ফটাঢোল

কৌতুক-লক্ষ্যদ্বীপ গগৈ

এখন গাঁ‌ৱত এজন মদাহী বুঢ়া আছিল। তেওঁ ঘৰৰ বাৰাণ্ডাত বহি তেওঁৰ ঘৰৰ সন্মুখৰে অহা-যোৱা কৰা সকলো মানুহক খুব লেতেৰা লেতেৰা ভাষাৰে গালি-গালাজ কৰিছিল যাৰ কাৰণে সেই অঞ্চলৰ সকলো মানুহ বিৰক্ত হৈছিল। যেতিয়া সেই মদাহীজনৰ অন্তিম সময় আহিল তেতিয়া তেওঁ তেওঁৰ পুতেককেইজনক মাতি ক’লে যে,

: তহঁতে মোৰ কাৰণে এনেকুৱা কাম কৰিবি যাৰ বাবে মানুহে মোক মৰাৰ পাছত ভাল আছিল বুলি কয়।

পুতেককেইজনো বহুত বাপেক ভক্ত আছিল। বুঢ়া মৰাৰ পাছত বহুত ভাবি-চিন্তি পুতেককেইজনে এটা সিদ্ধান্ত ল’লে। এতিয়া সিহঁতে ঘৰৰ সন্মুখৰে অহা-যোৱা কৰা মানুহবোৰক অকল গালিয়ে নাপাৰে লগতে শিলগুটিও মাৰিবলৈ ল’লে। তেতিয়া মানুহবোৰে ক’বলৈ ল’লে যে, “বাপেকটোৱেই ঠিক আছিল অকল গালি-গালাজহে কৰিছিল ইহঁতৰ নিচিনাকৈ শিলগুটি নামাৰিছিল।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *