ফটাঢোল

অৰ্ডাৰ প্লিজ!-দিগন্ত কুমাৰ ভট্টাচাৰ্য

ৰেষ্টুৰেণ্টলৈ গ’লে মেন্যুখনত সন্নিবিষ্ট খাদ্য তালিকাৰ নামবোৰ দুবাৰকৈ পঢ়িও তলামূধা একো নুবুজি কোনবিধনো অৰ্ডাৰ দিওঁ ভাবি থাকো‍ঁতেই, কাগজ-কলম লৈ ৱেইটৰজন আহি থকা দেখিলে এনে লাগে সেয়া যেন স্কুলৰ বৰ্মন ছাৰ, ফাইনেল বে’ল পৰাৰ পাছত পৰীক্ষাহলত মোৰ ওচৰ চাপি বহীখন চিলনীয়ে মাছ নিয়াদি নিবলৈ আহিছে অথচ মোৰ তেতিয়াও দুটা প্ৰশ্নৰ উত্তৰ লিখিবলৈ আছেই বাকী!

ডাঙৰ ৰেষ্টুৰেণ্টলৈ যোৱাৰ সৌভাগ্য হ’লে মেন্যুখনৰ ‘ডিছ’বোৰৰ নাম পঢ়ি গৈ থাকিলে কেতিয়াবা এনেকুৱা লাগে মই যেন এ,বি,চি,ডি বৰ্ণকেইটা শিকা এজন কণমানি, ইফালে দত্ত ছাৰ সদৃশ ৱেইটৰজনে শ্বেইক্সপীয়েৰৰ নাটক এখন সন্মুখত মেলি কৈছে ‘এইটো পেৰাগ্ৰাফৰ ভাবাৰ্থ বুজাই ক’চোন’! সঁচাকৈ একোৱেই নুবুজোঁ নামবোৰ, শেষত ক’বলৈ মন যায় -“খাব পৰা যিকোনো কিবা আনা হে খাওঁ!”

বন্ধু এজনে ঠিকেই কৈছিল।

“যেতিয়া ডাঙৰ অভিজাত যেন লগা ৰেষ্টুৰণ্টত খাবলৈ যাবি, তেতিয়া গম পাবি তই কিমান সহনশীল, অনুভূতিপৰায়ণ আৰু ত্যাগী!”

ডাঙৰ ৰেষ্টুৰেণ্টত হাৱাতে দুই-এবিধ ডিছ অৰ্ডাৰ কৰাৰ পাছত এঘণ্টামানলৈ ৰৈ থাকিব লগাৰ পাছতো, ইফালে সিফালে চালে টাই মাৰি সুন্দৰ পোছাক পৰিহিত ৱেইটৰজনে যেতিয়া হাঁহি মাৰি কয়, 

“আপোনালোকৰ অৰ্ডাৰ আহি আছে, অন দ্য ৱে’,

তেতিয়া পেটৰ ভোকে উজাই অনা খঙটোকো সামৰি মিচিকিয়া হাঁহিৰে প্ৰত্যুত্তৰ দিয়াটোকেই কয়-সহনশীলতা। 

এখন প্লেটত সৰু সৰু মাংসৰ তিনি টুকুৰা যেতিয়া ৱেইটৰজনে বিলাবলৈ লয়, তেতিয়া লগত যোৱা আন তিনিজনৰ কথা ভাবি যেতিয়া হাত দুখনেৰে ‘না, না এইটো নালাগে, বাকীকেইজনক দিয়ক’ বুলি সেপ ঢুকি ক’ব লগা হয়, সেইটোকে কোৱা হয় ত্যাগ বা অনুভূতিপৰায়ণতা।

 

আমাৰ এওঁলোকৰ আকৌ মাহেকত এবাৰ ৰেষ্টুৰেণ্টলৈ গৈ খোৱাৰ বৰ হেঁপাহ। এওঁলোক মানে শ্ৰীমতী আৰু ছোৱালীজনী মাইনু। ৰেষ্টুৰেণ্টলৈ যাবলৈ ওলালে নিজেতো ভালৰো ভাল কাপোৰবোৰ পিন্ধেই, মোকো বাধ্য কৰে।

: দেউতা, তুমি যে বুঢ়া মানুহৰ দৰে হৈ গৈছা লাহে লাহে,

মাইনুৱে কয়।

: বুঢ়া? কথা নক’বি। আমি মেট্ৰিক দিয়াৰ সময়তেই ছলমান খানৰ ‘মেইনে প্যাৰ কিয়া’ আহিছিল। সি এতিয়াও হিৰো, কিমান ছোৱালী এতিয়াও পাগল,

শেষৰ শাৰীটো এওঁ শুনাকৈ কওঁ।

: ছলমান খানৰ ড্ৰেছ চোৱা, ফিজিক চোৱা…আৰু তোমাৰ?

: চা, মই চাৰ্টটো উলিয়াই পিন্ধি ভাল পাওঁ। ফৰ্মেল পেণ্টত আৰাম পাওঁ। জোতা পিন্ধাতকৈ বাটাৰ ছেণ্ডেলজোৰত বেছি ভাল লাগে, মুকলি মুকলি, গতিকে ড্ৰেছৰ কথা ক’বলৈ নাহিবি।

: ইমান মুকলি মুকলি লাগিবলৈ হ’লে ধূতী এখনকে পিন্ধিব পাৰেচোন, 

শ্ৰীমতীয়ে শুনা-নুশুনাকৈ কৈ আঁতৰ হয়। ময়ো নুশুনাৰ ভাও ধৰোঁ।

ৰেষ্টুৰেণ্টত পষেকে-মাহেকত তিনিবাৰ খাবলৈ যোৱাৰ চখটো ক’ৰপৰা যে ইহঁতৰ গালৈ আহিল, ক’বকে নোৱাৰোঁ।

মই বুজাওঁ- “আমি আগতে দেখোন দিন-ৰাতিৰ ভাত সাঁজ ঘৰত বহি নাখালে, শান্তিয়েই পোৱা নাছিলোঁ। এই ৰেষ্টুৰেণ্টলৈ যোৱাৰ ফেশ্যনটো কেনেকৈ আহিল।”

“সদায় সদায় পাকঘৰত কাম কৰি ভাগৰি পৰোঁ। এসাঁজ বাহিৰত খালেও কিছুসময় পাকঘৰৰ টেনশ্যনটো কমি যায়। এদিন ৰান্ধকচোন ভাত, বুজিব” 

শ্ৰীমতীয়ে মাত দিয়ে। আচলতে অকাট্য যুক্তিয়েই। মোৰ ক’বলৈ একো নাথাকে তাৰ ওপৰত। সেয়েহে যাবলৈ মান্তি হওঁ।

মাইনুৱে নতুনকৈ বাহিৰ-ভিতৰ শুৱনি ৰেষ্টুৰেণ্টবোৰলৈ যাবলৈহে মন কৰা হৈছে। সেইবোৰত দামো বেছি লয়, খাদ্যৰ পৰিমাণো কম দিয়ে। 

যোৱামাহত ‘চিটি ওৱান’ নামৰ এখন ৰেষ্টুৰেণ্টলৈ গৈছিলোঁ। বিচাৰি বিচাৰি মাইনুৱে দুটামান ডিছ অৰ্ডাৰ কৰিলে। চিকেনৰ এটা ডিছো আছিল। নামটো মুখত নুফুটেই। দাম এক প্লেটত চাৰিশ টকা। ৱেইটৰজনে যেতিয়া প্লেট এখনত আনিলে, দেখিলোঁ দুটুকুৰা মাংস। আশে-পাশে এপোৱামান শাক-পাচলি। মাংস দুটুকুৰা সেই পাচলিৰ মাজতে লাজুকী কইনাৰ দৰে লুকাই আছিল। ভাগ-বতৰাত খেলিমেলি হ’ব বুলি সন্দেহ কৰিয়েই শ্ৰীমতীয়ে ‘আজি কিবা পেটটো ভাল লগা নাই। মাংস তহঁত দুয়োজনেই খাবি’ বুলি ত্যাগৰ নিদৰ্শণ দাঙি ধৰিলে।

: চাৰিশ টকাত দুটা মূৰ্গী কিনি দেখোন চুবুৰীৰ মানুহসোপাকে খুৱাব পাৰিলোঁহেঁতেন, 

মাইনুক ক’লোঁ।

তাই মোবাইলটোৰে মাংসৰ টুকুৰাৰ ফ’টো তোলাত ব্যস্ত। মোক চুবলৈও দিয়া নাই।

: শুনিছ নে? তাতকৈ সিদিনা যোৱা ৰেষ্টুৰেণ্টখনত খালে আৰু দহ টুকুৰা বেছিকৈ পালোঁহেঁতেন একেই দামত, 

আকৌ ক’লোঁ তাইক।

: নাই নাই, সেইখনৰ ইণ্টেৰিয়’ৰ ইমান বেয়া। ফ’টোবোৰ বিৰাট বেয়া দেখিছিল। ডিছ’বোৰৰো প্ৰেজেণ্টেশ্যন বেয়া আছিল। আজিৰ চোৱা, কি ধুনীয়া। ফ’টোবোৰ দেখিলে ক’বা তুমি, 

তাইৰ কথা শুনি বুজিলোঁ, সোৱাদতকৈও ফ’টো ভাল আহিলেই সকলো ভাল। জিভা-পেট ক’ৰবাতেই থাকি গ’ল। দুচকুৰ সন্তুষ্টিয়েই যেন সকলো।  

কালিৰ কথা।

চহৰৰ মাজ মজিয়াৰ ৰেষ্টুৰেণ্টখনত সোমায়েই আমাৰ কাৰণে দেখুৱাই দিয়া টেবুলখনৰ ওচৰ পাই দেখিলোঁ ওচৰৰ দীঘলীয়া টেবুলখনত এজাক ‘হাই-ফাই’ যুৱক-যুৱতীৰ ভীৰ। বোধকৰোঁ কোনোবা কল-চেণ্টাৰত কাম কৰা হ’ব। এগৰাকী সুন্দৰীয়ে কে’ক কাটিছে। আনোবোৰে চিঞৰি চিঞৰি গাইছে-‘হেপ্পী বাৰ্থ ডে…’। দুজনমানে কে’ক কটাৰ সময়ৰ ফ’টো ল’বলৈ বেঁকা হৈ মাটিত বাগৰি পৰি যোৱাৰ উপক্ৰম হৈছে, যেন সেই মুহূৰ্তটিৰ ফ’টো নুতুলিলে এক ডাঙৰ অপৰাধ হ’ব! তাৰ পিছত সুন্দৰীৰ গালে-মুখে কে’ক লগোৱাৰ প্ৰতিযোগিতা। দুজনমান ‘কেয়াৰিং’ বন্ধুৱে তাইৰ চুলিত নাসানিবলৈ সকলোকে অনুৰোধ কৰিছে। 

: হেঃ হেঃ জমিছে কিন্তু ন? 

বুলি শ্ৰীমতীক কৈ ময়ো সুন্দৰীক ভালকৈ চোৱাৰ চেষ্টা কৰিলোঁ। কিছু দেৰি পাছত সকলো খাবলৈ বহিল।

 

যোৱাবছৰ এনিশা ডিনাৰ কৰি অহাৰ পাছত পাছদিনা অ’ফিচলৈ বুলি টেম্পোত উঠোঁতে কাষৰে বৰুৱাও আহিল। তেওঁ ওচৰত বহিয়েই সুধিলে 

: কালি হেনো কিবা ইটালিয়ান তন্দুৰী চোবালে?

মই অবাক হ’লোঁ। কিবাকৈ উগাৰ মাৰিলোঁ নেকি! গোন্ধ পালে নেকি বৰুৱাই!

: কেনেকৈ গম পালে কালি তন্দুৰী খালোঁ বুলি? আপোনালোকো গৈছিল নেকি সেই গণেশগুৰিৰ ৰেষ্টুৰেণ্টলৈ, 

মই সুধিলোঁ।

: নাই নাই। মই ৰাতিৰ সাঁজটো বাহিৰত খাব নোৱাৰোঁহে, টোপনি নাহে। আমাৰ ৰিম্পীয়ে ক’লে।

: ৰিম্পীয়ে? তাই গৈছিল?

: নহয় হে। অপোনাৰ ছোৱালী মাইনুৱে ফ’টোবোৰ দিছিলতো। আপুনিও এখনত আছিল। হামিয়াই বহি আছিল ওপৰলৈ মুখ কৰি-

: মাইনুৱে আপোনালোকৰ ৰিম্পীক দেখুৱাইছে ফ’টোবোৰ?

: উফ, নহয়! ইনষ্টাত দিছিল। ইনষ্টাগ্ৰাম বুলি কিবা এবিধ ওলায় নহয় ম’বাইলত। তাত ফ’টো দিলে দুনীয়াই দেখে। ৰিম্পীয়ে কৈছে ইনষ্টাগ্ৰাম বুলি ক’লে হেনো কিবা গঞা গঞা লাগে, সেয়ে ‘ইনষ্টা’ বুলি কয় সিহঁতে। সেইদিনাও যে ‘টনী দা ধাবা’ত কোলহাপুৰী মাটন খাইছিল, সেয়াও দেখিছোঁ। তামাম আছিল ৰঙটো কিন্তু।

: হে ভগৱান…আমি কি খাইছোঁ, কি খোৱা নাই, দুনীয়াক জনাবলৈ কিহে পাইছে মাইনুৰ..ৰ’ব আজি ঘৰ গৈ দিম মছলা।

 

ঘৰ আহি সেইদিনা মাইনুক ক’লোঁ বহুত। নামানে। আনকি শ্ৰীমতীয়ে ওকালতি কৰিলে-“আজিকালি হেনো এইবোৰ নিয়মেই। কি খায়, কলৈ যায়, কি পিন্ধে – এইবোৰ যিয়ে দুনীয়াক নজনায়, সেইবোৰক ছ’চিয়েল বুলি নকয়।” 

তাৰমানে এনে হ’ল যে মানুহ সামাজিক প্ৰাণী কাৰণ মানুহে ফেচবুক, ইনষ্টাগ্ৰাম নহ’লে চলিবই নোৱাৰে। উফ, সাংঘাতিকভাৱে সলনি হৈ গৈ আছে দেখোন সময়!

যোৱাবছৰ ক’ৰ’ণাৰ সময়ত যেতিয়া ৰেষ্টুৰেণ্ট বন্ধ হৈ গ’ল, আটাইতকৈ সুখী হ’লোঁ মই! এওঁলোকলৈ চাই আত্মতৃপ্তিৰ হাঁহি মাৰোঁ, যাচোন এতিয়া ৰেষ্টুৰেণ্টলৈ, আৰু ফ’টো মাৰ, আৰু মানুহক দেখুৱা…।

লকডাউনৰ দিনবোৰ কি যে এক সুখৰ হৈ আছিল। হঠাতে এদিন বৰুৱাই ফোন কৰিলে।

: আপোনাৰ লগত হাফ-ফুল কিবা আছে নেকি হে?

: নাই নাই, সেইবোৰ বাদ দিলোঁ নহয় কেতিয়াবাই..

মই ক’লোঁ।

: আচ্ছা, সেয়েহে আজি পৰিবাৰ-ছোৱালীয়ে বেলেগ ড্ৰিংকছ বনাইছে যেন পাওঁ, নহয় নে?

: অঁ, এইমাত্ৰ ৰিম্পীয়ে কৈ আছিল। কিবা কফি নে চাহ নে জ্যুছ টাইপৰ। পৰহিও কিবা ভেণ্ডী-দুধ নে কি ৰান্ধিছিলে নহয়?

: এহ, ৰ’বচোন…লকডাউনতো ঘৰৰ কথা বাহিৰ পালেগৈ নে? ৰাখকচোন ফ’নটো,

ময়েই কাটি দিলোঁ ফ’নটো।

বাৰাণ্ডাৰ পৰা লগে লগে পাকঘৰ পালোঁগৈ।

দেখিলোঁ শ্ৰীমতীয়ে পাটৰ মেখেলা-চাদৰ পিন্ধিছে। হাতত গিলাচ এটাত কিবা লৈ ফটোত প’জ দিছে। সেই গিলাচটোকে লৈ এইবাৰ ছোৱালীয়ে ছেলফি উঠিছে।

: কি হৈছে হে এইবোৰ? সেয়া কি গিলাচত?

 মই একো বুজি নাপালোঁ।

: তুমি বুজি নাপাবা। বিহু বুলি অনলাইন কম্পিটিশ্যন আছে। আমিও কৰিছোঁ পাৰ্টিচিপেট,

: পিচে ৰান্ধিলি কি? গিলাচত কি সেয়া?

: তুমি নুবুজিবা…এয়া ‘ডালগ’না কফি 

 

দুয়ো আকৌ ব্যস্ত হ’ল ফ’টো ছেশ্যনত!

☆ ★ ☆ ★ ☆

7 Comments

Leave a Reply

Your email address will not be published.