ফটাঢোল

উৎপতীয়া ছোৱালীজনী-নীলাক্ষী ভট্টাচাৰ্য্য

প্ৰণামী বুলি ক’লে কদমতলি গাঁৱত চিনি নোপোৱা কোনো নাই। এজনী উৎপতীয়া ছোৱালী বুলি তাইৰ নামৰ পিছত বিশেষণ লগ লাগিছিল। তাইৰ কথাতে হওক কামতে হওক দৌৰা-দৌৰি নকৰিলে তাইৰ নহয়। ইয়াৰ বাবে মুখৰ কথাত তাই লাজ পাবলগীয়াও হয় মাজে মাজে। কামৰ নামত আকৌ যিহে দৌৰা-দৌৰি ঘৰৰ বাচন-বৰ্ত্তন ভাঙি অৱস্থা তথৈবচ হৈছে। 

প্ৰণামী ডাঙৰ হোৱাতহে যে উৎপতীয়া অকল আছিল সেয়া ভুল ভাবিছে। তাই সৰুৰে পৰা উৎপতীয়া। মাকে তাইৰ বদমাচিবোৰত অতিষ্ঠ হৈ স্কুলত সোনকালে নামভৰ্তি কৰি দিলে। প্ৰথম দিনা স্কুলত পঠিয়াবলৈ মাকে গৰম গৰম ভাত ৰান্ধি ছোৱালীক খোৱাবলৈ দৌৰা-দৌৰি কৰিলে। ইফালে আকৌ ছোৱালী স্কুলৰ নাম শুনি যি ৰাউচি জুৰি কান্দিবলৈ ধৰিছে গাঁৱৰ মানুহেৰে চোতাল ভৰ্তি হ’ল। তথাপি মাকো কম নহয়। তাইক মাকে কান্দি থকাৰ পিছতো টানি টানি স্কুলত থৈ আহিলে। স্কুলত যি কান্দোন তাইৰ মাষ্টৰে মূৰৰ বিষৰ ভয়ত তাইক অলপ ডাঙৰ হ’লে স্কুললৈ আহিবলৈ উপদেশ দি ঘৰলৈ পঠিয়াই দিলে।

লাহে লাহে প্ৰণামী ডাঙৰ হৈছে। মাকে আজিকালি তাইক দুই এখন কামত লগায়। ইফালে তাইৰ কামত এলাহ। তাই কাম কৰিব নিবিচাৰে কিন্তু মাকৰ ৰূপ দেখি তাই কৰিবলৈ বাধ্য হয়। সেই সময়তে তাইৰ মূৰত কু-চুতীয়া বুদ্ধিবোৰ আহি সোমাল। ঘৰৰ পিছফালে গজালি মেলি লহপহকৈ বাঢ়ি অহা পুই শাকডালৰ ওচৰলৈ তাই দৌৰি গৈ পুই গছডালৰ চাৰিটা মান পকা গুটি লৈ তাইৰ কোঠালৈ দৌৰি আহিল। তাৰ পিছত লাগি গ’ল কামত। বহুদিনৰে পৰা মাকৰ টেবুলত পৰি থকা বেণ্ডেজটো আনি তাই আগতে হাতৰ আঙুলি এটা বাচনি কৰি পুইৰ গুটি এটা ভাঙি আঙুলিটোত লগাই লৈ বেণ্ডেজৰ কাপোৰ অলপ কাটি লৈ আঙুলিত মেৰিয়াই গাঁঠি দি ল’লে। তাৰ পিছত পুই গুটিৰ ৰঙা বোল বেণ্ডেজৰ ওপৰত লগাই ল’লে। হৈ গ’ল তাইৰ কাম।

বাহিৰলৈ ওলাই অহাৰ পিছতে মাকে সুধিলে,

: মাজনী হাতৰ আঙুলিত কি হ’ল তোৰ?

: মা কাটিলে।

: অলপ সাৱধানে কাম কৰিব নোৱাৰ?

 : মা হোৱাতো হৈয়ে গ’ল।

: আঙুলি ভাল নোহোৱালৈ কাম নকৰিবি তই।

সঁ‌চাকৈ এই কথাখিনি শুনিয়ে মাকক তাইৰ গালত এটি চুমা দিবৰ মন গ’ল কিন্তু মনটোৱেই কৈ উঠিল, “ৰ বেছি নেদেখাবি তোৰ বুদ্ধি গম পালে পিতন ভালকৈ খাবি।” দুদিন এনেকৈ আৰাম ল’লে কামৰ পৰা তাই।

প্ৰণামীৰ এটি ভাল লগা কাম হ’ল বৰশী বোৱা। তাইক বৰশী বাবলৈ পালে একো নালাগে। ৰ’দে খাওঁ খাওঁ মূৰ্তি ধৰিলেও তাই বৰশী বায়। এদিনাখনৰ কথা সেই সময়ত স্কুলৰ গৰমবন্ধ আছিল। ৰাতিপুৱা হ’লে অলপ সময় পঢ়ি ভাত এমুঠি খাই বৰশী লৈ ওলাই যায় গালি দিয়াজনক আওকাণ কৰি। তাৰ আগত আকৌ মাকে তাইক আজিকালি ওচৰৰ গাঁওখনৰ পৰা গাখীৰ অনাৰ দায়িত্ব দিছে। তায়ো সোনকালে গাখীৰ আনিবলৈ একলিটাৰৰ হৰলিস্কৰ কাচৰ বটলটো পলিথিনত লৈ দৌৰি দৌৰি ঘৰৰ পৰা ওলাই সোনকালে আহিবলৈ। ইফালে ওচৰৰে দাদা এজনে তাইক বৰশী বোৱাতে হওক বা এনেই দেখিলে হওক জোকাই এপোৱা দিবি বুলি। তায়ো এই কথাষাৰ কেতিয়া গভীৰ ভাবে মনত ল’লে তাই নিজে নাজানে। আজিও জোকালে তাইক। এনেই খং গাখীৰ আনিবলৈ যাব লগা হোৱা বাবে তাতে আকৌ জোকালে। লাগি হ’ল কাজিয়া দুয়োটাৰে মুখে মুখে। হঠাতে প্ৰণামীয়ে বলে নোৱাৰি মুখত পলিথিনেৰে ঘূৰাই থকা বটলটো মাৰি দিলে দাদাকৰ কপালত আৰু ভিৰাই ঘৰলৈ লৰ দিলে। 

কিছু সময়ৰ পিছতে খুৰীয়েক আৰু দাদাক সিহঁতৰ ঘৰত হাজিৰ মাকক জীয়েকৰ গুণ বখানিবলৈ। দাদাকৰ কপালৰ সোমাজতে পিংপ্ং বলৰ দৰে টেমুনা দেখি তাইৰ হাঁ‌হি উঠি গ’ল। মাকে ক্ষমা খুজিব দিয়াই ক্ষমা খুজি খুৰীয়েকক শান্ত কৰি পঠিয়াই দিলে তাই। 

এনেকুৱা উৎপতীয়া ছোৱালীৰ প্ৰেম হৈছেনে সন্দেহ হয়নে? পিচে আহিছে সেয়াও কাহিনী এটি। 

সকলো ল’ৰা তাইৰ পৰা দূৰত। সকলোৱে জানে প্ৰণামীৰ লগত পাংগা লোৱা মানে নিজে মৰিবলৈ আগবাঢ়ি যোৱা। পিছে সাহসী যুৱক এজন ওলাল তাইলৈ। কোনোদিনে প্ৰেম নোহোৱা প্ৰণামীৰ যুৱকজনৰ প্ৰেম গ্ৰহণ কৰিলে। সিহঁতৰ প্ৰেম সুন্দৰ ভাবে চলি থাকিল। এদিনাখন প্ৰণামীয়ে গম পালে যুৱকজনে বন্ধুৰ লগত চেলেঞ্জ কৰি তাইক ভালপোৱা আদায় কৰিবলৈ মিছা প্ৰেমৰ অভিনয় কৰিছে। তাৰ পিছত আৰু কি, তাই আহি গ’ল আচল ৰূপত। তাই যুৱকৰ লগতে থকা বন্ধুমহলৰ ওচৰত গৈ যুৱকজনক একচৰ মাৰি তাৰ প্ৰেম ভৰিৰে গচকি থৈ আহিল। বেচেৰা যুৱকজনক সেই চৰটোৱে বহুদিনলৈ বোলে তাক শুবলৈ দিয়া নাছিল।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *