ফটাঢোল

অপৰাহ্ণৰ ৰং- জ্যোতিৰূপা কোঁৱৰ খাটনিয়াৰ

মৃত্যু আৰু বাৰ্ধক্য, কিহলৈ আপোনাৰ ভয় বেছি?

বাৰ্ধক্যলৈ৷ তেনেহ’লে চিৰতৰুণ হৈ থাকিবলৈ কি কৰিছে আপুনি?

পাৰ কৰি অহা জীৱনৰ কোনোবা এটা ক্ষণত অতৰ্কিতে মুখামুখি হৈছিলোঁ প্ৰশ্নটোৰ৷ মনৰ পুখুৰীত জাকৈ চবিয়াই ঘোলা কৰাৰ পিছতো তুলি আনিব পৰা নাছিলোঁ একো উত্তৰ৷ হাঁহি এটাৰে প্ৰশ্নটোৰ পৰা ফালৰি কাটি আহিছিলোঁ যদিও প্ৰশ্নটোৱে সময়ে সময়ে খুন্দিয়াই থাকে৷

কিমাশ্বৰ্যম! যক্ষৰ প্ৰশ্নৰ উত্তৰত যুধিষ্ঠিৰে কৈছিল, “মানুহৰ  চকুৰ আগতে মানুহবোৰ মৰিয়েই আছে; অথচ প্ৰতিজন মানুহে এনেকৈ জীৱন কটাই যেন  তেওঁ কোনোদিন নমৰিবই৷” ইয়াতকৈ আশ্চৰ্য কি হ’ব পাৰে৷ জন্মৰ আগতো নাছিলোঁ মৃত্যুৰ পিছতো নাথাকিম, জন্মিলে মৰিবই লাগিব, এই মজ্জাগত ধাৰণাবোৰ লৈ জীয়াই থাকে মানুহ৷

“নাই দেই, ইমান বুঢ়া হৈ থকালৈকে জীয়াই থাকিব নোৱাৰি৷ নিজে কৰিব ধৰিব পৰা হৈ থাকোঁতেই মৰিলে ভাল৷” কথাই কথাই কৈ দিয়ে মানুহে৷ প্ৰায়সংখ্যক বৃদ্ধলোকৰ মুখত শুনিবলৈ পাওঁ, “জীয়াই ৰখাতকৈ মাৰি নিলেও হয়৷” এনেকুৱা লাগে মৃত্যুলৈ সিমান ভয় নাই যিমান ভয় মানুহে বাৰ্ধক্যলৈ পোহে৷ জীৱনৰ আদি বয়সত সকলোৱে কম বেছি পৰিমাণে জীৱনটো নিজৰ ধৰণৰে চলাই, কিন্তু সময়ৰ লগে লগে একালত দপদপাই থকা মানুহ এজনেও নিজৰ চালিকা শক্তি আনৰ হাতত এৰি দিব লগা হয়৷ এই ভয়টোৱে মানসিকভাৱে ইমানেই দুৰ্বল কৰি পেলাই যে আমি বাৰ্ধ্যক্যৰ কথা ভাবিবলৈও ভয় কৰোঁ৷

জীৱনৰ অৱধাৰিত সময়ৰ বাবে কিয় ভয় কৰিব লাগে? বয়সে চেপি অনাৰ লগেলগে যিসকলে জীয়াবলৈ এৰি দিয়ে বাৰ্ধক্যই তেওঁলোককহে জুৰুলা কৰা দেখোঁ৷ নিজৰ আশে-পাশে আমি এনেকুৱা বহুত ব্যতিক্ৰমী মানুহ পাম যাৰ বয়স হৈছে কিন্তু বাৰ্ধক্যই স্পৰ্শ কৰিব পৰা নাই৷ তেওঁলোকৰ এনেকুৱা কি আছে যে জীৱনটো যিকোনো বয়সতে উদযাপন কৰিব পৰা মন এটা কঢ়িয়াই  ফুৰে৷ টিভিত “মাডাৰ অল্ড এজ হোম”ৰ অনুষ্ঠান এটাত দেখিছিলোঁ, আইতা এগৰাকীৰ চিৰতৰুণ মনটো৷ পৰি যোৱা কঁকালটো ভাঙি হেঁপাহেৰে বিহু নাচিছে, তেওঁৰ সোলা মুখেৰে নিগৰি আহিছে বিহুনামৰ কলি৷ দুখৰ স্তূপত বহিও জীৱন উদযাপন কৰা, বয়সৰ আঁচোৰে ম্লান পেলাব নোৱৰা চিৰতৰুণ লোকসকলৰ পৰা আমাৰ বহুত কথাই শিকিবলগীয়া থাকে৷ এদিন দিব নোৱাৰা প্ৰশ্নটোৰ উত্তৰো মই সেইসকলৰ মাজতেই বিচাৰি ফুৰোঁ যিসকলৰ পৰা সময়ে জীৱনক কাঢ়ি আনিব পৰা নাই৷ বাৰ্ধক্যৰ পৰা হাত সাৰিবলৈ আমি কি কৰা উচিত বুলি সুধিলে এতিয়া মই তৰুণ হৈ থকিব লাগে বুলিয়ে ক’ম৷ কিন্তু কেনেকৈ?

“Growing old is mandatory but growing up is optional” ৱাল্ট ডিজনীৰ এই কথাষাৰ যিকোনো বয়সতে জীৱন উদযাপন কৰাৰ এটা ডাঙৰ মন্ত্ৰ৷ কেতিয়াবা এনেকুৱা ভাব হয় নিজে বুঢ়া হ’ব নিবিচাৰিলেও চৌপাশৰ পৰিবেশে যেন বাধ্য কৰাই বুঢ়া হ’বলৈ৷ পাৰ্কলৈ গ’লে ল’ৰাটোৰ দৰে শ্লাইডখনত এপাক চুঁচৰি চাবলৈ কেতিয়াবা বৰ হেঁপাহ হয় কিন্তু মানুহে এইটো বয়সত এনেকুৱা কৰিলে কি ক’ব ভাবি হেঁপাহবোৰ মোহাৰি পেলাওঁ৷ মন গ’লেও, বয়সৰ গাম্ভীৰ্য হেৰুৱাৰ ভয়ত হেঁপাহবোৰ হেৰুৱাই গৈ থাকোঁ৷ চাকৰিয়ালসকলৰ ক্ষেত্ৰত ৰিটায়াৰমেণ্ট মানেই যেন তাৰুণ্যৰ য’তি!  ককা-আইতা আদি সম্বোধনে পিঞ্জৰাবদ্ধ কৰে বহুতৰে শিশুমনটো৷ বহুবছৰ আগতে পিকনিকলৈ যোৱা দিন এটাত দেখিছিলোঁ- নিজৰাৰ পানীৰ স্পৰ্শই কিশোৰী কৰি তোলা শোঁতোৰা ছালৰ গৰাকীৰ পবিত্ৰ চঞ্চলতা, খিলখিল হাঁহি৷ সৰু ল’ৰা-ছোৱালীৰ লগত খেলা-ধূলা কৰা সময়খিনিতে এঙামুৰি ভাঙি সাৰ পায় ডাঙৰৰ মাজত শুই থকা শিশু৷ কাৰনো মন নাযায় শিশুৰ দৰে জীৱনটো উপভোগ কৰিবলৈ! হৰিশংকৰ পৰচায়ে ক’বৰ দৰে মানুহে যিটো মুহূৰ্তত হাঁহে তেতিয়াই অমলিন হৈ থাকে৷ শিশুৰ সৈতে খেল-ধেমালি কৰা সময়ৰ হাঁহিতকৈ অমলিন হাঁহি নিশ্চয় আমি ক’তো বিচাৰি নাপাম৷ এই মুহূৰ্তবোৰেই সঞ্জীৱনীৰ দৰে পৰি অহা সময়ত মানুহক তাৰুণ্য দিয়ে৷ মাৰ্ক টোৱেনে ক’বৰ দৰে, against the assault of laughter nothing can stand৷ যিসকলে হাঁহিক উপজীব্য কৰি জীৱনৰ ক্ষণবোৰ উদযাপন কৰে, হাঁহি সিঁচি ফুৰে তেওঁলোকক কি ব্যাধি, কি বাৰ্ধক্য একোৱে তলাব নোৱাৰে। তেওঁলোক চিৰসেউজ৷ তেওঁলোক য’লৈকে যায় হাঁহিৰে জীপাল হয় পৰিবেশ৷ বাৰ্ধক্যকো উদযাপন কৰিব পৰাকৈ সাজু তেওঁলোক কাৰণ বুকুৰ উমত জীয়ন দি ৰাখে সৰু সৰু সুখবোৰ৷

“কিনো বোপা তোৰ কি নো ৰূপ, নাকত ওলমিছে বৰলৰ টোপ”, বহুত সৰুতে শুনা এই কথাখিনি সুৰটোৰ সৈতে মনত শিপাই আছে। ইয়াৰ একমাত্ৰ কাৰণ হ’ল সেই শোঁতোৰা ছালৰ মানুহজনে মোৰ তেজত পমাই দিয়া হাঁহিখিনি৷ যেতিয়াই সুৰ দি এইটো গাবলৈ লওঁ হাঁহি এটা নিজেই আলফুলে মেৰিয়াই ধৰে৷ যিমান বয়স হ’লেও চাগে মোক এই কথাটোৱে হঁহুৱাই ৰাখিব৷ ডেকা হৈ থাকিবলৈ হাঁহি সিঁচা আৰু হাঁহি  চপোৱাটকৈ ফলপ্ৰসূ কৌশল কি হ’ব পাৰে!

তিব্বতীয় প্ৰৱচন এষাৰ আছে, The secret to living well and longer is- eat half, walk double, lough triple and love without measure.

জীৱনৰ বেলি উজ্জ্বল হৈ থকালৈকে সকলোৱে জীৱন উদযাপন কৰে কিন্তু বেলি লহিওৱাৰ পৰত  যদি জীৱন উদযাপন কৰিব পৰাকৈ ৰং বুটলিব পৰা মন এটা নাথাকে জীৱনৰ অৰ্থ থাকিব ক’ত!

সম্পাদক

 

ফটাঢোল ই-আলোচনী

পঞ্চম বৰ্ষ, প্ৰথম সংখ্যা

☆ ★ ☆ ★ ☆

23 Comments

  • ৰূপম ঠাকুৰীয়া।

    ভাল লাগিল তোমাৰ সম্পাদকীয়।

    Reply
    • Anonymous

      আন্তৰিক ধন্যবাদ জনালোঁ দাদা৷

      Reply
    • মৰমী ভূঞা

      ভাল লাগিল সম্পাদকীয়টো….

      Reply
  • Rimjhim Borthakur

    সুন্দৰ সম্পাদকীয়

    Reply
    • Anonymous

      আন্তৰিক ধন্যবাদ জনালোঁ৷

      Reply
  • Anonymous

    সুন্দৰ সম্পাদকীয়

    Reply
  • আদিত্য

    ভাল লাগিল ।

    Reply
  • পূৰৱী কাকতী।

    সুন্দৰ সম্পাদকীয়। ভাল পালোঁ।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    ভাল লাগিল সম্পাদকীয় টো

    Reply
  • উজ্জ্বল দিপ্লু গগৈ

    “মানুহৰ চকুৰ আগতে মানুহবোৰ মৰিয়েই আছে; অথচ প্ৰতিজন মানুহে এনেকৈ জীৱন কটাই যেন তেওঁ কোনোদিন নমৰিবই৷”

    জীৱনৰ বেলি সকলোৰে বাবে সদায় উজ্জীৱিত হৈ থাকক৷ জীৱন প্ৰতিদিনে সেউজ হৈ থাকক সকলোৰে বাবে৷

    সজীৱ সম্পাদকীয়৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বঢ়িয়া সম্পাদকীয়৷

    Reply
  • Anonymous

    জ্যোতিৰূপাৰ শব্দৰ যাদু আৰু বিষয়বস্তুৰ উপস্থাপন মোৰ বৰ ভাল লাগে । আগুৱাই যোৱা.শুভেচ্ছা থাকিল ।

    Reply
  • Chayanika Duarah

    মনটো সতেজতাই ভৰি পৰিল | বৰ গভীৰ সম্পাদকীয় | শব্দৰ যাদুৱে মোহাচন্ন কৰি তুলিছে |

    Reply
  • Anonymous

    বহুত ধুনীয়া লিখে আপুনি

    Reply
  • মৃদুল নাথ

    কম শব্দত বহু কথাই কোৱা হ’ল। আশা কৰাৰ দৰেই সুন্দৰ সম্পাদকীয়।

    Reply
  • Anonymous

    সুন্দৰ।

    Reply
  • কলচুম

    সুন্দৰ সম্পাদকীয়

    Reply
  • ঈশান

    “Growing old is mandatory but growing up is optional”- অনুপ্ৰাণিত হ’লোঁ। বৰ ভাল লাগিল পঢ়ি।

    Reply
  • ৰূপাঞ্জলী

    ভাল লাগিল পঢ়ি

    Reply
  • মানসী বৰা

    ইমানযে ভাল লাগিল ! কম কথাৰ মাজেৰে সুন্দৰ সম্পাদকীয় ।অভিনন্দন আৰু অলেখ শুভকামনা।

    Reply
  • হেমন্ত কাকতি

    যোৱাকালি সময় পোৱা নাছিলোঁ৷ আজি পঢ়িলোঁ৷ বঢ়িয়া লাগিল জ্যোতিৰূপা৷ সুন্দৰ সম্পাদকীয়৷

    Reply
  • Parasmoni Saikia

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.

error: Content is protected !!