ফটাঢোল

লকডাউন বিশেষ – ৰাজীৱ শৰ্মা

(১)

দোকান-পোহাৰ বন্ধ পুলিচহে খালী

আহিছিলোঁ ওলাই খাই ঘৈণীৰ গালি

ধোদৰ পচলা নাম মোৰ

নুশুনিলেও বিপদ ঘোৰ

মোকে বহনি কৰিলে ৰাইদাং ফালি।

(২)

আলুৰ কেজিত বিশ, পিয়াঁজো পঞ্চল্লিশ

পুৰাকলৰো দাম বোলে কেজিত চল্লিশ

দাম শুনি উঠে খং

সকলোৱে দিছে চং

বৰ বৰ কথাৰে মাথো‍ঁ পাতে মজলিচ।

(৩)

বজাৰৰ মাজতে আছিল তেখেত ঘূৰি

দেখি মই আঁঠু কাঢ়ি বহিলোঁ হাতযুৰি

খেদা মাৰি আহিল ভকত

গো-মাতা বিলেৰেও শকত

নৈবেদ্য মোনাটো সুদাহাতে আহিছোঁ ঘূৰি।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *