ফটাঢোল

কৌতুক- দেবজিত শৰ্মা

প্ৰায় প্ৰতিটো কথাত ওস্তাদি মৰাটো আমাৰ বিজয় মহন্তৰ পুৰণা স্বভাৱ। কথাটো জানক নাজানক, সেইটো ডাঙৰ কথা নহয়। এবাৰ বিজয় মহন্তই ভাষাৰ ওপৰত ওস্তাদি মাৰিলে, ভাষাও আক’ সংস্কৃত।

এই সংস্কৃতৰ বাবেই সেইদিনা আমাৰ মহন্তই গোটেই ৰাতিটো বাৰাণ্ডাত শুব লগা হ’ল। মানে হ’ল কি, তেওঁৰ সহধৰ্মিনীয়ে পৰীক্ষাৰ “সংস্কৃত” বিষয়ৰ বহী চাই আছিল। কিন্তু ফোপযহী মৰাত ওস্তাদ মহন্তই হঠাতে আহি তেওঁৰ শ্ৰীমতীক প্ৰশ্ন এটাৰ উত্তৰ ভুল হৈ থকা বুলি এসোপামান কথা শুনালে।

বিজয় মহন্তৰ মতে হেনো “তমসো মা জ্যোৰ্তিগময়”ৰ অৰ্থ “তুমি শোৱা মা, মই জ্যোতিৰ ঘৰলৈ যাওঁ।”

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *