ফটাঢোল

আৱৰণ- পূৰৱী কাকতী

: ইমানকৈ কি ভাৱি আছেনো, বৰবৌ? 

হৰেণৰ মাকে মূৰে-কপালে হাত দি চোতালতে বহি থকা দেখি ৰূপমে চাইকেলখন জেওৰাতে আঁউজাই ওচৰতে পীৰাখন পাৰি বহি ল’লেহি। 

দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি উত্তৰটো দিলে তেওঁ। এনেকুৱা লাগিল যেন মাতষাৰি বহুত দূৰ দূৰৰ পৰাহে ভাঁহি আহিছে, লাহে লাহে তেওঁ কৈ গ’ল,

: এই সংসাৰখনৰ কথাই ভাবি আছোঁ অ’। কিনো ক’বি আৰু  ‘আমৰ গছত ডাব নাৰিকল, তামোলৰ গছত বেল, সাতোটা হাতীয়ে আচলখন পাতিছে এন্দুৰৰ গাঁতত মেল'(১)। গোটেইখন শেষ আৰু, গোটেইখন শেষ। ৰসাতলে গ’ল পৃথিৱীখন।

: কেনেকৈ গম পালে আপুনি?  

ৰূপম জানিবলৈ আগ্ৰহী হ’ল।

: এই টিভিডালত চিঞৰিয়েই থাকে দেখোন।  বুঢ়ী হ’লোঁ কি হ’ল, সৱ খবৰ ৰাখোঁ। সেই ‘কা’ কৰা ল’ৰাকণ জেলৰ পৰা ওলাল নহয়..। বৰ ভাল কথা, বৰ ভাল কথা। কলিজাটো শাঁত পৰিল অ’। তই জান নে? ক’তনো জানিবি? এতিয়াও ধিতিঙালি কোবাবলৈ নেৰিলি। কিবা খবৰ ৰাখ’ জানো?

: বাঃ, আপুনি বহুত খবৰ ৰাখে দেখোন, বৰবৌ। আপুনি যোৱাবাৰ ডাঙৰ ডাঙৰ মিটিঙবোৰলৈয়ো গৈছিল নহয়…, আপুনিতো জানিবই।

হৰেণৰ মাকৰ সোলা মুখেৰে ধুনীয়াকৈ হাঁহি এটা বাগৰি আহিল। পিচে, পিছ মুহূৰ্ততে মুখৰ হাঁহিটো নাইকিয়া হ’ল।

: আজিকালি হেনো য’তে-ত’তে গুলিয়ো ফুটিছে। বদমাচবিলাকৰ ভৰি এটা ভাঙক বাৰু, কোনো কথা নাই…! এই ধোদৰ পচলাবিলাকৰো ভৰি এটা ভাঙিবহে লাগিছিল।

হৰেণৰ মাকৰ খং আচলতে পুতেকৰ ওপৰত।

: এই শনিটোক বিচাৰি কিয় আহিছিলি? যা, শোৱাপাটিতে পাবি তাক এই ভৰ দুপৰীয়াখন। আঁঠুৰ মূৰত সোণ বিচৰাটোক কাণত ধৰি উঠাই আন, যা।

হৰেণৰ মাকে আৰু অধিক কিবা কয় বুলিয়েই ৰূপমে ততাতৈয়াকৈ ভিতৰলৈ পলাব বিচৰা সময়তে ৰাস্তাৰ ফালৰ পৰা বোৱাৰীয়েক আজলীয়ে ছাগলী পোৱালিকেইটা খেদি আনি ঘৰ সুমুৱালেহি। 

পদূলিমুখৰ পৰাই তাই চিঞৰি আহিল,

: আই, ৰাস্তাতে অনাদি বৰাক পালোঁ। আমাৰ ঘৰলৈ আহিব পাৰে। মই পথাৰৰ বাটে আহিলোঁ বাবে সোনকালে পালোঁহি।

শাহুৱেকে একে কোবেই আজলীক সতৰ্ক কৰি দিলে,

: অ’ সেইটো..! তাৰ পৰা সাৱধান। সি এটা ‘এলেকৰ পেলেক কুকুৰা চোৱাৰ ভাগিনীয়েক।(২)

শাহুৱেকৰ কথা শুনি ওঁঠতে হাঁহি এটা লৈ আজলীয়ে ছাগলী পোৱালিকেইটা আনি এড়াল লগাই বাৰীতে বান্ধি থ’লে। 

আজলীয়ে শাহুৱেকক বৰ মান আৰু ভয় কৰে। কিন্তু, গিৰীয়েকক অনবৰতে কেটকেটাই থকা বাবেহে মনটো বেয়া লাগে তাইৰ। অলপ এলেহুৱা হ’লেও তাইৰ গিৰিয়েক। টকা-পইচাৰ বেলিকা সি নিৰ্ধনী হ’লেও, মৰমৰ বেলিকা সি ধনীয়েই। 

প্ৰথম ন-ছোৱালী হৈ ঘৰত ভৰি দিয়েই তাই শাহুৱেকৰ কথা শুনি চিঞৰি চিঞৰি কান্দি দিবলৈ মন গৈছিল। কথাই কথাই ফকৰা মাতি এনেকুৱাকৈ কেতিয়াবা হিয়া শালি পেলাইছিল যে তাইৰ দুদিনলৈ মুখ ওন্দোলি আছিল। পিছলৈ তাই সহজ হ’লগৈ। কথাবোৰ শুনি আমোদ পোৱা হ’ল।

তাইৰ ভালদৰে মনত আছে। বিয়াৰ কেইদিনমানৰ পিছৰ কথা। ৰাতিপুৱা গা-পা ধুই স্ন’-পাউদাৰ, কাজল ঘঁহি পুৱাৰ ৰঙা চাহ এবাতি সেৱা এটা কৰি শাহুৱেকক দিওঁতে তাইলৈ একেথৰে চাই থাকি কৈছিল – “আঁহ লুকুৱাবা পাহ লুকুৱাবা, গালৰ পুখুৰী ক’ত লুকুৱাবা।”(৩)

তাই ভিতৰলৈ দৌৰি যোৱাদি গৈ আইনাত নিজৰ মুখখনত পুখুৰী বিচাৰিবলৈ ধৰিলে। 

ক’ত পুখুৰী, পুখুৰী ক’ত? কিয় তেনেকৈ ক’লে শাহুৱেকে? চকু ফাটি পানী বৈ আহিছিল তাইৰ। 

লাহে লাহে অভ‍্যাস হ’বলৈ ধৰিলে শাহুৱেকৰ কথা কোৱাৰ ধৰণটো। এতিয়া তায়ো শাহুৱেকৰ সমানেই পাকৈত হৈ উঠিছে। 

সিহঁতৰ বিয়াৰ পিছতে ৰাস্তাত কিছু আগতে তাই লগ পাই অহা অনাদি বৰা দুদিন থাকি গৈছিলহি। সিহঁতৰ ঘৰখনৰ লগত তেওঁৰ সম্বন্ধৰ জৰীডালৰ উৎস হেনো বৰ দীঘলীয়া। ট্ৰেইনখনৰ দৰে। শাহুৱেকে তাৰ বিৱৰণ শুনি  আজলীক সম্বন্ধ বুজাওঁতে বুজাওঁতে কোনোবা একোবত আঁতটোৱেই হেৰুৱাই পেলালে। যাবৰ সময়ত তেওঁ শাকে-পাচলিয়ে, উপহাৰে মোনা ভৰাই লৈ গৈছিল।

তেওঁ যোৱাৰ পিছত আজলীয়ে হৰেণক সোধোঁতে ক’লে, 

: ঘৰ ক’ত নাজানো নহয়। সুধিবলৈয়ো লাজ লাগিল। মিতিৰ বুলি কৈ আছে, হয় চাগে বুলি ভাবি ল’লোঁ আৰু … !

হৰেণৰ এই অঁকৰামি আৰু এলেহুৱা স্বভাৱটোৱে তাইৰ বুকুতো এচপৰা গধুৰ শিল হৈ হেঁচা মাৰি ধৰে। দেউতাকৰ মৃত্যুৰ পিছত সিয়েই ঘৰ ধৰিব লাগে বুলি যিমান যি সাঁচতীয়া টকা আছিল সকলো খৰচ কৰি গেলামালৰ দোকান এখন খুলি ল’লে। ছমাহ নহওঁতেই তাৰ আমনি লাগিল। গ্ৰাহকলৈ হেনো এনেকৈ বোন্দাপৰ দি বহি থাকিব নোৱাৰে সি। যি আহে, তাকো ধাৰলৈ দি পঠিয়ায়। ‘ঘৰৰে মানুহ যেতিয়া, গাঁৱৰে মানুহ যেতিয়া’ – এই দুশাৰী বাক্যই তাক নিমিষতে দানবীৰ কৰ্ণ কৰি তুলিলে। 

গেলামাল দোকানৰ অধ‍্যায়টো তাতে সামৰি সি খেতিত লাগিল। পথাৰত হাল বাই থাকোঁতে ঘৰৰ বলধহাল গছত বান্ধি সি ভাগৰত লালকাল দি শুই থকা অৱস্থাত কোনোবাই চুৰ কৰি লৈ গ’ল। তেতিয়াৰ পৰাই মাকে এলাইবাদু,  ধোদৰ পচলা, শনিলগা, মূৰ খোৱা, আঁঠুৰ মূৰত ভাত বিচৰা এই বিশেষণৰ বাদে ‘হৰেণ’ নামটো মুখত নোলোৱা হ’ল।

আৰু আজলী! তাইৰ ওঁঠৰ হাঁহিটো সেৰেকা হৈ পৰিল।  কিন্তু, তাই গিৰিয়েকৰ হাতৰ কামান নিজে চম্ভালি ল’লে। গেলামালৰ দোকানখন এতিয়া আজলীয়ে চলায়। সি মাজে মাজেহে তাত বহে।

অলপ দিনৰ পৰা হৰেণৰ আচৰণবোৰ স্বাভাৱিক নহয়। সি মাত্ৰ কিবাকিবি ভাৱি বহি থাকে ।

এনেদৰে ভাৱি থাকিলে মাকে তাৰ কাণ চোৱায় – “আমাৰ ঘৰতে ভূ-ভাৰস্তৰ বিজ্ঞানী এজন বহি আছে। চৰকাৰেহে দেখা নাই…।”

গোণা মহটোৰ দৰে ভোঁ-ভোঁৱাই সি সেই ঠাইৰ পৰা আঁতৰি যায়।

সৰুৰে পৰা হৰেণ কাছৰ গতিৰ আছিল। নীতি শিক্ষাৰ ‘কাছ আৰু পহু’-ৰ গল্পটো পঢ়ি উৎসাহিত হৈছিল। সকলোৱে তাক হাঁহিলে, কাছৰহে যে জয় হৈছিল সি ক’বলৈ নাপাহৰিছিল।

স্কুলত পঢ়ি থকাৰ সময়ৰ কথা। হৰেণে অঙ্কশাস্ত্ৰত বিদগ্ধ হোৱাৰ প্ৰমাণ দেখদেখকৈ দি দিছিল। কেতিয়াবা পোনাই-পাজৰাই শেষলৈ আমনি লাগি উত্তৰটো চাই মিলাই থৈ দিছিল! পিছলৈ অৱশ্যে দিবাকৰ ছাৰৰ কেঞা আঙুলিৰ জোঙা নখটোৰ খোঁচ খোৱাৰ ভয়ত  অঙ্কশাস্ত্ৰ বিশাৰদ নহ’লেও একেকোবে পাছ কৰি গৈ থাকিল হৰেণ। তাৰ কাৰণে সি অলপ কষ্ট কৰা নাছিল! পঢ়ি থাকোঁতে টোপনিৰ জালত মূৰটো কেইবাবাৰো টেবুলত থেতেলা খাইছে। অঙ্কবোৰৰ উত্তৰ নোলালে খঙতে খচখচকৈ বহীৰ পাতৰ শৰাধ কৰিছে সি। পিছদিনা কাগজ কিনিবলৈ পইচা বিচাৰোঁতে দেউতাকৰ ৰঙা চকুৰ ভয়ত চকুৰ পানীৰে দোকোলটকা বান আনি দিয়ে ঘৰখনত। দীঘল দীঘল অঙ্কৰ ফৰ্মুলাবোৰ চিঞৰি চিঞৰি শুনাই ঘৰৰ মানুহক জনাই থাকে যে সি কিমান তীক্ষ্ণধৰ। ঘঁহি থাকিলে শিলো ক্ষয় যোৱাৰ দৰে, তাৰো অংকবোৰ ঘঁহি ঘঁহি শিকি কিছু আপোন যেন হৈ পৰিল। কিছুমান শব্দ যেনে, ডেল্টা, থিটা, বিটা, আলফা এইবিলাক উচ্চাৰণ কৰিয়েই বিৰাট মজা পাইছিল‌ সি। কৰিব কিমান পাৰিছিল, সেইটো পিছৰ কথা।

মেট্ৰিক একেকোবে পাছ কৰি হৰেণৰ উলাহে নধৰা হ’ল। কলেজতো সি সকলোৱে টান বুলি কোৱা ইকনমিক্স বিষয়টোতহে মন দিলে। এইখিনি সময়ত পঢ়ি অহা অঙ্কবিলাকৰ কোনো প্ৰয়োজন নোহোৱা দেখি একেবাৰে সকলোবোৰ সাগৰত দলিওৱাদি দলিয়াই দিয়াৰ দৰে হ’ল মনৰ পৰা। 

পিচে সি জনাই নাছিল উচ্চ শিক্ষাত যে ইয়াৰ কিমান প্ৰয়োজন। পুনৰ সি ভূ-গৰ্ভৰ পৰা খনন কাৰ্য কৰি উদ্ধাৰ কৰাৰ দৰে স্মৃতি গৰ্ভত খনন কৰিব লগা হ’ল। কেতিয়াবা সি মূৰত দুই-এথাপৰ দি জোৰ-জবৰদস্তি তাগিদা দিয়ে -“ওলাই আহ, ওলাই আহ, ক’ত সোমাই আছ’?”

কেতিয়াবা বোকাত ফুটা এটা কৰিলে পিৰপিৰকৈ পানী ওলাই অহাৰ দৰে আলফা, বিটা, থিটা, ডেল্টা আদিৰে সৈতে প্ৰয়োজনীয়বিলাক দেও দি দি ওলাই আহে। 

সি সুখী হয়। হ’ব ইমান হ’লেও হ’ব। দুটা বছৰ যেনেতেনে সি ‘ডিল’ কৰিব। তাৰপিছত, পাছ কৰিলে চাকৰি এটা লোৱাৰ জিলমিলিয়া সপোনে টোপনি আহিবলৈ নিদিলে তাক।

এদিন পাছো কৰিলে সি। এম এ হৰেণ দাধৰা হ’ল । 

সময় গ’ল। এদিন গাঁৱৰ হিৰ’ হৈ পৰা হৰেণ পিছলৈ  ঘৰত সোমাই থকা হ’ল। ভাতৰ আকাল হোৱাৰ দৰে, চাকৰিৰ আকাল হ’ল তালৈ। তেনে সময়তে দেউতাকৰ অসুখ হোৱা বাবে লৰালৰিকৈ আনখন গাঁৱৰ আজলীক ঘৰখনৰ বোৱাৰী কৰি আনি সুমুৱালেহি আৰু সি ঘৰ ধৰাৰ দায়িত্বত পৰিল।

তাৰপিছৰ পৰাই তাৰ অৱস্থা বেয়া হৈ পৰিল। তাৰ ইমান দিনৰ পঢ়া-শুনাৰ মেহেনত গেলামালৰ দোকানত বহি বহি পানীত পৰা যেন পাই মন মাৰি থকা হ’ল। কাম-বনত মন নবহা হ’ল। 

মাকলৈ তাৰ খং উঠে।

: তই মাত্ৰ ফকৰা মাৰি থাক। পুতেৰক বুজি পাচোন অলপ। তই কি বুজিবি, হাল বাই থাকোঁতে ক’ত বাৰু মই অতদিনে পঢ়ি অহা ইমান ডাঙৰ ডাঙৰ ফৰ্মূলাবিলাক ব‍্যৱহাৰ কৰিছোঁ? কি কি যে পঢ়ি টোপনি খতি কৰিছিলোঁ, মৈয়াওঁতে ক’ত তাক ব‍্যৱহাৰ কৰিছোঁ? সকলো বৰবাদ হ’ল..!

হৰেণে কেতিয়াবা আজলীক এইবিলাক কথা কয়। তাতে অলপদিনৰ পৰা ‘লকডাউন’ চলি আছে। মনবোৰ এনেয়ো বেয়া। ডেল্টা, বিটা, আলফা প্ৰজাতিৰ বেমাৰে যিদিনাৰ পৰা বিশ্ব ছানি ধৰিছে বুলি নিউজত পালে, তেতিয়াৰ পৰাই তাৰ ঘাঁ টুকুৰা খুঁচৰি দিয়াৰ নিচিনা হৈছে। 

ৰূপমে ভিতৰৰ পৰা হৰেণক উলিয়াই লৈ আনিলে। 

আজলীয়ে তাক ‘ভাল খবৰ এটা দিম, সোনকালে আহিবা’- বুলি কাষেদি যাওঁতেই কেৱল সি শুনাকৈ কৈ থৈ গ’ল।

এই মহামাৰীৰ সময়ত আটাইতকৈ ভালদৰে চলিব পাৰিছে যদি গেলামালৰ ব‍্যৱসায়ীসকলেই। বাকী  সকলোবোৰে ‘ত্ৰাহি মধুসূধন’ দেখিছে। আজলীয়ে হৰেণৰ বাবে অপেক্ষা কৰি ৰ’ল। তাৰ এই মানসিক অশান্তি নাইকিয়া কৰাৰ উপায় তাই সম্প্ৰতি বিচাৰি পাইছে। 

সন্ধিয়া ধূনা দিয়াৰ সময়তে সি আহি ঘৰ সোমালহি। শোৱনি কোঠাত সোমায়েই তাই চাদৰৰ আঁচলৰ পৰা টোপোলা এটা তাৰ হাতত তুলি দিলে।

নগদ পইচা আৰু দোকানৰ চাবিটো টোপোলাৰ পৰা উলিয়াই দি হাঁহি এটাৰে তাই কৈ উঠিল,

: চোৱা, এয়া আমাৰ লাভৰ টকা। কিয় মিছাতে চিন্তা কৰি মৰিব লাগে? চাৰিওফালৰ এই দুৰ্দশাৰ সময়তো আমি ভালদৰেই চলি আছোঁ। আজিৰ পৰা দোকান তুমি চম্ভালিবা। মনোযোগেৰে আৰু খেতিত আমি দুয়ো লাগিম।

কথাকেইষাৰ তাই তাক বৰ মৰমেৰে চুলিত আঙুলি বোলাই বুজাই দিলে।

সি বুজিলে। তাইক সি কাষতে বহুৱাই ল’লে।

আজলীয়ে আজি তাৰ ওচৰত অভিমান কৰিলে,

: কি হ’ল? ময়ো তাৰমানে  তোমাৰ বাবে ‘নতে নঅঁৰা, পুৰণি হ’লে ছঅঁৰা’ হ’লোঁ?(৪)

হৰেণে নিজৰ চুলিকোচা দুহাতেৰে জোঁকাৰি দিলে,

: আৰু এজনী আই নহ’বি অ’ আজলী…. আইয়ে কোৱাবিলাক মেচি দাতকৈয়ো চোকা।

আজলীয়ে খিলখিলকৈ হাঁহি দিলে। 

কাষৰ কোঠাৰ পৰা মাকে চিঞৰি উঠিল,

: বোৱাৰী, এই এলাইবাদুটো আহিল হ’বলা!

এই মুহূৰ্তত মাকৰ কথাষাৰত তাৰ বেয়া নালাগিল। কিবা মৰম এটা সোমাই থকা যেন ভাৱ হ’ল তাৰ।

সিয়েই উত্তৰটো দিলে,

: আহিলোঁ, আই।

               **

বিঃদ্ৰঃ – ফকৰা যোজনাসমূহৰ অৰ্থ :  

১) কলি কালত সকলো দিশতে অধৰ্ম-অনীতিয়ে ছানি ধৰিছে। ধৰ্ম-কৰ্ম, স্থান-কাল সকলোতে বিপৰীতধৰ্মী কাম-কাজ চলা।

২) কোনো সম্বন্ধ নোহোৱা মানুহে সম্বন্ধ লগাই কোনো অনুগ্ৰহ পাবলৈ বিচৰা।

৩) বয়সক ফাঁকি দি চিৰ যৌৱনপ্ৰাপ্ত হৈ থাকিবলৈ বিচাৰিলেও ই সম্ভৱ নহয়।

৪) নতুন বস্তু বা ব‍্যক্তিৰ প্ৰতি প্ৰথম যি আদৰ-সাদৰ থাকে, পিছলৈ স্বাভাৱিকতে ই কমি যায়।

☆ ★ ☆ ★ ☆

2 Comments

  • অনামী

    ভাষাৰ প্ৰয়োগ আৰু কথন ভাল লাগিল।

    Reply
  • Anonymous

    ভাল লাগিল । নতুন ফকৰা যোজনাবোৰ জানিবলৈ পাই উপকৃত হ’লো ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *