ধুমুহাৰ সৈতে মোৰ পৰিচয়-বন্দিতা জৈন
ধুমুহাৰ সৈতে মোৰ পৰিচয় বহুদিনৰে। জন্মৰ পৰাই বুলি ক’ব পাৰি। জন্মও আছিল চ’তৰ মাহৰ শেষলৈ বৰদৈচিলা অহা সময়তে। আনকি জন্মৰ দিনাও প্ৰচণ্ড বৰষুণ আছিল হেনো। তেতিয়াই দেউতাই নাম চোৱাওঁতে কৈছিল “ছোৱালী এসাঁজ খাব। ডাঙৰ কপাল লৈ আহিছে। এই থকালৈকে ভঁড়ালত আকাল নাহে।”
কৈছোঁহেনে শুনিয়েই দেউতাই নাম দিলে বনলক্ষী। বৰ্ষা দেৱীৰ কৃপাত বনলক্ষী হৈ ডাঙৰ হ’লোঁ। ডাঙৰ হৈ অহাৰ লগে লগে আইনাত নিজৰ কপালখনৰ জোখ-মাখ ল’বলৈ নাপাহৰিলোঁ। এসাঁজ খোৱাৰ কথা। ধেমালি কথাটো নহয়। সেই বাবে এতিয়া সেইখন কপাল নহয় চোতাললৈ পৰিৱৰ্তন হৈছিলগৈ।
ব’হাগ মাহত পতা বিহু ফাংচন আদি, পূজাৰ সময়ত নাটক থিয়েটাৰ আনকি থিয়েটাৰ আহিলেও মোৰ বিশেষ যোৱা নহয়। এই মহাময়ী বৰ্ষা দেৱীৰ কাৰণে। বাকী কেইদিন ভালেৰে গ’লেও মই যোৱাৰদিনা আজন্ম সমন্ধীয় মোৰ বান্ধৱী বৰদৈচিলাজনীও পিছে পিছে আহে তই ক’ত যাবি ময়ো যাম বুলি। তাকেই অলপ কওঁ দেই।
মোৰ ঘৰৰ সন্মুখতে যদিও এখন বিশাল পথাৰ আছে মাজত তথাপিও দেখি থাকোঁ ,শুনি থাকোঁ সকলো। সেয়াই আছিল সন্তোষ। বিহু চাবলৈ গৈ বহিবলৈ নেপাওঁৱেই ঠিয় হৈ চালেও দীঘল মূৰবোৰৰ বাদে একো নেদেখি। সেয়ে নাযাওঁ। কিন্তু বাইদেউৰ কাবৌ কোকালিত বাধ্য হৈ গ’লোঁ সেইবাৰ। বহিবলৈ পালোঁ বাৰু। ঠেং পাক দি বহি অলপ চাবলৈ পালোঁ নে নাই আইদেউ হাজিৰ। লগত ধুমুহাৰ সৈন্যবাহিনীৰ সৈতে। সকলো তাল আফাল লগাই দিলে। সভা ঘৰৰ ভিতৰত বহা বাবে নেকি আইদেউ খঙৰ প্ৰকোপ দেখি ক’তো লৰচৰ কৰিব নোৱাৰা হ’লোঁ। এটা চুকত গৈ মানুহৰ মাজত সোমাই ৰৈ চাই আছোঁ সকলো। এটা সময়তটো টিনপাতবোৰো উৰুৱাই নি পথাৰৰ মাজত পেলাই দিলে। তেহে আইদেউৰ খং অলপ কমিল। ইমানপৰে নিজৰ নিজৰ অস্তিত্ববোৰ পাহৰি গৈছিলোঁ। অনুভৱ কৰিলোঁ মোৰ হাতত জোৰেৰে কোনোবাই জোৰকৈ ধৰি টানিছে কৈছে,
“আহ, ইমান সময় তোকে বিচাৰি ফুৰিছো।”
“মা অ” বুলি ভয়ানক চিঞৰ এটা মাৰি চকুকেইটা মুদি হাতখন এৰুৱাই আনিবলৈ চেষ্টা কৰিছোঁ। ইমানবোৰ মানুহৰ মাজত মোকেহে পালেনে হে বনদেৱী। “মই সৰু ছোৱালী। একো নাজানো, মোক এৰি দিয়ক মই নাযাওঁ।” “হেই এইজনীৰ কি হ’ল আকৌ, বনদেৱীয়ে নিবলৈ অহা নাই,বায়েৰেহে আহিছে, যা”। কাষতে মোক চিনি পোৱা
কোনোবা এজনে কোৱাতে চকু খুলি চালোঁ- অহ ৰক্ষা। সেয়া দিলীপ শৰ্মা খুড়াই ধৰি ৰাখিছিল মোক। বাইদেউৱে ওচৰৰ তাইৰ লগৰ ল’ৰা এটাৰ ঘৰলৈ লৈ গৈ অলপ পৰিবেশ ভাল হোৱাত ঘৰলৈ আহিল। তাৰপিছৰ পৰা ঘৰৰ পৰাই সেৱা ভাগি জনাওঁ। এই ঘটনাৰ অভিজ্ঞতা যাৰ হৈছিল সেইদিনা হয়তো সেই শ্বাসৰুদ্ধ সময়কণ মনত পৰি যাব।
এবাৰ হাইস্কুলৰ খেলপথাৰত হৈছিল মুকলিকৈ। কোনো বিশেষ গায়ক (সেই সময়ত আমাৰ প্ৰিয়) আহিছে। গতিকে বাইদেউৱে যাবই মোক মাখন লগাই থৈছে। পুৱাৰ পৰা একো কামেই কৰিব দিয়া নাই সেইদিনা। মুঠতে লগত যাব লাগে। সন্ধিয়া গ’লোঁ।
একঘন্টা আছোঁ কি নাই। টোপাল পেলাই আইদেউ অহাৰ বাতৰি দিলেই নহয়। ইফালে বিশেষ অতিথি অহাৰ এনাউঞ্চমেন্ট চলি আছিল সুমধুৰ সুৰেৰে। (তেওঁ এতিয়া এজন আমাৰ বিশেষ ফটাঢুলীয়া দেই।)। সেই সুৰৰ অমান্য কৰি সভা এৰি যোৱা সাধ্য একেবাৰে নাছিল। কিন্তু মোৰ আইদেউ আছিল নাচোৰবান্দী। আহিহে এৰিলে। গতিকে পুনৰ আগৰ ঘটনাটো হোৱাৰ ভয় এটা লাগিল।
সিফালে “সুমধুৰ” কণ্ঠৰ অধিকাৰী আমাৰ হিমাংশুদাই কৈ আছে,
“ৰাইজ নিজৰ নিজৰ চকীবোৰ এৰি আপোনালোক আঁতৰি নাযাব। এয়া বৰষুণ নহয়, আমাৰ শুভকামৰ শুভাৰম্ভৰ লক্ষণ। আপোনালোকৰ একো নহয়। মাত্ৰ কিছু সময় অপেক্ষা কৰক।”
হয়তো তেখেতৰ সুৰৰ মোহিনী আছিল, যাৰ বাবে সকলোৱে মন্ত্ৰমুগ্ধ হৈ বহি আছে। (নে নিজৰ চকীখন হেৰাই যোৱাৰ ভয় নেজানো)। বাইদেউক যোৱাৰ কথা ক’লোঁ, নাযায়, গায়কৰ হস্তাক্ষৰ ডায়েৰীত লৈহে যাব। তেতিয়াহে দেখিলোঁ তাই কিবা এখন লৈ আহিছে।
“হে প্ৰভু, এইজনী বৰদৈচিলা আইদেউতকৈ এখোপ চৰা।”
টোপালবোৰ ঘন হ’বলৈ আৰম্ভ কৰাত তাই মোক গুচি আহিবলৈ দিলে, তাই গাঁৱৰ বাইদেউহঁতৰ লগত আহিব। অনুমতিৰ বাবে অপেক্ষা আছিলেই। অলপ দূৰ খোজকাঢ়ি আহি সেইবাৰ ৰাস্তাৰ শিলগুটিকো কেয়াৰ নকৰি ভৰিৰ চেণ্ডেল হাতত লৈ মিনিটত তিনি কিলোমিটাৰ দৌৰ অতিক্ৰম কৰি ঘৰ পালোঁহি। মোক ঘৰত থৈ আইদেউ গুচি গ’ল কোনোবা ফালে।
এইদৰে পূজাৰ সময়ত হোৱা নাটক আদিবোৰ চাবলৈ গ’লে প্ৰকৃতি দেৱী ৰুষ্ট হয় বাবে কমাই দিলোঁ।
বৰ্তমান প্ৰকৃতিৰ দেৱী সদায় ৰুষ্ট থাকে। কেতিয়াবা ভূমিকম্পৰ সৈতে, কেতিয়াবা ধুমুহাৰ সৈতে ধ্বংসযজ্ঞ সাধাৰণ কথা হৈ পৰিছে। মূল্যহীন হৈ পৰিছে জীৱনবোৰ। এতিয়া আটাইতকৈ ভয়লগা সময় ঘৰৰ বাহিৰত গ’লে কৰ’নাৰ ভয় ভিতৰত থাকিলে পেটৰ ভোকত থকাৰ ভয়, নহ’লেও মানসিক স্থিৰতাবোৰ, সৰু ল’ৰা-ছোৱলীবোৰৰ আৱদ্ধ জীৱনৰ বাবে খঙাল, জেদী কৰি তোলাৰ ভয়। এইবোৰৰ বাবেও দোষ আকৌ আমি আমাৰ প্ৰকৃতিৰ আইদেউৰ ওপৰত দি গপতে গংগাটোপ হৈ ভুলবোৰ কৰিয়েই আছোঁ।
আগৰ দিনত আইদেউৰ মাকৰ ঘৰলৈ আহি বিন্দাচ ঘূৰি ফুৰে। ক’তো ৰ’ব লগা নহয়, বাধাহীন। কাৰণ ঘৰ-বাৰীবোৰ আছিল তলত গতিকে ওপৰৰ বায়ুৰ ৰাস্তা আছিল তেওঁৰ। এতিয়া ইফালে সিফালে প্ৰকাণ্ড ওখ ওখ ঘৰবোৰ। যেনিয়েই বিন্দাচ উৰি যায় তাতেই মুখত খুন্দা খাই ধুনীয়া দামী মেকাপবোৰ শেষ হয়েই লগতে দাতঁৰ অৱস্থা সংকটজনক হৈ পৰে। গতিকে মা’ৰ ঘৰত দকচি এসাঁজ খোৱাৰ পৰিকল্পনা শেষ হয়। সেই খঙতে এফালৰ পৰা মহতিয়াই লৈ যায়। তাৰো দোষ তেওঁৰ ওপৰত দি ৰুষ্ট দেৱীক তুষ্ট নকৰি বদনাম দি দিওঁ। তাৰোপৰি পৰিৱেশত দোষ পেলোৱা অগণন পলিউশ্যনবোৰ আছেই। উশাহ-নিশাহ ল’বলৈ নোৱাৰি।
প্ৰিয় সেউজীয়াবোৰৰ অভাৱত চকুৰ পানীৰে বাট পথ নেদেখা হৈ পৰে। তথাপি তেওঁকে দোষাৰোপ কৰি সেউজীয়াবোৰ গঢ়াতকৈ বেছি ধংসহে কৰি আছোঁ দেখোন। আজিৰ পৰা বেছি দিনৰ কথা নাছিল। পৃথিৱীৰ পৰা পলিথিন নিৰ্মূল কৰা যিবোৰ আন্দোলন আছিল সকলো ফুটুকাৰ ফেন। কাৰণ পলিথিনৰ ৰুধ কৰা কথাটো জৰিমনা ভৰোৱা কথাৰ লগত জড়িত আছিল। এতিয়া জৰিমনা নাই, সেই মাইক্ৰ’ পলিথিনো নাই। সিদিনা বেলকনীৰ পৰা দেখিলোঁ সন্ধ্যা সময়ত এগৰাকীয়ে ঘৰৰ আৰ্ৱজনাবোৰ পলিথিন এটাত ভৰাই ইফালে সিফালে মানুহ চাই পেলাই দিছে তলৰ নলাটোত। পিছত মোক দেখি অলপ লাজ এটা লাগিল চাগে। কাৰণ তেওঁ দেখোন সমাজৰ কামত আগভাগ লোৱা মই দেখি থাকোঁ। একো নক’লোঁ যদিও চকুত তেওঁৰ প্ৰতি হোৱা ভাৱটো বুজি সামান্য হাঁহি এটা মাৰি আঁতৰি দিলে। আৰু কৰিব কি? কৰিব লগা কামটো কৰিলেই। তললৈ জুমি চালোঁ নলাটো পলিথিনেৰে ভৰি গৈছে। নলাবোৰ ভৰি যোৱাৰ বাবে নলাৰ পানীবোৰ ৰাস্তালৈ আহি সমস্যা কৰিছে। তাৰ বাবে আমি আইদেউকে তিৰস্কাৰ কৰোঁ। সেই প্ৰকাণ্ড মহলাত বাস কৰা কাকো দোষ দিব নোৱাৰোঁ।
শেষত ৰুষ্ট দেৱীক সন্তুষ্ট কৰিব নোৱাৰি আমিবোৰে এতিয়াও আইনাত নিজৰ কপালখনৰ জোখ-মাখ কৰি থাকোঁ। বিহু পূজাবোৰ ভালদৰে পালন কৰিবলৈ নোৱাৰোঁ। সেউজীয়াৰ অভাৱ আৰু পৰিবেশৰ দু:ষিত বায়ু আমি আঁতৰাবলৈ চেষ্টা নকৰিলে প্ৰকৃতিৰ আইদেউৰ কৃপাদৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম আমি নহওঁ।
☆ ★ ☆ ★ ☆
1:27 pm
ভাল লাগিল
5:47 pm
বহুত ভাল লাগিল পঢ়ি ।
7:36 pm
ভাল লাগিল দেই।
9:06 am
ভাল লিখিছে৷