গালি খাব নেকি?-জয়ন্ত কুমাৰ ডেকা
ভাস্কৰ আৰু মোৰ দাদা দেখাত প্ৰায় একে। দাদা অলপ ক্ষীণ, সি অলপ শকত। বহুতেই কেতিয়াবা চিনি পোৱাত ভুল কৰে। ঘটনাটো অক্টোবৰ মাহৰ আছিল। চন পাহৰিছোঁ। মোৰ দূৰ সম্পৰ্কীয় মাহীৰ (মা’ৰ মোমায়েকৰ নাতিনী) ডাঙৰজনী ছোৱালীৰ বিয়া। মাহীৰ দুজনী ছোৱালী। এজনী মোৰ সমসাময়িক, আনজনী সৰু। দুয়োজনীৰে লগত মোৰ বৰ বেছি ক্ল’জো নহয়, বৰ বেছি গেপো নহয়। দাদাৰ লগত কিন্তু দুয়োজনীৰে খুবেই ভাল। বিয়া হৈছিল উজান বজাৰৰ কণিকা বিবাহ ভৱনত। মা অৰু দেউতা দুপৰীয়াতে গ’ল। দাদা আৰু মই ঠিক কৰিলোঁ কাম শেষ কৰি ৰাতিলৈ যোৱাৰ কিন্তু আবেলিৰ পৰা দাদাৰ জ্বৰ উঠিল। দৰব খালে, কিন্তু কমা নাই। ময়ো সুযোগটো লৈ তাক ক’লোঁ,
: এহ হ’ব দে, মা-দেউতা গৈছেই। আমি দুটা নগ’লেও হ’ব আৰু।
দাদাৰ প্ৰতিক্ৰিয়া,
: নাই নাই, তই যা। নহ’লে মাহীয়ে বৰ বেয়া পাব। এটা কাম নকৰ কিয়? ভাস্কৰক ফোন কৰি ইয়ালৈ মাত আৰু একেলগে দুয়ো যাগৈ।
ভাস্কৰ ঘৰৰ কাষৰে ল’ৰা। ভাইটি যদিও বন্ধুত্বপূৰ্ণ আচৰণ কৰোঁ তাৰ লগত। এনে পাৰ্বনত ভাস্কৰে আগতেও সংগ দিয়ে। কাৰণ দুটা – এবিধ খোৱা আৰু আনবিধ হৈছে যি কৰ্মত বিশ্বৰ কোনো জাতিৰ পুৰুষে আমাৰ অধিকাংশ পুৰুষকে বলে নোৱাৰা, অৰ্থাৎ নাৰীৰ সৌন্দৰ্য চোৱা। তাক ফোন লগালোঁ আৰু প্ৰত্যাশিতভাৱেই সিয়ো ভৰি দাঙি সাজু হ’ল।
দুয়ো ৰাতি প্ৰায় ৮ বজাত বিবাহ ভৱন পালোঁ। মই ব্যস্ত হৈ পৰিলোঁ পৰিয়ালৰ সকলোকে মাতবোল কৰাত। মাহীক ভাস্কৰৰ লগত চিনাকি কৰাই দিলোঁ আৰু দাদা আহিব নোৱাৰাৰ কাৰণটোও ক’লোঁ। তেতিয়ালৈ মই অৱশ্যে কইনাৰ ভনীয়েকক দেখা নাছিলোঁ। এনেতে মাহীয়ে মোক আৰু ভাস্কৰক খাবলৈ মাতিলে। মই ভিতৰলৈ যাওঁ বুলি উঠাৰ লগে লগে কইনাৰ সৰুজনী ভনীয়েক আহি কাষতে ৰ’ল,
: জয়ন্ত দা, ইমান দেৰি কৰিলা আহোঁতে, সোনকালে আহিব লাগে।
মই কিবা এটা কওঁ বুলি লওঁতেই তাই ভাস্কৰলৈ চাই চিঞৰি উঠিল,
: হে ইউ, এতিয়া হে আহিব টাইম পালা! তুমি কোৱা নাছিলা ৰাতিপুৱাই আহিম বুলি! কেৱল মিছা কথা ক’ব জানা। ৰাতিপুৱাৰ পৰা ৰৈ আছোঁ…
মই হতভম্ব হৈ পৰিলোঁ। কি কথা? তাই ভাস্কৰক কিয় এনেকে ক’লে! আৰু ভালেখিনি উচ্চস্বৰত কথাখিনি কোৱাৰ বাবে বিয়া ঘৰৰ সকলোৱে সেই দিশত নজৰ দিলে। লগে লগে কিন্তু সকলোৰে ভুল ভাগিল। তাই, ভাস্কৰক দাদা বুলি ভাবিছিল। তাই এতিয়া ভাস্কৰক চ’ৰি কৈ ত’ত নাপায়। সিয়ো লাজতে “নাই একো নহয়” বুলি চুপচাপ থাকিল।
খোৱা-বোৱাৰ অন্তত দুয়ো বিয়াৰ পৰা ৰাতি প্ৰায় ১০.৩০ বজাত ওলালোঁ। এইবাৰ বাইক সি চলালে। তেতিয়ালৈ মই জনাই নাছিলোঁ যে এটা ভীষণ সমস্যা মোৰ বাবে আগত ৰৈ আছে। চান্দমাৰি পোৱাৰ লগে লগে সি তৎক্ষনাত বাইকখন ৰখাই দিলে। বাইকৰ পৰা নামি চিগাৰেট এটা জ্বলাই তাৰ মোৰ ফালে এটা চিৰিয়াছ লুক “জয়ন্ত দা, I’m in love … মই তোমাৰ ভনীজনীৰ প্ৰেমত পৰি গ’লোঁ। তাইৰ নামটো কি?”
মই বোলো ইয়াৰ হ’ল কি?
: ডিছ টাইম আই এম ছিৰিয়াচ, প্লীজ তাইৰ ফোন নম্বৰটো মোক দিবা।
মই হাঁহি হাঁহি ক’লোঁ
: হ’ব দে, এনেকুৱা প্ৰেম তোৰ বহুত হৈছে।
: মই জানো; তুমি নুবুজিবা বুলি… মই সচাঁই তাইক ভাল পাই পেলাইছোঁ।
তেতিয়াও তাৰ সেই চিৰিয়াছ লুক।
মই দেখিলোঁ কথা বিষম। ই ক্ষন্তেকীয়া প্ৰেমত বলিয়া হ’ব ধৰিছে।
তাক ক’লোঁ
: এটা কাম কৰ। কালিলৈ তোক মই তাইৰ সকলো ডিটেইলছ দিম, এতিয়া মাত্র সোনকালে ব’ল। ঘড়ীত ১১ বাজে।
পিছদিনাৰে পৰা তাৰ মোৰ ওপৰত অত্যাচাৰ আৰম্ভ হৈ গ’ল। ছোৱালীৰ নাম কি? কি কৰে? ফোন নম্বৰ কি? মই তাৰ কথাত বেছি গুৰুত্ব নিদিয়াৰ বাবে তাৰ অত্যাচাৰৰ প্ৰকোপ দিনে দিনে বাঢ়িবলৈহে ধৰিলে। আচৰিতভাৱে এমাহ পাৰ হৈ গ’ল। নাই তাৰ অত্যাচাৰ নকমে। ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্টো পঠিয়ালে। মুঠৰ ওপৰত সি কিবা ফিল্মী দুনিয়া এখনত প্ৰৱেশ কৰিলে। তেনেতে এদিন সেই ভণ্টিজনীয়ে পুৱা মাক ফোন কৰি ক’লে যে তাই আমাৰ ঘৰলৈ দুপৰীয়া ভাত খোৱাকৈ আহি আছে। নাজানো মোৰ মূৰত কি খেলালে, ময়ো ভাস্কৰক ফোন কৰি আবেলি আমাৰ তাত এবাৰ সোমাই যাবলৈ ক’লোঁ। ভণ্টিজনী অহাৰ কথা অৱশ্যে তাক নজনালোঁ।
আবেলিৰ সময়। দুয়ো মুখামুখিকৈ বহি আছে। মই হাঁহি হাঁহি প্ৰেম কাহিনী দুয়োৰে আগত মেলি দিলোঁ। ৰাতিৰ চান্দমাৰিৰ পৰা আৰম্ভ কৰি এমাহজোৰা তাৰ অত্যাচাৰৰ কথাও ক’লোঁ। তাৰ লাজতে এতিয়া মুখৰ পৰা মাত নুফুটে। শেষত সি ভণ্টিৰ আগত লাজ লাজকৈ ক’বলৈ আৰম্ভ কৰিলে,
: বেয়া নাপাবা, এক্সুৱেলী তেনেকুৱা এটা ঘটনা মোৰ লাইফত প্ৰথমবাৰ ঘটিছিল। এনেকে কোনো ছোৱালীয়ে মোক আগতে গালি পাৰি পোৱা নাছিল। চ’ তোমাৰ প্ৰতি ফীলিং আহি গৈছিল।
: এতিয়া মানে আপোনাৰ ফীলিঙছ নাই?
ভণ্টিৰ চিধা প্ৰশ্ন।
: নাই আৰু এতিয়া। তেতিয়া আছিল আৰু। জয়ন্তদাই এনে বেছি বঢ়াই কৈ আছে…
লাজ লাজকৈ মিচিকি হাঁহি মাৰি বেটাই উত্তৰ দিলে। ভণ্টিয়ে এইবাৰ তালৈ চিৰিয়াছ লুক এটা দি ক’লে,
: এটা কাম কৰোঁ দিয়ক, আপোনাক আকৌ গালি দিওঁ, আপোনাৰ ফীলিঙছ আকৌ আহি যাব। নে কি?
ফোন কৰাৰ বাহানা এটা লৈ সি সেই মূহূৰ্তত যি ৰূমৰ বাহিৰলৈ খোজ দি নিজৰ ঘৰলৈ পলাল, সেই মূহূৰ্তখিনিৰ অনুভৱ আপোনালোকে নিজেই কৰি ল’ব।
☆ ★ ☆ ★ ☆
8:04 am
ৱাহ কি সুন্দৰ কাহিনী?
10:36 pm
বঢ়িয়া
11:36 pm
বেচেৰা৷ ভাল লাগিল পঢ়ি৷