ফটাঢোল

অসমীয়া আত্মজীৱনী সাহিত্য : এটি চমু আলোকপাত-ড° চাহিন জাফ্ৰি 

আত্মজীৱনী কি আৰু ইয়াৰ সংজ্ঞা বিচাৰিলে হয়তো বহুজনে একেআষাৰে উত্তৰ দিব পাৰিব। কিন্তু এই আত্মজীৱনীৰ গুৰুত্ব কি আৰু সাহিত্যৰ ক্ষেত্ৰখনত ইয়াৰ প্ৰয়োজনীয়তা কিমান সেই সম্পৰ্কে হয়তো বহুজনৰ মাজতেই সন্দেহৰ অৱকাশ থাকি যাব। অৱশ্যে আনৰ মতে যিয়েই নহওক, ব্যক্তিগত ভাৱে মই এটা কথা বিশ্বাস কৰোঁ যে – এই আত্মজীৱনীসমূহ এনে এবিধ জীৱনদায়িনী শক্তি, যিয়ে যিকোনো মানুহকে জীৱন জিনাৰ শক্তি দিব পাৰে, বাট দেখুৱাব পাৰে, আনকি সফলতাৰ শীৰ্ষত অৱনীত কৰাবলৈও বাট দেখুৱাব পাৰে। বিখ্যাত বা মহৎ লোকসকলৰ জীৱনৰ বিচিত্ৰ অভিজ্ঞতা অথবা তেওঁলোকৰ জীৱন সংগ্ৰামৰ অভিজ্ঞতাপূৰ্ণ  কথাবোৰে যিকোনো ব্যক্তিৰ জীৱনলৈকে প্ৰেৰণা কঢ়িয়াই আনে। তেওঁলোককো জীৱনৰ কঠিন বাটত অগ্ৰসৰ হ’বলৈ যোগাত্মক বাৰ্তা প্ৰেৰণ কৰে। ইয়াৰ উপৰিও আত্মজীৱনী সাহিত্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল – সেই বিশেষ ব্যক্তিজনৰ উপৰিও তেওঁলোকৰ সমসাময়িক সমাজখনৰ বিভিন্ন দিশসমূহৰ প্ৰতিফলন ঘটে।

ইংৰাজী অ’টোবায়’গ্ৰাফী’ (Autobiography)

শব্দটোৰ অসমীয়া অভিধা আত্মজীৱনী শব্দটোৰ ব্যৱহাৰ কৰা হয়। প্ৰখ্যাত সমালোচক ৰয় পাস্কেলে (Roy Pascal) তেওঁৰ ‘ডিজাইন্ এণ্ড ট্ৰুথ্ ইন অ’টোবায়োগ্ৰাফি’ (Design and Truth in Autobiography) গ্ৰন্থত আত্মজীৱনীৰ সংজ্ঞা  এইবুলি আগবঢ়াইছে যে – ‘আত্মজীৱনী এনে এবিধ জীৱন-বৃত্তান্ত, য’ত লেখকে তেওঁৰ জীৱনৰ আৰু মনৰ এটি বিশেষ অৱস্থাত নিজকে আৰু নিজৰ জীৱনৰ কথাবোৰ যেনেকৈ বুজে আৰু গ্ৰহণ কৰে, তেনেকৈ অংকন কৰে।’ 

আত্মজীৱনী কোনো লোকৰ জীৱনৰ কোনো এক অৱস্থানত বা কোনো এছোৱা কালত নিজৰ বিষয়ে মানসিক আত্মপ্ৰকাশ আৰু আত্মবিচাৰ। এই জীৱনৰ অৱস্থান বা কালছোৱা কিছু দীঘলীয়া বাবে সেই সময়ত লেখকজনৰ মনলৈ অহা কথা বা স্মৃতিবোৰ তৎকালীন নহয় ― ক্ষন্তেকতে মনলৈ আহি ক্ষন্তেকতে মাৰ যোৱা কথা নহয়। মনৰ তলিত সুদীৰ্ঘ কালৰ বাবে দাগ কাটি থকা কথাবোৰৰ আত্মজীৱনী এখন লেখকৰ ৰোমন্থন। গতিকে তাত সেইবোৰক লৈ লেখকৰ চিন্তা – ভাৱনাৰ প্ৰভাৱ থাকে, সেই সময়ৰ চিন্তা-ভাৱনাই সেইবোৰক আৰু সেই সময়ৰ গোটেই মানুহজনক এটা বিশেষ ৰূপ দিয়ে। জীৱনী আৰু আত্মজীৱনীৰ মাজত বিশেষ পাৰ্থক্য আছে। বাহ্যিকভাৱে মিল থাকিলেও জীৱনী আৰু আত্মজীৱনী একে নহয়। আত্মজীৱনী হৈছে জীৱনৰ আখ্যান আৰু ই যাৰ আখ্যান তেৱেঁই সেই আখ্যানৰ গ্ৰন্থকাৰো। জীৱনীৰ বিষয় কিন্তু যিজন মানুহ, তেওঁৰ পৰা গ্ৰন্থকাৰ ভিন্ন। অৰ্থাৎ জীৱনীত এজন মানুহে আন এজন মানুহৰ জীৱন কাহিনী বৰ্ণনা কৰে। উদাহৰণ স্বৰূপে মহেশ্বৰ নেওগৰ দ্বাৰা লিখিত – “শ্ৰীশ্ৰী শংকৰদেৱ” এখন জীৱনী। আনহাতে, মহেশ্বৰ নেওগৰে ‘জীৱনৰ দীঘ আৰু বাণী’খন তেওঁৰ আত্মজীৱনী। আত্মজীৱনী সাধাৰণতে বিষয়নিষ্ঠ হোৱাৰ বিপৰীতে জীৱনী বস্তুনিষ্ঠ।

আত্মজীৱনীৰ প্রধান শাখা দুটা- ‘জীৱনস্মৃতি’ বা ‘ৰেমিনিচেঞ্চ’ আৰু ‘স্মৃতিকথা’ বা ‘মেম’ৱার্চ। কোনাে এজন ব্যক্তিৰ জীৱনত যিবােৰ ব্যক্তি বা অভিজ্ঞতাই প্রভাৱ পেলাই সেইবােৰৰ বিৱৰণ লিপিবদ্ধ কৰাই হৈছে জীৱন স্মৃতি বা জীৱন সোঁৱৰণ। ১৯৪৫ চনত প্রকাশিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মােৰ জীৱন সোঁৱৰণ’ ইয়াৰ উৎকৃষ্ট উদাহৰণ। আনহাতে ব্যক্তিগত জীৱনৰ পৰিবৰ্তে ৰাজহুৱা জীৱনৰ অভিজ্ঞতাৰ আলােকপাত কৰিলে স্মৃতিকথা বােলা হয়। ১৯৫৯ চনত ৰচিত বেণুধৰ শৰ্মাৰ ‘কংগ্ৰেছৰ কাঁচিয়লি ৰ’দত’ এই শ্ৰেণীৰ আত্মজীৱনী। গতিকে আত্মজীৱনীত পাৰিবাৰিক বা ব্যক্তিগত জীৱনৰ তথা ৰাজহুৱা জীৱনৰ এখন সামগ্রিক ছবি ফুঠি উঠে। ডায়েৰী, চিঠি-পত্ৰ আৰু জার্নলক আত্মজীৱনীৰ উপশাখা বােলা হয়। নিজৰ মনৰ ভাৱৰাশি গুপুতে ৰাখি লিখা ডায়েৰী একান্ত ব্যক্তিগত বুলিব পাৰি। ডায়েৰীৰ দৰে চিঠিও ব্যক্তিগত যদিও ডায়েৰী। নিজৰ বাবে ৰচনা কৰাৰ বিপৰীতে চিঠি অন্যৰ বাবে লেখা হয়। মানুহৰ তৎকালীন মনৰ ভাৱ তথা প্রতিক্রিয়া প্রকাশ কৰি কম পৰিসৰত ৰচনা কৰাই হৈছে জার্নল। ইয়াত ঘটনাটো প্রকাশ নহ’লেও লেখকৰ ঘণীভূত চিন্তা প্রকাশ পায়। অসমীয়া ভাষাত মহেশ্বৰ নেওগৰ ‘বেজবৰুৱাৰ দিনলিপি’ একমাত্ৰ অসমীয়া ডায়েৰীৰ সংকলন। সেইদৰে প্রফুল্লদত্ত গােস্বামীৰ ‘মনৰ পখী উভতি উৰে’ পুথিখনক জার্নল আখ্যা দিব পাৰি।

বিশ্বসাহিত্য বা ভাৰতীয় সাহিত্যৰ ইতিহাসত ফ্ৰান্সৰ বিখ্যাত চিন্তাবিদ ৰুচোৰ – কনফেচন অব জ্যা জাক ৰুচো’, এন ফ্ৰাঙ্কৰ ডায়েৰী, মহাত্মা গান্ধীৰ ‘মোৰ সত্য অন্বেষণৰ কাহিনী’, এ. পি. জে আব্দুল কালামৰ ‘অগ্নিৰ ডেউকা’, ‘তেজস্বী মন’ আদি উল্লেখযোগ্য আত্মজীৱনী সাহিত্যৰ উদাহৰণ।

আজিৰ পৰা প্রায় ডেৰশ বছৰৰ আগতে ৰচিত আৰু কুমুদ চন্দ্ৰ বৰদলৈৰ সম্পাদনাত ১৯৬০ চনত প্রকাশিত ‘সদৰামীনৰ আত্মজীৱনী’ প্রথম অসমীয়া আত্মজীৱনী। প্রথম খণ্ড আত্মজীৱনী হিচাপে আৰু দ্বিতীয় খণ্ড ডায়েৰী হিচাপে ৰচিত এইখনক ৰূপৰ দিশৰ পৰা এখন বিশুদ্ধ আত্মজীৱনী বুলিব নােৱাৰি যদিও গুণগত দিশৰপৰা অসমীয়া আত্মজীৱনীৰ ইতিহাসত সুকীয়া মূল্য আছে।

১৮৫৭ চনৰ সময়ছােৱাৰ অসমৰ ৰাজনৈতিক সংঘাত, মণিৰাম দেৱানৰ ফাঁচী, ব্রিটিছ শাসন ব্যৱস্থা আদিৰ মন পৰশা বর্ণনা এই আত্মজীৱনীখনত পােৱা যায়। মণিৰাম দেৱানৰ চাহ খেতিৰ আৰম্ভ, বিয়াৰ আয়ােজন, জীৱনৰ সৰু বৰ ঘটনা আদিৰ লগতে সমসাময়িক অসমীয়া সমাজৰ আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, আর্থিক ব্যৱস্থা আদি আত্মজীৱনীখনত লিপিবদ্ধ হৈছে। পশ্চিমীয়া শিক্ষাৰে শিক্ষিত ইংৰাজী ভাষাৰ জ্ঞান থকা হৰকান্ত সদৰামীনৰ নিজক প্রশংসা কৰাৰ বহু সুযােগ আছিল যদিও ইয়াত আত্মপ্রশংসা পাবলৈ নাই। দুই এটা নেতিবাচক দিশ স্পষ্ট হ’লেও এজন সহজ সৰল ব্যক্তিৰ মােহনীয় ব্যক্তিত্ব আত্মজীৱনীখনৰ সাৱলীল ভাষাৰ মাজেৰে চিত্রিত হৈছে। লেখকৰ মৃত্যুৰ প্রায় অর্থ শতিকাৰৰ পিছতহে কুমুদ চন্দ্র ৰদলৈৰ সম্পাদনাত আত্মজীৱনীখন প্রকাশ পায়।

বেজবৰুৱাৰ ‘মােৰ জীৱন সোঁৱৰণ’খন আত্মজীৱনীৰ পৰিৱর্তে জীৱনৰ স্মৃতিকথা বােলা হৈছে। ১৯২২ চনৰ পৰা ১৯২৪ চনলৈ বাঁহী আলােচনীত প্রকাশ পােৱা এই আত্মজীৱনীমূলক গ্রন্থখন ১৯৬৬ চনত অসম সাহিত্য সভাৰ উদ্যোগত প্রকাশ পায়। বেজবৰুৱাৰ জন্ম, শিশুকাল, বাল্যকাল আৰু যৌৱন কালৰ বিৱৰণৰ লগতে শিক্ষা তথা সাংসাৰিক জীৱনৰ বিৱৰণ থকা এই গ্রন্থখনত ৰাজহুৱা জীৱনৰ কাৰ্যৱলী পােৱা নাযায়। কবি, নাটকৰ ঔপন্যাসিক তথা বিশিষ্ট্য সাহিত্যিক হিচাপে বেজবৰুৱাক পাবলৈ নাই। তথাপি জীৱনটো সোঁৱৰণ কৰি ৰচনা কৰা এইখন শ্রেষ্ঠ আৰু মূল্যবান গ্রন্থ।

অসমীয়া সাহিত্যত সুখপাঠ্য আৰু মূল্যবান আত্মজীৱনী বুলিলে হােমেন বৰগােহাঞিৰ ‘আত্মানুসন্ধান’, মামনি ৰয়ছম গােস্বামীৰ ‘আধালিখা দস্তাবেজ’, মহেশ্বৰ নেওগৰ ‘জীৱনীৰ দীঘ আৰু বাণি’, মহেন্দ্ৰ বৰাৰ ‘উপলা নদীৰ দৰে’, শশী শৰ্মাৰ ‘সময়ে যাক পাহৰি যাব’ আদি আত্মজীৱনীৰ কথা উনুকিয়াব পাৰি। প্ৰধানকৈ জীৱনৰ স্মৃতি সোঁৱৰণ কৰি ৰচনা কৰা ১৯৮৮ চনত প্ৰকাশিত হােমেন বৰগােহাঞিৰ ‘আত্মানুসন্ধান’ এখন ব্যতিক্রমী আত্মজীৱনী। লেখকৰ পূর্বৰ ব্যক্তিগত অভিজ্ঞতাবােৰে কিদৰে লেখক হােৱাৰ পথ প্রশস্ত কৰিলে তাৰ বিৱৰণ আত্মজীৱনীখনত পােৱা যায়। লেখক হিচাপে সাহিত্য সৃষ্টি কৰাৰ অভিজ্ঞতা অতি সাৱলীল ভাষাৰে উপস্থাপন কৰা অসমীয়া সাহিত্যৰ ইতিহাসত এইখন একমাত্র উপন্যাসােপম আত্মজীৱনী। 

জীৱনত লাভ কৰা নিজা অভিজ্ঞতাৰ এখন সুখপাঠ্য আত্মজীৱনী হৈছে মামণি ৰয়ছম গোস্বামীৰ ‘আধালেখা দস্তাবেজ’ । এগৰাকী অসমীয়া নাৰী হিচাপে ব্যতিক্রমী জীৱনৰ সকলাে তথা আভৰণ নােহােৱাকৈ মুক্তভাৱে প্ৰকাশ কৰা এইখনক ব্যতিক্রমী আত্মজীৱনী বুলিব পাৰি। তথাকথিত সমাজৰ নিয়ম-পৰম্পৰা তথা ৰক্ষণশীলতাৰ বিৰুদ্ধে শক্তিশালী কলমেৰে লিখা কথাবোৰেৰে তেওঁৰ ‘আধালেখা দস্তাবেজ’ যে এখন সম্পূর্ণ সুখপাঠ্য আত্মজীৱনী তাত সন্দেহ নাই।

১৯৮৮ চনতে প্রকাশিত অন্য এখন উল্লেখযােগ্য আত্মজীৱনী হ’ল- মহেশ্বৰ নেওগৰ ওপৰত উল্লেখ কৰি অহা ‘জীৱনৰ দীঘ আৰু বাণী’। আত্মজীৱন বৃত্তান্ত হিচাপেই লেখকৰ বিদ্যায়তনিক তথা পাণ্ডিতিক দিশৰহে প্রধানকৈ বৃত্তান্ত হ’লেও লেখকৰ অনবদ্য ভাষাৰীতিৰ তথা মােহনীয় প্রকাশংভগীৰ বাবে ই এক মূল্যৱান সাহিত্যকর্ম। লেখকৰ জীৱনকালৰ অসমৰ বিদ্যায়তনিক দিশটোৰ ৰূপ বুজাৰ বাবেও ইয়াৰ পঠন লাভজনক। লেখকৰ বাল্যকালৰ অসমীয়া সমাজখনৰ যি ছবি ইয়াত অংকিত হৈছে, সিও পাতলীয়া হাস্যৰসিক ভংগীৰে মনােমােহা।

মহেন্দ্ৰ বৰাৰ ‘উপলা নদীৰ দৰে’ (১৯৯০) এখন সুখপাঠ্য আৰু মূল্যৱান আত্মজীৱনী। লেখকৰ জীৱনৰ সকলাে দিশ সাঙোৰাৰ লগতে সমসাময়িক অসমীয়া সমাজ, ৰাজনীতি, অর্থনীতি আদিৰ দিশত বৰাৰ পর্যবেক্ষণ, মতামত আদিও ইয়াত প্রকাশিত

হৈছে। বৌদ্ধিক আৰু সাহিত্যিক দিশৰ সমসাময়িক অসমৰ এজন নেতা বুদ্ধিজীৱী হিচাপে এইবােৰ দিশত ইয়াত স্থান পােৱা তেওঁৰ মতামত আৰু ভূমিকাৰ কথাও আত্মজীৱনীখনৰ মূল্যৱান দিশ। এইখনতাে লেখকৰ প্ৰকাশভংগী মােহনীয়। অসমীয়া সাহিত্যৰ উচ্চ সাহিত্যিক মূল্যৰ আত্মজীৱনীকেইখনৰ ভিতৰত ইও অন্যতম।

ইয়াৰ বাহিৰেও অসমীয়া সাহিত্যত আৰু ভালে কেইখন উচ্চ মানবিশিষ্ট আত্মজীৱনী ৰচিত হৈছে। তাৰ ভিতৰত নিৰ্মল প্ৰভা বৰদলৈৰ – ‘জীৱন জীৱন বৰ অনুপম’, নিৰুপমা বৰগোহাঞিৰ – ‘বিশ্বাস আৰু সংশয়ৰ মাজেৰে’, নীলমণি ফুকনৰ ‘পাহৰিব নোৱাৰিলোঁ যি’, হীৰেন গোহাঁইৰ ‘ইমান তিতা সাগৰৰ পানী’, ‘বতাহত ক’ৰ গধূলি গোপাল’,’সপোনৰ দিকচৌ বনত’, ‘হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী’, ভৱেন্দ্ৰ নাথ শইকীয়াৰ ‘জীৱন বৃত্ত, জীৱন-ৰেখা’ ,’মোৰ শৈশৱ, মোৰ কৈশোৰ’,  হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ ‘ জীৱনৰ একা বেঁকা বাট’, প্ৰণৱ জ্যোতি ডেকাৰ ‘সোণৰ চামুচ মুখত লৈ’, ভূপেন হাজৰিকাৰ ‘মই এটি যাযাবৰ’ আদি উল্লেখযোগ্য।

আমাৰ এই চমু আলোচনাটিত আত্মজীৱনী আৰু অসমীয়া আত্মজীৱনী সম্পৰ্কে মাথোঁ এটি থুলমূল আভাষ দিবলৈ যত্ন কৰা হৈছে যদিও সেই সম্পৰ্কে আৰু বহল আলোচনাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে, যিয়ে অসমীয়া সাহিত্যৰ জগতখন আৰু সমৃদ্ধিশালী কৰাৰ লগতে বহুতৰ ব্যক্তিগত জীৱনলৈও সাফল্য কঢ়িয়াই আনিব।

☆ ★ ☆ ★ ☆

7 Comments

  • দিম্পল

    বৰ ভাল লাগিল বা

    Reply
  • পূৰৱী কাকতী

    বৰ ভাল লাগিল। উপকৃত হ’লোঁ।

    Reply
    • Anonymous

      বহুত বহুত ধন্যবাদ জনালোঁ…?

      Reply
  • বন্দিতা জৈন

    ভাল লাগিল

    Reply
  • মুনু পাঠক

    বহুত উপকৃত হলো। আপুনাক ধন্যবাদ।

    Reply
  • মুনু পাঠক

    বহুত উপকৃত হলো।আপুনাক ধন্যবাদ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *