ফটাঢোল

সংগীত প্ৰতিযোগিতা-গীতাৰ্থ গোস্বামী

স্কুলৰ বাৰ্ষিক খেল-ধেমালি প্ৰতিযোগিতাৰ তৃতীয় দিন। ছাত্র একতা সভাৰ তৰ্ক বিভাগৰ সম্পাদক হিচাপে ব্যস্ততাৰ শেষ নাই। নিজৰ বিভাগৰ সকলো প্ৰতিযোগিতা নিয়াৰিকৈ সমাপ্ত কৰি সাংস্কৃতিক বিভাগৰ বিভিন্ন গীতৰ প্ৰতিযোগিতাসমূহত অলপ সহায় কৰি দিবলৈ হল ঘৰটোলৈ গ’লোঁ। গৈ পোৱাৰ লগে লগেই, বন্ধুৰ অনুৰোধত ঘোষকৰ ভূমিকাত অৱতীৰ্ণ হৈ প্ৰতিযোগীসকলৰ নামবোৰ ক্ৰমান্বয়ে মাতি গ’লোঁ। বিষ্ণুৰাভা সংগীত প্ৰতিযোগিতা চলি আছিল আৰু শেষৰজন প্ৰতিযোগীয়ে গাই শেষ কৰাৰ লগে লগেই, মই উঠি হলৰ বাহিৰলৈ যাব ওলাওঁতেই কোনোবাই মাইকত ঘোষণা কৰিলে,

“গীতাৰ্থ গোস্বামী, তোমাক মঞ্চত বিচৰা হৈছে।”

হঠাৎ নামটো শুনি ভাবিলোঁ ছাৰ-বাইদেউসকলে চাগে কোনোবাই কিবা কামত বিচাৰিছে আৰু সেয়ে ততাতৈয়াকৈ গৈ মঞ্চৰ ওচৰ পাওঁতেই পুনৰ ঘোষণা হ’ল,

 “এইবাৰৰ প্ৰতিযোগী গীতাৰ্থ গোস্বামী”

হঠাৎ এনেকৈ নিজৰ নাম শুনি কিংকৰ্ত্তব্যবিমূঢ় হৈ পৰিলোঁ আৰু বন্ধুবৰ্গৰ উৎসাহত একো নাভাবি জীৱনত প্ৰথমবাৰৰ বাবে গান গাবলৈ মঞ্চত উঠি সম্পূৰ্ণ আত্মবিশ্বাসেৰে আৰম্ভ কৰি দিলোঁ,

“বিলতে হালিছে ধুনীয়া পদুমী

ফুলনীত ফুলিছে ফুল…

নিজান বননিতে কেতেকী চৰাইয়ে,

সুঁহুৰি মাৰিছে ৰৈ।”

সন্মুখৰ সকলোৰে মুখত হাঁহি দেখি দুগুণ উৎসাহেৰে একেবাৰতেই গাই শেষ কৰি দিলোঁ আৰু মনে মনে ভাবিলোঁ বৰ সুন্দৰ গাইছোঁ চাগে সেয়ে সকলোৱে ইমান আনন্দ মনেৰে  মগ্নহৈ শুনি আছে। গানটো শেষ হোৱাৰ লগে লগেই মোক আচৰিত কৰি দৰ্শকৰ হাত চাপৰিৰ আগতেই মোৰ ঠিক পিছফালৰ পৰা হাৰমনিয়ামত সংগত কৰা বৰ্মন ছাৰ আৰু তবলাত সংগত কৰা বন্ধু ধ্ৰুৱৰ হাত চাপৰিয়ে গোটেই হলঘৰটো মুখৰিত কৰি তুলিলে। 

এনেকুৱা এক পৰিবেশ দেখি ভাবিলোঁ,

: ছাৰহঁতেও ভাল পাইছে যেতিয়া, জীৱনত প্ৰথম সংগীত প্ৰতিযোগিতাত ভাগ লৈয়ে পুৰস্কাৰ লাভ কৰিম চাগে।

বুলি ভাবি মনটো পুলকিত হৈ উঠিল। 

পিচে মঞ্চৰ পৰা নামি বন্ধুবৰ্গৰ মাজলৈ আহোঁতেহে সকলো জল্পনা-কল্পনা পানী হৈ গ’ল। যেতিয়া বন্ধু মনজিৎ, সুস্মিতহঁতে বুজাই দিলে,

: ভালেই গাইছিলি তই। কিন্তু তোৰ সুৰ-তাল-লয় আদিৰ যি বিস্ফোৰক প্ৰকাশ ঘটিলে, ছাৰহঁতে মিলাব নোৱাৰি কেতিয়াবাতে তোক সংগত কৰা বাদ দি হাৰমনিয়াম, তবলা সামৰি গানটো শেষ হোৱালৈ ৰৈ আছিল। গানৰ এটা কলি গাই আকৌ এবাৰ ৰিপিট কৰিব লাগে যে সেইবোৰ চাবলৈ নাই একে উশাহে গাই শেষ কৰি দিলি। ভালেই কৰিলি অৱশ্যে সোনকালে সকলোকে আজৰি কৰি দিলি।

বুলি কৈ হাঁহিবলৈ ধৰিলে আৰু কিবাকিবি জ্ঞান দিছিল যদিও পুৰস্কাৰ পোৱাৰ সপোন ভাঙি যোৱাত সেইবোৰ কাণত নোসোমাল।

তেনেতে বৰ্মন ছাৰে আহি পিঠিত ঢকা এটা মাৰি সুধিলে, 

: অলপ পিছতে আধুনিক গীত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব অংশগ্ৰহণ কৰিবা নেকি? ভালেই গাইছিলা। সকলোৰে ভাল মনোৰঞ্জন হ’ল।

সেইদিন ধৰি আজিলৈ আৰু কোনোধৰণৰ সংগীত প্ৰতিযোগিতাতো বাদেই, কোৰাছ গাবলৈও মঞ্চত উঠা নাই।

দোস্ত হবিবুৰ ৰহমানৰ দৰে ময়ো মনে মনে  সেইদিনা গুণগুণালোঁ,

“গান গাবলৈ আৰু কেথানো নাযাওঁ

গানক নমস্কাৰ…

গানক নমস্কাৰ…”

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *