ফটাঢোল

মূল: গয়ানাথৰ হাতী,গল্পকাৰ :শীৰ্ষেন্দু মুখোপাধ্যায়,ভাষান্তৰ-মুনমুন সৰকাৰ

গয়ানাথৰ  হাতী এটা কিনিবলৈ বৰ চখ। সৰুৰেপৰাই এই চখ লম্ভিছিল। গাঁৱৰ মগনলাল বোলাজনৰ হাতী আছিল। হাতীৰ পিঠিত উঠি বুকু ফিন্দাই ঘূৰি ফুৰিছিল। হাতীৰ চমকেই বেলেগ আছিল, খোজ-কাটল, আদব কায়দা। ঘোঁৰা আৰু গাধতো উঠি ফুৰিব পাৰি কিন্তু হাতীৰ পিঠিত উঠাৰ দৰে সুখ পোৱা নাযায়। মানুহে ঘূৰিও নাচায়। কিন্তু হাতী ওলালে সকলোৱে সসন্মানে বাট এৰি দিয়ে। 

কিন্তু গয়ানাথে লওঁ বুলিলেই হাতী কিনি ল’ব নোৱাৰে। পানীত হাঁহ নচৰা অৱস্থা তাৰ। খেতি-বাতিত যিমান লাগিভাগি মূৰৰ ঘাম মাটিত পেলাই কাম কৰে দহভাগৰ এভাগ ফচল ঘৰলৈ নাহে। লেনদেন, ধাৰ পৰিশোধ কৰোঁতেই সৰহভাগ গুচি যায়। কিন্তু তাকে লৈ গয়ানাথৰ কোনো দুখ নাই, দুশ্চিন্তাও নাই। দুখীয়াৰ ঘৰত জন্ম লৈছে যেতিয়া দুখীয়া নিচলাৰ দৰে দিনো কটাইছে, এনেকৈয়ে এদিন মৰিবগৈ। হ’ল বুলিয়েই হাতী এটাৰ চখ ৰাখিব নাপায় নেকি?

তাৰ যে হাতী এটা লোৱাৰ বৰ চখ আছে সেই কথাটো বহুতেই গম পায়। ধনেশ বৈৰাগী বোলা এজনে এদিন তাক ক’লে,

: ঐ ল’ৰা হাতী পুহিলে খুৱাবি কি? তোৰ নিজৰেই আকাল, হাতীৰ পেটটোলৈ চাই গোটাগোটে সৰু-সুৰা ঘৰ এখনেই সোমাই যাব যেন লাগে, তই পাৰিবি জানো?

: বাৰু কথা কৈছা, কিয় নাজানিম হে? হাতীৰ ইতিবৃত্ত সৱ জানো। কি খুৱাম পিছে পৰে ভাবিম, প্ৰথমে হাতী এটা পাই লওঁচোন।

জপেশ্বৰ সাধু খানে গৰু বিকিবলৈ গৰুৰ হাটলৈ গৈছিল। গয়াক দেখি ক’লে,

: ধেৎ বুৰ্বক, হাতী কিনিলে তোৰ বহুত লোকচান হ’ব। তই মোৰ এই গৰুজনীকেই কিনি ল’ দুইবেলা ডেৰ লিটাৰমান গাখীৰ দিব। হাতীৰ গাখীৰ মানুহে নাখায় নহয়। খীৰাবলৈও টান।

গয়ানাথে হাঁহি এটা মাৰি ক’লে,

: খীৰতী হাতী নহ’লেও হ’ব জপেশ্বৰ দা।

কিন্তু এই সমস্ত মানুহবোৰৰ সম্পূৰ্ণ বিপৰীত গয়ানাথৰ স্ত্ৰী জবা। তাই বৰ ধাৰ্মিক প্ৰকৃতিৰ মহিলা। পূজা-অৰ্চনা, ব্ৰত আদি কৰিয়েই থাকে। তাই কয়,

: ল’ৰা ছোৱালী এহাল লৈ থাকোঁ, হাতী মোক নালাগে, কেতিয়া কোন গচকতে যাব কি ঠিক? হাতীৰ চিন্তা বাদ দি অলপ ঈশ্বৰক চিন্তা কৰকচোন। পৰলোকত সুখ হ’ব।

গয়ানাথে আচৰিত হৈ কয়,

: ভগৱানৰ নাম ল’বলৈ কি হ’ল, তেওঁকচোন সদায় দেখিয়েই থাকোঁ।

জবাই ভয়াৰ্ত কণ্ঠেৰে কয়,

: হেৰি, মিছা নামাতিবচোন, পাপে চুব।

কিন্তু গয়ানাথৰ দিগদাৰ হ’ল, কেইদিনমানৰ পৰা ভৰ দুপৰীয়া সঁচাকৈয়ে বৰগছৰ তলত ভগৱানে আহি বহিবলৈ লৈছে। বুঢ়া মানুহ এজন। মৰাপাটৰ মোনা এটাত চিলিম, চাধা লৈ আহে। গছৰ তলত বহি চিলিমত টান মাৰি থাকে। পথাৰত কাম কৰাৰ পৰা মাজে মাজে মূৰ তুলি লুকাই চুৰকৈ গয়ানাথে চাই থাকে।

এদিন সেৱা এভাগ আগবঢ়াই সুধিছিল,

: আপুনি কোননো? ক’ৰ পৰা আগমন হ’ল আপোনাৰ?

বুঢ়া মানুহজনে বৰ ৰস পোৱাৰ দৰে হাঁহি মাৰি  ক’লে,

: মই ভগৱান হয়, বুজিলি? এলা-পেচা মানুহ নহয়, স্বয়ং ভগৱান!

: বাপৰে! ডবল ডবল সেৱা প্ৰভু, আপুনিয়েই তেন্তে সেইজনা?

: নহ’লেনো কি? কিবা যাদু, লীলা চাব বিচাৰ নেকি?

জিভা কামুৰি গয়ানাথে ক’লে,

: নাই, নাই৷ আপোনাৰ মুখৰ কথাতেই মই পতিয়ন গৈছোঁ।

: তোক বাৰু কিমান ডাঙৰ হাতী লাগে কচোন?

গয়ানাথৰ মুখখন জিলিকি উঠিল, সি ক’লে,

: মানে, হাতী যদি দিয়েই তেন্তে ডাঙৰ হ’লেই ভাল, নে কি কয় প্ৰভু?

: হয়, বাৰু। সৰুসুৰা হাতীৰনো কি কাম? হাতী বুলি গম পাবও লাগিব নহয়!

: হয়, প্ৰভু। পিচে হাতীৰ বৰ দাম বুলি শুনিছোঁ।

: বাৰু, তই ভালদৰে খেতিত লাগ। হাতীৰ আহিবলগীয়া সময় হ’লে নিজেই আহি ওলাবহি।

পিচে ভগৱান প্ৰায়েই আহি গছৰ তলত বহি থাকে। তাৰ পৰিশ্ৰম চায়। তাৰ সুখ-দুখৰ কথাও শুনে। গয়ানাথে মাজে সময়ে তেওঁৰ ভাগৰ চিলিম সজাই দিয়ে, ভৰি পিটিকি দিয়ে, বিচি দিয়ে। 

জবাই বিশ্বাস নকৰা যেন দেখি মূৰ খজুৱাই খজুৱাই ক’লে,

: ঠিকেই! ভগৱানক পাবলৈ হ’লে দেখোন বহুত পূণ্য কৰিবলগা হয়, তপ-জপ কৰিবলগা হয়, কিন্তু মোৰ এইবোৰ একোৱেই নাই। তেনেহ’লে দিনতেই মই দিবাস্বপ্ন দেখোঁ চাগে। ভগৱানেনো মোৰ দৰে তুচ্ছ মানুহক ধৰা দিবনে?

সেইদিনাই আকৌ ভগৱানে ক’লে,

: ঐ, তই মোক ইমান অবিশ্বাস কিয় কৰ? যাদু চাব খুজিছ যদি বেলেগ কথা বাৰু।

: নাই নাই প্ৰভু, তাই কৈ আছিলে কিবাকিবি, সেয়ে অলপ সাঁথৰ সাঁথৰ লাগিছিল কথাবোৰ।

বুঢ়া মানুহজনে চিলিম হুপি বৰ আৰামত গছত ভেঁজা দি বহি লৈ মোনাৰ পৰা লেতুসেতু হৈ থকা বেলুন এটা উলিয়াই ক’লে,

: আজি তোলৈ হাতী এটা লৈ আনিছোঁ।

: হাতী! ক’ত হাতী?

: এয়া কি? দেখা নাই নে তই?

: প্ৰভু, এইটো বেলুন নহয়নে বাৰু?

: তেনেকুৱা কেতিয়াবা লাগে, যিটো দেখিছ সেইটো দেখাত বেলুনেই, ফুটাত মুখ লগাই অকণমান ফুলাই লচোন।

গয়ানাথে ফুৱালে। আৰু কি আচৰিত! যিমান ফুৱায় সিমানেই বেলুন ফুলি হাতীৰ ৰূপ লয়।

ভগৱানে ক’লে,

: যিমান ডাঙৰ হাতী লাগে সিমান ডাঙৰকৈ ফুলা।

বেলুনটো যেতিয়া ফুলি মোটামুটি হাতী এটাৰ আকৃতি ল’লে, তেতিয়া সূতাৰে বেলুনৰ মুখ বান্ধি ক’লে,

: ল তোৰ হাতী।

হাতীয়ে দস্তুৰমত থিয় দি শুড়ডাল লৰাই হাতীৰ নিচিনা মাতিও দেখুৱালে।

গয়ানাথে আচৰিত হৈ ক’লে,

: বেলুনৰ পৰা যে এনেকৈ হাতী ওলাই আহিব পাৰে সেই কথাটো মই জনা নাছিলোঁ প্ৰভু! কিন্তু এই হাতীক খুৱাবও পাৰিব লাগিব নহয়!

ভগৱানে ক’লে,

: সেই লৈ চিন্তা নাই। খাবলৈ লওঁতে বেলুনৰ পৰা অলপ অলপকৈ হাৱা এৰি দিবি, চাবি যেতিয়া কুকুৰ এটাৰ আকৃতি ল’ব তেতিয়া বেলুনৰ মুখ আকৌ বান্ধি দিবি আৰু নিজৰ পাতৰ পৰা অলপমান ভাত দি দিবি, চাবি সেয়াই যথেষ্ট। আৰু হাতীক থ’বলৈ বেলেগকৈ একো ঠাইৰ দৰকাৰ নাই গাৰুৰ কাষত শুৱাই দিবি। ডাঙৰ মস্ত হাতী দেখি তোৰ মাইকী মানুহে ভয় কৰিলে হাতীক সৰু কৰি ল’বি। তেতিয়া হাতীয়ে তোৰ ল’ৰা ছোৱালীহালৰ সৈতেও খেলিব পাৰিব।

বিৰাট আনন্দ মনেৰে সিদিনা বিশাল হাতীৰ পিঠিত উঠি গয়ানাথ ঘৰলৈ উভতিল, গোটেই গাঁৱৰ ৰাইজখনে হাতী চাবলৈ আহিল। গয়ানাথৰ স্ত্ৰী মহা চিন্তাত পৰিল। ল’ৰা-ছোৱালী হালৰ কি যে স্ফূৰ্তি! 

গাঁওবুঢ়া আৰু অন্য বয়সীয়াল মানুহবোৰে সভা এখন পাতিলে, গয়ানাথৰ দৰে হাড়ে ছালে লগা মানুহ এজনে হাতী কিনিলে, কি সাংঘাতিক ঘটনা! সুধিলে সি কয়,

: ভগৱানে দিছে, নহ’লে আৰু মোৰ দৰে দুখীয়া নিছলা এটাই হাতী ল’ব পাৰোঁনে?

কিন্তু কোনেও কথাটো বিশ্বাস নকৰিলে, “কিবা এটা ৰহস্য আছে৷ গয়ানাথে ক’ৰবাত গুপ্তধনৰ সম্ভেদ পাইছে নিশ্চয়।”

কেইদিনমানৰ ভিতৰতে গোটেই গাঁৱত খবৰ এটা বিয়পি পৰিল যে গয়ানাথৰ ওচৰত এটা মাত্ৰ হাতী নাই৷ এপাল হাতী আৰু বিভিন্ন আকৃতিৰ হাতী আছে। পুৱাই গয়ানাথে বিশাল হাতী এটাৰ পিঠিত উঠি পথাৰলৈ যায়। দুপৰীয়া গয়ানাথৰ ঘৈনীয়েকে সৰু হাতী এটাৰ পিঠিত উঠি তাক ভাত দি থৈ আহে। আবেলি গয়ানাথৰ ল’ৰা ছোৱালীহালে গৰুৰ আকৃতিৰ হাতীৰ সৈতে খেলে। গাঁৱৰ বিখ্যাত চোৰ নটবৰে নিজ চকুৰে দেখিছে গয়ানাথৰ কুকুৰ পোৱালিটোৰ সমান অকনমানি হাতী এটাও হেনো আছে আৰু সেইটোৱে গয়ানাথৰ মূৰৰ শিতানত কুচিমুচি শুই থাকে। 

গাঁওবুঢ়া আৰু অন্যান্য বয়সস্থ মানুহখিনিয়ে তাক মাতি নি সুধিলে, “চা, গুপ্তধন যদি কৰ’বাত পাইছ তেন্তে তাত আমাৰো ভাগ এটা থাকিব লাগে। যদি সাৰি যাব বিচাৰ তেন্তে আধাআধি ভাগ বতৰা কৰি ল। নহ’লে কথা বেয়া হ’ব কৈ থ’লোঁ। এসাঁজ খাই এসাঁজ লঘোণ দিয়া মানুহৰ চাৰি পাঁচটাকৈ হাতী ক’ৰ পৰা আহে তয়ে কচোন?” গয়ানাথে আকৌ হাতযোৰ কৰি ক’লে, “সকলো ঈশ্বৰৰ ইচ্ছা।”

তাৰ ঘৈণীয়েক জবাই এদিন ক’লে,

: হেৰি, ভগৱানৰ সৈতে যেতিয়া আপোনাৰ ইমানেই ভাল আৰু অলপ বেছিকৈ বিচাৰিব পাৰে দেখোন, আমাৰ ইমান অভাৱ – অনাটন, অকল হাতী হ’লেই নচলিব নহয়।

: তেনেহ’লে কি বিচাৰিম?

: এই ধৰক সাতমহলীয়া ঘৰ, সাতটামান কলহত মুদ্ৰা, সাতটামান কলহত মণি-মুকুতা।

: সেইটোনো কি টান কাম, ক’ম বাৰু দিয়া।

সেইদিনা ভগৱান গছৰ তলত বহি আছে। গয়ানাথে তেওঁক বিচনীৰে বিচি থাকোঁতে ক’লে,

: প্ৰভু কথা এটা আছিল।

ভগৱানে চিলিমত টান মাৰি ক’লে,

: সাতমহলীয়া ঘৰ, সাতটামান কলহত মুদ্ৰা, সাতটামান কলহত মণি- মুকুতা? সেইখিনিৰে জুৰিব নহয় তোৰ? আৰু কিবা লাগিব নেকি?

মূৰ খজুৱাই খজুৱাই গয়ানাথে ক’লে,

: তাই আৰু একো কোৱা নাছিলে নহয়।

ভগৱানে মিচিক-মাচাক কৈ হাঁহি ক’লে,

: সাতমহলীয়াৰ ঠাইত চৈধ্য মহলীয়া ঘৰ হ’লে বেছি ভাল, চৈধ্যৰ ঠাইত চৌষষ্ঠী মহলৰ হ’লে তাতোতকৈ বেছি আনন্দৰ নে কি কৱ? আৰু সাত কলহ কিয় ভগৱানে মন কৰিলে সাতহেজাৰ কলহত তোক মুদ্ৰা দিব পাৰে মণি-মুকুতাও সিমানেই।

শুকাই অহা মুখখনেৰে গয়ানাথে ক’লে,

: মই নিঃকিন মানুহ, ইমান চম্ভালিব পাৰিম জানো?

: চম্ভালিবলৈ দৰমহা দি মানুহ ৰাখি ল’বি। তেতিয়া তই এতিয়াৰ গয়ানাথ হৈ থাকিবি জানো। গণ্য-মান্য ব্যক্তি হৈ যাবি, সমাজৰ লোকে তোক চালাম জনাব। ভাল নহ’ব নে?

গয়ানাথে খুব চিন্তাত পৰি ক’লে,

: শুনি কিবা ভাল লগা নাই প্ৰভু।

: তেন্তে ভালদৰে ভাবি-চিন্তি চা, মানুহজনীৰ লগতো পাতি ল। যি বিচাৰ তাকেই দিম। কিন্তু…

: কিন্তু কি প্ৰভু?

: এই গছজোপাৰ তলতে সদায় যে আহি বহিছিলোঁ সেয়া আৰু নহ’ব। তোক সৱ যা-যোগাৰ কৰি দি উঠি মই ইয়াত মোৰ কাম সামৰিম৷

শুনিয়েই গয়ানাথৰ বুকুখন মোচৰ খাই উঠিল। ক’লে,

: প্ৰভু আপুনি নাহিলে গোটেইখন উৰুঙা লাগিব। 

: হেই, বুৰ্বক। মই নাহিলেনো কি হ’ব। তেতিয়া তোৰ আলপৈচান ধৰিবলৈ কিমান যে মানুহ থাকিব, মুধাফুটা নাম হ’ব তোৰ। কিমান খাতিৰ কৰিব তোক মানুহে।

ৰাতি ঘৈণীয়েকৰ আগত সৱ খুলি ক’লে গয়ানাথে। জবাই ক’লে,

: আৰে ভগৱানে আহি গছজোপাৰ তলত যেনিবা নবহিলেই, তাতেনো কি হ’ল? মই তেওঁৰ বাবে সোণৰ সিংহাসন তৈয়াৰ কৰি দিম। প্ৰত্যেকদিনাই পোলাও, পায়স ৰান্ধি আগবঢ়াম, ভগৱানক সোণৰ হুকা বনাই দিম, আপুনি মই কোৱাটোৱেই বিচাৰিব। ৰ’দে-বৰষুণে তেওঁনো কিয় পথাৰত বহি থাকিব লাগিছে?

কথাটো কিবা এটা ভাল নালাগিল গয়ানাথৰ। তাৰ বেছি মগজ নাই। ভাল-বেয়া বিচাৰ কৰিবৰ ক্ষমতাও নাই। সি কেৱল জানে বুঢ়া মানুহজনে আহি গছজোপাৰ তলত বহি থকাটোৱেই তাৰ বাবে যথেষ্ট। 

পাছদিনা হাতীৰ ভিতৰৰ বতাহ উলিয়াই ফুটা বন্ধ কৰি খোচনিত ভৰাই পথাৰলৈ লৰ মাৰিলে গয়ানাথে। দুপৰীয়া ভগৱানে গছজোপাৰ তললৈ আহি বহিলত চিলিম সাজি সেৱা কৰিলে। চুৰিয়াৰ খোচনিৰ পৰা বেলুনটো উলিয়াই ক’লে,

: এইডাল লৈ লওক প্ৰভু, আপোনাৰ বস্তু, মোৰ আৰু হাতীৰ চখ নাই।

: কি কৱ?

: পৃথিৱীৰ সমস্ত বস্তুৱেই পেলনীয়া, জাবৰ, ফোপোলা, মই গম পালোঁ।

: কি চিন্তা কৰিলি?

এই সোণ ৰূপৰ মুদ্ৰাৰ প্ৰয়োজন মোৰ নাই। লাগিলে ভোকত থাকিম, হ’লেও আপোনাক যেন ইয়াতেই দেখোঁ, এই গছজোপাৰ তলতে।

: ভালদৰে ভাবি চা।

: ইমান ভাবি-চিন্তি কাম নকৰোঁ মই। ইমান মগজো নাই, মোৰ ভাগৰখিনি আপুনিয়েই ভাবক। 

ভগৱানে চিলিমত টান মাৰি মাৰি খুব হাঁহিলে। কথাটো শুনি যেন তেওঁ খুব আহ্লাদিত হৈছে।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply to বাপুকণ Cancel reply

Your email address will not be published.