ফটাঢোল

দিশাহীন জীৱন দিশাহাৰা-মানসী বৰা

দেওবাৰে দুপৰীয়াৰ ভাতসাঁজ খাই বিছনাত দীঘল দিলোঁ। ব্ৰয়লাৰ মাংস অকণ আছিল বাবে দুপৰীয়াৰ ভাতকেইটা খাই বৰ জুতি পালোঁ।কৰ’ণাৰ লকডাউনত খাদ্যৰ জুতি ল’বলৈ মই একেবাৰে বাদেই দিয়াৰ নিচিনা। ঘৰৰ পৰা পোৱা পকেটমণিকেইটাও কেতিয়াবাই  বন্ধ হ’ল।

ঘৰত আৱৰ্জনা বুলি দেউতাৰ গালি খোৱাৰ দিনাই ঘৰ এৰি দিলোঁ। দম্ভালি মাৰি কৈ থৈ আহিলোঁ চাকৰি এটা নোলোৱাকৈ ঘৰৰ পদূলিত ভৰি নিদিওঁ। তেতিয়াৰ পৰা এতিয়ালৈকে ঘৰলৈ যোৱা নাই। আজিকালি মই জগতৰ লগত থাকোঁ। তিনিমাহ হৈ গ’ল। চাকৰি এটাৰ আশাতে ডিঙিটোতে মূৰটো লগাই জীয়াই আছোঁ। প্ৰাইভেট কোম্পানী এটাত সৰু চাকৰি এটা কৰি থকা জগতে তাৰ দুটা কোঠালিৰ এই ভাৰাঘৰটোতে মোক আশ্ৰয় দিছে। তাৰ ভাত ৰন্ধা, কাপোৰ ধোৱা, বাচন ধোৱা আদি কামবোৰ মই কৰি দিওঁ। একে লগৰ বুলিহে সি মোক এইকণকে সহায় কৰিলে, নহ’লে আজিকালি কোনে কাক চায়? তেজ-মঙহৰ মানুহেই গুৰুত্ব নিদিয়ে। আন নালাগে, জন্ম দিয়া পিতৃ-মাতৃয়েও এসময়ত গৈ অৱহেলা কৰা হয়।   

জগতৰ এই দুটা কোঠালিৰ ভাৰাঘৰটোৰ এখন বিছনাৰ এটা মূৰে মই এতিয়া পৰি আছোঁ। আনটো মূৰে জগতেও ভাত ঘূমতি মাৰিছে। মোৰ দৰে অকৰ্মণ্য এটাক আৰু কিমান দিনলৈ সি লগত ৰাখিব পাৰিব? চাকৰি এটা যেনেতেনে ল’ব নোৱাৰিলে ঘৰত মুখ উলিয়াব পাৰিমনো ক’ৰপৰা?

টক্ টক্ টক্

দৰ্জাত টোকৰ মৰাৰ শব্দ। এই সময়ত আকৌ কোন আহিব পাৰে!কৌতূহলী মনেৰে লৰালৰিকে উঠি গৈ মই দৰ্জাখন খুলি দিলোঁ। সন্মুখত হৰ্ষ থিয় হৈ আছিল।

: হৰ্ষ তই? এই লকডাউনত তই কেনেকৈ আহিলি? গাড়ী দেখোন চলাই নাই!

: সেইবোৰ বহুত কথা প্ৰশান্ত। মই তোৰ কাৰণে যি মেনেজ কৰি আহিছোঁ নহয় তই কি বুজিবি? সৌ ভাড়া গাড়ীখন লৈ আহিছোঁ। ফেক ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেতৰ নাম ফলক এখন লগাই লৈছোঁ। তেতিয়া পুলিচে নধৰে।গাড়ীত কোন বহি আছে চাই লহি আকৌ।

হৰ্ষৰ কথাত পলম নকৰি মই গাড়ীখনৰ ফালে আগবাঢ়িলোঁ।গাড়ীৰ ভিতৰৰ পৰা হাঁহি হাঁহি মোৰ অন্তৰৰ ৰাণীয়ে হাত জোকাৰিলে।

: আৰে! দিশা তুমি? তুমি আহিলা? মোক লগ কৰিবলৈ আহিলা? 

: তোমাৰ ঘৰলৈ গৈছিলোঁ জানা প্ৰশান্তদা। তোমাৰ মায়ে ক’লে তুমি হেনো আজিকালি ইয়াত থাকা। ঘৰত  কিবা বোলে অভিমান কৰি গুচি আহিলা? হয়নে? 

মই তাইক চাই ৰ লাগিলোঁ।

: এইখন লোৱা তোমাৰ চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ লৈ আহিছোঁ মই।তোমাৰ মায়ে মোৰ হাততে দি পঠিয়াইছে। কাইলৈ জইনিং আছে। পুৱাই যাব লাগিব জইন কৰিবলৈ। 

: সঁচা? মই যে বিশ্বাস কৰিব পৰা নাই দিশা।

যিজনী ছোৱালীৰ ফটো মায়ে সহ্য নকৰি এদিন ফালি পেলাইছিল সেইজনী ছোৱালীয়ে মোক লগ কৰিবলৈ অহা বুলি জানি মায়ে মোৰ এপাইণ্টমেণ্ট লেটাৰখন দি পঠিয়াইছে, মানে তাইক লৈ মাৰ কোনো আপত্তি নাই। মই ঘৰ এৰি অহাৰ বাবেহে এই সকলোবোৰ সম্ভৱ হৈ উঠিছে। মাহঁতে নিশ্চয় এতিয়া নিজৰ দোষবোৰ বুজি উঠিছে।

ফূৰ্তিত মই গাড়ীত বহি থকা দিশাৰ মৰমলগা নাকটোতে টেপা এটি মাৰি জোকাৰি দিলোঁ। তাই লাজত ৰঙা পৰি গ’ল। চুই চাম বুলি ভাবি থকা তাইৰ ধুনীয়া গালখন সেইবাৰ চুই চালোঁ। হাঁহিৰে খিলখিলাই থকা তাইৰ মুখখন আগতকৈ বেছি ধুনীয়া হৈ জিলিকি উঠিছিল। 

: এতিয়া চায়েই থাকিবা নে? আহা আকৌ গাড়ীত বহাহি। 

খিলখিলাই দিশাই কৈ উঠিল। 

: ক’ত যাম আমি? 

মই  সুধিলোঁ।

: আৰে বাবা তুমিহে জানা। তুমি মোক ক’লৈ নিবা?  তোমাৰ ওচৰলৈ মই একেবাৰে গুচি আহিছোঁ চোৱা। তোমাৰ বাবে মই মোৰ কেৰিয়াৰ পাহৰি পেলাইছোঁ। হৰ্ষদাই সকলোবোৰ ঠিক কৰি দিছে। 

হৰ্ষ মোৰ লগৰ, সঁচা। কিন্তু সি মোক পেটে পেটে ভাল নাপায় বুলিয়ে অতদিনে মই ভাবি আছিলোঁ। কিন্তু আজি সি মোৰ বাবে এই লকডাউনত ইমানখিনি মেনেজ  কৰিছে। আবেগিক হৈ মই হৰ্ষক সাবটি ধৰিলোঁ।

: থেংক ইউ দোস্ত, 

: থ থ এইবোৰ এতিয়া। দৰ্জাখন খুলি বহি ল। 

ড্ৰাইভাৰে গাড়ী ষ্টাৰ্ট দিলেই।

মই দৰ্জাখন  টানিলোঁ কিন্তু কিবা কাৰণত সেইখন খোল নাখালে। কিবা লক হৈ থকা যেন লাগিল।

: আৰে হৰ্ষ, এইখন তই কি গাড়ী আনিলি  ইমান চেষ্টা কৰিছোঁ দৰ্জাখন দেখোন খোলেই নাখায়।

: টান আৰু অলপ জোৰ দেচোন। কিবা জাৰ্ম আছে হ’বলা। 

হৰ্ষই আগৰ চিটত বহি চিঞৰিলে। 

: নাই খোল নাখায় দেখোন হৰ্ষ। কি বা হ’ল?

গাড়ীখন লাহে লাহে চলিবলৈ লাগিল। হৰ্ষই মোলৈ চাই হাঁহিছে। এক দুষ্টালি হাঁহি। মোৰ কথাবোৰ বুজিবলৈ বাকী নাথাকিল।

: ঐ গাড়ী ৰখা বুলিছোঁ নহয়। 

খঙত মই চিঞৰিলোঁ।

: দিশা ..দিশা …। মই আছোঁ দিশা। তুমি ভয় নকৰিবা। হৰ্ষই তোমাক নিব নোৱাৰে। 

এয়া কি! দিশায়ো হাঁহিছে মোলৈ চাই। এইবাৰ অচিনাকি ড্ৰাইভাৰটোৱে হাত মেলি মোৰ মুখত এটা ঘোঁচা লগাই দিলে। মই তলকিবই নোৱাৰিলোঁ কি হৈ আছে।

.………

: চাল্লা…এইটো। এতিয়াই মোৰ বিছনাৰ পৰা নামি যা। আজিৰ পৰা তই মাটিত বিছনা কৰি শুবি।দিন দুপৰতে খোল নাখায়, খোল নাখায় বুলি চিঞৰি চিঞৰি মোৰ হাতখনকে ছিঙি দিবলৈ লৈছিলি। হাত কি খুলিব পাৰি নেকি?

আৰে! এয়া কি? মই দেখোন জগতৰ বিছনাতে। নিমিষতে মোৰ টোপনিৰ নিচা ফাটিল।

: ধেততেৰি তই কিয় জগাই দিলি?দিশাই মোৰ এপইণ্টমেণ্ট লেটাৰখন লৈ আহিছিল।

: এপইণ্টমেণ্ট লেটাৰ? তাকো দিশাই আনিছে? তই এই কৰ’ণা কালত ইণ্টাৰভিউ কি সপোনত গৈ  দিছিলিগৈ?

জগতৰ কথাত সেইবাৰ মোৰ সম্পূৰ্ণ হুচ আহিল। হয়তো, মই কেতিয়া কিহৰ ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ?

মূৰত হাত দি ধুনীয়া সপোন এটা ভঙাৰ বেজাৰত মই বহি থাকিলোঁ। সিফালৰ পৰা জগতৰ বকনিবোৰ মোৰ কাণেৰে সৰকি গ’ল।

: এবাৰ মোৰ নাকত চেঁপা দিছ, গালত চিকুটিছ। সেই ৰাক্ষসৰ নখেৰে। তোৰ ৰাক্ষসৰ নখসোপা কাটিবি আজি।আৰু চিধা কথা মোৰ। আজিয়েই  এই বেৰৰ পৰা দিশা পাতানীৰ ফটোখন আঁতৰা। আজিয়েই মানে এতিয়াই, এই মুহূৰ্ততে আঁতৰা।

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *