নম্বৰটোৰ লগতে, যদি কোনোবাই কোনো বিষয়ত ৮০% বা তাতোতকৈ বেছি নম্বৰ পাইছে, তেনে সেই বিষয়কেইটাৰ প্ৰথমৰ আখৰটোও(Letter) লগতে ছপা কৰি লিখি দিয়ে। সেইটো কাৰণতে আমাৰ অসম মুলুকত, কোন ছাত্ৰই কেইটা বিষয়ত ৮০%ৰ নম্বৰ পাইছে, সেইটোকে গৰ্বেৰে “দুটাত Letter পাইছে, চাৰিটাত Letter পাইছে” বুলি, অভিভাবকতকৈ স্কুলৰ শিক্ষক আৰু ছাত্ৰ বা ছাত্ৰীগৰাকীৰ আপোন-পৰিয়ালে বেছি জহ কৰি কয়। অসমৰ বাহিৰত পিচে “লেটাৰ পাইছে” কথাষাৰ, বেছিভাগ লোকেই, বুজাই নক’লে বুজি নেপায়।

প্ৰায়ভাগ ৰিজাল্টৰ লগতে পিচে ভাল নম্বৰ পাই পাছ কৰা ছাত্ৰবোৰ বা অভিভাবকবোৰ তেনেই মুজুৰা পৰি থাকে। চুবুৰীয়া, সমনীয়া সকলোৰে আগত, আৰু কেইটা নম্বৰৰ কাৰণে ‘ষ্টেণ্ড’ নকৰিলে জাতীয় কথাবোৰ কৈ কপাল চপৰিয়াই দুখ কৰে। লগতে ‘পেপাৰ কল কৰিম’ বুলি ভাবুকি এষাৰো কৈ শুনায়। কিন্তু, মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছত, আচল স্ফূৰ্তি কৰে তৃতীয় বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলেহে। কিছুমানে ‘তৃতীয় বিভাগহে পালোঁ’ বুলি দুখ কৰি বা মনৰ দুখতে আপোনঘাটি হোৱা পৰ্য্যন্ত ঘটনাও দেখা যায় যদিও, সৰহভাগ তৃতীয় বিভাগৰ ছাত্ৰ-ছাত্ৰীয়ে কিন্তু, পৰীক্ষাত পাছ হ’ব পৰাটোৱেই ডাঙৰ সফলতা বুলি ধৰি লয়। সেইদিনা গাঁৱে-ভূঞে থকা ওচৰৰে চাহৰ হোটেলবোৰত পাছ কৰা ল’ৰাহঁতে চাহ আৰু খুৰ্মা, জেলেপিৰ পাৰ্টিও দিয়ে। গেঞ্জি নিপিন্ধাকৈ বুকুলৈকে চাৰ্টৰ বুটাম খুলি ৩৮ ইঞ্চি বহলৰ বেলবটম পিন্ধি, চাৰমিনাৰৰ ধোঁৱা বলাই থকা ল’ৰাটোক দেখিলেই বুজা যায়, “সেইদিনা তাৰ সমান সুখী বোধহয় এই ভাৰস্ততে নাই!” কিয়নো, পাঠশালালৈ যোৱাৰ দিনৰে পৰা জ্বলাকলা খুৱাই থকা, অঙ্ক, বিজ্ঞান, সংস্কৃত, হিন্দী আদি অজীণপাতকী বিষয়বোৰক সেইদিনাই জীৱনটোলৈ চিৰ বিদায় দিব পাৰি। দুই এটা চাৰি-পাঁচবছৰীয়া বয়োজ্যেষ্ঠ ছাত্ৰই  ৰিজাল্ট পোৱাৰ দিনাই এলজেব্ৰা বা সংস্কৃতৰ কিতাপকেইখন “অগ্নি দেৱতাক সমৰ্পন কৰি অহা” ঘটনাও শুনিবলৈ পাওঁ।

তেতিয়াৰ দিনত সকলোবোৰ চেণ্টাৰত প্ৰথম বিভাগ নেথাকেও। দ্বিতীয় আৰু তৃতীয় বিভাগ পিচে থাকে। কিন্তু, অসমৰ ডাঙৰ চহৰকেইখনৰ লগত জড়িত মেট্ৰিকৰ চেণ্টাৰকেইটাত এবেগেত বা এহাতমান দীঘলকৈ প্ৰথম বিভাগত পাছ কৰা ছাত্ৰ-ছাত্ৰীৰ নম্বৰৰ তালিকা ওলায়। বাতৰি কাকতত ৰিজাল্ট ওলোৱাৰ আগদিনাই পুৱাৰ ৯ বজাৰ আঞ্চলিক বাতৰিতে “হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই-মাদ্ৰাছা পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে” বুলি কোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলৰ আৰু তাতোতকৈ বেছিকৈ অভিভাবকৰ বুকু ঢিপিং ঢিপিং মাৰিবলৈ আৰম্ভ কৰে। তাৰ লগতে কোৱা “উত্তীৰ্ণৰ শতকৰা হাৰ”টোৱে এই বুকুৰ ঢপঢপনিটো আৰু অকণমান চৰাই দিয়ে। তেতিয়াৰ দিনত ‘ত্ৰিশৰ পৰা পইত্ৰিশ শতাংশ’ মানৰ ভিতৰতে উত্তীৰ্ণৰ ফলাফল থাকে। ধৈৰ্য্যবানসকলে তাৰ লগতে প্ৰথম দহোটা স্থান পোৱা সকলৰ নামবোৰো শুনি লয়। তাৰ পিছত এসপ্তাহমানলৈকে গোটেই অসম ‘মেট্ৰিকৰ ৰিজাল্ট’ বুলিয়ে খদম- দমাই থাকে।

মফছলীয় চহৰবোৰৰ বাদে দাঁতি-কাষৰীয়া গাঁও অঞ্চলবোৰত পিছদিনা বাতৰি কাকতখন গৈ পোৱাৰ পিছতহে ৰাইজে খৰচি মাৰি ‘মেট্ৰিকৰ ৰিজাল্ট’বোৰ চাবলৈ পায়। তথাপিও তাৰ আগতে গৈ ডাকঘৰ আদি টেলিফোন থকা কাৰ্য্যালয়বোৰত উৎসাহীসকলে ভিৰ কৰি থাকেগৈ। কপালত জুৰিলে তেনেকৈও ৰিজাল্ট আনিব পাৰি। পিচে, বাতৰি কাকতত দেখাৰ পিছতহে, মনটোৱে পতিয়ায়। 

আমি মেট্ৰিক দিয়াৰ দুবছৰৰ আগতে, মানে ১৯৭৭ চনত, মাধ্যমিক শিক্ষা পৰিষদে পৰীক্ষাৰ ফলাফল কলকতাৰ কোনোবা এটা প্ৰতিষ্ঠানৰ যোগেদি কম্পিউটাৰত যুগুতাই আনিবলৈ সিদ্ধান্ত কৰিলে। সেইবাৰ পৰীক্ষাৰ ফলাফল ঘোষণাত বৰ বেমেজালি ঘটিল। কিছুমান ভাল ছাত্ৰৰো আশানুৰূপ ফলাফল নহ’ল। তাৰ লগতে “Pass by compartmental” বুলি আগে-পিছে নুশুনা শিৰোনামা এটাৰেও ফলাফল ঘোষণা হ’ল। তাৰেই সুৰুঙাৰে কিছুমান বেয়া ছাত্ৰ-ছাত্ৰীয়েও “কম্পিউটাৰে মোৰ কপালখন খালে!” বুলি “যত দোষ, নন্দঘোষ” কৰি থ’লে। সেই বছৰেই মাধ্যমিক শিক্ষা পৰিষদৰ লগত বাতৰি কাকতসমূহৰ গভীৰ মতানৈক্য হৈ ১৯৭৮ চনৰ পৰা বাতৰি কাকতত শিক্ষান্ত পৰীক্ষাৰ ফলাফল প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সীমাবদ্ধতা আৰম্ভ কৰিলে। ফলাফল ঘোষণাৰ বাতৰি, প্ৰথম দহোটা স্থান (পিছলৈ কুৰিটা হ’লগৈ)ৰ ছাত্ৰ-ছাত্ৰীকেইজনৰ ফটোৰে সৈতে কিছু বা-বতৰা আৰু বিভিন্ন বিষয়ত সৰ্বোচ্চ নম্বৰ পোৱাসকলৰ নাম আদি প্ৰকাশ কৰিবলৈ ল’লে। তাৰ বাদে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ ৰোল নম্বৰ আদি অসমৰ সকলোবোৰ জিলাৰ কাৰ্য্যালয়ত দিনৰ এঘাৰ বজাত ঘোষণা কৰাৰ নিয়ম হ’ল। তাৰ পৰাই বিভিন্ন চেণ্টাৰৰ দায়িত্বত থকা শিক্ষকে আনি আনি নিজৰ নিজৰ চেণ্টাৰৰ ফলাফলবোৰ ৰাইজে দেখাকৈ লগাই দিয়াৰ নিয়ম হ’ল।

হাইস্কুল শিক্ষান্ত পৰীক্ষা বা দশম শ্ৰেণীৰ ফলাফল ঘোষণাৰ পিছতে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীকে ধৰি অভিভাবকসকলৰ ঘৰত একপ্ৰকাৰ দীঘলীয়া উৎসৱ হোৱাদিয়েই হয়। প্ৰথম দিনাই ঘৰে ঘৰে হাঁহ বধি মোটা-মুটি ধৰণে ভোজভাত এসাঁজৰ আয়োজন হয়। মোৰ দৰে বুধিয়ককেইটাই সেইদিনাই ল’বলগীয়া আদৰ-সাদৰ সকলোবোৰ লৈ লওঁ। পিছদিনা স্কুলৰ পৰা ‘মাৰ্কশ্বিট’খন অহাৰ পিছত, ঘৰতে সমূহীয়াকৈ ভৰ্ৎসনা প্ৰস্তাবো লোৱা হয়। বিশেষকৈ অঙ্কৰ বিষয়ত পোৱা নম্বৰৰ বাবে বিজ্ঞান শাখাত নাম লগাব পাৰিব নে নোৱাৰিব, সেইটোৱেই বেছিভাগ লোকৰে শঙ্কাৰ কাৰণ হয়। ওচৰৰে অভিজ্ঞ দুজনমানে মাৰ্কশ্বিটখন চাই, ‘কোন কলেজত বিজ্ঞান শাখাত দিনত বা ৰাতিৰ শাখাত পঢ়িবলৈ চিট পাব’ সেই সম্পৰ্কে ভৱিষ্যতবাণী কৰে।

আমি মেট্ৰিক দিয়াৰ সময়ত বোধহয় অসমত হায়াৰ চেকেণ্ডাৰী স্কুল দুখনমানহে আছিল। আমাৰ ওচৰে-পাজৰে মনতেই পৰা নাই। গতিকে ‘দিনটো বাটৰ ভিতৰতে পৰা’ কোনখন কলেজত নাম লগাব পৰা যায়, তাকে লৈ বহুত বিচাৰ-বিশ্লেষণ কৰাৰ অন্তত সিদ্ধান্ত একোটাহঁত লোৱা হয়। প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীবোৰে ‘কটন কলেজ’ বুলি বেছ গপচ এটাৰে ঘোষণা কৰিয়ে দিয়ে। তেতিয়াৰ দিনত, বেছিভাগ ছাত্ৰই উচ্চখাপৰ ফলাফল পালেই বিজ্ঞান শাখাত পঢ়িবই বুলি এক অঘোষিত নিয়ম আছিলেই। তাৰ ভিতৰতে যদি কোনোবাই বিজ্ঞান শাখাত নাম লগাব পৰাৰ যোগ্যতা থকাৰ পিছতো কলা বা বাণিজ্য শাখাত নাম লগায়, তেনে সেইটো ৰাজহুৱা  চৰ্চাৰ বিষয় হয়। তাৰ ভিতৰতে অৱশ্যে মাৰোৱাৰী (ৰাজস্থানী মূলৰ ব্যাৱসায়ী) সকলৰ ল’ৰা-ছোৱালীয়ে পিচে, প্ৰথমে বাণিজ্য শাখাটোহে পচন্দ কৰে। কিন্তু আমাৰ দিনলৈকে, কেৱল প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলোৱেই কটন মহাবিদ্যালয়ত বিজ্ঞান শাখাত পঢ়িবলৈ চিট নোপোৱা অৱস্থা আহি পৰিল। কিন্তু, মই নিজেই অনতিবিলম্বে বুজি পাইছিলোঁ, মই নিজে বিজ্ঞান শাখাত পঢ়াতকৈ কলা শাখাত বুৰঞ্জী বিষয়ত পঢ়া হ’লেহে বোধহয় বেছি ভাল হ’লহেঁতেন। কিন্তু, এবাৰ যিহেতু সিদ্ধান্ত লৈয়ে পেলালোঁ, জীৱনৰ বাকী দিনবোৰৰ কাৰণেও যুঁজ দিবলৈ বাধ্য হ’লোঁ।

আমিবোৰৰ তেতিয়া কটনৰ কথা ভাবি মূৰ ঘমাবলৈ প্ৰয়োজন নাছিল। একপ্ৰকাৰ “জাপি থকাৰ জাপ-জুপ, জাপি নথকাৰ মহাসুখ” ধৰণৰ গভীৰ প্ৰশান্তিৰে ওচৰৰ বিজ্ঞান শাখা থকা মহাবিদ্যালয়কেইখনৰে পৰা প্ৰ-পত্ৰ আনি বেছ নিৰহ-নিপানীকৈ থাকিব পাৰিছিলোঁ। প্ৰ-পত্ৰৰ লগত স্কুলৰ পৰা দিয়া স্বভাৱ-চৰিত্ৰৰ প্ৰমাণ, উত্তীৰ্ণৰ প্ৰমাণ, লগতে শিক্ষা পৰিষদৰ পৰা দিয়া বয়সৰ প্ৰমাণ হিচাপে এডমিট কাৰ্ড আৰু মাৰ্কশ্বিটৰ ৰাজপত্ৰিত বিষয়াই প্ৰত্যায়িত কৰি দিয়া নকলৰ কপি গাঁঠি দিব লাগে। তেতিয়াৰ দিনত আজিকালিৰ দৰে ফটোকপি মেচিনবোৰ উভৈনদীকৈ নাছিল। হাতেৰে ঘটংমটংকৈ চলোৱা জেৰক্স কোম্পানীৰ ফটোকপি মেচিন এটামান  ডাঙৰ চহৰকেইখনত থাকে। পিচে, তেতিয়াৰ দিনতে ফটোকপি কৰিলে, একপৃষ্ঠাত এটকাকৈ লয়। সেই সময়ৰ হিচাপত সেইটো খৰচি কথা বুলিয়ে ধৰিব পাৰি। গতিকে বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে সেই প্ৰতিখন প্ৰমাণ পত্ৰৰে হাতেৰে গোটগোট আখৰেৰে নকল কৰি ৰাজপত্ৰিত বিষয়াৰ হাতেৰে চহী মোহৰ লগাই, প্ৰত্যায়িত কৰাই লয়। আমি পাছ কৰা বছৰতে চহৰৰ কলেজৰ কাষৰ কিতাপৰ দোকানত সম্পূৰ্ণ একে ধৰণৰ ছপা কৰা উকা ফৰ্ম গোটে আঠঅনা দৰে বেচিছিল। গতিকে ধন খৰচ হ’ল যদিও, হাতেৰে লিখাৰ কষ্টৰ পৰা কিছু ৰেহাই পালোঁ। সেই সময়ত আমি, ৰাজপত্ৰিত বিষয়া বুলিলে প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসকজনকে জানো। দুজনকৈ চিকিৎসক থকা চিকিৎসা কেন্দ্ৰটোত সেইকেইদিন ইমানেই ভিৰ লাগিল যে, আমি বিকল্প ভাবিবলৈ বাধ্য হ’লোঁ। তেনেতে লগৰ এটাই আঁত ভাঙি ক’লতেই, থিতাদহে চাইকেলত লাফ্ মাৰি উঠি জীৱনত প্ৰথম আৰু বৰ্তমানলৈকে শেষ বাৰৰ বাবে, ‘পশু চিকিৎসালয়’ ত হাজিৰ হৈ মোৰ কামফেৰা কৰাই আনিলোঁ।

তাৰ পিছতেই আমাৰ পৰিয়ালৰ মাহী-পেহী, দদাই- মোমাইসকলৰ ঘৰলৈ, ‘মেট্ৰিক পাছ’ হিচাপে পাক এটা মৰাটো একপ্ৰকাৰ নিয়মৰ দৰেই আছিল। সকলোৰে ঘৰত গৈ পোৱাৰ দিনাই নিশালৈ, কুকুৰা মাংসৰে পোলাও এসাঁজ খুওৱাৰ উপৰিও আহিবৰ পৰত চাৰ্ট বা পেণ্টৰ কাপোৰ এটা আৰু হাতত দহ টকামান উপহাৰ হিচাপে ধৰাই দিয়াৰ নিয়ম চলিছিল। এইটো ভ্ৰমণে আগন্তুক দিনবোৰৰ নতুন কলেজত গৈ পঢ়াৰ দিনকেইটাত কাপোৰৰ বাৰুকৈয়ে তহ মাৰিছিল। পিচে, কিবা দৈৱ-দুৰ্বিপাকত মোৰ অলপ মন্দা কপাল আছিল।  অৱশ্যে পোলাও আৰু কুকুৰাৰ ৰাণ(ঠেঙৰ ওপৰৰ অংশ)ৰে মাংসৰ তৰকাৰি কণ ঠিকেই পাইছিলোঁ।

কলেজত নাম লগোৱাৰ পিছত, লাহে লাহে কলেজলৈ যাবৰ বাবে প্ৰবল উৎকণ্ঠাৰে সৈতে আয়োজন আৰম্ভ কৰিলোঁ। ইতিমধ্যে আপোন পৰিয়ালৰ ঘৰৰ পৰা ওভতি অহাৰ পিছত হাতত গোটখোৱা পইচাৰে হল্ডল এটা আৰু ট্ৰাঙ্ক এটা কিনিলোঁ। ৰ’দঘাই দিন চাই দুইটাৰে ওপৰত ৰং আৰু ব্ৰাচেৰে মোৰ নাম আৰু ঘৰৰ ঠিকনা লিখিলোঁ। মায়ে ঘৰৰ সাঁচতীয়া গাৰু-গিলিপ, বিছনা চাদৰ, বেডকভাৰ আদি যতনাই দিলে। ইতিমধ্যে আব্বাই চিনাকি কপাহ ধুনা ধুনিয়া  এজনক মাতি আনি সাঁতকিলোমান তুলাৰে এজনীয়া তোচক এখন আৰু দুই কিলোমান কপাহেৰে লেপ এখনো সজাই দিয়ালে। আঁঠুৱাৰ কাপোৰ কিনি মায়ে আঁঠুৱা এখনো মেচিনত সি দিলেহি। ডাঙৰ কেকাই বিজ্ঞান শাখাত পঢ়িছিল। তেওঁৰ কলেজৰ কিতাপবোৰ, যোৰহাটৰ তেওঁতকৈ বয়সত সৰু এজনে নি পঢ়িছিল। তেওঁলৈ চিঠি এখন ডাকত দি, কিতাপবোৰ জুকিয়াই থ’বলৈও জনালোঁ। প্ৰায়বোৰ যা-যোগাৰ সম্পূৰ্ণ হোৱাৰ লগে লগে, আমাৰ ওচৰৰে আমাতকৈ বয়সত দুই এবছৰ ডাঙৰবোৰে কলেজত সন্মুখীন হ’বলগীয়া ৰেগিঙৰ বিষয়ে জ্ঞান দিয়াত লাগিল। তেওঁলোকৰ মুখেৰে ৰেগিঙৰ পৰিবেশটোৰ বিষয়ে গম পায়েই, বাহিৰে উৎসাহ দেখুৱালোঁ যদিও, ভিতৰি ভিতৰি তেনেই দমি যোৱাৰ দৰে গ’লোঁ। এদিন আমাৰ আলোচনাত ওচৰৰে শিক্ষক এজনো অভ্যন্তৰতে ওলালগৈ। আমাৰ মনৰ শঙ্কাৰ উমান পায়েই তেওঁ ক’লে, “তহঁতৰ জীৱনটো আৰম্ভ হৈছেহে। এতিয়া জীৱনত প্ৰতি মুহূৰ্তে মুহূৰ্তে কিমান সংঘাতৰ মুখা-মুখি হ’বগৈ লাগিব কোনে জানে! ৰেগিং মানে চুপতি এটাহে কৰিব। তহঁতক জান মাৰিতো নেপেলায়। গতিকে এইটোকে আৰম্ভণি বুলি ধৰি লৈ মুখা-মুখি হ’ব পৰাকৈ মনটো সাজু কৰি ল!”

তেখেতৰ সেই কেইষাৰ কথা, জীৱনৰ এইটো বয়সতো বৰ শ্ৰদ্ধাৰে সোঁৱৰোঁ। 

অৱশেষত নিৰ্দিষ্ট দিনটো পালেহি। আব্বা আৰু মাক তচলিম কৰি কলেজীয়া ছাত্ৰ হ’বলৈ ঘৰৰ পৰা ওলাই আহিলোঁ।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *