ফটাঢোল

ডলী ক্ৰিয়েশ্যনৰ উনবিংশ নিৱেদন: পুলিচগিৰি-ডলী তালুকদাৰ

ছবিৰ কাহিনী, পৰিচালনা, সংলাপ:ডলী তালুকদাৰ

প্ৰযোজনা: ৰিণ্টুমণি দত্ত

পোষ্টাৰ ডিজাইনাৰ: যোগেশ ভট্টাচাৰ্য 

সংগীত: মৃদুল নাথ

কণ্ঠ: অনামিকা গগৈ

ক’ৰিঅগ্ৰাফী: অভিজিৎ গোস্বামী

অভিনয়ত: শিল্পাশ্ৰী দাস, জ্যোতিৰেখা কোঁৱৰ খাটনীয়াৰ, নীলাক্ষি কাকতি, প্ৰণীতা গোস্বামী বৰঠাকুৰ, বাগ্মীতা ৰাজখোৱা বৰকাকতী, অনামিকা চৌধুৰী, হেমন্ত কাকতি, যোগেশ ভট্টাচাৰ্য, অৰ্চন শৰ্মা, অগ্নিভ দত্ত, সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য।

শিল্পাশ্ৰী দাস: নিশা (কলেজীয়া ছোৱালী)

জ্যোতিৰূপা: মিণু (টাইপিষ্ট )

নীলাক্ষি কাকতি:  চিফ ইঞ্চপেক্টৰ কিৰণ মেধী

বাগ্মীতা:  চাব ইঞ্চপেক্টৰ লুনা

ৰীতালিনা সোণোৱাল:  চুমী

প্ৰণীতা গোস্বামী বৰঠাকুৰ: ৰত্না, চিনিয়ৰ চিপাহী

অনামিকা চৌধুৰী : বীণা, চিপাহী

হেমন্ত কাকতি: কলিতা চিপাহী

অগ্নিভ দত্ত: ডেভিদ

যোগেশ ভট্টাচাৰ্য : বিকি ( MLA ৰ পুতেক)

অৰ্চন শৰ্মা: ৰাহুল

ৰিমঝিম বৰঠাকুৰ: ট্ৰেফিক হাৱালদাৰ চুইতি

সঞ্জীব কুমাৰ ভট্টাচাৰ্য : ট্ৰেফিক হাৱালদাৰ দীপক

বিশেষ ভূমিকাত আছে এগৰাকী অতিথি শিল্পী: দেৱজিত শৰ্মা।

বেকগ্ৰাউণ্ড ভইচ: পদ্মলোচন ভৰদ্বাজ, ভাস্কৰজ্যোতি দাস।

লাইট, কেমেৰা, একশ্যন

দৃশ্য: ১

দ্ৰোণ কেমেৰাৰে ওপৰৰ পৰা চহৰখন দেখুৱাব। বেকগ্ৰাউণ্ড কণ্ঠ দিয়া হ’ব। চহৰখনে নিজৰ অতীত, বৰ্তমান কৈ থাকিব। কণ্ঠ দিব পদ্মলোচন ভৰদ্বাজে। বৰ্ণনা কৰিব চহৰখনে নিজৰ কথা। লাহে লাহে ওচৰ চাপি আহিব কেমেৰা।

বেকগ্ৰাউণ্ড ভইচ:  মই আজি গঢ় লোৱা চহৰ নহয়। মোৰ ইতিহাস মই নিজেও নাজানো। মোৰ বুকুত সোমাই আছে কত কাহিনী। কাৰোবাৰ উত্থান, কাৰোবাৰ পতান, কাৰোবাৰ বিজয় আৰু কাৰোবাৰ আধৰুৱা প্ৰেমৰ কাহিনী। চহৰ বহুত সলনি হ’ল। সৰু ঘৰবোৰ ডাঙৰ হ’ল, দোকানবোৰৰ ঠাইত শ্বপিং কমপ্লেক্স হ’ল,  চুপাৰ মাৰ্কেট হ’ল। কিন্তু এটা কাহিনী কেতিয়াও সলনি নহ’ল। এজন মানুহৰ জীৱনত উত্থান-পতন একো নহ’ল। তেওঁ আগতে যি আছিল আজিও সেয়াই হৈ থাকিল আৰু সেইজন হ’ল কলিতা চিপাহী। তেওঁৰ লগৰ কিমান জনে তেওঁৰ চকুৰ আগতে প্ৰমোশ্যন লৈ চাহাব হৈ গ’ল, কিমানজনে প্ৰমোশ্যন নাপালেও লক্ষীক ঘৰত থিতাপি কৰিলে কিন্তু তেওঁ কলিতা চিপাহীয়ে হৈ থাকিল।

লগে লগে চিপাহীৰ সাজেৰে পুৰণি বাজাজ চুপাৰ স্কুটাৰ চলাই এজন মানুহ আহি থাকিব। তেওঁক দেখি পান দোকানীজনে চালাম কলিতা বাবু বুলি চালাম দিব। গাখীৰৱালা জনে চালাম কলিতা বাবু বুলি চালাম দিব আৰু কলিতাই ঘূৰি চাব এটি হাঁহিৰে(হেমন্ত কাকতি)। তেওঁ নিজেও এখন হাতেৰে চালাম দিয়ে। লাহেকৈ তেওঁ স্কুটাৰখন ৰখাব আৰু পাণদোকানলৈ গৈ তামোল এখন কিনিব আৰু “পইচা পিছত দিম লিখি থ বহীত” বুলি তামোলখন মুখত ভৰাই গুচি আহে। 

কেমেৰাই ক্ল’জআপত দেখুৱাব পান দোকানীজনৰ ভাবলেশহীন মুখখন।

কলিতাই স্কুটাৰখন ষ্টাৰ্ট দিবলৈ কিক্ মাৰে কিন্তু ষ্টাৰ্ট নোহোৱাত ঠেলি ঠেলি থানাৰ সমুখলৈ লৈ যায়। 

“ফটাবাৰী আউটপোষ্ট” বুলি থানাৰ চাইনবোৰ্ড দেখুওৱা হ’ব। গেটৰ বাহিৰত চাহৰ গুমটিখনত দুজনী চিপাহী বহি চাহ খাই থাকে। এজনী চিপাহী ৰত্না( প্ৰণীতা গোস্বামী বৰঠাকুৰ) আৰু আনগৰাকী চিপাহী  বীণা (অনামিকা চৌধুৰী )। দুয়ো কথাত মছগুল হৈ থাকে আৰু বীণা চিপাহী ৰত্নাৰ গাত হাঁহিত বাগৰি পৰে। কলিতাই দুয়োকে দেখি অলপ খং উঠে।

কলিতা: এই দুজনীৰ থানালৈ অহা আধাঘণ্টাও হোৱা নাই চাগৈ? আৰু ডিঙি শুকালেই? আৰু এই ৰচকী বীণা জনী নামতহে চিপাহী? গাত বাগৰি নপৰিলে তাই হাঁহিবই নোৱাৰে। আজিলৈ এটা পকেটমাৰো ধৰিব পৰা নাই। 

হঠাতে হাঁহি থাকোতে বীণাৰ চকুত পৰে কলিতালৈ। তাই চিঞৰি মাতে ” হাই কৈলতা দা”। ৰত্নাই কলিতাক দেখি থিয় হয়।

বীণা: কিহে কৈলতা দা! আজিও আপোনাৰ হাতীটোৱে ষ্টাৰ্ট নোহোৱা হ’ল নেকি? কিমান দূৰ ঠেলিলে? ডিঙি শুকাল চাগে? আহক আহক লাল চাহ এক কাপ মাৰক। একদম সতেজ হৈ যাব।

কলিতাই খঙেৰে চাই আৰু কাষৰ ডাষ্টবিনত তামোলৰ পিক পেলায়।

কলিতা: কিহৰ হাতীৰ কথা কোৱা হে? হাতী নেকি মোৰ স্কুটাৰ?

ৰত্নাই লাহেকৈ বীণাক কয়….

: হাতী নক’বা! স্কুটাৰখনৰ লগত কলিতাৰ বহুত স্মৃতি, মৰম, অভিমান জড়িত হৈ আছে। খং উঠি যাব একদম।

বীণা: এহ, বাদ দিয়কহে! হাতী নহয় কিনো? বুঢ়া হাতী। কাম নকৰি কলগছ খাই থাকে অনবৰত! তেনেকে কৈলতা দাৰ স্কুটাৰখনে পেট্ৰল খাই থাকে। বিশ বছৰ বোলে বয়স?

ৰত্না: ধেই বিশ বছৰতকৈ বেছি। হি…হি…হি…।

কলিতা: আপোনালোকে কথাকে পাতি থাকিবনে থানালৈও যাব? আৰু বীণা তুমি কথা বেছি কোৱা আৰু কামত একো নাই। ভিতৰলৈ ব’লা। এটা চুৰি কেচ আছে। তুমি আৰু মই যাব লাগিব। এচ.আই. মেডামৰ লগত কথা পাতিব লাগিব। তেওঁ আমাক বুজাই দিব। মেডাম আহি পোৱাৰ আগতে ব’লা ভিতৰলৈ।

ৰত্না: হয় দে, মই যাওঁ। মেডাম আহি আমাক ইয়াত দেখিলে গালি দিব। তেওঁ নিজে একো নকৰি ইউ টিউবত মেকআপৰ ভিডিঅ’ চাই থাকিলেও একো নহয়। আমাকহে কিমান কাঢ়া কৰে।

বীণা: হয় হে! পিচে বাইদেউ আজি মোৰ হৈ আপুনি যাওকনা কৈলতা দাৰ লগত। মোৰ কাম এটা আছে দৰকাৰী।

 

ৰত্না: মই নোৱাৰোঁ দেই। মোৰ কাম আছে। তোমাৰ ডিউটি পৰিছে যেতিয়া তুমিয়ে যোৱা। তুমিনো কিমান কাম কৰা? ময়েই কওঁ, এনেই আমাৰ থানাত কেচেই নাহে? কোনোমতে আহিছে আজি যোৱাগৈ। 

ৰত্না আগবাঢ়ে। পিছে পিছে বীণা।

থানাৰ বাৰাণ্ডাত খঙেৰে কলিতা ৰৈ থাকে। ৰত্না আৰু বীণা সোমায়। পিছে পিছে গৈ কলিতাই বীণাক ফাইল এটা দিয়ে।

কলিতা: এইটো ষ্টাডি কৰা। মেডাম আহিলে জনাব লাগিব।

বীণা: এহ, মেডামক কি জনাম! আমিহে চোৰ বিচাৰি যাম। অ’ কৈলতা দা আহোঁতে চাৰিআলিৰ “জ্যোতিৰেখা হোটেল”ত মাটি দাইল, হাঁহৰ মাংসৰে ভাত খাই আহিম দিয়ক। নহ’লে “নাথ ৰেষ্টোৰা”ত স্পেচিয়েল মিছা মাছ কাৰীৰে ভাত খাম। আৰু আহোঁতে “বৰ্ণালী মিষ্টান্ন ভাণ্ডাৰ” ত সন্দেশ, ৰসমলাইৰে চাহ খাম। ৰত্না বাইদেউ আপোনালৈও আনিম মিঠাই।

কলিতা: প্ৰথমতে তুমি মোক কৈলতা কোৱা বন্ধ কৰা আৰু আমি কামৰ বাবে যাম খাবলৈ নহয়। গতিকে চুপচাপ ৰেডি হোৱা।

ৰত্না: বীণাই আপোনাৰ লগত অলপ সময় কটাব বিচাৰিছে আকৌ। সেইটোনো নুবুজেনে কলিতা।

 কলিতাই খঙেৰে এবাৰ বীণা আৰু এবাৰ ৰত্নাক চায়। দুয়োজনীয়ে হাঁহে।

এনেতে হুৰমুৰকৈ এচ.আই লুনা হুৰমুৰকৈ সোমাই আহে। সকলোৱে তেতিয়া মনে মনে থাকে। 

এচ.আই লুনা: বীণা পানী এগিলাচ দিয়াচোন? উফ..আজি বৰ গৰম দেই। কলিতা দা আপুনি মোৰ কাৰণে ভাল চাহ একাপ আৰু লগত খাবলৈ চিংৰা, কচুৰী যি পায় লৈ আহিব। ভোকো লাগিছেহে আৰু পইচাৰ কথা ক’লে মোৰ নাম ক’ব।

চিপাহীৰ পৰা মেডামলৈ সব একে।  কলিতাই ভোৰভোৰাই ওলাই যায়।

ৰত্না: মেডামে আজি আহিয়েই চাহ বিচাৰিলে যে?

এচ.আই লুনা: নহয় অ’! আহোঁতে বাটতে পোৱা ম’লখনত চেল চলি থকা দেখি সোমালোঁ। তাতে ঘূৰোঁতে অলপ দেৰী হ’ল।

বীণাই চকুৰে ইঙ্গিত দিয়ে ৰত্নালৈ চায়। এনেতে হাতত বজাৰৰ মোনা লৈ এগৰাকী মহিলা সোমাই আহে (জ্যোতিৰূপা, চৰিত্ৰ মিণু)। 

লুনাক দেখি চক্ খায়।

মিণু: গুড..গুডমৰ্ণিং মেম। 

লুনা: এতিয়া আহিছা যে? সময় নেকি অফিচলৈ অহা। কিমান কাগজ টাইপ কৰিবলৈ আছে।  

মিণু: মেম! মানে অলপ চব্জী বজাৰ কৰিলোঁ। ঘৰত একো নাই আজি ভাতৰ লগত খাবলৈ।

এচ.আই লুনা: মই ডিউটিলৈ আহি বজাৰত সোমোৱাটো ভাল নাপাওঁ। কামৰ সময়ত কাম। যোৱা- 

মিণুৱে তলমূৰকৈ তাইৰ টেবুলত বহি কম্পিউটাৰ অন কৰে।

কলিতাই চাহৰ লগতে চিঠি এখন দিয়ে এচ.আইক। চিঠিখন খুলি চাই লগে লগে লুনাই “অহ! ন’-” বুলি কয়।

 

 ২ য় দৃশ্য:

  

কলিতা পুলিচ আৰু বীণাক ৰাস্তাত দেখুৱা হ’ব। বীণাই স্কুটাৰখন পিছফালৰ পৰা ঠেলি থাকিব আৰু কলিতাই চোঁচৰাই নি থাকে কোনোমতে। কলিতাই বীণাক ৰ’বলৈ কৈ কেইবাবাৰো কিক্ মাৰে কিন্তু ষ্টাৰ্ট নহয়। আকৌ বীণাক ঠেলিবলৈ কয়। 

বীণা: মই এইকাৰণে আপোনাৰ লগত আহিবলৈ বেয়া পাওঁ। আগতেও আপোনাৰ এই বুঢ়া হাতীটোৰ কাৰণে  আমি সময়ত আহিব নোৱাৰিলোঁ। চোৰক ধৰিবই নোৱাৰিলোঁ।

কলিতা: কিমান ক’মহে তোমাক মোৰ এইখনক বুঢ়া হাতী নক’বা বুলি? আজিৰ পিছত যদি কোৱা শুনো তোমাৰ কথা বেয়া হ’ব কৈ দিছোঁ।

বীণা: মিছা কৈছোঁ নেকি? আপোনাৰ এইখন বুঢ়া হাতীতকৈ ক’ম নেকি? এইখনক আপুনি মাহে মাহে গেৰেজত নিব লাগে। পেট্ৰল ইমান লাগে। আপুনি নতুন কইনাৰ দৰে যিমান আটোলটোলকৈ ৰাখে। তাতকৈ যদি বিয়া কৰাই মানুহজনীকে এনেকৈ যতন কৰিলেহেঁতেন?

কলিতা: মাথা গৰম নকৰিবা! উফ ইমান কথা কোৱা তুমি? তোমাক অনাতকৈ ৰত্না বাইদেউৰাকে আনিব লাগিছিল। গহীন গম্ভীৰ তিৰোতা।

বীণা: মোৰ দৰে বুলি ভাবিছে সকলোকে? আপোনাৰ এই ৰথখন ঠেলিব লাগিব বুলি জানিয়ে নাহিল। আপুনিহে বেয়া পাই ক’লে! কওকচোন দুবাৰ চোৰে আমাক ঠগাই যোৱা নাছিল এইখনৰ কাৰণে?

কলিতা: কেতিয়া ঠগালেহে?

বীণা: পাহৰিলে সেই যে নগাঁৱত চাকৰি কৰে আদিত্য মাষ্টৰৰ ভাৰা ঘৰত সিন্ধি দিছিল এজন চোৰে? পাহৰিলে? আমাক মাষ্টৰে খবৰ দিছিলে ঠিক সময়ত। পিচে আপোনাৰ এইখনৰ কাৰণে আমি গৈ নাপালোঁ সময়ত। গভাইত সিন্ধি দিয়া চোৰ আছিল। প্ৰমোশ্যন নহ’ল আপোনাৰ বাবে।

কলিতা: সেই চোৰটোৱে প্ৰায়ে চুৰ কৰিছিল সেইজনৰ ঘৰত। মহা ঘুমেগেইৰা হা সি। ইমান টোপনি চোৰে আহি পাকঘৰত চাহ ৰুটি বনাই খাই তাৰ কাৰণেও থৈ যায় আৰু সি গমেই নাপায়। আৰামচে খাব তাৰ পিছত ভাবে মোৰ ঘৰত কোনো বনোৱা মানুহ নাই দেখোন? মই অকলেহে থাকোঁ? তাৰ পিছত কন্দাকটা চলে।

বীণা: সেইবোৰ বাদ দিয়ক। আমি সেই চোৰটোক ধৰিব পাৰিলোঁহেঁতেন। সেইবাৰ তাক সোমোৱাৰ লগে লগে আমাক আদিত্য মাষ্টৰে খবৰ দিছিলেই। কিন্তু আপোনাৰ এইখনৰ বাবে গৈ নাপালোঁ। উল্টা কিছুসময় পিছত চোৰটোৱে বাটত আমাক লগ পাই স্কুটাৰখন ঠেলি দিছিল আৰু আপোনাৰ পৰা বিশ টকা আৰু মোৰ পৰা দহ টকা তামোল খাবলৈ নিছিল। পিছত ৰত্না বাইদেউৱে চোৰটো ধৰি প্ৰমোশ্যন, দৰমহা বঢ়ালে।

কলিতা: সেইটো চোৰ ধৰিবলৈ সেই মাষ্টৰজনে পাৰিলেহেঁতেন। চোৰজনে আহি ভাত, চাহ বনাই দিয়ে বাবে  মাষ্টৰে সি যোৱাৰ পিছতহে খবৰ দিয়ে। টোপনিৰ ভাও ধৰি আঁঠুৱা তলৰ পৰা চাই থাকে।

বীণা: আৰু এবাৰ যে এঘৰৰ মূৰ্গীৰ ফাৰ্ম আছিল? সিহঁতৰ যে সদায় চুৰ হয় মূৰ্গীবোৰ? আমি ইনভেষ্টিগেশ্যন কৰিব যাওঁতে সিদিনাও দেৰী হৈছিল আপোনাৰ এইখনৰ বাবে। বাটত চাইকেলত দহটা মান মূৰ্গী বান্ধি অনা মানুহজনে কিনিব নেকি সোধাত দুয়ো দুটা মূৰ্গী কিনিছিলোঁ আৰু যেতিয়া আমি চুৰি হোৱা ঘৰলৈ যাওঁতে হাতত মূৰ্গী দুটা দেখি জীয়েকে কৈছিল সিহঁতৰ বুলি! শেষত  পইচা দি কিনা মূৰ্গী দুটা দি আহিব লগা হ’ল মালিকক। পাহৰিলে?

কলিতাই খঙেৰে বীণাক চাই আৰু জোৰত কিক্ মাৰে।

হঠাত স্কুটাৰখন ষ্টাৰ্ট হ’ব আৰু তেওঁলোকে যিয়ে কেচ দিছে সিহঁতৰ ঘৰত সোমায়।

চোতালত কেইবাজনো মানুহ থাকে। দুয়ো সোমাই যোৱাৰ লগে লগে ঘৰৰ মালিক ওলাই আহে লগতে দুজনী মহিলা। দীপক(সঞ্জীৱ ভট্টাচাৰ্য) চুমী (ৰীতালিনা) আৰু নিশা(শিল্পাশ্ৰী)।

দীপক: কলিতা দা আহক আহক। বীণা বাইদেউও দেখোন?

কলিতা: তোমাৰহে ঘৰ নেকি এইটো? বাৰু কোৱাচোন কি হৈছে? এইবুলি তেওঁ ডায়েৰী আৰু কলমটো উলিয়াই লয়।

 দীপক: মই ৰাতিপুৱাহে গম পাইছোঁ। কালি মোৰ জুবিন গাৰ্গৰ বিহু ফাংচন আছিল যে সেই ৰাস্তাটোত ডিউটি আছিল। ইহঁত দুয়োৱেহে জানিব ভালদৰে। বাইদেউ আৰু ভণ্টি।

এইবুলি নিশা আৰু চুমীৰ ফালে চাব।

বীণা: আপোনালোকে কিবা গম পাইছে নেকি ৰাতি? মানে কিবা শব্দ শুনিছিল নে?

 চুমী: ময়ো গম নাপাওঁ। মানে বহুত দিনৰ মূৰত মোৰ বিয়া ঠিক হৈ থকা মানুহজন আহিছেতো। তেওঁৰ লগত ওলাই গৈছিলোঁ অলপ। বজাৰ কৰিলোঁ, চিনেমা চালোঁ আৰু ৰেষ্টুৰেণ্টত খালোঁ।

চুমীয়ে লাজ কৰি কয়।

বীণা: এওঁক নিনিলা? মানে ভণ্টিক?(নিশালৈ চাই কয়)

চুমী: তাইক ইমান ক’লোঁ কিন্তু নগ’ল। 

বীণা: কিয় নগ’লাহে?

নিশা: মানে মোৰ পঢ়িব লগা আছিল অলপ। সেইকাৰণে নগ’লোঁ।

কলিতা: অকলে আছিলা ঘৰত?  গাভৰু ছোৱালীজনী অকলে ঘৰত? চোৰে কিবা অন্যায় কৰা হ’লে!

চুমী আৰু দিপকলৈ চাই কয়।

নিশা: নাই মোৰ ভয় নালাগে। থাকিব পাৰো‍ঁ।

কলিতা: বাৰু! কি কি চুৰ হ’ল কোৱাচোন?

দীপক: চুৰ তেনেকৈ ডাঙৰ বস্তু হোৱা নাই। বাহিৰত  থকা টাৱেলখন আৰু মোৰ চেণ্ডেলযোৰ নিছে।

বীণা: কি? সুদা টাৱেল আৰু চেণ্ডেলযোৰৰ বাবে আমাক মাতিছা? এক মিনিট ৰ’বাচোন?

 তোমালোকে আগতেও এবাৰ চেণ্ডেল হেৰোৱা কেচ দিছিলা? মোক ৰত্না বাইদেৱে কৈছিল। এই ভণ্টিজনীক এদিন ৰাস্তাত দেখি মোক বাইদেৱে কৈছিল।

চুমী:  তাকেই। যেতিয়াই আমি দুজন নাথাকোঁ ঘৰত চুৰ হয়।

 দীপক: আৰু চোৰে প্ৰত্যেকবাৰে মোৰ নতুন চেণ্ডেলযোৰ নি তাৰ নতুন চেণ্ডেলযোৰ থৈ যায়হে?

কলিতা: ভণ্টি তুমি একো গম নাপালানে? 

নিশাক সোধে।

নিশা: নাই গম নাপাওঁ। মই যেতিয়া পঢ়ি থাকোঁ কিতাপৰ মাজত সোমাই যাওঁ।

চুমী: মই যেতিয়া ঘৰ সোমাওঁ কোনোবাই কথা পতা যেন লাগিছিল। বাহিৰৰ পৰা তলা মাৰি গৈছিলোঁ গতিকে চাবি এটা মোৰ লগত নিছিলোঁ। তলা খোলাৰ পিছত কোনোবাই কথা পতা যেন লগাত ভণ্টিক চিঞৰিলোঁ। কিন্তু তাই টেবুলতে শুই গৈছিল মই যেতিয়া চাওঁগৈ ভিতৰত।

বীণা: ভণ্টিৰ লগত চাবি আছিলনে?

চুমী আছিল।

কলিতা আৰু বীণাই দুয়োৰে চকুলৈ চায়। দুয়ো একেলগে ক’ব

 “উম”।

৩য় দৃশ্য: 

থানাত সকলোৱে ব্যস্ত, লগতে চেহেৰাত উৎকণ্ঠা। চিপাহী ৰত্না বাইদেউ আৰু বীণাই ফুলৰ মালা দুৱাৰমুখত লগাই থাকে। এখন টেবুলত কলিতাই ফাইল চাই থাকে। এচ.আই. লুনা বৰুৱাই ফাইলত চহী কৰি থাকে। কাষত মিণু থিয় হৈ থাকে। লুনাই মিণুক গালি পাৰে বানান ভুল কৰা বাবে।

লুনা: তুমি টাইপ কৰাৰ পিছত ভালকৈ কিয় এবাৰ চ্যেক নকৰা? জানানে কিমান অসুবিধা হয়?

মিণু: চৰী মেম।

লুনা: হোৱাট চৰী? তুমি জানানে নতুন মেডাম আহিলে তোমাক খেদি দিব। বহুত কাঢ়া তেখেত। কোনো খেলিমেলি তেওঁ ভাল নাপায় কামত। চিনচিয়েৰ হোৱা।

মিণু: চৰী মেম। খেয়াল ৰাখিম এতিয়াৰ পৰা।

লুনা: হ’ব যোৱা। মনত ৰাখিবা। আৰু শুনা ম্যেম আহি পাবই অলপ পিছত। সকলো ৰেডি আছে নহয়। যি টাইপ কৰিব আছে কৰি লোৱা। কলিতা, পুৰণি-নতুন সকলো ফাইল ভালদৰে বিচাৰি থৈছে নহয়? আৰু ৰত্না বাইদেউ, বীণা চাহ পানীৰ সকলো ব্যৱস্থা কৰি থৈছেতো? চাব দেই কিন্তু একো অভিযোগ নাপাওঁ যাতে? 

 বীণা: মেডাম সকলো সাজু। কেৱল ফুলৰ থোপা আৰু গামোচা ৰত্না বাইদেউৰ কোৱাৰ্টাৰত আছে।

এচ.আই.লুনা: ওকে। লৈ আনিব দিয়া। মেডাম আহিবই সোনকালে। মই পটককৈ বাহিৰৰ পৰা আহোঁ। জৰুৰী কাম এটা আছে। আপোনালোকো ব’লক।

লুণা যোৱাৰ পিছতে ৰত্না আৰু মিণু যায়।

হঠাত থানাৰ বাহিৰত হাল্লা হয় আৰু কলিতা, বীণা ওলাই যায়। মানুহ এজনক লৈ আহে কলিতাই আৰু পিছে পিছে ট্ৰেফিক পুলিচ দীপক। মানুহজনে একে আজোৰে নিজকে কলিতাৰ হাতৰ পৰা মুকলি কৰে। দীপকক ঠেলা মাৰি দিয়ে।

আৰু চিঞৰি উঠে….

” এৰি দে মোক! চিনি পোৱা নাই মই কোন? এই বিকিয়ে তোৰ দৰে হাৱালদাৰক পকেটত ভৰাই থয়।”

 চিঞৰি চিঞৰি  এজন ত্ৰিশ বত্ৰিশ বয়সৰ যুৱক সোমাই আহে। পিন্ধনত দামী কাপোৰ, ডিঙিত মোটা সোণৰ চেইন, হাতত ব্ৰেচলেট আৰু ৰাডো হাতঘড়ী, চকুত Rayban ৰ ক’লা চশমা। কাণত এপাত দীঘল কাণফুলি( যোগেশ ভট্ট)। 

দিপক: এৰি দিবৰ কাৰণে তোক আনিছোঁ ইয়ালৈ? চাওঁ ময়ো কেনেকে জেলৰ বাহিৰ হৱ? এইবুলি আগফালে ঠেলা মাৰি  দিব।

কলিতা দা এই ধনীৰ দুলালক সুমুৱাই দিয়ক লকআপত।

কলিতা: কোন হয় এখেত?

লগে লগে বিকিয়ে হা হা কৈ হাঁহিব আৰু ক’ব…

“মই কোন চিনি নোপোৱাই ভাল! নহ’লে মই কোন যদি গম পাৱ তহঁতৰ কলিজাই ঢপঢপাব পাহৰিব। চাওঁ এৰি দে মোক। কোনো পুলিচৰ সাহস নাই মোক জেলত ভৰাবলৈ। এটা ফোন কলত সব উঠি আহিব। মোৰ উকিল ইতিমধ্যে আহি আছে।”

এইবুলি দীপকক এক ঘোঁচা দিয়ে। লগে লগে দিপকেও একঘোঁচা দিয়ে মানুহজনক। 

বীণা আৰু কলিতাই দুয়োকে আঁতৰাবলৈ যায় কিন্তু বিকিয়ে টেবুলত থকা পানীৰ গ্লাচটো কলিতাক মাৰিবলৈ উদ্যত হয় আৰু তেনেতে এডাল লাঠি আহি বিকিৰ হাতত পৰে গ্লাচটো আৰু ছিটিকি পৰে। 

বিকিয়ে ঘূৰি চাই আৰু একো টলকিব নোৱাৰে। এচ.আই. লুনাই উৰি আহি বিকিক কিক্ মাৰে আৰু বিকি চকীত পৰি যায়। লুণাই বিকিৰ চাৰ্টত খামুচি ধৰে।

বিকিয়ে লুনাক আচৰিত হৈ চাই থাকে।

লুণা: পুলিচৰ গাত হাত দিবলৈ আহিছ? নাজান নেকি ডিউটিত থকা পুলিচৰ গাত হাত দিলে কি হয়? জেলত ৰাখিবলৈ সাহস নাই আমাৰ? সাহস চাবি নেকি?

বিকিয়ে একো নামাতি চাই থাকে। 

লুণা: নামাত কিয় মুখেৰে? জেলত নাথাক? তোৰ উৎপাত বাঢ়ি গৈছে দিনে দিনে? ৰজা বুলি ভাব হা?

তেনেতে বিকিৰ উকিল আহিব ( অতিথি শিল্পী দেৱজিত শৰ্মা)

উকিল: মই এখেতৰ জামিনৰ কাগজ আনিছোঁ। গতিকে এখেত মোৰ লগত যাব। 

বিকি: মই জামিন নলওঁ। মই জেলত থাকিম। এদিন…দুদিন…বহুদিন ( লুণাৰ ফালে চাই ক’ব)

লুণা: হুহ…ওলাই গ’ল ন বাহাদুৰী। কলিতা লকআপত ভৰাওক।

বিকিক লকআপত ভৰাই থয়। উকিল শৰ্মাই লগ ধৰি কয়…

ছাৰ আপুনি কি কৰিছে এয়া? মিডিয়াত জানিব লাগিলে সাংঘাতিক কথা হ’ব?

বিকি: বিকিতকৈ সাংঘাতিক একো নাই। যোৱা আৰু চি.এম.ক ক’বা মোৰ বাবে যাতে ভি.আই.পি. ট্ৰিট কৰে আৰু এই থানাৰ সকলোৰে বাবে দুপৰীয়া আৰু ৰাতিৰ আহাৰ ফাইভষ্টাৰ হোটেলৰ পৰা পঠায়।

উকিল শৰ্মা যায়।

বিকিয়ে জেলত থাকিব খোজাত সকলোৱে লুণাক ৱাহ ৱাহ দিয়ে। বাপৰে ইমান উৎপাত কৰি ফুৰা বিধায়কৰ পুতেকক জেলত ভৰোৱাত সবেই আনন্দিত হয়। দীপককো বাহ বাহ দিয়ে। কলিতাই ভিতৰত নতুন অফিচাৰৰ ৰূমত ফাইল থ’বলৈ যায়।

বীণা: বাৰু দীপক এইটোৱে কি কৰিছিল?

 দীপক:  গুৰু গোঁসাই নামানি গাড়ী চলায়। ৰাস্তা যেন তাৰহে। কিমান গাড়ী খুন্দিয়াইছে কিন্তু বিধায়কৰ পুতেক বুলি বাচি যায়। ৰাস্তাৰে ছোৱালী যাব নোৱাৰে। আনকি  মহিলা ট্ৰেফিক পুলিচকো নেৰেহে? মোৰ গাৰ্লফ্ৰেণ্ডৰ আজি ডিউটি আছিল। তাইকো ট্ৰেফিক পইণ্টত জোকাইছেহে? মোক তাই জনোৱাত আজি ধৰিছোঁ বাপ্পেকে। ট্ৰেফিকে হওঁ বা থানাৰে পুলিচ আমি পুলিচগিৰি যে দেখুৱাব পাৰোঁ সি গম পোৱা নাই।

সকলোৱে হাঁহে আৰু বীণাই এ মজ্জা বুলি নাচিব ধৰে। লগে লগে দীপক, বীণা, মিণু সকলোৱে নাচে আৰু গায়….

    

“আমি পুলিচ দাদা আমি পুলিচ দাদা”

 বীণা আৰু এচ.আই লুণাই লাঠি ঘূৰাই ঘূৰাই নাচে আৰু ৰত্নাইও আহি নাচত যোগ দিয়ে।

 বিকিয়ে লকআপৰ ভিতৰৰ পৰা লুণালৈ চাই থাকে। তেনেতে হঠাত এটি গহীণ কণ্ঠ সকলোৱে শুনে। 

“কি হৈছে এইবোৰ? এইখন পুলিচ থানা নে বেলেগ কিবা? বিহু ফাংচন পাতিছে নেকি আপোনালোকে?”

সকলোৱে ঘূৰি চাই আৰু পিছফালে ড্ৰেচত থকা নতুন অফিচাৰক দেখি সকলোৱে ভয়তে চুপ হয়। কলিতা পিছফালে থিয় হয় দৌৰি।

লুণাই দৌৰি আহি “জয়হিন্দ ম্যেম” বুলি চালাম দিয়ে। বাকী কেইজনেও কৰে। সবৰে মুখ ভয়ত শুকাই যায়।

অফিচাৰজনক সম্পূৰ্ণ  ড্ৰেচত দেখুৱাব ভৰিৰ পৰা মূৰলৈ। শেষত ক্ল’জআপত দেখুৱাব মুখখন (নীলাক্ষি কাকতি, চিফ ইঞ্চপেক্টৰ কিৰণ মেধী)

এচ.আই.: ম্যেম, আপুনি অহাৰ আনন্দতে। বীণা, ৰত্না, কলিতা ম্যেমক গামোচা পিন্ধাও আনা।

সকলোৱে গামাচা এখনকৈ দিয়ে আৰু শেষত কলিতাই ফুলৰ থোপাটো আগবঢ়াই “স্বাগতম মেডাম” বুলি কয় আৰু মুখলৈ চাই আচৰিত হয়। মেডামো আচৰিত হৈ যায় আৰু ফুলৰ থোপাটো পৰি যায়। 

“বকুল” বুলি মেডামে অস্ফুত স্বৰে ক’ব।

লগে লগে গিটাৰত “বকুলৰ কথা ক’লে বহুতো চিনাকি মোৰ চকুৰ আগেৰে ভাঁহি যায়” — বাজিব

সংগীত পৰিচালকে কণ্ঠও দিব। 

গানৰ তালে তালে  ফ্লেচবেকত ডেকা গাভৰু এহালক দেখুৱাব। নব্বৈ দশকৰ মেকআপ, কাপোৰ পিন্ধি দুয়োকে হাঁহি হাঁহি নদীৰ পাৰত, গছৰ তলত হাতত  ধৰি দৌৰি থকা কঁপা কঁপা ভিডিঅ’ৰে দেখাব। ল’ৰাজনে ঋষি কাপুৰৰ দৰে ভুটিয়া পখৰা চুৱেটাৰ পিন্ধিব আৰু ছোৱালীজনীয়ে মাধুৰী দিক্ষিতৰ দৰে ধূতি পেণ্ট আৰু  কলাৰ  থকা কামিজ পিন্ধিব। চুলি ষ্টেপকাট আৰু খাৰুৰ দৰে কাণফুলি পিন্ধিব। 

পিকচাৰ স্পষ্ট দেখাব। যুৱক কলিতা আৰু যুৱতী কিৰণ।                              

 

             বিৰতি

  

৪ৰ্থ দৃশ্য: 

পাৰ্কত  ধুনীয়া ডেকা গাভৰু এহাল বহি থাকিব।  ছোৱালীজনীয়ে মুখখন ফুলাই থাকে। ল’ৰাজনে বুজাব চেষ্টা কৰি থাকে কিন্তু তাই খং কৰি থাকে। কেমেৰাই দুয়োকে দূৰৰ পৰা নি ক্ল’জআপত দেখুৱাব। ছোৱালীজনী নিশা ( শিল্পাশ্ৰী) আৰু ল’ৰাজন ৰাহুল(অৰ্চন শৰ্মা)।

ৰাহুল: বেবী প্লীজ! আৰু কিমান খং কৰা? দুঘণ্টা হ’ল আমি লগ পোৱাৰ। এতিয়ালৈ তুমি এবাৰো মোক মাতা নাই। এনেকে কি ভাল লাগে মোৰ?

নিশা: আৰু তুমি যে বাৰে বাৰে একে ভুলকে কৰা? মোৰ কি ভাল লাগে?

ৰাহুল: মইনো কি ভুল কৰিলোঁ? 

নিশা: কি ভুল নাজানা? বাৰে বাৰে মানা কৰাৰ পিছতো তুমি মোক লগ ধৰিবলৈ কিয় যোৱা? কিমান আৰু চোৰক বদনাম দিমহে?

ৰাহুল: যেতিয়ালৈ ঘৰত গম নাপায়! তুমি জানাই দেখোন তোমাৰ দাদাই মোক দেখিবই নোৱাৰে। নহ’লে আৰু এনেকৈ লুকাই লগ ধৰোঁনে?

নিশা: যিদিনা গম পাব চোৰ কোন আৰু কাৰ বাবে হয়? মোক সুদাই এৰিবনে বাৰু ঘৰত? আৰু দাদাই গম পালে কলিজা খাব দুয়োৰে। বাৰে বাৰে দাদাৰ চেণ্ডেলযোৰ লৈ যোৱা তুমি? 

 ৰাহুল: কচম কৈছোঁ জান! মই দাদাৰ চেণ্ডেল নিওঁ বুলি নিনিওঁ নহয়? তোমাৰ লগত কথা পাতি থাকোঁতে কোনোবা আহি পায় আৰু ভয়তে দৌৰি পলাওঁতে আন্ধাৰতে যিযোৰ পাওঁ সেইযোৰকে পিন্ধি পলাওঁ।

নিশা: এইবাৰ চাদৰখনো লৈ গ’লা? বাইদেউৰ নতুন আছিল সেইখন।

 ৰাহুল: হাৰে, তোমাৰ বাইদেউ পিছফালে আহিছিল। মই সেইখনেৰে মুখ ঢাকি পলালোঁ।

নিশা: হ’লেও চেণ্ডেলযোৰ দাদাৰ গাৰ্লফ্ৰেণ্ডে দিছিল। তাকে দুখ কৰে দাদাই।

ৰাহুল: আজিকালি সেইবাবে যেতিয়া তোমাক লগ কৰিবলৈ যাওঁ, নতুন চেণ্ডেল কিনিহে যাওঁ। যোৱা সপ্তাহৰ যোৰ পোন্ধৰশ টকীয়া আছিল আৰু তোমাৰ দাদাৰযোৰ দুশ টকীয়া।

নিশা: মানে তুমি ক’ব বিচাৰিছা মোৰ দাদাই কমদামী পিন্ধে?

ৰাহুল: নহয়ো সেইটো কোৱা নাই?

নিশা উঠি যায় উচাত মাৰি। পিছে পিছে ৰাহুলে দৌৰে আৰু নিশাৰ হাতত ধৰি ৰখায়। ৰাহুলে কাণত ধৰি মাফ খোজে। নিশাই হাঁহি দিয়ে। লগে লগে গান বাজে বেকগ্ৰাউণ্ডত……

    “মৰমী মৰমী প্ৰিয়া..

         মৰমেৰে মন মুহিলা

             কিজে অপৰূপা 

                 কিজে মোহনীয়া

                     হৃদয়ৰ আঁৰেআঁৰে….”

নিশাই দোপাত্তা উৰাই কঁকালৰ ভাঁজ দি থাকোঁতে হঠাতে বাহিৰত এগৰাকী মহিলা ট্ৰেফিক পুলিচক ফুস্কা খাই থকা দেখিব। 

পুলিচজনীয়ে ফুস্কাৱালাক দম দি টপাটপ খাই থাকে। নিশাই ভালকৈ জুপি চাব। ফুস্কা খাই থাকোঁতে ওচৰৰ পৰা মুখখন দেখুৱাব আৰু চুইতি( ৰিমঝিম বৰঠাকুৰ) বুলি নিশাই চিনি পাব। নিশাই চূৰ্ণীৰে মুখ ঢাকি ফুলৰ জোপোহাৰ আঁৰত লুকাব। ৰাহুল আচৰিত হ’ব।

ৰাহুল: কি হ’ল? কিয় লুকাইছা তুমি?

নিশা: আৰে বাহিৰত যে ফুস্কা খাই আছে পুলিচজনী দেখিছানে?

ৰাহুল: হাৰে তাতে কি হ’ল? পুলিচে ফুস্কা খাব নোৱাৰে নেকি? ইমান ভয়নে তোমাৰ?

নিশা: ভয় নহয়! তাইৰ নাম চুইটি। মোৰ দাদাৰ প্ৰেমিকা। তাই ইয়াতে আছে মানে দাদাও ওচৰতে ক’ৰবাত আছে নহ’লে আহিব। আজি সিহঁতৰ ডেটিং আছে চাগৈ? আমাক দেখিলে দাদাক কৈ দিব তাই। ব’লা সোনকালে ইয়াৰ পৰা। বেলেগ ক’ৰবাত নহ’লে ৰেষ্টুৰেণ্টত বহিম।

ৰাহুল: মহা মস্কিল দেই। ভালকৈ কথা পাতিবলৈ সময় নাই তোমাৰ। গানটোও আধা গোৱা হ’ল। ব’লা।

দুয়ো ওলাই আহে। নিশা দোপাত্তাৰে মুখ ঢাকি আহে। পাৰ্কিঙৰ পৰা স্কুটাৰখন লৈ দুয়ো তাৰপৰা দৌৰাদৌৰিকৈ পলায়। পাৰ্কিঙত থকা ল’ৰাটোৱে পইচা খোজে কিন্তু দুয়ো নৰখে আৰু ওৱান ৱেৰে গাড়ী দৌৰায়; চুইটিৰ চকুত পৰে আৰু ছোৱালীজনীও চিনাকি যেন লাগে। তাই ৰ’বলৈ কয় কিন্তু নোৰোৱাত ফুস্কাৱালাৰ চাইকেলখন লৈ পিছে পিছে যায়। ফুস্কাৱালাই “দিদি দিদি”  বুলি চিঞৰে।

চুইটিয়ে সিহঁতৰ ওচৰ চাপিবলৈ সক্ষম হয় কিন্তু হঠাত তাইলৈ ফোন এটা অহাত তাই ফোনটো পকেটৰ পৰা উলিয়াব খোজোঁতে ৰাহুল আৰু নিশা ওলাই যায়।

চুইটি: সোনকালে আহা। ডাঙৰ কথা আছে। অঁ অঁ। হয় যেনেই লাগিছে। হাৰে কিয় নহ’বহে? সেইযোৰ কাপোৰ ময়েই পচন্দ কৰি দিয়া নাছিলোঁ নেকি ভনীয়েৰাক জন্মদিনত দিবলৈ তোমাক? আৰু ল’ৰাজনৰ ভৰিত থকা চেণ্ডেলযোৰ সাইলাখ মই তোমাক বিহুত গিফ্ট দিয়া যোৰেই। উম….উম…নহয় দিয়া। মই বেলেগৰ ভৰি চাই নুফুৰোঁ। তোমাক মৰমত দিয়া বস্তু নিচিনিমনে? বাৰু থওঁ।

চুইটিৰ মনত পৰে চাইকেলখন বেলেগৰ বুলি আৰু তাই ঘূৰাই লয়। 

মুখেৰে ভোৰভোৰাই..

“সেইযোৰ চেলোৱাৰ কামিজ মোলৈহে চাইছিলোঁ! ভেলেণ্টাইন ডে’ত পিন্ধিবলৈ। তেওঁ ভনীয়েকক দিলে। চিনি নাপামনে কিবা? কিমান পচন্দৰ আছিল!”

  

  দৃশ্য ৫: 

চুইটি চাইকেল চলাই আহি পাইহি পাৰ্কৰ ফুস্কাৱালাৰ কাষত। 

সি ৰৈ থাকে। সি হিন্দিতে কয়, “ক্যা মেডামজী, আপনে ঝট চে মেৰা চাইকিল লে গয়া? পুছা ভি নহী। ইচকে বিনা হম ক্যা কৰতা?”

চুইটি: তুম হমকো চুৰ চমঝতা হে ক্যা? আমি পুলিচ লোগ এইচা নকৰোঁ দেই। আমাৰ ইমান লোভো নাই। চমঝা? কেচ কে লিয়ে নিয়া থা। ৰাখো তুমহাৰা চাইকেল।

এনেতে দিপক আহে। বাইকখন ৰখাই চুইটিক বহিবলৈ ইঙ্গিত দিয়ে। চুইটিয়ে পাৰ্কত বহিব খোজে কিন্তু দিপকে না কৰে। তাই মুখ ফুলাই বহে।

 দীপক: কি হ’ল? একো কোৱা নাই যে?

 চুইটি নিমাত। মুখ ফুলাই বহি থাকে।

 দীপক: হাৰে নামাতা কিয়? তোমাৰ এইটো স্বভাৱ বেয়া পাওঁ মই। কিমান বুধি কৰি ডিউটিৰ মাজতে কাটকুট কৰি আহিছোঁ জানানে? তোমাৰটো ডিউটি শেষ হ’ল? মোৰ চলি আছিলতো? নোকোৱা কিয়? কিহৰ বাবে মাতিছিলা? নহ’লে মাজ ৰাস্তাতে নমাই থৈ যাম। গৈ থাকিবা অকলে।

 চুইটি: খঙৰ বাহিৰে কি জানানো তুমি? ৰোমাঞ্চ বোলা বস্তুটো নাইয়েই? পাৰ্কত বহিলে কি হ’ল হয়? কিমান দিনৰ মূৰত লগ পালোঁ?

 দীপক: হাৰে তুমি মুৰ্খ নেকি? আমি ডিউটিৰ ড্ৰেচত নাই জানো? মানুহে কি ক’ব দেখিলে? এনেই পুলিচক বেয়া বুলি কয় মানুহে ভাল কাম কৰিলেও? হ’ব দিয়া এদিন আমি চন্দ্ৰপুৰৰ ফালে যাম লং দ্ৰাইভত। গোটেই দিন ফুৰিম। পাৰ্কতো বহিম। ওকে।

 চুইটি: ওক্কে!

 চুইটিয়ে লগে লগে চন্দ্ৰপুৰত যোৱা সপোন দেখে। 

চুইটিৰ চকুত চন্দ্ৰপুৰৰ ৰাস্তা ভাঁহি উঠিব। গানৰ শ্বুটিং হ’ব।

 লোকেশ্যন চন্দ্ৰপুৰ। 

  গান:   “ৰং তুমি হ’বানে

                   ৰং তুমি দিবানে 

                      মৰমৰ মৰমৰ”

বাইক চলাব দিপকে আৰু চুইটিয়ে পিছফালে থিয় হৈ হাত দুখন মেলি গান গাব। 

দুয়োফালে সেউজীয়া গছৰ লগে লগে দ্ৰোণেৰে দূৰৈৰ ব্ৰহ্মপুত্ৰ নদীখন দেখুৱাব।

 কিছু সময় পিছত চন্দ্ৰপুৰৰ তপোবনত হ’ব আধা গানৰ শ্বুটিং।  নদীৰ পাৰত বালিত দিপকে বাইকখন থিয় হৈ চলাব। 

আনফালৰ পৰা চুইটিয়ে দৌৰি দৌৰি আহিব।

 বতাহত দোপাত্তাখন হাত দুখনেৰে উৰাই আনিব। 

 হঠাতে বতাহত দোপাত্তাখন উৰি চুইটিৰ চকু ঢাকি দিয়াত ধামকৈ পৰিব বালিত। 

দীপকে বাইকখন জোৰেৰে ব্ৰেক মাৰি দিয়াত চুইটি খকমককৈ সাৰ পায়। তাই সপোন দেখিছিল বুলি বুজি পায় তেতিয়া।

 দীপক: কি মৰ টোপনিহে দিনতে। মই ইমান চিঞৰিছোঁ। ৰাস্তাৰ মানুহবোৰে ঘূৰি চাইছে।

 চুইটি: চন্দ্ৰপুৰলৈ গৈছিলোঁ। মানে ভাগৰ লাগিছিল। শুই দিলোঁ।

দুয়ো হোটেলত সোমায় আৰু খোৱাৰ অৰ্ডাৰ দিয়ে।

দীপক: কোৱা কিয় মাতিছা?

মাতিছো মানে তোমাৰ ভনীক আজি পাৰ্কত দেখিছোঁ ল’ৰা এজনৰ লগত হাতত ধৰি গান গাই থকা। মোক দেখি লুকাইছিল। পিছত ওলাই গৈছে দৌৰাদৌৰিকৈ। মই পিছা কৰিছিলোঁ কিন্তু ধৰিব নোৱাৰিলোঁ।

দীপক: কিয় পিছ লৈছিলাহে? মোৰ ভনী চোৰ নেকি কিবা? 

চুইটি: মই কৈছোঁ নেকি তেনেকৈ? মোৰ বেলেগ এটা কথা নজৰত পৰিছে।

দীপক: তুমি চিওৰনে ভণ্টি নে আন কোনোবা?

চুইটি: মুখখন নেদেখিলোঁ নহয়? ল’ৰাটোৰো নেদেখিলোঁ। চূৰ্ণীৰে ঢাকি থৈছিল। কিন্তু কাপোৰযোৰত চিনি পাইছোঁ।

 দীপক: তুমি ভণ্টিৰ কাপোৰ কেতিয়াৰ পৰা চিনি পোৱা হ’লানো? আৰু ভণ্টি ঘৰত নাই, লগৰ ছোৱালীৰ ঘৰলৈ গৈছে। মই নিজে তাইক থৈ আহিছোঁ।

 চুইটি: কিয় বিহুত যে দিছিলা কাপোৰযোৰ? ময়েই পচন্দ কৰা নাছিলোঁ জানো? 

( মনত ভাবে: মোৰ কাৰণে চাইছিলোঁ। ভনীয়েককহে দিলে)

দীপক: কাপোৰ একে হ’লেই মোৰ ভণ্টি হ’বনে কিবা? কথা নক’বা।

চুইটি: তোমাৰ ভনীয়েৰাহঁতৰ কথা ক’লেই খং উঠে। কাপোৰযোৰ হয়েই। মই পচন্দ কৰা কাপোৰ মই নাপাহৰোঁ আৰু আচল কথা কি জানানে? তোমাৰ যে চেণ্ডেলযোৰ হেৰাইছিল সেইযোৰ লগত থকা ল’ৰাটোৰ ভৰিত দেখিছোঁ মই। চেণ্ডেলযোৰ মই বিহুত দিছিলোঁ তোমাক। মই কিনি অনা বস্তুৰ পূৰা চিন ৰাখোঁ।

দিপক: এনে একেবাৰে। মানে তুমি ক’ব বিচাৰিছা মোৰ ভণ্টিয়ে চোৰক ভাল পায়? কালি ক’বা বাইদেৱে ডকাইতক ভাল পায়। তোমাৰ বেয়া নালাগিল এনেকৈ ভাবিবলৈ? কালিলৈ বোৱাৰী হ’বা সেইখন ঘৰৰ?

চুইটিয়ে কান্দি কান্দি কয়, “মইতো তেনেকৈ ভবা নাই”। 

দীপকৰ বেয়া লাগে। ৱেইটাৰে খাদ্য লৈ অহাত সি তাইক কান্দিব মানা কৰে আৰু মৰমেৰে সোধে….

 দীপক: তুমি চিওৰটো নিশাই আছিল। 

চুইটি: উম। হয় চাগে?

দিপকৰ খং উঠে যদিও আকৌ কান্দিব বুলি একো নকয়।

“হ’ব মই কথা পাতিম ভণ্টিৰ লগত। ব’লা যাওঁ।”

দুয়ো ওলাই আহি বাইকত বহে। কেমেৰাই ব্যস্ত ৰাস্তাটো দেখুৱাব।

দৃশ্য ৬: 

থানাত বিকিয় ৰৈ থাকে। সি চকীত  বহি মোবাইল খুচৰি থাকে। বীণা আৰু ৰত্নাই দূৰৰ পৰা কেঁৰাকৈ তাক চায় আৰু নিজৰ কাম কৰে। 

বীণা: এইটোক মই দেখিব নোৱাৰোঁ। কি যে আহি থাকে? লকআপত থকাৰো ইমান ইচ্ছা কাৰোবাৰ থাকে ভবাই নাছিলোঁ। 

ৰত্না: হয় দে। আকৌ লকআপ খুলি ভৰাব লাগিব এচ.আই. মেডামে। কি যে মানে? MLA ৰ পুতেক বাবেহে একো ক’ব নোৱাৰোঁ নহ’লে পিঠি ফালিলোঁহেঁতেন!

এচ.আই. লুনা সোমাই আহে। বিকিক দেখি খং উঠি যায়। তাক একো ক’ব নোৱাৰি মিণুক গালি পাৰে। 

মিণুৱে বুজি নাপাই কান্দে।  বীণা আৰু ৰত্নাই বুজাই তাইক।

মিণু: মোকনো কিয় বিনা কাৰণত গালি পাৰিলে? কোনো দোষ নোহোৱাকৈ?

ৰত্না: নাই অ’। মেডামে আচলতে তোমাক নহয় সৌটো লকআপ লাভাৰক গালি দিছে। তাকটো ক’ব নোৱাৰে ডাইৰেক্ট বিধায়কৰ পুতেক সেইকাৰণে তোমাকে ক’লে। মন বেয়া নকৰিবা।

বিকিয়ে লুনাৰ কেবিনলৈ সোমাই যায়। আৰু চিধা সমুখৰ চকীত বহে।

লুনাই ফাইলৰ পৰা মুৰ নোতোলাকৈ কয়, 

“অনুমতি নোলোৱাকৈ কিয় সোমাইছা মোৰ কেবিনত?”

বিকি: অনুমতি লোৱাৰ অভ্যাস বিকিৰ নাই। কোৱা লকআপত কেতিয়া সুমুৱাবা মোক?

লুনা: তুমি পাগল নেকি? অপৰাধ নকৰিলে পুলিচে কাকো লকআপত নাৰাখে। আইনৰ মতে চলে পুলিচে। 

বিকি: সেইচব মই নাজানো। মই কাৰো কথা নুশুনো। হয় মোক ভাল পাওঁ বুলি কোৱা নহ’লে মোক জেলত ৰাখা। তোমাৰ ওচৰত থাকিম মুঠতে।

 লুনা: কি পাগলৰ পাল্লাত পৰিলোঁ অ’। ইমান পিটন খাইছ মোৰ পৰা তথাপি প্ৰেমৰ ভূত যোৱা নাই?

 বিকি: তোমাৰ লাঠিৰ কোবতো যাদু আছে।

  লুনা: গেট আউট। কলিতা, বীণা এই পাগলটোক লৈ যোৱা। বাহিৰ কৰি দিয়া। আৰু যদি দেখো মূৰ ভাঙি দিম কৈ দিছোঁ।

বীণা, ৰত্না, কলিতাই টানি টানি বাহিৰ কৰি দিয়ে বিকিক।

বিকিয়ে চিঞৰি কয়…

“মোক লকআপত ৰখাৰ পৰা কেনেকৈ দূৰত ৰাখা চাই ল’ম। মই আহি আছোঁ অলপ পিছতে।”

লুনা: কিহৰ যে পাল্লাত পৰিলোঁ নহয়।

এনেতে চিফ ইঞ্চপেক্টৰ কিৰণ মেধীৰ জিপ আহি ৰখে। জিপৰ পৰা জাঁপ মাৰি কিৰণ মেধীয়ে নামে। পিছে পিছে চিপাহী এজনে ফাইল লৈ ইঞ্চপেক্টৰ মেধীৰ কেবিনত সোমায়। ইঞ্চপেক্টৰ কিৰণে সকলোকে মাতে। সকলোবোৰ আহে আৰু থিয় হয় তেওঁৰ সমুখত।

কিৰণ: আপোনালোকে চাগৈ গম পাইছেই মই এইখন চহৰ আৰু থানালৈ বদলি হৈ অহাৰ কাৰণ? কুখ্যাত  ডকাইত ডেভিদক ধৰা পেলোৱাৰ দায়িত্ব মোক দিছে। এতিয়ালৈ মোৰ ছয়খন চহৰত বদলি হ’ল। আৰু মই থকা চহৰৰ বেংকবোৰতে তেওঁ লুটে। আচৰিত কথা আজিলৈ কোনেও ডেভিদক ধৰা পেলাব পৰা নাই আৰু দেখাও নাই।

লুনা: তেন্তে মেডাম, আমি কেনেকৈ ধৰা পেলাম? জনামতে ডেভিদৰ কোনো ফটো বা অপৰাধমূলক ৰেকৰ্ড বা ফাইল কোনো পুলিচ থানাতে নাই।

ৰত্না: কেতিয়াও নেদেখা এজন মানুহক কেনেকে ধৰা পেলাম?

বীণা: হয় মেডাম।

কিৰণ: মই একো নাজানো? এইবাৰ মোক ফাইনেল টাচ্চ দিছে ওপৰৰ পৰা। যদিহে মই ডেভিদক ধৰিব নোৱাৰোঁ তেনেহ’লে মোৰ বদলি নহয় বেলেগ থানাত। চিধা চাকৰি যাব। লগতে মোৰ লগত কাম কৰা বাকী বিষয়াবোৰৰো।

বীণা আৰু ৰত্নাই ভয়তে সেপ ঢুকে। কলিতালৈ কিৰণে চায়। তেওঁ কোনো ভাব নেদেখাই আৰু কাম কৰোঁ বুলি বাহিৰলৈ ওলাই আহে। পিছে পিছে কিৰণো আহে।

কিৰণ: কলিতা আপুনি মোক সহায় কৰিব লাগিব। জনামতে আপুনি এইখন চহৰ আৰু থানাৰ  পুৰণি মানুহ। গতিকে বহুত কথা জানে আৰু সকলো ঠাই চিনি পায়। মোক কালিলৈ চহৰখন দেখুৱাব।

কলিতা: মই নোৱাৰিম মেডাম। আপুনি অন্য কোনোবাক লৈ যাব। 

এইবুলি কলিতাই বাহিৰত আহি স্কুটাৰখনত কিক্ মাৰে আৰু এবাৰতে ষ্টাৰ্ট হৈ যোৱাত আচৰিত হয় আৰু ভিতৰৰ পৰা চাই থকা কিৰণ মেডামলৈ চাই স্কুটাৰত উঠি থানাৰ পৰা ওলাই যায়। 

কিৰণৰ চকু চলচলীয়া হয়। কোনেও নেদেখাকৈ চকু মচে যদিও বীণাৰ চকুত পৰে।

 হঠাত বাহিৰত হাল্লা হয়। ভিতৰৰ পৰা এচ.আই. লুনা আৰু বীণা ওলাই আহে। 

দেখে দীপক আৰু চুইটিয়ে বিকিক ধৰি আনিছে।

 বিকিয়ে হাঁহি হাঁহি আহিছে।

 লুনাই চিঞৰি দিয়ে “এইটোক আকৌ কিয় আনিছা?”

 ইঞ্চপেক্টৰ কিৰণে চিঞৰ শুনি ওলাই আহে। আৰু বিকিক দেখি কয়…

কিৰণ: এইজন অমুক বিধায়কৰ ল’ৰা নহয়নে? সদায় সদায় লকআপত সোমাব খোজে যে?

দীপক: মেডাম আজি ই সীমা পাৰ কৰিছে। ডিউটি কৰা পুলিচক আমনি কৰিছে।

কিৰণ: কি কৰিছে?

 চুইটি: মেডাম ট্ৰেফিক পইণ্টত থিয়হৈ মোৰ পৰা Stop আৰু Go বোৰ্দ দুখন লৈ উল্টা পুল্টা ডাইৰেকশ্যন দি দুঘণ্টা জাম লগাই দিছে। পাব্লিকৰ ধুলাই কোনোমতে নাখালোঁ।

 দীপক: আৰু মেডাম বাৰে বাৰে ই মোৰ চুইটিজনীকহে বিচাৰি পাই আমনি কৰিবলৈ?

কিৰণ: কি ধেমালি এইবোৰ? দেউতাৰ ক্ষমতাৰ সুবিধা কিয় লৈছা যেনেকে সেনেকে? ভৰাই থোৱা ইয়াক লকআপত। আৰু এইবাৰ ইয়াক জামীনত নিব আহিলেও যাব নিদিবা। এমাহ সোমাই থাকক মহৰ কামোৰ খাই?

হঠাতে লুনাই হাত যোৰ কৰি কয়:

 “মেডাম মোক শাস্তি নিদিব। ই মোৰ জিনা হাৰাম কৰি দিব। প্ৰেমৰ কবিতা শুনাই মোক কন্দুৱাব।”

মিণু, বীণা, ৰত্নাই হাঁহে মনে মনে। বিকিয়ে “থেংকিউ মেম” বুলি নিজে লকআপৰ ফালে আগবাঢ়ে। কেমেৰাই লুনাৰ বিৰক্তি ভৰা মুখখন দেখুৱাব। বিকিৰ মুখখন উজ্বলি উঠা দেখু্ৱাব। বিকিয়ে মাউথ অৰ্গেনটো পকেটৰ পৰা উলিয়াই বজাব।

       “পেহলা পেহলা প্যাৰ হে

         পেহলী পেহলী বাৰ হে

          জানকে ভি অনজানা

    এইচা মেৰা প্যাৰ হ্যে”

দৃশ্য ৭

বাৰাণ্ডাত বহি চুমীয়ে (ৰিতালীনা) পেপাৰ পঢ়ি থাকিব। হঠাতে তাই চিঞৰি উঠিব আৰু নিশা, দীপকক মাতিব। দুয়ো দৌৰি আহে উধাতু খায়।

দীপক : কি হ’ল বাইদেউ? চিঞৰিছ কিয়?

নিশা : নকৱ কিয়? কি হ’ল?

চুমী : আমাৰ চহৰৰ বেংক লুটিলে কালি ৰাতি। মোৰ বিয়াৰ বাবে জমা কৰা গহনা আৰু পইচাকেইটা আছিল। চব গ’ল।

দীপক : ৰহচোন! হাল্লা নকৰিবি। কি কয় শুনো প্ৰশাসনে।

চুমী : তহঁতৰ একো নহয়। মোৰ ইমান শুনিবলৈ, জানিবলৈ ইচ্ছা নাই অলপো।

এনেতে টিভি অন কৰে আৰু বাতৰি শুনে। “আকৌ বেংক লুট” বুলি নিউজত মুখ্য বাতৰি কয়। চুমীয়ে কান্দি থাকে। লাহে লাহে সেইখন ঘৰত লাইট কমি যাব।

“ফটাবাৰী আউটপোষ্ট” দেখুৱাব। কিৰণ মেধীয়ে মূৰে কপালে হাত দি বহি থাকে। সকলো চুপচাপ। 

সমুখত বাতৰি কাকতত ডাঙৰ হৰফেৰে লিখা থাকে “পুনৰ ৰকীয়ে লুটিলে তিনিটাকৈ বেংক। লগতে চাৰিটা এ.টি.এম. মেচিন নোহোৱা হয়। পুলিচৰ ব্যৰ্থতা। বেংকত মজিয়াত পৰি থাকে D আখৰ থকা এখন কাগজ পোৱা যায়।” পূৰ্বতে পোৱা একেই কাগজ দেখি একেজন ডকাইতে বুলি সন্দেহ কৰা হৈছে। 

হঠাত চিঠি এখন লৈ আহিব থানাৰ  ওচৰৰ পান দোকানীজনে। চিঠিখন খুলি চাব কিৰণে। 

    ইঞ্চপেক্টৰ কিৰণ,

            এইবাৰ শেষ তোমাৰ দায়িত্ব। এইবাৰ দেখা পাম তুমি কিমান পানীৰ মাছ। এসময়ত বহুত চোৰ, ডকাইত ধৰি সাধাৰণ হাৱালদাৰৰ পৰা আজি চিফ ইঞ্চপেক্টৰ হ’লা। এইবাৰ ডেভিদক ধৰি দেখুওৱা। যদি হিম্মত আছে। হা…হা…হা…।

                            D for Devid.

দোকানীজনক কিৰণে সোধে কোনে দিছে চিঠিখন। সি নাজানো বুলি কয় আৰু তাৰ দোকানত কোনোবাই দলিয়াই দিয়া বুলি কয়। ঠিকনাটো ওপৰত থানা আৰু মেডামৰ নাম আছে বাবে লৈ আহিছে।

হঠাত ফোন আহে। এচ.আই. লুনাই ফোন ধৰে।

লুনা : মেডাম আৰু এটা বেংকৰ পৰা পইচা লুটি নিলে। আৰু দুটা এ.টি.এম. মেচিন নাই বোলে। আমি যাব লাগে।

আকৌ ফোন বাজে। বীণাই উঠায়।

বীণা : মেডাম আৰু কলেজৰ কাষৰ এটি.এম মেচিনটো উঠাই লৈ গৈছে আকৌ। চহৰত থকা সেইটো লাষ্ট মেচিন আছিল।

কিৰণ মেধীলৈ এচ.পি.ৰ ফোন আহে। 

কিৰণ : হয় চাৰ। আপুনি চিন্তা নকৰিব। মই চল্ভ কৰিমেই।

সিফালৰ পৰা কণ্ঠ শুনা যাব (কণ্ঠ দিব ভাস্কৰজ্যোতি দাসে)

টেলিফোন স্পীকাৰত থকাত শুনা যাব “মিচ কিৰণ মেধী! কি হৈছে এইবোৰ? এসপ্তাহত চাৰিটা বেংক লুটিলে। চহৰৰ আটাইবোৰ এ.টি.এম মেচিন উঠাই নিছে। আপোনাৰ বদলি হৈ অহা এমাহো হোৱা নাই সম্পূৰ্ণ। আৰু এমাহৰ ভিতৰত ইমানবোৰ ডকাইতি?”

কিৰণ : মই চেষ্টা কৰি আছোঁ। সম্পূৰ্ণ অনুসন্ধান কৰি আছোঁ। এইবাৰ মই চোৰক ধৰিমেই।

এচ. পি.ৰ কণ্ঠ : আপুনি যিখন চহৰলৈ যাই তাতেই বেংক লুটে। কি কানেকশ্যন আছে আপোনাৰ ডকাইতৰ লগত? 

কিৰণ : চাৰ আপুনি মোক কি বুজাব বিচাৰিছে?

কিৰণে কন্দাৰ সুৰত কয়।

এচ. পি. : মই একো বুজাব বিচৰা নাই। সোনকালে মোক ৰিজাল্ট লাগে। অন্যথা আপোনাক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব নাইবা ডেভিদৰ দলত সৈতে আপোনাৰো যোগাযোগ আছে বুলি ভবা হ’ব আৰু একশ্যন লোৱা হ’ব আপোনাৰ ওপৰত।

থাচকৈ ফোনটো কাটি দিব এচ.পি.য়ে।

কিৰণে কান্দে মুখ ঢাকি আৰু কলিতাই পানী এগিলাচ আগবঢ়াই দিয়ে। কিৰণে পানী গিলাচৰ সলনি কলিতাৰ হাতখনত ধৰি কান্দে। কলিতায়ো চকুপানী মচে।

বীণা, ৰত্না, মিণু আৰু এচ. আই. লুনা সকলোৱে আচৰিত হৈ চাই থাকে।

কলিতা : চিন্তা নকৰিবা কিৰণ। মই আছোঁ তোমাৰ লগত। আমি ৰহস্য উলিয়ামেই।

এচ. আই. লুনা, ইঞ্চপেক্টৰ কিৰণ আৰু কলিতা ওলাই যায় ঘটনাস্থলীলৈ।

 বীণাই একেথৰে চাই থাকে আৰু কয় 

“ৰত্না বাইদেউ কিবা বুজিলেনে? দাইলত কিবা ক’লা বস্তু আছে।” 

“দাইলত মাজে মাজে তিচি পোৱা যায় সৰু ক’লাকৈ”। মিণুৱে কয়।

 ৰত্না : ধেই এইজনী! এইটো বেলেগ ক’লা। কলিতাদাই মেডামক কিৰণ বুলি মাতিছে।

 বীণা : অঁ আৰু মেডামে বকুল বুলি মাতিছে আহিবৰ দিনাই। তেওঁ কেনেকে জানে কলিতাদাৰ নামটো? আৰু কলিতাদাৰ মেডামক দেখি মূৰ ঘূৰাইছিল যে মনত আছে?

 ৰত্না, মিণু : উম।

এনেতে পান দোকানীজন আকৌ আহে আৰু খাম এটা দিয়ে। 

ৰত্না : কি এইখন?

দোকানী : নাজানো। 

বীণা : চব তোমাকে দিয়ে যে? আমাৰ থানালৈ আহিব নোৱাৰে?

দোকানী : মই কি জানো?

এইবুলি কৈ সি যায়।

৮ ম দৃশ্য

কিৰণ মেধীয়ে ডেভিদৰ চিঠি কেইখন আকৌ পঢ়িবলৈ চেষ্টা কৰে। কিজানি কিবা ক্লু পায়েই। কাষতে কলিতায়ো চিঠি দুখন লৈ মনোযোগেৰে কিবা চাই থাকে। হঠাত কিৰণৰ আখৰকেইটা দেখি কাৰোবালৈ মনত পৰে। 

“এই আখৰকেইটা দেখোন তাৰ লগত মিলে”। কিৰণে মনতে ভাবে।

একে সময়তে কলিতায়ো ভাবে আৰু কয় :

এই আখৰকেইটা দেৱজিতৰ দৰে নহয়নে কিৰণ?

কিৰণ : দেৱজিত…দেৱজিত কাকতি। আমাৰ লগতে যে কাম কৰিছিল? 

কলিতা : হয়। আমি তিনিওজনে একেলগে চাকৰিত সোমাইছিলোঁ। একেলগে বহুত কেচ সমাধান কৰিছিলোঁ। কিন্তু তুমি আগবাঢ়িলা আৰু আমি দুজনে… 

এইবুলি হুমুনিয়াহ কাঢ়ে।

কিৰণে তলমূৰ কৰে। 

কলিতা : দেৱজিতেই এইবোৰ কৰা নাইতো? তোমাৰ ওপৰত প্ৰতিশোধ ল’বলৈ?

কিৰণ : প্ৰতিশোধ?

কলিতা : অঁ প্ৰতিশোধ। তুমি তাৰ লগত যি অন্যায় কৰিছিলা পাহৰিলা নেকি? মই ক্ষমা কৰি দিছোঁ, তোমাক কিন্তু সি নোৱাৰিলে চাগৈ।

কিৰণে তলমূৰ কৰে।

কিৰণ : মানে তুমি ক’ব খুজিছা D মানে দেৱজিত আৰু ডেভিদো।

কলিতা : কি ঠিক? এবাৰ অতীতৰ কথা ভাবি চোৱা। কি ভুল কৰিছিলা।

লগে লগে কিৰণৰ সন্মুখলৈ নাচি নাচি ছবি কিছুমান আহিব।

৯ম দৃশ্য

ফ্লেচবেকত নব্বৈ দশকৰ পৰিৱেশ দেখুওৱা হ’ব।

চেলোৱাৰ কামিজ পিন্ধা ধুনীয়া গাভৰু এগৰাকী পুলিচ থানালৈ আহিব। হাতত এটা এনভেলপ। তলমূৰকৈ আহি থাকোতে তাই খুন্দা খাই কাৰোবাৰ লগত। 

আস..বুলি ছোৱালীজনীয়ে কয়। ল’ৰাজনে “বেয়া নাপাব” বুলি এনভেলপটো তুলি দিয়ে।

ছোৱালীজনীয়ে হাত পাতি লয়। লাজতে তাইৰ গাল দুখন ৰঙাও পৰে অলপ। 

“নমস্কাৰ মোৰ নাম দেৱজিত। দেৱজিত কাকতি। আপুনিও চাগৈ জইন কৰিবলৈ আহিছে আজি।”

কেমেৰাই ক্ল’জ আপত ল’ৰাজনৰ মুখখন দেখুৱাব (অগ্নিভ দত্ত)। তেওঁৰ পিন্ধনত বেগী লংপেণ্ট, এপ’ল কোম্পানীৰ কাপোৰৰ চিলোৱা চাৰ্ট। ভৰিত বাটা কোম্পানীৰ চামৰাৰ চেণ্ডেল। চুলিখিনি সঞ্জয় দত্ত ষ্টাইলৰ।

ছোৱালীজনীয়ে প্ৰতি নমস্কাৰ দি কয় “নমস্কাৰ। মোৰ নাম কিৰণ। জইন কৰিবলৈ আহিছোঁ ময়ো”।

এনেতে পিছফালৰ পৰা আন এজন যুৱক আহিব চাইকেলত। চুলিখিনি পিছফালে দীঘল। মিঠুন ষ্টাইলৰ। পিন্ধনত চিলোৱা বেগী পেণ্ট আৰু ফুলাম চাৰ্ট। চাইকেলৰ পৰা নামি তেওঁ কিৰণ আৰু দেৱজিতৰ লগত চিনাকি দিব বকুল কলিতা বুলি আৰু জইন কৰাৰ কথা ক’ব।

কেমেৰাত কেলেণ্ডাৰৰ পাত সলোৱা দেখাব। চাৰি বছৰ হোৱা দেখুৱাব।

 পাৰ্কত দেৱজিত আৰু কিৰণ বহি থাকে। চকীখনৰ এটা মূৰত কিৰণ আৰু আনটো মূৰত দেৱজিত।

কিৰণ : বাপৰে আমাৰ চাকৰি কৰা চাৰি বছৰ হ’ল।

দেৱজিত : হয় দেই। এতিয়া আমি ভাবিবৰ হ’ল কথাটো।

কিৰণ : কি কথা?

দেৱজিত : কিয় বুজা নাই।  

কিৰণ : উহু। ক’লেহে বুজিম।

দেৱজিত কাষলৈ আহে আৰু লাহেকৈ কয়, “আমাৰ বিয়াৰ কথা আকৌ”।

কিৰণ : ধেই এইটো। এনেকে কয় নেকি বিয়াৰ কথা। ঘৰত ক’ব লাগে আকৌ।

দেৱজিত : সঁচা। মই অতি সোনকালে ঘৰলৈ যাম তোমালোকৰ।

কিৰণ : হ’ব হ’ব। কিন্তু মই বিয়া নহওঁ এতিয়া। প্ৰমোশ্যন লৈহে বিয়াত বহিম। আৰু তোমালোক দুয়ো সহায় কৰি থাকিলে মই অতি সোনকালে এচ.আই. তাৰ পিছত চিফ ইঞ্চপেক্টৰ হ’ব পাৰিম।

দেৱজিত : তোমালোক মানে?

কিৰণ : মানে তুমি আৰু বকুল। (জিভা কামুৰি দিয়ে)

দেৱজিত : চোৱা মই বকুলৰ লগত তোমাৰ ইমান হলিগলি ভাল নাপাওঁ। বেচেৰা চিধা মানুহ। তুমি স্বাৰ্থৰ বাবে ব্যৱহাৰ নকৰিবা। সি কৰা কামবোৰো তুমি কৰা বুলি বাঃ বাঃ লোৱা। এই চাৰিবছৰ তোমাৰ দৰমহা বাঢ়িল, গ্ৰেড বাঢ়িছে একমাত্ৰ বকুল আৰু মোৰ বাবে। মই মানিছোঁ, কিন্তু বকুলক নকৰিবা ব্যৱহাৰ।

কিৰণ : দেৱ, মই তোমাক এই কথাতে বেয়া পাওঁ। মই বকুলক কিয় ব্যৱহাৰ কৰিমনো?

দেৱজিত : বকুলে তোমাক ভাল পায় কিৰণ। সেইবাবে তোমাৰ ভাগৰ কাম সকলো সি কৰে আৰু তাৰ ভাগৰ সুনাম তোমাক দিয়ে। তুমি তাৰ লগত ঘনিষ্ঠ নহ’বা বেছি। মোৰ ভাল নালাগে।

কিৰণ : ইচ ..কি কোৱা? মোৰ যে বকুলৰ লগত একো নাই ভাব তেনেকুৱা। আমি ভাল বন্ধুহে। আচল ভালপোৱাটো মোৰ তোমাৰ লগতহে। 

কিৰণে দেৱজিতৰ হাতখনত ধৰি ক’ব : ভালতো মই তোমাকহে পাওঁ। বকুল মোৰ বন্ধুহে ন?

দেৱজিতে হাঁহে। কিৰণ দৌৰি যাব পাৰ্কৰ মাজৰ ঘাঁহনীলৈ আৰু দোপাত্তা উৰুৱাই গাব…

   “প্ৰেম যদি অভিনয় হয়

      হৃদয় মানেনে কি

       মৰম যদি চলনা হয়

        জীৱন মানেনো কি…”

পিছে পিছে দেৱজিতে পকেটত হাত ভৰাই গৈ থাকিব হাঁহি হাঁহি।

সূৰ্য্য ডুব যোৱা দেখাব।

পিছদিনাৰ দৃশ্য দেখুৱাব কেমেৰাত। এইবাৰ নদীৰ পাৰত  চেগুন গছৰ তলত কিৰণ আৰু বকুলে দৌৰি নাচি থাকিব গানৰ তালত…

     “এই মৰম নদীৰ 

           গাভৰু ঘাট…” – কিৰণে গাব।

লগে লগে বকুলে নাচি নাচি গাব –

      “মোৰ মনত চপালি 

                 নাও….”

দুয়ো হাঁহি হাঁহি এসময়ত নদীৰ ঘাটত বহিব। 

বকুল : কিৰণ! আৰু কিমানদিন এনেকৈ লুকাই চুৰকৈ লগ ধৰিম। একেবাৰে নিজৰ কৰি ল’ম বুলি ভাবিছোঁ জানানে? নোৱাৰো তোমাক এৰি থাকিব।

কিৰণ : ইচ…মই কিবা গুছি যামনে? মইতো তোমাৰে ন?

বকুল : জানো। কিন্তু ভয় হয় মনত। কিজানি তুমি মোক এৰি থৈ যোৱা?

কিৰণ : মোৰ ওপৰত বিশ্বাস নাই তোমাৰ?

বকুল : আছে। কিন্তু সিদিনা দেৱজিতে মোক তোমাৰ ওচৰত বেছি থাকিবলৈ মানা কৰিছে। মই হেনো মিছা সপোন দেখিছোঁ। তুমি তাকহে বোলে….. 

বকুলৰ মাত থোকাথোকি হয়। 

কিৰণ : কি যে কোৱা! মই তোমাকে ভাল পাওঁ বকুল। দেৱজিতক মই বন্ধু বুলিহে ভাবোঁ।

বকুল : ব’লা যাওঁ।

 

১০ ম দৃশ্য

পিছদিনা থানাত।  

কিৰণ : দহ লাখ টকা ডকাইত হৈছে। আমি ভালকৈ কৰিব লাগিব। আমাৰ প্ৰমোশ্যন হ’ব। আমি ইঞ্চপেক্টৰ হ’ব পাৰিম।

বকুল : আমি ভালকৈ কৰিব লাগিব এই কামটো। আমাৰ ভৱিষ্যতৰ কথা আছে।

দেৱজিত : মই জান লগাই দিম। এইবাৰ আমি প্ৰমোশ্যন ল’মেই। আমি ধৰিব লাগিব এই গেংটোক।

চিনিয়ৰসকলৰ লগত কিৰণ, বকুল, দেৱজিতে এটা গুডামৰ কাষ পায়। বাহিৰ ভিতৰ দুয়োফালৰ পৰা প্ৰচণ্ড গুলী চালনা হয়। হঠাত এজন ডকাইতে হাতত টকাৰ বেগটো লৈ দৌৰে। ইঞ্চপেক্টৰ আৰু দুজন চিপাহীৰ গাত গুলী লাগে। বকুল, কিৰণ আৰু দেৱজিতে ডকাইতজনৰ পিছে পিছে দৌৰে। ডকাইতে গুলি টোৱাই কিৰণলৈ। দেৱজিত আৰু বকুলে সমুখত থিয় দিয়ে। দেৱজিতৰ ভৰিত গুলী লাগে আৰু বকুলৰ হাতত।  

লগে লগে বাকী চিপাহী আহি পায় আৰু দেৱজিত, বকুলক হস্পিতাল নিয়ে।

ইতিমধ্যে কিৰণে বেগটো লৈ তাৰপৰা গুছি আহে। আৰু থানাত কিৰণে অকলে বেগ আৰু ডকাইতক ধৰা বুলি কয়।

কিৰণে চিপাহীৰ পৰা ইঞ্চপেক্টৰলৈ প্ৰমোশ্যন পায়।

দেৱজিত খঙত ফাটি পৰে। বকুলে বহুত কষ্ট পায়। দেৱজিত হস্পিতালৰ পৰা গুছি যায় ক’ৰবালৈ। কোনেও দেৱজিতৰ সন্ধান নাপায়। কিন্তু বকুলৰ আগত কয়, “এদিন কিৰণৰ সকলো অহংকাৰ ধ্বংস হ’ব”।

                                                                                                                     ১১ম দৃশ্য

দ্ৰয়িং ৰুমত নিশা, ৰাহুল, চুমী, দীপক আৰু চুইটি বহি থাকে। নিশাই তলমূৰকৈ কান্দি থাকে। ৰাহুলে একো নামাতে।

দীপক : কান্দিলে কি হ’ব? সঁচা কথা ক? তহঁত দুয়োৰে লিলিমাই কেতিয়াৰ পৰা?

ৰাহুল : যেতিয়াৰ পৰা বাইদেউৰ লগত আপোনাৰ লিংলাং ভিনদেউ।

দীপক : চুপ! ভিনদেউ কাক কৈছ? তই মোৰ খুলশালি হোৱাৰ যোগ্য নহয়। অকৰ্মণ্য।

চুইটি : মোৰ ভাইক অকৰ্মণ্য নক’বা। কৈ দিছোঁ। চাকৰি নহ’লে কিবা অকৰ্মণ্য হয় নেকি? সি বিজনেচ কৰিব। কোনে জানে…

দীপক : কোনে জানে! তোমাৰ ভায়েৰা আম্বানী হ’ব। টাটা হ’ব। পিছে তুমি কেনেকৈ জানিলা তোমাৰ ভায়েৰাই মেইন মানুহ।

চুইটি : তাক যে মই দেখিছিলোঁ এদিন মনত আছে? তাৰ মুখখন নেদেখিলোঁ, কিন্তু চেণ্ডেলযোৰৰ  লগত লংপেণ্টটো মই চিনিছোঁ। মই দিছিলোঁ তাক পূজাত।

চুমী : হ’ব হ’ব। ইমান কথা বঢ়াব নালাগে। যি হ’ল হ’ল। তিনিওখন বিয়া একেলগে পাতিলেই হ’ল। ৰাইট। আৰু ৰাহুল পঢ়া শুনা ল’ৰা যেতিয়া নিশ্চয় ভালকৈ কিবা কৰিব পাৰিব।

নিশা : আমি দুয়ো কাম কৰিম। মোক এসাজ খুৱালেও থাকিব পাৰিম। মই বজাৰ মাহত এবাৰ কৰিলেও থাকিব পাৰিম। কিন্তু ৰাহুলক এৰিব নোৱাৰোঁ।

চুমী : ঠিক আছে তেতিয়া হ’লে। সোনকালে তিনিওখন বিয়া পাতিম। বোৱাৰীজনী আনি লওঁ তাৰ আগতে। নহ’লে দুইজনী ভনী ওলালে ভাইটোৰ কি হ’ব? অহামাহত তেওঁ আহিব বাংগালোৰৰ পৰা আৰু আহিলেই বিয়াৰ পতাৰ কথা কৈছে। তাৰপিছত তহঁত দুয়োৰে বিয়া।

দীপক আৰু চুইটিয়ে চকুলৈ চাই হাঁহে। নিশাইও ৰাহুললৈ চাই থামচ আপ দিয়ে।

তেনেতে দিপকৰ ফোন বাজে। 

দীপক : মই আহো। এই এম.এল.এ.ৰ পুতেকে আৰু কিবা গণ্ডগোল লগাইছে ট্ৰেফিক পইণ্টত।

লাইট অফ।

“ফটাবাৰী আউতপোষ্ট”। কিৰণলৈ নোটিচ আহে এসপ্তাহৰ ভিতৰত যদি কেচ চল্ভ কৰিব নোৱাৰে তেওঁ যেন ৰিজাইন দিয়ে।

কিৰণে বাহিৰলৈ ওলাই আহে। পান দোকানলৈ আহি তামোল এখন খায়। দোকানীজনক দোকানখন ভালকৈ চলেনে সোধে আৰু ভালকৈ চলাবলৈ কয়। 

ভিতৰলৈ আহি দুখন কাগজত কিবা লেখে। আৰু লুনাৰ হাতত দিয়ে। আৰু সকলোকে মাত লগাই ওলাই যায়। কলিতাৰ ওচৰলৈ আহে….

কিৰণ : বকুল মোক ক্ষমা কৰিবা। মই চাকৰি এৰিলোঁ। মই নোৱাৰিলো পুলিচগিৰি দেখুৱাব। এইখন কাগজ মই যোৱাৰ পিছত পঢ়িবা। ইয়াতে মোৰ মনৰ কথা তোমালৈ লিখিছোঁ অলপ।

কিৰণ ওলাই যায়। বীণা, ৰত্না, মিণু আৰু এচ.আই. লুনাই দুখমনেৰে চাই থাকে। কলিতাৰ চকুৰে চকুপানী বয়।

 কলিতাক ক্ল’জআপত দেখুৱাব আৰু কিৰণ আৰু বকুলে গোৱা গানটো কলিতাৰ সমুখত ব্লেক এণ্ড হোৱাইটত ভাঁহি আহিব।

  “এই মৰম নদীৰ গাভৰু ঘাট”।

কিৰণক নেদেখা হ’ব। লুনালৈ ই. মেইল আহিব। তাই জপিয়াই দিব আনন্দতে। 

 

লুনা : ইয়াহু …মোৰ ট্ৰান্সফাৰ হ’ল। উফ.. সেই পাগল প্ৰেমিকটোক লগ নাপাওঁ।

“কি? কোনখন থানালৈ? ” সুধিব কোনোবাই। লুনাই উত্ৰাৱল হৈ ক’ব আজাৰা চকী। 

“সঁচা। মোৰ মামাহঁতৰ ঘৰ তাতে। ভালেই হ’ল।”

লুনাই আচৰিত হৈ ঘূৰি চাব আৰু দেখিব বিকিয়ে দাঁত নিকটাই থিয় হৈ আছে।

লুনা : ও নো?

বিকি : ইয়েচ… ইয়েচ..।

দৃশ্য ১২

সন্ধিয়াৰ দৃশ্য হ’ব। লাইট জ্বলিব ৰাস্তা পদূলিত। কলিতা লাহে লাহে স্কুটাৰখন চলাই গৈ থাকিব। এটা ঘৰৰ সমুখত ৰ’ব। দুৱাৰ খুলি মানুহ এজন আহিব। তেওঁৰ গাটো দেখুৱাব। পানী এগিলাচ কলিতাক দিব আৰু লগে লগে মুখখন দেখুৱাব। পান দোকানীজন।

প্ৰথমতে গহীন হৈ থাকিব আৰু লগে লগে হাঁহিব দুয়ো আৰু হেণ্ডচ্যেক কৰিব আৰু ক’ব “মিশ্যন চাকচেচ”।  

দোকানীজনে  “ৱেইট” বুলি কৈ পিছমুৱা দি কিবা কৰিব আৰু ঘূৰি দিব।

লগে লগে ক্ল’জআপত দেখুৱাব মুখখন “দেৱজিত”।

কলিতা : অৱশেষত আমি জিকিলোঁ। 

দেৱজিত : অঁ বন্ধু। দহ বছৰে কৰা প্লেন সফল। আমাৰ অধিকাৰ লৈছিল। পিছে মইতো তোমাক কেতিয়াও যোগাযোগ কৰা নাছিলো। কিন্তু কেনেকৈ মোক তুমি চিনি পালা?

কলিতা : তুমি দোকান দিয়া ছমাহ হৈছে। কিন্তু দোকান দিয়াৰ তিনিদিনৰ দিনা মোৰ গুলি লগা হাতখন ঠিকে আছেনে সুধিছিলা? যিটো আমি তিনিজনৰ বাহিৰে কোনেও নাজানে বৰ্তমান। আৰু তোমাৰ সুন্দৰ হাতৰ আখৰ। হিচাব ৰাখিবি বুলি কৈ বহীখনত তুমি লিখা দেখিছিলোঁ।

দেৱজিত : যিয়েই নহওক। আমাৰ দুয়োজনৰ লগত খেল খেলা মজা কিৰণক দিলো।

দুয়ো একেলগে কয়….এইয়াহে আমাৰ “পুলিচগিৰি”।

কলিতা : পিছে বন্ধু টকাবোৰ?

দেৱজিত : সেইবোৰ মই এটা জেগাত ৰাখিছোঁ। কিছু আমাৰ দুজনৰ বাবে ৰাখি বাকীবোৰ ঘূৰাই দিবা আৰু তুমি কিৰণৰ ঠাইত বহিবা। চুমী নামৰ ছোৱালী এজনীৰ লগত বিয়া ঠিক কৰিছোঁ। তাইক লৈ বিদেশ যাম।

কলিতা : ও কিৰণে কিবা দিছিল।

চিঠিখন পঢ়ে।

  মৰমৰ বকুল আৰু দেৱজিত

             মোক ক্ষমা কৰিবা। তোমালোকৰ লগত মই অন্যায় কৰিছোঁ। তোমালোকৰ প্ৰাপ্য মই লৈছোঁ। যি নহওক, বকুল তোমাৰ ৰিটায়াৰ্দ হ’বলৈ বেছি দিন নাই। বিয়াখন পাতিবা সোনকালে। দেৱজিত পাণদোকানীজন তুমি বুলি মই চিনি পাইছোঁ তোমাৰ আখৰ দেখি। সেয়েহে মই চাকৰি এৰাৰ সিদ্ধান্ত ল’লোঁ। আৰু বেংক লুটিব নালাগে। ডনৰ পৰা দোকানী হ’লে বেছি সন্মান পাবা। 

                       ইতি

           তোমালোকৰ কিৰণ

চিঠিখন উৰি যাব কলিতাৰ হাতৰ পৰা।

 

এটি কৰুণ সুৰ বাঁহীত বাজিব।

           সমাপ্ত।

☆ ★ ☆ ★ ☆

14 Comments

  • Rimjhim

    কেনেকৈ লিখে হে ইমান দীঘল আৰু ৰসালকে

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বাপৰে, কেনেকুৱা মজা চিনেমা অ বা। বঢ়িয়া লাগিল পঢ়ি।

    Reply
  • বন্দিতা জৈন

    ৱাহ ,বঢ়িয়া লাগিল দেই

    Reply
  • জয়ন্ত দাস

    বঢ়িয়া৷ নৃত্য, গীতেৰে ভৰপুৰ নিপোটল কাহিনীৰ সুন্দৰ চিনেমা এখন চালোঁ৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    ক’বলৈ ভাষা নাই৷ বঢ়িয়া বঢ়িয়া বঢ়িয়া৷

    Reply
  • মুকুট শৰ্মা

    অতি সুন্দৰ কাহিনী। খুউব ভাল লাগিল পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published.

error: Content is protected !!