আধুনিক সুখ -সোমেশ্বৰ বৰা
আমাৰ তেখেত কালি তেখেতবৰলৈ গৈছিল৷ তেখেতবৰৰ পৰা কেইটামান তেখেত কেৰেলা আনিছিল৷ খাবলৈ যে ইমান তেখেত তেখেত ঐ৷
এয়া আছিল তিতাৰমৰ ঘৈণীয়েকে তিতাবৰৰ তিতাকেৰেলাৰে তাহানিতে খোৱা এসাঁজৰ কথা৷ আজিৰ তিতাৰমৰ ঘৈণীয়ে কয়, “
ঐ শুনিছ, ভাত খাৱ যদি তিতাকেৰেলা এপোৱা লৈ আহিবি৷ মোৰ ত্ৰিট এটা আছে৷ মই বাহিৰত খাম৷“
ভাল বেয়া নিচিনিলে, পিছে সততে মতা মাতষাৰ যেনে, “
হেৰি, শুনকচোন, আহকচোন“
বোৰ লোপ পালে আৰু ঠৰঙা “
তই-মই“
হ’ল৷ খুন্দা-খুন্দলি বোৰ বেছি হ’ল৷
তাহানিৰ বিয়াত আজিৰ দৰে ইলাহী কাৰবাৰ নাছিল৷ গাঁৱৰ গঞাই ৰভা-পৰলা দিছিল৷ চকী বেঞ্চ গোটাইছিল গুৰ-গাখীৰ আনিছিল৷ আজিকালি সেইফেৰা নচলে৷ চুট-টাই লগাই আহিব৷ দুঘণ্টাতে বিয়াৰ হেম-গেম ফিনিছ। বিধে বিধে ব্যঞ্জন৷ কোনেও কাকো চোৱাৰ দৰকাৰ নাই৷ বিয়াঘৰীয়াক মাতষাৰ দিলে বা নিদিলে,উদৰ পূৰাই খালে, মটৰত উঠিলেহি৷ ধূলি উৰুৱাই গুচি আহিলে৷
সৰুসজাইত দুখন মান খালো, সেইকেইখনে দ্ৰৌপদীৰ সয়ম্বৰকো চেৰ পেলালে৷ ৷
দৰাৰ লগত যোৱাসকলে দৰাক পুৰাদমে সংগ দিয়াটো নিয়ম৷ ফাৰ্ণিচাৰ আচবাব-পত্ৰ কইনাৰ ঘৰত চমজি লৈ পিছদিনা দৰাৰ ঘৰত পহুচাই দিয়াটো নিয়ম৷ তেহে ন-কইনাক জোকাই জোকাই চাহ তামোলৰ জুতি উঠে৷ কিন্তু আজিকালি দৰাঘৰীয়া কলৰ তলৰ পৰা পোনে পোনে ভোজনগৃহ পায়গৈ৷ খালে বলে, পলাই পত্ৰং দিলে৷ মাথো সখীয়েহে সংগ দিয়ে, বাধ্যত পৰি৷ বঙহৰ এঠাও কমিল৷ ওৰণি বাৰণিৰো লাগে-বান্ধ নাই৷ খুলখালীজনীৰো দোপাত্তাখন এপাত্তা হ’ল৷ এপাত্তাখনো নাপাত্তা হৈ গ’ল৷ থৈয়া-নথৈয়াখন হ’ল৷
তাহানিতে সাত কুৰি গা-ধন দিহে কইনা পাইছিল৷ আজিকালি ওলোটা হৈ যৌতুক হ’ল৷ ল’ৰাৰ এনুৱেল পেকেজ মতে তালিকাখন হ’ল৷ মোমাই টেকেলি ধৰা মোমায়ে গো-ধন দিছিল৷ আজিৰ মোমায়ে গো-ধনৰ মূল্য দিয়ে মাণিক চান্দ অথবা টানিক্সত৷
তাহানিতে নামঘৰত গোসাঁই আহে৷ এটা গহীন পৰিবেশ৷ ডবা বাজিল, কঠ এখন পাৰি বহিলে, “
মুক্তিত নিস্পৃহ যিটো, সেহি ভকতক নামো…“
আজি সেই পৰিবেশ নাই৷ নামঘৰীয়া বিচাৰি বাতৰি কাকতত বিজ্ঞাপন দিব লাগে৷ আমাৰসবেও সেইকণ সময়ত ঢেপেচীজনীক লগত লৈ পেডেষ্টিৰীয়ান জ’নত সাত পাক মাৰে৷ নিজৰ ফালে তথৈবচ হ’লেও ঢেপেচী বেলুনটোৰ ৱেইট কমোৱাৰ নিয়ম৷ বিগ বছত দেখি শিকিছে৷
সময়ে কৈ গ’ল
সময়ে লৈ গ’ল
সময়ে দি গ’ল আধুনিক সুখ৷
এলান্ধু কলিয়াৰ হে
হৃদয়খনৰ বৰ অসুখ৷
★★★★