ফটাঢোল

ছলনা – মনীষা কাকতি

শেষ হৈ গ’লো মই… তাৰ ছলনাত বন্দী হৈ নিজৰ অগোচৰে দেহৰ উমুক্ত অংশবোৰলৈ কেতিয়া ঘোৰ অমানিশাৰ ক’লা এন্ধাৰ নমাই আনিলো, গমেই নাপালোঁ। কি ভুল আছিল মোৰ! কিয়েই বা দোষ কৰিছিলো মই! সহজ-সৰল হোৱাৰ পৰিণতি এয়াই নেকি? মোৰ বিশ্বাসৰ প্ৰতিদান এয়াই নেকি? আজলী পালে এনেকৈয়ে ঠগে চাগৈ সি! কদাপি আশা কৰা নাছিলোঁ তাৰপৰা, দয়া-মমতহীন এনে নিৰ্মম অত্যাচাৰ…তাকো এজনী শান্ত-শিষ্ট ছোৱালীৰ আলফুল দেহত। মুখ, বাহু, ডিঙি – ক’ত নাই তাৰ নিষ্ঠুৰতাৰ চিন!

এতিয়া! আইনাৰ সমূখত থিয় হ’বলৈও সাহসৰ অভাৱ মোৰ। নিজৰ ওচৰতে অচিনাকি হৈ গৈ আছোঁ দিনক দিনে। শৰীৰৰ যিফালে চকু যায় সেইফালেই কলীয়া ডাৱৰ এচপৰাহে দেখা পাও। আৰু দেখা পোৱাৰ লগে লগে মোৰ দুচকুত চকুলো নামি আহে যেনেকৈ পৰিষ্কাৰ, নীলা আকাশখনত হঠাৎ ক’ৰবাৰ পৰা অহা ক’লা ডাৱৰ এচপৰাই নিমিষতে বৰষুণ নমাই আনে ঠিক তেনেকৈ। ঘন্টাৰ পিচত ঘন্টা আইনাৰ আগত বহি আপোন বিভোৰ হৈ থকা ‘মই’ জনী যেন ক’ৰবাত হেৰাই থাকিলোঁ। চাৰিমাহতে সৰ্বস্ব শুহি নিয়া শুকান, নিস্তেজ, মৰহা এপাহ ফুলত পৰিণত হৈ পৰিলো মই। কিয় যে বুজি নাপালো তাৰ ছলনা? এদিন দুদিনৰ কথাটো নহয় এয়া, কেইবাদিনৰো প্ৰতিশ্ৰুতি ভংগৰ ফল – মোৰ এই আজিৰ অৱস্থা। ইতিমধ্যে বহু পলম হৈ গ’ল…বহুত দেৰি কৰি পেলালো। চাৰিমাহ আগৰ ‘মই’ জনী হ’বলৈ এতিয়া প্ৰয়োজন হ’ব অপৰিসীম ধৈৰ্য, নিষ্ঠা, যত্ন আৰু হয়তো কিছু বিশেষ চিকিৎসা।

ভালদৰে মনত নাই… কেতিয়াৰ পৰা তাৰ ছলনাৰ মায়াজালত ভৰি থৈছিলোঁ। কিন্তু যোৱা এপ্ৰিলমাহত স্কুটীখন চলাব শিকাৰ পৰাই যে মোৰ ওপৰত তাৰ আধিপত্য বাঢ়ি আহিছিল, সেয়া নিঃসন্দেহে সঁচা কথা। হয়! তেতিয়াৰ পৰাই আৰম্ভ হৈছিল তাৰ কুটীল চক্ৰান্ত। আৰু লাহে লাহে ক’ব নোৱাৰাকৈ মই সোমাই পৰিছিলো তাৰ চক্ৰবেহুত, সি গঢ়ি তোলা ক’লা জগতখনত। টলৌ টলৌকৈ বাহিৰত ঘূৰা-ফূৰা কৰি ভালপোৱা মোৰ স্বভাৱটোক যে সি প্ৰধান অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব আৰু তাৰ পৰিকল্পনাত সফলো হ’ব, কোনেনো ভাবিব বাৰু। প্ৰথম অৱস্থাত তাক বেছি বিশ্বাস কৰা নাছিলোঁ, লগ পোৱাৰ ভয়ত বিশেষ কিছুমান আগতীয়া সাৱধানতা অৱলম্বন কৰিহে ঘৰৰ বাহিৰ ওলাইছিলোঁ। কিন্তু লাহে লাহে কি জানো হ’ল.. বাহিৰলৈ ওলোৱাৰ তাগিদা লগতে “আজি দেখা নিদিওঁ!” ধৰণৰ তাৰ মিছা কথাত ভোল গৈ কেতিয়া নিজৰ সৰ্বনাশ মাতি আনিলোঁ, ততকে ধৰিব নোৱাৰিলোঁ। কেতিয়াবা এনেকুৱাও হৈছিল – ৰাতিপুৱাই তাৰ উপস্থিতিৰ একো উমঘাম নেদেখি বিন্দাছ ওলাই যাও ঘৰৰপৰা, ঠিক ৰাস্তা পোৱাৰ লগেলগে ক’ৰপৰা জানো ভুমুকি মাৰেহি দাত নিকটাই.. তাৰ ওচৰত আত্মসমৰ্পণ কৰাৰ বাহিৰে মোৰ বেলেগ পথ খোলা নাথাকে তেতিয়া। উপায় নেপাই নিজকে নিজে ভৎসৰ্না কৰো, “কিহে পাইছিল ইমান মুকলিমূৰীয়াকৈ ওলাই আহি নিজৰ বিপদ নিজে চপাবলৈ!” তাৰ পিচতো তাক বিশ্বাস কৰিছিলোঁ…বাৰে বাৰে। মিছা নকওঁ, মোৰ এলেহুৱা আৰু বেপেৰুৱা স্বভাৱটোৱেও এইক্ষেত্ৰত ইন্ধন নোযোগোৱা নহয়।

অৱশেষত পাহৰিব নোৱাৰা সেই বিশেষ দিনটো আহিছিল মোৰ জীৱনলৈ। তাৰপাছৰপৰাই বিশ্বাস, সততা এইবোৰ মোৰ বাবে মাথো একো একোটা শব্দ হৈ থাকি গৈছিল। মনত আছে, দেওবাৰ আছিল সেইদিনা। ওৰে ৰাতি বৰষুণ দিয়াৰ পিছত পুৱা চাৰিওফালৰ পৰিবেশটো মোৰ ভাললগা ধৰণে জীপাল আৰু সতেজ হৈ উঠিছিল। ধুনীয়া বতৰটো দেখি একপ্ৰকাৰ নিশ্চিত হৈছিলোঁ যে ওলাই গ’লেও অন্ততঃ আজি তাক দেখা নাপাম। মনৰ হেঁপাহতে জীনচ্টোৰ লগত মনপচন্দৰ নতুনকৈ কিনা শ্লীভলেছ কুৰ্টাটো পিন্ধি কোনো সতৰ্কতা অবিহনে বিনাদ্বিধাই ওলাই গৈছিলোঁ স্কুটীখন লৈ। ছাঁটোকে দেখা নাপাম বুলি ভবা মোৰ ধাৰণাক ভুল প্ৰমাণিত কৰি কিছু দূৰ যোৱাৰ পিছতে লাহে লাহে অনুভৱ কৰিছিলোঁ তাৰ উপস্থিতি। প্ৰসাৰিত তাৰ অসহ্যকৰ স্পৰ্শই ক্ৰমান্বয়ে মোৰ গাল, মুখ, ডিঙি, চুলি আৰু উদং দুবাহু এফালৰ পৰা গিলি আহিছিল। উপায়বিহীন মই কি কৰিম, কি নকৰিম ভাৱি একো উৱাদিহ নেপাই খঙত প্ৰায় বলিয়া হৈ গৈছিলো সেইদিনা। ধিক্কাৰ উপজিছিল নিজৰ অসহায় অৱস্থাটো লক্ষ্য কৰি।

নহ’লেনো আৰু কি? ধেমালি পাইছে নেকি? না হেণ্ড গ্ল’ভছ! না ছানগ্লাছ! না স্কাৰ্ফ! না ছানস্ক্ৰীণ ক্ৰীম! না হেলমেট! নাছিল যে নাছিল, একোৱেই নাছিল সেইদিনা! ভূতৰ ওপৰত দানহ পৰাদি তাতে আকৌ শ্লীভলেছ! – এজনী নিমাখিতা ছোৱালীক কেতিয়াও এনেদৰে ছলনা কৰিব নেপায়। দুনীয়াত বিশ্বাস বোলা বস্তু কিবা আছে নে নাই? সেইদিনা
নিজকে একপ্ৰকাৰ তাৰ হাতত সপি দিয়াৰ পিছত মোৰ মুখেৰে মাত্ৰ ওলাইছিল –

“ৰ’দ, আই হেইট ইউ এণ্ড নেভাৰ ট্ৰাস্ত ইউ এগেইন.. নেভাৰ এভাৰ।’’

★★★★

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *