ফটাঢোল

মূল: নগাভূমিৰ অসম্পূৰ্ণ গল্প,লেখক : অৰুণ কাঞ্জিলাল, অনুবা- বিবেকানন্দ চৌধুৰী

প্ৰত্যেক ৰে’লযাত্ৰাৰ এটা গল্প থাকে। বিশেষকৈ নিশাৰ যাত্ৰাবোৰত। পূবভাৰতত ৰে’লগাড়ী চলাৰ প্ৰস্তুতি পৰ্বৰ পৰাই ইয়াৰ সৈতে গল্প সাঙোৰ খাই গৈছে। যেনে ধৰক, ট্ৰেইনৰ বাষ্পচালিত ইঞ্জিন বা লোকোমোটিভ কলিকতালৈ বহন কৰি আনি আছিল ‘কেডগ্ৰি’ নামৰ এখন জলযানে, বাট ভুল কৰি সেইখন ওলালগৈ অষ্ট্ৰেলিয়া। সেই জাহাজখনকে ১৮৫৪ চনমানত যেতিয়া কলকাতালৈ লৈ অনা হ’ল, ইতিমধ্যেই ভালেখিনি পলম হৈ গৈছে। বিপত্তিৰ তালিকাত আছে জাহাজডুবাৰ ঘটনাও। এইছ এম এছ গুডউইন নামৰ যিখন জাহাজত ৰে’লৰ দবাবোৰ আহিছিল, সেইখন হুগলি নদীৰ মোহনাত ছ্যাণ্ডহেডৰ ওচৰত ডুবি যায়। এই যুগ্ম বিপদৰ বাবেই সম্ভৱতঃ দেশৰ ভিতৰত প্ৰথম ৰে’লগাড়ী চলাৰ সাক্ষী হ’ব নোৱাৰিলে কলকাতা। কিন্তু সেই তেতিয়াৰ পৰাই এই লোহাৰ ফ্ৰেমত তৈয়াৰী, নাট-বল্টুৰে বন্ধোৱা ৰে’লগাড়ী আৰু তাৰ কাহিনী একেলগে চলি থাকিল। এই বিষয়ে এটা কাহিনী কওঁ৷

ভালেকেইবছৰ আগৰ কথা। মই তেতিয়া গ্ৰন্থ বিপণনৰ কামত সমগ্ৰ ভাৰত ঘূৰি ফুৰোঁ। আধুনিক বিপণনৰ এক অমোঘ শ্লোগান মোৰ মূৰত— সম্ভাব্য ক্ৰেতাৰ ওচৰত গৈ উপস্থিত হোৱা। ক্ৰেতাৰ মন যোৰাবলৈ তেওঁৰ বন্ধু হৈ পৰা। তেতিয়া হৃদয়ৰ প্ৰসাৰতা আছিল অগাধ, যলৈকে যাওঁ, তাতেই বন্ধু হৈ যাওঁ। যাৰ সৈতে কাম কৰোঁ, তেওঁলোকৰ সৈতে একাত্ম হৈ পৰোঁ। এই বিপণনৰ কামৰ সূত্ৰেই মই প্ৰায়ে নিশাৰ ৰেলত যাত্ৰা কৰিব লগা হয়। প্ৰত্যেক ডাঙৰ চহৰতেই কিতাপ বিক্ৰীৰ একোটা কেন্দ্ৰস্থল থাকে। কলকাতাত যেনেকৈ কলেজ ষ্ট্ৰীট, কটকত বালুবাজাৰ, ঢাকাত বাংলাবাজাৰ, গুৱাহাটীত তেনেকৈ পানবজাৰ।

সেইদিনা পানবজাৰত দিনটোৰ কাম সমাপ্ত কৰি ৰে’লষ্টেচন আহি পাইছোঁ। কাঞ্চনজঙ্ঘা এক্সপ্ৰেছত নৈশ ভ্ৰমণ। নিশা দহবজাত গাড়ী এৰিব। মোৰ লগত টু-টায়াৰৰ এটা ৰিজাৰ্ভ টিকেট আছে, তলৰ বাৰ্থ। সেয়ে খোৱা-লোৱা কৰি ৰে’লত উঠি ললোঁ৷ নিৰ্দিষ্ট কেবিনলৈ আহি দেখিলোঁ দুজন যাত্ৰী আগতেই আহি বহিছে। এজন সপ্ৰতিভ অবঙালী যুবক, আৰু এগৰাকী মহিলা। তেওঁলোকৰ লগত এজনী ফুটফুটীয়া অকণমানি ছোৱালী। মহিলাৰ সৌন্দৰ্য পৰিচয় অসামান্য। আশ্চৰ্যৰ কথা ভদ্ৰমহিলাগৰাকীয়ে নিজৰ অপৰূপ যৌৱনশ্ৰীৰ যেন লেশমানো অপব্যয় হ’বলৈ দিয়া নাই। মই অতি সন্তৰ্পণে তেওঁলৈ চাইছোঁ, যেনেদৰে সূৰ্যই পৃথিৱীলৈ চায় এক বৃহৎ ব্যৱধান ৰাখি। তেওঁৰ সৈতে সমগ্ৰ নিশা ভ্ৰমণৰ আনন্দ পাম বুলি ভাবি মনটো ভৰি গৈছিল। লগতে এক দুঃসাধ্য অস্বস্তিও আছিল। যেন এখন দেশত দুই কৰ্তৃত্বৰ শাসন।

এটা বাৰ্থ তেতিয়াও খালী। ৰে’ল নচলালৈ শোৱাৰ কথা নাহে। তাৰোপৰি এটা সৰু কিউবিকলৰ ভিতৰত, তল-ওপৰৰ চাৰিখন শয্যাত সম্পূৰ্ণ অপৰিচিত চাৰিজন মানুহ এটা নিশা কটাই দিব, ইয়াত কাহিনী নাথাকিব? আটাইবোৰেই কিবাকিবি কথা কৈ আছে। কোনোবাই কাৰোবাক মাতিছে, ক’ৰবাত এজনী ছোৱালীয়ে খুব হাঁহিছে। কিন্তু ইয়াৰ পৰা দেখা নাযায়। ওচৰৰ কিউবিকলত কুলীৰ সৈতে বাক-বিতণ্ডা চলিল এইমাত্ৰ। যুবকজনেই প্ৰথম মুখ খুলিলে। নিজৰ পৰিচয় জ্ঞাপনেৰে মোৰ সৈতে পৰিচয় হৈ ল’লে। তেওঁ যোৰহাটৰ পৰা আহিছে। তেওঁৰ এক নিকটাত্মীয়ৰ চাহ-বাগিছা আছে। মাৰোৱাৰী সম্প্ৰদায়ৰ। তেওঁলোকৰ প্ৰপিতামহক হেনো গান্ধীজীয়ে কৈছিল অসমলৈ আহি ব্যবসায়-বাণিজ্য কৰিবলৈ। তেতিয়াৰ পৰাই তেওঁলোক অসমতে। দম্পতি যুগল অৱশ্যে সম্প্ৰতি অসমলৈ ফুৰিবলৈহে আহিছে। কাজিৰঙালৈ গৈছে, মাজুলীৰ পৃথিৱীখ্যাত বৃহত্তম নদী দ্বীপ চাই আহিছে। আজি ৰাতিপুৱা গুৱাহাটীত নামি কামাখ্যা মন্দিৰ দৰ্শন কৰি আহিছে। অলপপৰ পাছত মহিলাগৰাকীয়ে আহি আমাৰ আলোচনাত যোগ দিলে। দিল্লীৰ ছোৱালী, বিয়াৰ পাছত বিকানেৰত থাকে। কলকাতা সম্পৰ্কে অত্যন্ত কৌতূহল। দুখেৰে জনালে যে তেওঁ কেতিয়াও কলকাতালৈ যোৱা নাই। আমাৰ তিনিওৰে কথাবাৰ্তা সহজ, স্বাভাৱিক। এইখিনিত কাহিনী নাই। এইবাৰ চতুৰ্থ যাত্ৰীৰ আগমন ঘটিল। ফৌজি। শকত গোঁফ, মূৰত টুপি আৰু শৰীৰত সেনাৰ পোছাক। তেওঁৰ বস্তুবাহানি বুলিবলৈ দুটা টিনৰ ক’লা বাকচ। বাকচৰ গাত সযত্নে বগা আখৰেৰে লিখা, এছ. ডাট. লেফটেনাণ্ট, টেৰিটৰিয়াল আৰ্মি। অৱশ্যে তেওঁ অকলে অহা নাই, আহিছে পুৰা সদলবলেই। তিনি-চাৰিজনমান ৰক্ষী তেওঁক আগুৱাই দিবলৈ আহিছে। তেওঁলোকৰ প্ৰত্যেকৰে চুলি চুটিকৈ কটা, মিহিকৈ কটা গোঁফ, অসামৰিক পোছাক, কিন্তু সৰ্বশৰীৰ মিলিটাৰী। তেওঁলোকে গাড়ী এৰাৰ আগমুহূৰ্তলৈকে জাঠ বা পশ্চিমী হিন্দী ভাষাতে কথা পাতিছিল। গাড়ী চলিবলৈ ধৰাৰ লগে লগেই এজন এজনকৈ আটাইকেইজন নামি গ’ল। 

ৰক্ষীকেইজন নামি যোৱাৰ লগে লগে, সেই প্ৰতাপশালী ফৌজি বিষয়াজনে তলৰ বাৰ্থত নিজৰ বিছনা ঠিক কৰি ল’লে। আমাৰ সৈতে এটা কথাও নাপাতিলে। হয়তো কথা পতাৰ যোগ্য বুলিও বিবেচনা নকৰিলে কিন্তু মোৰ সুপ্ত গল্প ক্ষুধাই কৈছে- এই শকত গোঁফৰ আঁৰত নিশ্চয় লুকাই আছে কিবা উপজীব্য গল্প, মীথ অথবা ইতিহাস যিবোৰ হয়তো স্থানীয় লোকাচাৰেৰে সমৃদ্ধ। ইয়াৰ পূৰ্বৰ এক যাত্ৰাত এক ফৌজি বিষয়াই মোক কাশ্মীৰৰ ভাৰতভুক্তিৰ কাহিনী শুনাইছিল। পাকিস্তানী পাখটুন আক্ৰমণকাৰী বাহিনীয়ে কেনেদৰে হঠাৎ কাকতি ফৰিঙৰ দৰে জাক পাতি খেদি আহি বাৰামূলাত আহি স্তব্ধ হৈ গ’ল। কি সেই ৰহস্য? আৰু সেই গূঢ় ৰহস্যকেই মূলধন কৰি ভাৰতীয় সেনাই শ্ৰীনগৰ দখল কৰি লয়। তেওঁলোকৰ কাহিনীবোৰ বহুখিনি ভ্ৰমণকাহিনীৰ নিচিনাই, অভিজ্ঞতাৰ আধাৰত স্ৰজিত। কিন্তু দুখৰ বিষয় ৰে’লগাড়ীৰ কাহিনীৰ সমাপ্তি নাথাকে। অন্তিম লগ্নত আহি তেওঁ দবাটোৰ চিলিং ফেনখনলৈ কিছুপৰ স্থিৰ দৃষ্টিৰে চাই থাকিল আৰু ক’লে – “আজ গৰমি বহোত হায়।”

ইতিমধ্যে কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ কামাখ্যা ষ্টেছন পাৰ হৈ গ’ল। ঠাণ্ডাৰ ভয়ত আটাইবোৰ দুৱাৰ-খিৰিকী বন্ধ। আৰু চোৰ-ডকাইতৰ ভয়ত আমাৰ কেবিনৰ দৰজাও বন্ধ। ৰে’লৰ জোকাৰণিত মোৰ চিৰন্তন গল্প-ক্ষুধাই সীমা চেৰাই গ’ল। সকলো ভাবিচিন্তি লেফটেনাণ্ট চাহেবক অলপ উত্যক্ত কৰাৰ চেষ্টা কৰিলোঁ, “ছাৰ, আপ ভি শো ৰহে হ্যায়?” প্ৰশ্ন শুনি তেওঁ মোৰ পিনে চালে। অৰ্থপূৰ্ণ দৃষ্টি। গম্ভীৰ ভাবে ক’লে, “মই কলকাতাৰেই, বেকবাগানৰ, বঙালী জানো।” বাকচৰ গাত বগা আখৰেৰে লেখা এছ. ডাট.ৰ পিনে চোৱা দেখি তেওঁ হাঁহি দিলে। ক’লে, “মোৰ নাম সুনীল দত্ত। আৰ্মিত থকা সময়খিনিত মোৰ পদবীৰ শেষ হ্ৰস্ব বৰ্ণটো হ্ৰাস হৈ ডাট হৈ গ’লগৈ। বৰ্তমান পোষ্টিং নগালেণ্ডত। সীমামূৰীয়া ৰাজ্য।” “ঠাইখন কেনেকুৱা ছাৰ?” “ভয়ঙ্কৰ সুন্দৰ। ভয়ঙ্কৰ আৰু সুন্দৰৰ এনে মিশ্ৰণ ভাৰতৰ অইন কোনোবা ঠাইত আছে নে নাই সন্দেহ।” ইয়াৰ পাছতেই নদীৰ বান্ধ খুলি গ’ল। ক’ত উচ্চপদস্থ সেনা বিষয়াৰ গাম্ভীৰ্য! সেনা বিষয়াই অনৰ্গল কথা কৈ গ’ল। মানুহক কেনেদৰে বিচাৰ কৰা যায়। মানুহ ৰহস্যময়। এইবাৰ লেফটেনাণ্ট চাহাবৰ কাহিনীটো শুনা যাওক। সৰু কাহিনী। ইমান সৰু যে ইলাচি এটাৰ নিচিনা। পিচে বাকলি এৰোৱালেই দানাদাৰ মচলাৰ সুগন্ধত মন ভৰি উঠে।

সেয়া ১৯৭২ চনৰ কথা। চীনা যুদ্ধৰ দহ বছৰ পাছত। মোৰ প্ৰথম কমিছন হ’ল এই নগালেণ্ডতেই। সেনা বিষয়া হিচাপে। মোৰ তেতিয়া বয়স একৈছ। হাঁহিমুখীয়া, স্বাস্থ্যবান, উচ্চাকাঙ্খাৰে ভৰপুৰ। মোৰ সেনা ছাউনীটো তেতিয়া বাছুৰডোবা নামৰ পাহাৰ আৰু জঙ্ঘলে আবৰা অদিবাসী অধ্যুষিত এখন গাঁৱৰ বাহিৰত, বাঁহ আৰু ঘনবনৰ কাষত। জলবেষ্টিত ঠাই। মহ, জোক, সাপ, কেকোঁৰা, বিছা আমাৰ নিত্যসঙ্গী। তাৰপৰা বাহিৰৰ জগতখনৰ সৈতে যোগাযোগ ব্যৱস্থা আছিল আদিম যুগৰ দৰে। বাছুৰডোবাত বিষয়াসকলৰ বাবে কোনো পৃথক মেছ অৰ্থাৎ আহাৰৰ ব্যৱস্থা নাছিল। সেইবাবে অবিবাহিত বিষয়াসকলৰ বাবে ‘বাছা’ নামৰ একধৰণৰ অস্থায়ী গৃহত থকাৰ ব্যৱস্থা কৰি দিয়া হৈছিল। ইটাৰ গাঁঠনিৰ ওপৰত বোকাৰ প্ৰলেপ দিয়া এটা মাত্ৰ কোঠা। মোটামুটি ভাবে চূণ আদি ঘঁহি তাকেই যথাৰ্থতাৰ এটা আভাস দিয়া হৈছে মাথোঁ। বাছাৰ ঠিক পিছফালেই পেট্ৰলৰ খালী ড্ৰামক জলাধাৰলৈ ৰূপান্তৰ কৰি অস্থায়ী স্নানকক্ষ। বৰষুণৰ পৰা ৰক্ষা পাবলৈ তাৰ ওপৰত ত্ৰিপালৰ ছাউনি।

জীৱন ইয়াতে ঠিক গানৰ ছন্দৰ তালত নচলে। কিন্তু সামৰিক বাহিনীৰ মানুহৰ ক্ষেত্ৰত ‘কিয়’ এই প্ৰশ্ন বাঞ্ছনীয় নহয়। সেনা প্ৰশিক্ষণত প্ৰশ্ন কৰিবলৈ নিশিকায়, কেৱল বিচাৰে চৰ্তহীন আনুগত্য। মোৰ দিনটো আৰম্ভ হৈছিল প্ৰাতঃভ্ৰমণেৰে। আগতেই কৈছোঁ নগা পাহাৰৰ নৈসৰ্গিক ৰূপ অপূৰ্ব। জংঘলৰ ভিতৰলৈ বহুদূৰ সোমাই যাওঁ। এই ঘন জংঘলত সূৰ্যৰ প্ৰৱেশ নিষেধ। তলত নিয়ৰসিক্ত ছাঁ। মাজে মাজে হিংস্ৰ জন্তুৰ আঁচোৰৰ দৰে খোজৰ পটি। চাৰিওপিনে কাঁইটীয়া লতা ওলমিছে। বনৰীয়া কলৰ গেজেপনি মৰা হাবি। ঋতুমতী পৃথিৱী এই নগা পাহাৰৰ উপত্যকাত অকৃপণ ভাবে সুশ্যাম জীৱন উপহাৰ দিছে। এঘণ্টামান প্ৰকৃতিৰ এই ৰূপ উপভোগ কৰি উভতি আহোঁ।

এদিন মোৰ ইউনিটলৈ উভতি আহি আছোঁ, দূৰৰ পৰা দেখোঁ কেইজনমান স্থানীয় উপজাতিৰ লোকে সেনাৰ এজন কনিষ্ঠ বিষয়াৰ সৈতে ঘনিষ্ঠ ভাৱে কথা পাতি আছে। অৱশ্যে সিহঁতৰ বেছিখিনি কথা-বতৰাই হৈছিল আকাৰে-ইঙ্গিতে। নগালেণ্ডত প্ৰায় ষোলটা উপজাতি বাস কৰে। প্ৰতিটো উপজাতিয়ে স্বতন্ত্ৰ উপভাষাত কথা কয় যিটো সিহঁতৰ প্ৰতিৱেশী উপজাতিবোৰেও নুবুজে। সেয়ে আকাৰ-ইঙ্গিতৰ সহায় লোৱাই স্বাভাৱিক। মই কাষ চপাৰ লগে লগে দলটোৱে মোক আগুৰি থিয় হ’ল। সিহঁতৰ গাৰ বৰণ গাঢ় তামবৰণীয়া। স্ফীত নাক, শকত শকত ওঁঠ। বিশাল বুকুত অনাবৃত বাহুসন্ধিলৈ ফিটফিটীয়া মাংসপেশী উঠি গৈছে। মস্ত মস্ত হাতত মুঠি মৰা আছে তীক্ষ্ণ যাঠী। পিংগল চকুৰ মণিত আদিম হিংস্ৰতা। কঁকালৰ চাৰিওপিনে এহাতমান কাপোৰ শিথিলভৱে মেৰিওৱা। সমগ্ৰ দেহ এই নিৰ্দয় জঙ্গলৰ দিশে উন্মুক্ত, অনাবৃত। তেওঁলোকৰ ভাষা মোৰ বাবে গ্ৰীকৰ সমতুল্য। মোৰ ভাষাও তেওঁলোকৰ বোধগম্য নহয়। ইউনিটৰ অধস্তন বিষয়াজন অসমৰে ল’ৰা। নাম হেমন্ত ডেকা। তাৰ মধ্যস্থতাত বুজি পালোঁ আমাৰ তম্বুৰ ওচৰতে বৰষুণৰ পানী জমা হোৱা যে তৰাং পানীৰ পুখুৰীটো আছে তাতে সিহঁতে চিকাৰ কৰিব বিচাৰে। মই শুনিছিলোঁ এই যোদ্ধাৰ দৰে পাহাৰী উপজাতিটোক আওনগা বোলে। ব্ৰিটিছ ৰাজত্বৰ প্ৰথমৰ পিনে এই আওনগাখিনি মণিপুৰ আৰু কাছাৰ জিলালৈ আহি লুট-পাত আনকি নৰহত্যাও কৰিছিল। পাছলৈ অৱশ্যে পাহাৰী বনৰ হিংস্ৰ আত্মাবোৰ শুই যায়। তেওঁলোক শান্ত হয়। কালৰ অনিবাৰ্য নিয়মত সেইবোৰৰ ওপৰত কিছু বিস্মৃতিৰ ভস্ম জমা হৈছে। মোৰ তৎক্ষণাত মনত খেলালে, এই উপত্যকা, এই জলাহতো তেওঁলোকৰে সম্পত্তি – এয়া তেওঁলোকৰ দেশ। আমিবোৰতো ইয়াত বহিৰাগত। তবু অধিকাৰিক সুলভ গাম্ভীৰ্য বজাই ৰাখি তেওঁলোকক চিকাৰ কৰাৰ অনুমতি দিলোঁ। বৰষুণৰ পানী জমা হোৱা পুখুৰীটোৰ পাৰত তেওঁলোকে শাৰী পাতি বহিছে। চিকাৰ চলি থকা সময়ত মই কৌতূহলবশতঃ তেওঁলোকৰ পাছফালে আহি থিয় দিলোঁ। মোৰ উপস্থিতিয়ে তেওঁলোকৰ গভীৰ মনোযোগত ব্যাঘাতৰ কাৰণ নহ’ল। তেওঁলোকৰ চিকাৰৰ পদ্ধতি সঁচাকৈ আকৰ্ষণীয়। দৃষ্টি পুখুৰীৰ পানীত নিবদ্ধ, হয়তো আৰু গভীৰতাত। তেওঁলোক যেন বাহ্যজ্ঞানশূন্য। অস্ত্ৰশিক্ষাৰ সময়ত দ্ৰোণাচাৰ্যই মনোযোগী অৰ্জুনক প্ৰশ্ন কৰিছিল, কি দেখিছা? অৰ্জুনে উত্তৰ দিছিল, পক্ষী মস্তকম। শাৰীবদ্ধ চিকাৰীকেইটাৰ এজনৰ যাঠী আকাশৰ ফালে উঠি গ’ল। মাথোঁ এটা মুহূৰ্ত। সেই কুৱঁলীভৰা পৰিস্থিতিতো জকমকাই উঠিল ক্ষুৰধাৰ জোং। এইবাৰ নিক্ষেপ কৰিলে পানীলৈ। কি অব্যৰ্থ তেওঁৰ নিচান। যাঠীপাত টানি উলিয়াই অনাত দেখা গ’ল তাত ওলমি আছে এডাল সাপ। তেতিয়াও প্ৰাণ আছে। যাঠীপাতে নিপুণভাৱে সাপডালক শালি পেলাইছে, মূৰটোৰ এক ইঞ্চিমান তলতে। এইবাৰ আন এজন চিকাৰীৰ যাঠী দাং খালে আকাশৰ পিনে। তেওঁৰ চকুত পিঙ্গল জিলিঙণি। পেশীৰ সমস্ত শক্তি মণিবন্ধত কেন্দ্ৰীভূত কৰি অস্ত্ৰপাত দলিয়ালে পানীলৈ। পুনৰায় সফল লক্ষ্যভেদ। তেওঁলোক যেন একেটা কমাণ্ডো বাহিনীৰ সুশিক্ষিত ক্ষুদ্ৰ সৈন্যদল। তেওঁলোকৰ সমস্ত ইন্দ্ৰিয় ধনুৰ্গুণৰ দৰেই প্ৰখৰ। মই শ্বাসপ্ৰশ্বাসৰ গতি প্ৰশমিত কৰি তেওঁলোকৰ কৌশল পৰ্যবেক্ষণ কৰি আছিলোঁ। সময় বাগৰিছিল। মই আকাৰে ইঙ্গিতে তেওঁলোকৰ দলপতিক প্ৰশ্ন কৰিলোঁ, “সাপবোৰ ধৰি তোমালোকে কি কৰিবা?” প্ৰথমতে তেওঁলোকে মোৰ কথাৰ মৰ্মাৰ্থ বুজি পোৱা নাছিল। কিন্তু যেতিয়া বুজি পালে, তেতিয়া সমস্বৰে হাঁহিলে। চকুৰ ভ্ৰূকুটিৰে যেন কৈ উঠিল, “হেৰা নিৰ্বোধ, এইবোৰ আমালোকৰ উপাদেয় খাদ্য।”

মই সঁচাই নিৰ্বোধ। এই গহীন অৰণ্যৰ উপজাতিবোৰৰ খাদ্যাভ্যাস জনা মোৰ বাবে উচিত আছিল। চীনা যুদ্ধৰ সময়ত উত্তৰ-পূব ভাৰতৰ কোনো কোনো সামৰিক ঘাটিত ঠিকমতে ৰেচন গৈ পোৱা নাছিল। এবাৰ এটা তেনে সেনাছাউনীত দুমাহ কোনো খাদ্য নাছিল। সেন্যসকলে প্ৰথমে বনৰীয়া গাহৰি চিকাৰ কৰি খায়। পাছলৈ হেনো চিকাৰ নাপাই লগৰে মৃত সৈনিকৰ মাংসও খাইছিল তেওঁলোকে- জীয়াই থাকিবলৈ। অৱশ্য সকলো সৈনিকেই একেই ধৰণৰ নহয় বাৰু। যিয়েই নহওক, মোক নিৰ্বোধ বোলাৰ অপমান গাত লগাই নলৈ মই পাছদিনা মোৰ তম্বুলৈ তেওঁলোকক চাহ খাবলৈ নিমন্ত্ৰণ দি থ’লোঁ। বেছি বাৰ্তা বিনিময় কৰাৰ উপায়তো নাই। ভাষা সমস্যাই প্ৰধান অন্তৰায়। কিন্তু তেওঁলোকে যে হৃষ্টচিত্তে মোৰ নিমন্ত্ৰণ গ্ৰহণ কৰিছে সেয়া বুজা গ’ল। আকৰ্ণ বিস্তৃত হাঁহিৰে সাপবোৰক ধনুবোৰত ওলমাই লৈ তেওঁলোক গভীৰ অৰণ্যত অদৃশ্য হৈ গ’ল। পাছদিনা তেওঁলোক আহিল। পিন্ধনত ঐতিহ্যবাহী নগা সাজ, মূৰত ধনেশ চৰাইৰ পাখি গুজা, চকুত কমনীয়তা, মনত ঔদাৰ্য। হাতত বন্ধুত্বৰ এক ক্ষুদ্ৰ নিদৰ্শন, ভজা সাপৰ টুকৰি। মোৰ আজীৱন সংস্কাৰ উপেক্ষা কৰি মই সিহঁতৰ উপহাৰ স্বৰূপ সাপৰ ভজা মাংস গ্ৰহণ কৰিলোঁ। বিশ্বাস কৰক, সেই মচমচীয়াকৈ ভজা, সাপৰ মাংসৰ সোৱাদ সঁচাকৈ অতুলনীয়। আদিবাসী মানুহবোৰে সেই মুহূৰ্তৰ পৰাই মোক বন্ধু হিচাপে গ্ৰহণ কৰি ল’লে। তেওঁলোকৰ ব্যৱহাৰত আৰু কোনো জড়তা নাথাকিল।

এইখিনিলৈ সকলো ঠিকেই আছিল। কেম্পৰ কাষতে বৰষুণৰ পানী জমা হোৱা পুখুৰীটোত সাপৰ চিকাৰ চলিছিল। মই মোৰ কামত ব্যস্ত হৈ পৰিলোঁ। সন্ধিয়াৰ ঠিক আগে আগে, দিনৰ শেষ পোহৰখিনিয়ে যেতিয়া পাহাৰী উপত্যকাৰ চাৰিওপিনে সোণোৱালী আভা ছটিয়াই দিয়ে, ঠিক সেই মুহূৰ্ততে মোৰ তম্বুৰ বাহিৰত অলপ উত্তেজিত আলোচনা কাণত পৰিল। হেমন্ত ডেকাৰো মাত শুনা গ’ল। মই হেমন্তক মাতি পঠিয়ালোঁ। যি শুনিলোঁ তাতে মই বিস্ময়ত হতবাক। এই আওনগাকেইজনে আৰ্মি কিচ্চেনৰ আশে-পাশে কেইটামান দেশী কুকুৰ ঘূৰি ফুৰা দেখা পাইছে। মোৰ অনুমোদন সাপেক্ষে সিহঁতে সেই কুকুৰকেইটা ধৰিব বিচাৰে। আৰ্মিত যোগদানৰ আগতেই অৱশ্যে জানিছিলোঁ যে সাৰমেয়ৰ মাংস নগাসকলৰ অতি প্ৰিয় খাদ্য। আইনে পিচে কুকুৰৰ মাংস খাদ্য হিচাপে স্বীকৃত নহয় বুলি কয়। মই প্ৰমাদ গণিলোঁ। পাছদিনা তেওঁলোক আকৌ আহিব। পিন্ধনত ঐতিহ্যবাহী নগা সাজ, মূৰত ধনেশ চৰাইৰ পাখি গুজা, চকুত কমনীয়তা, মনত ঔদাৰ্য। হাতত মাংসৰ টুকৰি, পিচ অফাৰিং। সস্যেজ ডগ। এই পৰ্যন্ত কৈ লেফটেনেণ্ট চাহেব কাহিনীটো ইলাচিৰ বাকলিত সুমুৱাই থৈ দিলে। ঠাণ্ডাৰ ৰাতি। আটায়ে যিমান সোনকালে পাৰি শুব লাগে। সৰু ছোৱালীজনী ইতিমধ্যে টোপনি গৈছেই। ঘনপল্লৱিত অতি সতেজ মহিলাগৰাকীয়ে সুধিলে, “কিয়া আপনে কুত্তে পকৰনেকা আদেশ দে দিয়া থা?” সেনা বিষয়া সুনীল দত্তই ক’লে, “নগাসকলৰ খাদ্যাভ্যাসৰ সৈতে ভাৰতৰ মূল ভূখণ্ডৰ কোনো মিল নাই। নগাসকলৰ বিশ্বাস, কুকুৰৰ মাংস অধিক পুষ্টিকৰ আৰু ৰোগ নিৰাময়ৰ ক্ষমতাও হেনো আছে।” “কেৱল বিশ্বাস?” “ডায়েটিছিয়ানসকলৰ মতেও কুকুৰৰ মাংসত আইৰণ অধিক। এই মাংসই শৰীৰ গৰম কৰি ৰাখে। প্ৰাচীনকালৰ পৰাই ঠাণ্ডা এলেকাবোৰত বসবাসকাৰী মঙ্গোলিয়সকলৰ মাজত এই খাদ্য গ্ৰহণ কৰাৰ প্ৰৱণতা আছিল। নগা-মিজোসকল সেই জনগোষ্ঠীয় ধাৰাৰ সদস্য। বংশানুক্ৰমে সিহঁতৰ মাজত এই মাংসৰ জনপ্ৰিয়তা থাকি গৈছে। এই সমস্ত তথ্য বিবেচনা কৰি মই তেওঁলোকক কুকুৰ ধৰাৰ অনুমতি দি দিলোঁ।”

মহিলাগৰাকীৰ জাগ্ৰত কৌতূহলৰ তেতিয়াও অৱসান ঘটা নাই। ব্যাকুল হৈ তেওঁ সুধিলে, “ফিৰ ক্যা হুৱা ছাৰ?” বিষয়াগৰাকীয়ে কোনো উত্তৰ নিদিলে। গাত কাপোৰখন ভালকৈ লৈ কাতি হৈ শুলে। মই জানো ৰে’লগাড়ীৰ কাহিনী আৰম্ভ হয়, শেষ নহয়। প্ৰত্যহ য’ত নতুন নতুন যাত্ৰী, প্ৰত্যেকৰ জীৱনত তাতে নতুন নতুন ঘটনাৱলী। ঘটনাৰ শেষছোৱাত উপস্থিত হৈ, কোনোবা কোনোবাজন হয়তো নিজ নিজ গন্তব্য ষ্টেছন পাই যায়। শেষৰছোৱা থাকি যায়। আৰু সকলো ঘটনাই যে শেষ হ’বই তেনে কোনো কথা নাই। আচলতে এই পৃথিৱীৰ কোনো কাহিনীয়ে পুৰাপুৰি শেষ নহয়। নগাভূমিৰ কাহিনী সেয়ে অসম্পূৰ্ণই থাকি গ’ল।

☆ ★ ☆ ★ ☆

2 Comments

  • ৰঞ্জিত কুমাৰ শৰ্মা

    ভাল লাগিল পঢ়ি৷

    Reply
  • পূৰৱী কাকতী

    বৰ ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *