ইমৰাণ শ্বাহৰ সৈতে অন্তৰংগ আলাপ
আমাৰ ফটাঢোল গোটৰ সৌভাগ্য যে, এই মাহৰ অতিথি হিচাপে আমি আমাৰ মাজত পাইছোঁ ৰামধেনু যুগৰ পৰা অসমীয়া সাহিত্যৰ সাৰুৱা পথাৰখন একেৰাহে শস্য শ্যামলা কৰি অহা একধাৰে কবি, গল্পকাৰ, ঔপন্যাসিক শ্ৰীযুত ইমৰাণ শ্বাহদেৱক। ২০১৩ চনৰ পৰা ২০১৫ চনলৈ সভাপতি হিচাপে অসম সাহিত্য সভাৰ মঞ্চ শুৱনি কৰা, ২০২১ বৰ্ষৰ পদ্মশ্ৰী বঁটা প্ৰাপক শ্বাহদেৱৰ লগত আমি বহুদিনৰ পৰাই আমাৰ আলোচনীৰ সাক্ষাতকাৰৰ বাবে যোগাযোগ কৰি আছিলোঁ যদিও বিভিন্ন অসুবিধাৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাছিল। এই মাহৰ আৰম্ভণিতে ফটাঢোলৰ হৈ জীমণি গগৈ আৰু ভাস্কৰজ্যোতি দাসে শ্বাহদেৱৰ নিজা বাসভৱনলৈ গৈ সম্পূৰ্ণ ঘৰুৱা পৰিবেশত পতা কথা বতৰাখিনিকে এটা নিটোল সাক্ষাতকাৰৰ ৰূপত লিখি উলিয়াইছে হিমাংশু ৰাজখোৱাই। এই দীঘলীয়া বাৰ্তালাপখিনিত শ্ৰীযুত ইমৰাণ শ্বাহদেৱে তেওঁৰ পাৰ হৈ যোৱা জীৱনৰ ভালেখিনি কথাৰ সাৱলীল বৰ্ণনা দিছে। তেখেতৰ এই অনুপম জীৱন যাত্ৰাৰ কাহিনীয়ে আমাৰ পাঠক সমাজক অনুপ্ৰাণিত কৰিব বুলি আমি আশাবাদী।
ফটাঢোল : নমস্কাৰ ছাৰ, পোন প্ৰথমে আপোনাৰ ব্যস্ত জীৱনৰ অকণমান সময় ফটাঢোলক দিয়াৰ বাবে ধন্যবাদ।
ইমৰাণ শ্বাহ : আপোনালোকলৈও অশেষ ধন্যবাদ, মোক এই সুযোগ দিয়াৰ বাবে।
ফটাঢোল : প্ৰথমেই আপোনাৰ শৈশৱ আৰু পঢ়া শুনাৰ বিষয়ে জানিব খুজিম ছাৰ।
ইমৰাণ শ্বাহ : মোৰ শৈশৱৰ বিষয়ে ক’ব লগা বিশেষ তেনেকৈ একো নাই। শিৱসাগৰতেই মোৰ জন্ম। শিৱসাগৰ চৰকাৰী বহুমুখী বিদ্যালয়ৰ পৰাই মই মেট্ৰিক পাছ কৰোঁ। তাৰ পাছত কটন কলেজলৈ পঢ়িবলৈ যাওঁ। মোৰ শৈশৱ কাল আৰু পঢ়া শুনাৰ দিনবোৰত বিশেষ বৈচিত্ৰতা বুলিবলৈ একো নাছিল। লেখা মেলাৰ কথা ক’বলৈ গ’লে হাইস্কুলৰ জীৱনৰ ওপৰ শ্ৰেণী মানে নাইন আৰু টেন, সেই সময়খিনিতেই মই লিখিবলৈ আৰম্ভ কৰিছিলোঁ, কিন্তু সেয়া তেনেই কেঁচা আছিল। লিখিম বুলি ভাবি লিখা কামটো ডিগ্ৰী পঢ়াৰ সময়ৰ পৰাহে আৰম্ভ হৈছে। মোৰ প্ৰথম লেখা নতুন অসমীয়া নামৰ এখন কাকত আছিল, তাত ওলাইছিল। গল্প এটা ওলাইছিল নতুন অসমীয়াত। সেইটোৱেই মোৰ প্ৰথম প্ৰকাশিত লেখা বুলি ক’ব পাৰি।
ফটাঢোল : বাহ্যিক দৃষ্টিত প্ৰথমেই আপেনাক দেখিলে এগৰাকী খুব শান্ত শিষ্ট আৰু অমায়িক ব্যক্তি যেন লাগে। সৰুৰে পৰাই আপুনি এনেকুৱা আছিল নে?
ইমৰাণ শ্বাহ : মই নিজকে অসাধাৰণ বা আনৰ পৰা কিবা বেলেগ বুলি নাভাবোঁ কিন্তু এটা কথা ঠিক মই সৰুৰে পৰা ঘৰত শাসনৰ মাজত ডাঙৰ হৈছিলোঁ, ঘৰৰ সৰু আছিলোঁ, গতিকে নিমাখিত আছিলোঁ। সেইবাবে হয়তু এনে ধাৰণা এটা মোৰ বিষয়ে মানুহে কৰি লয়।
ফটাঢোল : আমি জানিব পাৰিছোঁ খেল আৰু পঢ়া এই দুটা বিষয় আপোনাৰ আটাইতকৈ উপভোগৰ দুটা বিষয়। এই সম্বন্ধে কিছু কথা ক’ব নেকি?
ইমৰাণ শ্বাহ : মোৰ যিটো পৰিয়াল, সেইটো আচলতে খেলুৱৈৰ পৰিয়াল। এতিয়া মই নাম নলওঁ বাৰু সকলোৰে। সেইবাবে সৰুৰে পৰা খেলাৰ প্ৰতি আকৰ্ষণ এটা আছিল। অৱশ্যে ব্যক্তিগতভাবে মই খেলুৱৈ হ’ম বুলি কেতিয়াও খেলা নাই কিন্তু খেলাৰ প্ৰতি ৰাপ থকাৰ বাবে মই প্ৰায় সকলো খেলাই খেলিছোঁ।
ফটাঢোল : কি কি খেলিছিল?
ইমৰাণ শ্বাহ : মই কি কি নেখেলিছিলোঁ বুলি সোধক। টেনিছ খেলিবলৈ পোৱা নাছিলোঁ অৱশ্য কাৰণ আমি সৰু থাকোঁতে শিৱসাগৰৰ যিটো টেনিছ ক্লাৱ সেইটোত বৰ খৰচী কাৰবাৰ এটা আছিল। এতিয়া হোৱা হ’লে টেনিছো খেলা হ’লহেঁতেন কিজানি। বাকী সেইসময়ত শিৱসাগৰত উপলব্ধ অন্য খেলবোৰ ফুটবল, ভলীবল, ক্ৰিকেট, বেডমিনণ্টন এই সকলোবোৰ খেলিছিলোঁ। অন্তত আন্তঃ জিলা পৰ্যায়ত মই স্থানো পাইছিলোঁ। মই আচলতে মোৰ পৰিয়ালৰ আটাইতকৈ বেয়া খেলুৱৈ আছিলোঁ আৰু কিতাপ পঢ়াৰ কথাটো হ’ল, মই যেতিয়া একেবাৰে সৰু আছিলোঁ মানে ধৰা ৫/ ৬ বছৰ বয়স, তেতিয়া মই বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হ’ব লগাত পৰিছিলোঁ, শয্যাগত সময়ছোৱা কটাবলৈ মোক ঘৰত তেতিয়াৰ দিনত পোৱা কিতাপবোৰ গোটাই দিছিল আৰু সেইবোৰ পঢ়ি মই সময় কটাইছিলোঁ। সেই অভ্যাসটো তেতিয়াৰ পৰা থাকি গ’ল। সেইবাবেই এতিয়াও দিনটোৰ ভিতৰত অলপ যদি পঢ়া নহয় তেন্তে ভাল নালাগে।
ফটাঢোল : খেলৰ লগত জড়িত কিবা আমোদজনক ঘটনা?
ইমৰাণ শ্বাহ : এদিন আমাৰ ইয়াৰ পৰা ১০ মাইল মান দূৰৰ ঠাই এখনত আমাৰ এখন খেলা আছিলে, ফুটবল খেলা। ফাইনেল খেলা। খেলি ঘূৰি আহোঁতে, চাইকেলত আহিছোঁ। চাইকেলবোৰত তেতিয়া আমি ডবল কৰি যাওঁ। ৬ খন চাইকেল হ’লে টীমটো যাব পাৰে। সেইদিনা চাইকেলত আহি শিৱসাগৰ পাওঁতে প্ৰায় সাতমান বাজিছে। সেই তেনে সময়তে পঞ্চাশৰ যিটো বৰ ভূঁইকপ সেই ভূঁইকপটো হৈছে। আমি সেইখিনি সময়ত গোটেই দলটো আছিলোঁ শিৱদ’লৰ দাঁতিতে আৰু সেইবাবে আমি সেইদিনা একেলগে থকা সেই বাৰটা ল’ৰাই ভূঁইকপত শিৱদ’লৰ কলচীটো খহি পৰা স্ব-চক্ষে দেখিছিলোঁ।
ফটাঢোল : আপোনাৰ এটা জনপ্ৰিয় নাম ইশান দত্ত। কবি হিচাপে ইশান দত্ত খুৱেই জনপ্ৰিয়। এই নামটোৰ ৰহস্যটো কি?
ইমৰাণ শ্বাহ : কবিতা আগতে মই নিজৰ নামতে লিখি আছিলোঁ। ৰামধেনুতো মই নিজৰ নামতে কবিতা লিখি আছিলোঁ। পিছত বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে যেতিয়া মই বিভিন্ন সময়ত আলোচনী আদিত গল্প আৰু কবিতা একেলগে লিখিব লগা হ’ল তেতিয়া মই কবিতাখিনি ইশান দত্ত নামেৰে লিখিব ল’লোঁ। নামটো ভাল লগাত পাছলৈও এই নামেৰে লিখি থাকিলোঁ।
ফটাঢোল : অসমীয়া সাহিত্যৰ কথা এটা সোধোঁ, এটা খুব প্ৰচলিত অভিযোগ আছে যে অসমীয়া মানুহৰ অসমীয়া কিতাপ কিনি পঢ়াৰ প্ৰৱণতা কম, আপুনি এইবিষয়ত কি কয়?
ইমৰাণ শ্বাহ : এনে অভিযোগ নোপোৱা নহয় কিন্তু মই ভাবোঁ আমি এনে অভিযোগ কৰাৰ সময়ত আমি আমাৰ বৰ্তমান সামাজিক প্ৰেক্ষাপটতো কথাখিনি বিচাৰ কৰি চাব পাৰিব লাগিব। আমি যেতিয়া স্কুলত পঢ়ি আছিলোঁ, মানে যোৱা শতিকাৰ ৫০ৰ বা ৬০ৰ দশকত, তেতিয়া কটন কলেজ বুলি কোৱাৰ লগে লগে এইটো সকলোৱে জানিছিল যে অসমীয়া ভাষা সাহিত্যৰ পুৰোধা ব্যক্তিসকল তাতেই আছিল। তাৰ বৰেণ্য পণ্ডিতসকলৰ প্ৰভাৱ ছাত্ৰসকলৰ ওপৰত আছিল।
কিন্তু এতিয়াৰ শিক্ষানুষ্ঠানসমূহৰ পৰিবেশ এনেকুৱা হয় জানো, এতিয়াৰ নম্বৰ আৰু মাৰ্কছিট সৰ্বস্ব শিক্ষা ব্যবস্থাত সাহিত্যৰ চৰ্চাৰ অৱকাশ ক’ত?
ফটাঢোল : অসমীয়া সাহিত্যত ব্যংগ সাহিত্যৰ ধাৰাটোৰ বিষয়ে আপুনি কি ক’ব?
ইমৰাণ শ্বাহ : মই ওলোটাই এটা কথা সুধিছোঁ। লক্ষীনাথ বেজবৰুৱাই “বাঁহী” উলিয়াইছিল আৰু তাত তেওঁ নিজে কৃপাবৰ বৰবৰুৱা হৈ লিখিও আছিল। এতিয়াৰ কোনজন সম্পাদকে সাহিত্য চৰ্চা কৰে আৰু তাৰ উপৰিও ব্যংগ লিখে? তেওঁলোকে এই দিশটোলৈ যোৱাই নাই। সাহিত্য চৰ্চাৰ এটা অন্যতম জটিল বিষয় হৈছে ব্যংগ সাহিত্য।
ফটাঢোল : আপোনাৰ সৰহ সংখ্যক গল্পৰ উপজীব্য নৰ-নাৰীৰ প্ৰেম, এই সম্পৰ্কে কি ক’ব?
ইমৰাণ শ্বাহ : মই ক’ৰবাত লিখিছোঁ, মোৰ ১০ টা মান গল্পৰ ভিতৰত ৩ টা মান গল্পত প্ৰেম আহে কিন্তু মানুহে বাকীবোৰ পাহৰি যায়, তাৰমানে এইকেইটা গল্প বৰ ভাল। কথাটো তেনে নহয়, লাভ এজ এ চাবজেক্ট, মানে নৰ-নাৰীৰ প্ৰেম বুলি যিটো ক’লে, সেইটো বিষয় হিচাপে মই কেতিয়াও লিখিবলৈ চেষ্টাই কৰাই নাই।
ফটাঢোল : এই প্ৰসংগতে আমি আৰু এটা কথা সোধোঁ। প্ৰায়েই কোৱা হয়, এতিয়াৰ প্ৰজন্মৰ মাজত প্ৰেমৰ সংজ্ঞা সলনি হ’ল। এতিয়া আৰু আগৰ প্ৰেম নাই।
ইমৰাণ শ্বাহ : এই প্ৰসংগত মই আগতেও কৰবাত কৈছোঁ। খং ৰাগ, অভিমান এইবোৰো আধুনিক হ’ব পাৰে নেকি? মানে আগতে খং উঠিলে দাৰে কাটি দিব পাৰে আজিকালি নোৱাৰে! নহয়নে বাৰু? খং খঙেই, প্ৰেম প্ৰেমেই। প্ৰেম সলনি হোৱা নাই। সলনি হৈছে পৰিবেশ।
ফটাঢোল : বঁটা বাহন, পুৰস্কাৰ আদিয়ে আপোনাক কেনেদৰে প্ৰভাৱিত কৰে?
ইমৰাণ শ্বাহ : সাহিত্য কৰিবলৈ মই প্ৰায় এৰি দিয়াৰ দৰেই হৈছে। আগৰ দৰে এতিয়া আৰু লিখিব নোৱাৰোঁ। ভাগৰ লাগে। মানে মই ক’ব খুজিছোঁ যে মই যেতিয়া উল্লেখনীয় কিবা পুৰস্কাৰ বা স্বীকৃতি পাইছোঁ তেতিয়া মোৰ লেখক জীৱনৰ প্ৰায় শেষ অৱস্থা। গতিকে বঁটা বাহনে মোক বৰ বিশেষ প্ৰভাৱিত বা উৎসাহিত কৰিব পৰা নাই।
ফটাঢোল : অসম সাহিত্য সভাৰ লগত আপুনি কেনেদৰে জড়িত হ’ল, সেই অভিজ্ঞতাৰ বিযয়ে অলপ ক’ব নেকি?
ইমৰাণ শ্বাহ : মই সাহিত্য সভাৰ সভাপতি হোৱাৰ যিটো কাৰণ সেইটো অন্য মানুহ সভাপতি হোৱাৰ লগত একে নহয়। সভাৰ খুব জটিল সময় এছোৱাত মই ইয়াৰ দায়িত্ব ল’ব লগা হৈছিল। সমগ্ৰ অসমৰ মোৰ গুণমুগ্ধসকলে মোক খুব জোৰ দিয়াৰ স্বত্বেও মই প্ৰথমতে সন্মতি দিয়া নাছিলোঁ৷ মোৰ মনত এটা শংকা আছিল কাৰণ প্ৰশাসনিক দিশত মোৰ কোনো অভিজ্ঞতা নাছিল। তথাপি মই প্ৰায় উপায় নোহোৱাত ইয়াৰ দায়িত্ব লৈছিলোঁ আৰু ক’বলৈ গ’লে দুটা বছৰে মই সাহিত্য সভা নামৰ বাহনখনৰ ষ্টিয়াৰিংডাল পোনকৈ ধৰিহে আছিলোঁ যাতে খালত নপৰে। তাৰ বাদে সভাপতি হিচাপে বিশেষ কিবা কৰিব পাৰিছিলোঁ বুলি মোৰ মনে নকয়।
ফটাঢোল : আপোনাৰ পৰিয়ালৰ কথা কওকচোন?
ইমৰাণ শ্বাহ : মোৰ পৰিবাৰ ১৯৮১ চনতে ঢুকাইছে। আমাৰ ছোৱালী দুজনী। ডাঙৰজনী ছোৱালী এতিয়া গুৱাহাটীত থাকে। তাই শ্ৰম বিভাগৰ চাকৰিয়াল। সৰুজনী আমাৰ ইয়াৰে এখন হাইস্কুলৰ শিক্ষয়িত্ৰী।
ফটাঢোল : খোৱা-বোৱাৰ ক্ষেত্ৰত আপোনাৰ ৰুচিবোধ কেনে? খাদ্য ৰসিক নে আপুনি?
ইমৰাণ শ্বাহ : খোৱা বোৱাত তেনে বিশেষ চৌখিন মই নহয়। এই ক্ষেত্ৰত বিশেষ বাচ-বিচাৰ একোৱেই নাছিল কিন্তু আজি কেইবছৰমান আগৰ পৰা, ২০১৮ চন হ’বলা। ২০১৮ চনৰ পৰা মোৰ কেইটামান বেমাৰ লাগিলে। আগতে তেনেকুৱা বেমাৰ আজাৰ নাছিল। সেই তেতিয়াৰ পৰা ডাক্তৰে বান্ধি দিয়া তালিকা মতে খোৱা বোৱা কৰোঁ।
ফটাঢোল : আজৰি সময় বুলি আপোনাৰ জীৱনত আছে নে নাই, গান শুনা বা চিনেমা চোৱা হয়নে?
ইমৰাণ শ্বাহ : এতিয়াটো আজৰিয়েই আজৰি। নতুন গান বৰ বিশেষ শুনিছোঁ বা শুনি ভালপাওঁ বুলি নকওঁ। গজল শুনি ভালপাওঁ। চিনেমা আগতে আমি চেকেণ্ড শ্ব’ চোৱা মানুহ। টিভিত এতিয়াও মাজে মাজে চাওঁ।
ফটাঢোল : বৰ্তমান সময়ত জনপ্ৰিয়তাৰ তুংগত থকা সামাজিক মাধ্যম বা ছছিয়েল মিডিয়া সম্পৰ্কে আপুনি কি কয়?
ইমৰাণ শ্বাহ : সামাজিক মাধ্যম বৰ শক্তিশালী মাধ্যম। অন্যহাতে ইয়াৰ বিপৰীতে এতিয়া সংবাদ মাধ্যমৰ বৰ ডাঙৰ বেমাৰ এটা হৈছে। সেইটো মোৰ ক’বলৈও কোনো আপত্তি নাই। এতিয়াৰ যিসকল সংবাদ মাধ্যমত আছে কোনো সময়ত এনে লাগে তেওঁলোক আচলতে সংবাদ মাধ্যমৰ লগত জড়িত হ’ব লগা মানুহ নহয়। সেয়েহে সমান্তৰালভাবে এই সামাজিক মাধ্যমসমূহ শক্তিশালী মাধ্যম হৈ মূৰ দাঙি উঠিছে।
ফটাঢোল : ফেচবুকত চলি থকা সাহিত্যৰ চৰ্চা সম্পৰ্কে আপুনি কি ক’ব?
ইমৰাণ শ্বাহ : চমক সৃষ্টিৰ বাবে সাহিত্য চৰ্চা হ’ব নালাগে। ভাল সকলোতে ভাল।
ফটাঢোল : জীৱনৰ পৰা আপুনি কি পালে কি নাপালে?
ইমৰাণ শ্বাহ : এইবোৰ চিন্তা নকৰাই ভাল, জীয়াই থকা দিনকেইটাত নিজৰ কৰ্তব্য কৰি যাব লাগে।
ফটাঢোল : আপোনাৰ মতে সুখৰ ধাৰণাটো কি?
ইমৰাণ শ্বাহ : একেবাৰে সহজ। দিনৰ বাৰ বজাত মাছে মঙহে একাঁহী হেঁপাহ পলুৱাই খাই যিমান সুখ পাব আকৌ এক বজাত সেই কাঁহী দিলে সুখ পাব জানো? গতিকে ভোকটো তৈয়াৰ হ’ব লাগে, সকলোতে সুখ পাব।
ফটাঢোল : নতুন প্ৰজন্মৰ সাহিত্যৰ বিষয়ে আপোনাৰ ধাৰণা কেনেকুৱা?
ইমৰাণ শ্বাহ : এতিয়াৰ সাহিত্যিকসকল অত্যন্ত প্ৰতিভাশালী কিন্তু কথাটো হ’ল প্ৰতিভাই শেষ কথা নহয়। ইয়াৰ লগতে পৰিশ্ৰমৰো প্ৰয়োজন হয়। কষ্ট সহিষ্ণুতা লাগিব, কেৱল স্বীকৃতিৰ পিছত দৌৰিলে নহ’ব। এতিয়া টকা থাকিলে আপোনাৰ কিতাপ আপুনি নিজে প্ৰকাশ কৰি উলিয়াব পাৰে, কোনো অসুবিধা নাই কিন্তু আজিৰ পৰা ৫০ বছৰ আগতে আপুনি চাওক, তেতিয়াৰ প্ৰতিস্থিত আলোচনী এখনত সৰু লেখা এটা উলিয়াবলৈও কিমান কষ্ট আছিল। লেখকৰ পৰিচিতি লাভৰ বাবে যিটো সংগ্ৰাম সেইটো আজিকালি সহজ হ’ল।
ফটাঢোল : অসমীয়া সাহিত্যৰ ভবিষ্যত সম্পৰ্কে এটা কথা সোধোঁ। ৰামধেনু যুগৰ পৰা সাহিত্য সৃষ্টিৰ আপুনি লাইখুঁটা, এতিয়াৰখিনি যদি টিন পাতৰ ঘৰ তেন্তে অনাগত ২৫/৩০ বছৰৰ পাছত কি হ’ব?
ইমৰাণ শ্বাহ : কি হ’ব আৰু, নতুন ঘৰ হ’ব।
ফটাঢোল : কোনোবাই ক’ব খোজে এই ঘৰ ভাগি যাব!
ইমৰাণ শ্বাহ : তেনে নহয়, পুৰণা ভাগিলেই নতুন বনাব পাৰিব।
ফটাঢোল : আমাৰ “ফটাঢোল” প্ৰধানকৈ হাঁহি বিয়পাবলৈ সংকল্পবদ্ধ। এই সংখ্যাটিৰ বাবে আপোনাক অতিথি হিচাপে পাই আমি আনন্দিত৷ আপুনি আমাৰ গৌৰৱ। অনাগত দিনত আপোনাক নেদেখাজনে দান কৰক সু-স্বাস্থ্য আৰু সু-দিন। পুনৰবাৰ আপোনালৈ আমাৰ গোটৰ ফালৰ পৰা অশেষ ধন্যবাদ যাচিলোঁ।
ইমৰাণ শ্বাহ : আপোনালোক সকলোকে ময়ো মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। হাঁহি থাকক সকলোৱে। নিজেও হাঁহক, আনকো হঁহুৱাওক৷ হাঁহি বিলাওক৷
☆ ★ ☆ ★ ☆
10:55 am
বৰ ভাল লাগিল ।
বৰ ডাঙৰ কাম এটা কৰা হ’ল । সম্পাদিকাকে আৰম্ভ কৰি আলোচনীৰ লগত জড়িত সকলোলৈকে ধন্যবাদ জনালোঁ ।
11:22 am
ধন্যবাদ তেখেতৰ বিষয়ে অধিক জানিবলৈ সুবিধা দিয়াৰ বাবে।
9:10 pm
শিৱসাগৰ কলেজ, জয়সাগৰ ত ছাৰে আমাক সুন্দৰকৈ অসমীয়া বিষয়টোৰ পাঠদান কৰিছিল । সেয়ে ছাৰৰ ক্লাছটো আমি বহুত ভাল পাইছিলোঁ ।
আপোনালোকে ছাৰৰ সাক্ষাৎ কাৰটো গ্ৰহণ কৰি সুন্দৰকৈ ফেইচবুকৰ মাধ্যমেৰে আগবঢ়ালে । বহুত ধন্যবাদ ।
ছাৰৰ সু -স্বাস্থ্য কামনা কৰিলোঁ ।