মিঠা হাঁহিয়েই কাল হ’ল : পার্থ প্ৰতীম শৰ্মা
: হ’লেও বাপুকণে এইটো কাম কৰিব নালাগিছিল। সমাজ এখন আছেতো। আমাৰো সন্মানৰ কথা আছে।
গোটেই কথাখিনি শুনি উঠি বৰদেউতাকে বকলা মেলিবলৈ আৰম্ভ কৰিলে। বাপুকণৰ কথাটোক লৈ আজি ঘৰৰ জ্যেষ্ঠসকল আলোচনাত বহিছে। আচলতে গধূলি এইখিনি সময়ত বাপুকণে ব্যায়াম কৰে, গানৰ ৰেৱাজ কৰে, সেয়ে সি নোহোৱাকৈ কিবা এটা আলোচনা কৰিবলৈ বুলি এয়াই উত্তম সময়। সেয়ে বাপুকণৰ মাক-দেউতাক, বৰদেউতাকহঁতৰ ঘৰলৈ গৈছে, আলোচনাৰ বাবে। বাক্যটো কৈ উঠি কোনো সঁহাৰি নাপাই বৰদেউতাকে বাপুকণৰ দেউতাকৰ ফালে চালে। অলপ কঠিন সুৰতেই বাপুকণৰ দেউতাকক ক’লে,
: মাজু, তয়ো তাক বৰ মূৰৰ ওপৰত তুলিছিলি নহয়। সি কোৱা কথাবোৰ খুউব গুৰুত্ব দিছিলি। এতিয়া দেখিছ নহয় সি কি কৰিলে। মই এতিয়াই কৈ দিছোঁ, যিদিনাই তোৰ ঘৰত সেই বিজতৰীয়া বিদেশীজনী বোৱাৰী হৈ সোমাব, মোৰ লগত তহঁতৰ সম্পৰ্ক শেষ।
: ৰ’বচোন দাদা। ইমান খং নকৰিব। কিবা এটা উপায় কৰিব লাগিব।
বাপুকণৰ মাকে সেঁহাই সেঁহাই ক’লে। পিচে, বৰদেউতাকৰ খং কমক চাৰি বাঢ়িহে গ’ল। তেওঁৰ মাতটো আৰু ডাঙৰ হৈ ওলাল,
: মোৰ জীৱিকাটোও এবাৰ চা। মই পুৰোহিত। কাইলৈ মোৰেই ঘৰত যদি এইবোৰ ব্যভিচাৰ হয়, মোক কোনে পূজা কৰিবলৈ মাতিব। গতিকে, মাজু যি ভুল কৰিলি কৰিলি, এতিয়া তাক কঠোৰভাৱে দমন কৰ। আৰু মূৰত নুতুলিবি তাক।
: মইনো কি বুজাম ঔ দাদা। এই সমাজৰ নিয়ম-নীতিবোৰ সি গ্ৰাহ্যই নকৰে। কিন্তু সেইবুলিয়েই বেয়া কাম বুলি ক’ব পৰা একো কামেই আজিলৈ সি কৰা নাই। আনকি সকলো ক্ষেত্ৰত মোক সুস্থিৰভাৱে সিহে বুজাব পাৰে। সেয়ে সি এনেকুৱা এটা সিদ্ধান্ত ল’ব পাৰে বুলি মই ঘূণাক্ষৰেও ভাবিব পৰা নাছিলোঁ। অৱশ্যে সিদিনা আবেলি সি মোক মানৱ ইতিহাসৰ কাহিনী এটা কৈছিল। চাগে, সি সেই কাহিনীৰেই মোক কিবা বুজাব বিচাৰিছিল নেকি?
: কি কাহিনী?
: এই আমাৰ পূৰ্বপুৰুষ আৰ্যসকলৰ কাহিনী। ভাৰতলৈ অহাৰ আগতে তেওঁলোক হেনো মধ্য এছিয়াত আছিল। কিন্তু জলবায়ু পৰিৱৰ্তনৰ বাবেই হওক বা আন কোনো কাৰণতেই হওক তেওঁলোকৰ কিছু অংশ ভাৰতৰ ফালে আহিল আৰু কিছু অংশ ইউৰোপৰ ফালে। আমাৰ ভাষাবোৰৰো সেয়ে দুই এক মিল আছে হেনো। সি কিবা ইণ্ডো-ইউৰোপীয় ভাষাৰ কথা উদাহৰণসহ বুজাইছিল। যেনে ধৰ, ভ্ৰাতৃ, ব্রাদাৰ, ভাই, ভায়া এই গোটেইবোৰ বিভিন্ন ভাষাৰ একেই ধৰণৰ একেই অৰ্থ বুজোৱা শব্দ। সি শেষত কৈছিল, যদিও আমি দেশ-বিদেশ বুলি হৈ হাল্লা কৰি থাকোঁ, কিন্তু মূলতঃ আমি সকলো একেই হেনো। মানুহৰ প্ৰথম বিকাশ আফ্ৰিকাত হোৱাৰ কথাও কৈছিল। তাৰ পৰা কিদৰে সকলো ঠাইলৈ মানুহৰ প্ৰব্ৰজন হ’ল, কিদৰে প্ৰায় পয়ষষ্ঠি হাজাৰ বছৰ পূৰ্বে অন্ধ্ৰপ্ৰদেশৰ কুৰনুল নে কিবা এটুকুৰা জেগাত তেওঁলোক আহি বাস কৰিছিল। কিন্তু সেইবোৰ কথাৰে সি যে ইমান ডাঙৰ কথা এটা বুজাব বিচাৰিছিল, সেইটো কোনে জানে?
: সেইবোৰ ইতিহাসৰ কথা খুচৰি লাভ নাই। আমি আমাৰ সমাজৰ নিয়মতেহে চলিব লাগিব। আমাৰ সমাজত নিজৰ বৰ্ণতে বিয়া হ’ব লাগে। তাৰ অন্যথা কেনেকৈ মানি লোৱা যায়। তাতেই সিটো হিন্দু এৰি একেবাৰে খ্ৰীষ্টান পালেগৈ। সেইবোৰ গো-ভোজী তেজত কি আছে সেয়া আমাৰ জানিবলৈ বাকী নাই।
এইবাৰ বাপুকণৰ মাকে মাত লগালে,
: খ্ৰীষ্টানবোৰেও গৰু খাই নেকি? তাকেহে সি সেইদিনা মোক ইমান বুজালে। মানে টিভি চাওঁতে সেই কিবা গৰুৰ বিলৰ কথাক লৈ সি উভতি ধৰিছে মোক। বোলে, গৰু হেনো পৃথিৱীৰ বহু ঠাইৰ মানুহৰ খাদ্য। আমি গৰু নাখাওঁ সেয়া আমাৰ প্ৰাধান্য, কিন্তু খোৱাসকলক সেয়া তেওঁলোকৰ পচন্দৰ প্ৰতি সন্মান হিচাপে ধৰিব লাগে। সি এনেও প্ৰতিটো কথাতেই উভতি ধৰাটো স্বভাৱেই তাৰ। সেইবাবে মই গুৰুত্বও দিয়া নাছিলোঁ। কিন্তু সি যে এই অজিনপাতকী বিদেশীজনীৰ বাবেহে মোৰ লগত তৰ্ক কৰি আছিল সেয়ানো কেনেকৈ জানিম। হেৰি, মই কিন্তু কৈ দিছোঁ, মই জীয়াই থাকোঁতে মোৰ পাকঘৰত গৰু সোমালে মই আৰু জীয়াই নাথাকোঁ। কিয় যে ল’ৰাটো এনেকুৱা হ’ল!
হুমুনিয়াহ এটা কাঢ়ি বৰদেউতাকে মাত দিলে,
: সেইবাবে সন্তানক বাকী স্কুলৰ পঢ়াৰ লগতে অলপ ধৰ্ম-কৰ্মৰ কথাও শিকাব লাগে।
: দাদা, বিশ্বাস কৰক। আপুনি বা মই ধৰ্মৰ কথা যিমান জানো, সি তাতকৈও বেছিকৈ জানে। বেদ, উপনিষদ, গীতা সকলো পঢ়ি আজৰি। শৰশয্যাত পৰি থাকোঁতে ভীষ্মক কৃষ্ণই কি কি কৈছিল? কেনেকৈ ভগৱান বুদ্ধ দশম অৱতাৰৰ ভিতৰত এটা হৈছিল? হিন্দু ধর্মৰ জন্ম কেনেকৈ হৈছিল, কেনেকৈ আৰু কিয় প্ৰথমে ইন্দ্ৰক বেছিকৈ পূজা কৰা হিন্দুসকলে নাৰায়ণ বা শিৱক পূজা কৰা হ’ল? কি কোৱা নাই সি মোক! মই কিবা এটা ক’লেই সি মোক তাৰ লগত সংলগ্ন থকা দহটা কথা বুজাই দিয়ে। কিন্তু তথাপিও সি যে খ্ৰীষ্টান ছোৱালী এজনী বিয়া পতাৰ কথা ভাবিব সেয়া মোৰ সপোনৰো অগোচৰ। ইমান ডাঙৰ কথা এটা মোৰ পৰা লুকুৱালে সি! তাৰ কোনটো ছাত্ৰ ভাল, কোনটো অলপ দুষ্ট, সিহঁতে ক্লাছত কি বদমাছি কৰে, হোষ্টেলৰ ধেমেলীয়া কথা, সি খুউব শ্ৰদ্ধা কৰা ছাৰসকলৰ কথা, সকলো কথাই কৈছিল মোক। কিন্তু যিটো আটাইতকৈ দৰকাৰী সেইটো নক’লে সি!
তেনেতে চাহ দিবলৈ অহা বৰদেউতাকৰ ছোৱালীজনীয়ে মাত দিলে,
: তাৰমানে বাপুকণে বিদেশী মেম অনাটো খাটাং নেকি?
ইমানদেৰি একো মাত নিদিয়া বৰমাকে প্ৰথমবাৰলৈ মাত দিলে,
: তই এইবোৰত সোমাব নালাগে যা। নিজৰ কাম কৰগৈ।
: কথাটোহে সুধিছোঁ। আপোনালোকক কোনে কৈছেনো সি বিদেশী ছোৱালী আনিব বুলি?
বাপুকণৰ মাকে লাহেকৈ মাত দিলে,
: বৌৱেকে। তাই গম পাই চাগে আগৰ পৰাই।
সমৰ্থনৰ ভাৱত মূৰ দুপিয়াই তাই কোঠাৰ বাহিৰলৈ ওলাই আহিল। পিচে, তাইৰো মনটো উচপিচাই আছে। সঁচাকৈ বাপুকণে যদি বিদেশী বৌ এজনী আনে, তাইৰ বংশৰে কোনোবা এজনক তাই নিজলৈ ভাবিব পাৰিব। এনেও ফৰেইনাৰ ল’ৰাবোৰ ইমান হেণ্ডচাম। সেয়ে কথাটো ভালকৈ বুজিবলৈ তাই বাপুকণৰ বৌৱেকক ফোন কৰিলে। ফোন ধৰাৰ লগে লগে তাই বৌৱেকক সুধিলে,
: হেলৌ, বৌ কথাটো সঁচা নেকি?
: কি কথা?
: বাপুকণে যে কোনোবা ফৰেইনাৰ খ্ৰীষ্টান এজনী বিয়া পাতিব?
: হাঁ! তোমাক কোনে ক’লে?
: কি কোনে ক’লে? ঘৰত ৰুদ্ধদ্বাৰ বৈঠক। সৱৰে টেনশ্যন, ধৰ্মভ্রষ্ট হ’ব বুলি। তোমাক সি আগতেই কৈছিল নেকি ঔ? তাকো মানিলোঁ কিন্তু। এই ভিতৰুৱা গাঁওখনৰ পৰা পঢ়া-শুনা কৰি, চাকৰি-বাকৰি কৰি ক’ৰ পৰা কেনেকৈ যে বিদেশী এজনী পতাই ল’লে…
: ৰ’বাহে। কথাটো তেনেকুৱা নহয়। ঘৰত বহুত টেনশ্যন লৈছে নেকি?
: এহঃ নক’বা। পৰিবেশ যিমান গৰম হৈছে, গোলকীয় উষ্ণতা আৰু বাঢ়িব যেন পাওঁ।
: ধেৎ তেৰি।
: কি ধেৎ তেৰি?
: ধেই, বাপুকণে কোনো বিদেশী ছোৱালী ঠিক কৰা নাই ঔ। এইবাৰ বাপুকণে লকডাউনত ঘৰলৈ যাওঁতে শাহুমাক ফোন এটা দি হোৱাটচাপ চলাবলৈ শিকাই দিলে। আজি পুৱা সি কোনোবা এজনী হলিউডৰ এক্ট্ৰেছৰ কিবা হাঁহি থকা ভিডিঅ’ এটা ষ্টেটাছত দি “মোৰ মন ভাল লগাই যোৱা, মোৰ মনত সপোন জগাই তোলা হাঁহি” বুলি কেপচন দিলে। মায়ে নিজৰ ফোনত ষ্টেটাছটো দেখিলে। একো বুজিব নোৱাৰি মোক সুধিলে। মই আকৌ ৰং চাবলৈ বুলি মাক ক’লোঁ, বোলে মা বাপুকণৰ বয়সেই উতনুৱা দিয়ক। মায়ে বা কি বুজিলে! তুমি গৈ মাহঁতক বুজাই দিয়াচোন কথাটো।
ফোনটো কাটি বৰদেউতাৰ ছোৱালীজনীয়ে বাপুকণৰ হোৱাটচাপ ষ্টেটাছ চালে। তাত জিলিকি আছে কেথৰিন লেংফৰ্ডৰ মিঠা হাঁহি।
☆ ★ ☆ ★ ☆
1:54 pm
বৰ সুন্দৰ লিখনি । ভাল লাগিল পঢ়ি।
7:50 pm
ভাল লাগিল৷
8:11 pm
বঢ়িয়া।
8:52 pm
পিছে বাপুকণৰ বিজতৰিয়া জনীক মই আদৰি লম দেই।
9:03 am
ভাল লাগিল।