ফটাঢোল

টকিঅ’ অলিম্পিক ২০২০ত ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈৰ প্ৰদর্শন : পৰাশৰ কলিতা

এজন ক্ৰীড়াবিদৰ জীৱনত এটা ডাঙৰ সপোন থাকে, এই সপোনটো হ’ল বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিকত অংশগ্ৰহণ কৰাটো আৰু তাত এটা মেডেল অৰ্জন কৰা৷ বছৰৰ সপোন, সাধনা, পৰিশ্ৰমৰ অন্তত বহুজনে অলিম্পিকত নিজৰ জীৱনৰ সপোন পূৰণ কৰিবলৈ সুযোগ পায়৷ অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ পোৱাটোৱেই এটা ডাঙৰ কৃতিত্ব এজন ক্ৰীড়াবিদৰ বাবে। কিন্তু যেতিয়া এই অলিম্পিক বাতিল হ’ব লগা হয় তেন্তে এজন ক্ৰীড়াবিদ, এজন ক্ৰীড়াপ্ৰেমীৰ বাবে তাতকৈ দুৰ্ভাগ্যজনক, দুখ লগা খবৰ আৰু কি হ’ব পাৰে৷ ক’ভিড ১৯ মহামাৰীৰ বাবে জাপানৰ টকিঅ’ চহৰত ২০২০ চনৰ ২৪ জুলাইৰ পৰা আৰম্ভ হ’ব লগা আৰু ৯ আগষ্টত সামৰণি হ’ব লগা অলিম্পিক  ২০২১ চনৰ ২৩ জুলাইৰ পৰা ৮আগষ্টলৈ পিছুৱাই দিব লগা হয়। সেই সময়ত জাপানৰ প্ৰধানমন্ত্ৰী শিনজো আবেই এই কথা স্বীকাৰ কৰিছিল যে ২০২১ লৈ পিছুৱাই যোৱা অলিম্পিক প্ৰতিযোগিতাখন আয়োজন কৰাটো সম্ভৱ হৈ নুঠিবও পাৰে৷ জাপানৰ সংসদত নিজৰ ভাষণত প্ৰধানমন্ত্ৰী শিনজোৱে আবেগিক হৈ কৈছিল “অলিম্পিক প্ৰতিযোগিতাখন তেতিয়াহে আয়োজন কৰিব পৰা যাব যেতিয়া ইয়াৰ বিৰুদ্ধে পৃথিৱী বিজয়ী হ’ব৷ মই ভাবোঁ মহামাৰী নিয়ন্ত্ৰণ নহ’লে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিব পৰাটো সম্ভৱ হৈ নুঠিব। “উল্লেখ্য যে ইয়াৰ আগতে ১৯১৬ত জাৰ্মানীৰ বাৰ্লিন চহৰত অনুষ্ঠিত হ’বলগা অলিম্পিক প্ৰথমবাৰৰ বাবে বাতিল কৰিব লগা হৈছিল প্ৰথম বিশ্বযুদ্ধৰ বাবে। দ্বিতীয়বাৰ ১৯৪০, তৃতীয়বাৰ ১৯৪৪ চনত দ্বিতীয় বিশ্বযুদ্ধৰ বাবে। যদিহে জাপানত টকিঅ’ অলিম্পিক বাতিল হ’ল হয় তেন্তে টকিঅ’ হ’ল এনে এখন চহৰ, আৰু জাপান হ’ব এনে এখন দেশ য’ত আজিলৈ দুবাৰকৈ অলিম্পিক বাতিল হ’ব লগা হ’ল৷ কিন্তু সকলো বাধা বিঘিণি, প্ৰত্যাহ্বানক সাহসেৰে মুখামুখি কৰি জাপানে নিৰ্ধাৰিত সময়তকৈ প্ৰায় এটা বছৰ পিছত অনুষ্ঠিত হোৱা টকিঅ’ অলিম্পিক ২০২০ সুকলমে ২০২১ ৰ ২৩ জুলাইৰ পৰা ৮ আগষ্ট তাৰিখলৈ অনুষ্ঠিত কৰে৷ ২০২০ চনৰ অলিম্পিকত ভাৰতৰ পৰা মুঠ প্ৰায় ১২৭ জন খেলুৱৈয়ে অলিম্পিকত অংশগ্ৰহণ কৰে৷ ১২৭ জন খেলুৱৈৰ মাজত ৮ জন খেলুৱৈ উত্তৰ পূর্বাঞ্চলৰ আছিল যিয়ে অলিম্পিকত ভাৰতবর্ষক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰে৷ তলত আমি এই খেলুৱৈসকলৰ কথা আলোচনা কৰোঁ  আহকচোন৷  

মিৰাবাঈ চানু : অলিম্পিকৰ প্ৰথম দিনটোতে ভাৰতৰ বাবে সু-খবৰটো আহে যেতিয়া উত্তৰ পূব ভাৰতৰ মণিপুৰৰ জীয়ৰী, মণিপুৰৰ পূব ইম্ফলৰ নংপক কাকচিঙৰ ছাইখম মিৰাবাঈ চানুৱে ভাৰোত্তোলনত টকিঅ’ অলিম্পিক ২০২০ ভাৰতৰ হৈ প্ৰথমটো পদক (ৰূপ) জয় কৰে । মিৰাবাঈ চানুৱে এই ইভেণ্টৰ প্ৰথম ৰাউণ্ড স্নেটছত সৰ্বাধিক ৮৭ কেজি উত্তোলন কৰে আৰু তাৰ পিছত দ্বিতীয় ৰাউণ্ড ক্লীন এণ্ড জাৰ্কত সৰ্বাধিক ১১৫ কেজি উত্তোলন কৰি মুঠ ২০২ কেজি উত্তোলন কৰি ভাৰতৰ হৈ ৰূপৰ পদক নিশ্চিত কৰে৷ উল্লেখ্য যে ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত প্ৰথম ৰূপ বিজয়ী পিভি সিন্ধুৰ পিছত অলিম্পিক ৰূপৰ পদক বিজয় পৰা দ্বিতীয় মহিলা এথলেট হিচাপে পৰিগণিত হয় মিৰাবাঈ ।

লাভলীনা বৰগোহাঞি : জৰ্ডানত অনুষ্ঠিত হোৱা এছিয়ান অলিম্পিক কোৱালীফায়াৰৰ ২০২০ চনৰ ৮ মার্চ তাৰিখে চেমি ফাইনেলত প্ৰৱেশ কৰি ব্ৰঞ্জৰ পদক নিশ্চিত কৰাৰ পিছতেই অলিম্পিকলৈ যোগ্যতা অর্জন কৰা প্ৰথমগৰাকী অসমীয়া মহিলা হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল লাভলীনা বৰগোহাঞিয়ে আৰু টকিঅ’ অলিম্পিক ২০২০ত ভাৰতৰ হৈ দ্বিতীয়টো মেডেল নিশ্চিত কৰে অসম কন্যা লাভলীনা বৰগোহাঞিয়ে৷ ৰাউণ্ড অৱ ৩২ ত বাই লাভ কৰা লাভলীনা প্ৰথম মুখামুখি হয় ৰাউণ্ড অৱ ১৬ ত জাৰ্মানীৰ হৈ অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা বক্সাৰ নাডিন এপেটজৰ। উক্ত খেলত তীব্ৰ প্ৰতিদ্বন্দ্ব্বিতাৰ অন্তত লাভলীনাই নাডিন এপেটজক ৩-২ ব্যৱধানত পৰাজিত কৰিবলৈ সক্ষম হয়৷ কোৱাৰ্টাৰ ফাইনেলত লাভলীনা চাইনীজ টাইপেৰ চেন নিয়েন চিনৰ মুখামুখি হয় আৰু চেন নিয়েনক ৪-১ ব্যৱধানত পৰাজিত কৰি ভাৰতৰ হৈ দ্বিতীয় এটা পদক নিশ্চিত কৰে৷ ৪ আগষ্ট তাৰিখে চেমি- ফাইনেলত মুখামুখি হয় বুছেনাজ সুৰমেনেলিনৰ য’ত লাভলীনা ৫-০ ব্যৱধানত পৰাজিত হৈ ভাৰতৰ বাবে ব্ৰঞ্জৰ পদক নিশ্চিত কৰে। উল্লেখ্য যে লাভলীনা হ’ল অলিম্পিকৰ অংশগ্ৰহণকাৰী প্ৰথমজন অসমীয়া, কোৱাৰ্টাৰ ফাইনেলত আৰু চেমি ফাইনেলত স্থান লাভ কৰা প্ৰথমগৰাকী অসমীয়া আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল অলিম্পিকত পদক বিজয়ী প্ৰথমগৰাকী অসমীয়া, ভাৰতৰ দ্বিতীয়গৰাকী মহিলা বক্সাৰ আৰু তৃতীয়গৰাকী ভাৰতীয় বক্সাৰ৷

নীলকান্ত শৰ্মা : ভাৰতীয় হকীৰ স্বৰ্ণিল ইতিহাসৰ কথা আমি সকলোৱে শুনিছোঁ। কিন্তু নৱপ্ৰজন্মৰ বহুজনৰেই এই ইতিহাস দেখিবলৈ সৌভাগ্য হোৱা নাছিল। টকিঅ’ অলিম্পিক ২০২০ ত ভাৰতীয় পুৰুষ হকী দলে গ্রুপত প্ৰথমে নিউজিলেণ্ডক ৩-২ ব্যৱধানত পৰাজিত কৰে৷ ২য় খন খেলত অষ্ট্ৰেলিয়াৰ হাতত ৭-১গলৰ ব্যৱধানত বিধস্ত হয় যদিও তাৰ পিছত ক্ৰমে স্পেইনক ৩-০, আৰ্জেণ্টিনাক ৩-১, জাপানক ৫-৩ ব্যৱধানত পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে৷ কোৱাৰ্টাৰ ফাইনেলত গ্ৰেট ব্ৰিটেইনক ৩-১ ব্যৱধানত পৰাজিত কৰি ৪৯ বছৰ পিছত অলিম্পিকৰ চেমি-ফাইনেলত স্থান নিশ্চিত কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে ১৯৮০ চনত ভাৰতীয় দলে স্বৰ্ণ জয় কৰিছিল যদিও সেইবাৰ চেমি-ফাইনেল খেল অনুষ্ঠিত হোৱা নাছিল৷ ৰাউণ্ড ৰবীন ফৰ্মেটত হোৱা প্ৰতিযোগিতাখনত প্ৰথম  আৰু দ্বিতীয় স্থানৰ দলে ফাইনেলহে খেলিছিল৷ চেমি-ফাইনেলত বেলজিয়ামৰ হাতত ৫-২ ব্যৱধানত পৰাজিত হোৱাৰ পিছত ব্ৰঞ্জৰ পদকৰ খেলত জাৰ্মানীক ৫-৪ ব্যৱধানত পৰাজিত কৰি ৪১ বছৰ পিছত ভাৰতীয় পুৰুষ হকী দলে অলিম্পিকত পদক অৰ্জন কৰিবলৈ সক্ষম হয়৷ ভাৰতীয় হকী দলৰ এই ব্ৰঞ্জ বিজয়ত মুখ্য ভূমিকা গ্ৰহণ কৰে উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতীয় হকীত মিডফিল্ডত খেলা মণিপুৰৰ নীলকান্ত শৰ্মাই৷ ভাৰতীয় পুৰুষ হকী দলৰ ভুলে গলত মুখ্য ভূমিকা লোৱাৰ ওপৰিও ৰক্ষণ বিভাগতো সমান ভূমিকা গ্ৰহণ কৰিছিল নিলকান্তই৷

মেৰী কম : অলিম্পিকৰ বক্সিঙত প্ৰথম পদক (ব্ৰঞ্জ) বিজেতা উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰৰ মেৰী কমৰ অলিম্পিক যাত্ৰা আৰম্ভ হয় ২৫ জুলাইৰ পৰা৷ ৫১ কেজি শাখাৰ প্ৰথমখন খেলত ৰাউণ্ড অৱ ৩২ ত ডমিনিকান ৰিপাব্লিকৰ মিগুৱেলিনা হাৰ্ণাণ্ডেজক ৪-১ ব্যৱধানত পৰাজিত কৰে যদিও প্ৰি কোৱাৰ্টাৰত তৃতীয় বাছনিৰ কলম্বিয়াৰ বক্সাৰ ইনগ্ৰিট ভেলেন্সিয়াৰ হাতত ৩-২ ব্যৱধানত বিতৰ্কিত ভাবে পৰাজিত হয়৷ এই পৰাজয়ৰ ফলাফলত মেৰী কমক অসন্তুষ্ট দেখিবলৈ পোৱা যায় আৰু সংবাদ মাধ্যমত ইয়াকলৈ মেৰী কমে মাত মতে। উল্লেখ্য যে ইণ্টাৰনেচনেল বক্সিং এছচিয়েচনৰ নিয়ম অনুসৰি ৪০ বছৰৰ পিছত এজন বক্সাৰে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিব নোৱাৰে৷ এইবাবেই মেৰী কমৰ  এয়া অন্তিম অলিম্পিক যদিও মেৰী কমে ২০২০ত চনত অনুষ্ঠিত হ’ব লগা এচিয়ান আৰু কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিব বুলি মন্তব্য কৰিছে৷ এয়া আমাৰ ভাৰতীয়ৰ বাবে এক আশাৰ খবৰ৷

মিজোৰামৰ লালৰেমছিয়ামি আৰু মণিপুৰৰ চুচিলা চানু : ২০২০ৰ অলিম্পিকৰ বাবে ভাৰতীয় হকী দলে ৰাণী ৰামপালৰ নেতৃত্বত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহিলা হকী দলক দুটা লেগৰ খেলৰ শেষত মুঠ ৬-৫ গলৰ ব্যৱধানত পৰাজিত কৰি ২০২০অলিম্পিকলৈ যোগ্যতা অর্জন কৰিছিল৷ ২০২০ চনৰ অলিম্পিকৰ বাবে ভাৰতীয় মহিলা হকী দলে নিউজিলেণ্ডৰ বিৰুদ্ধে ৪খন আৰু ইংলেণ্ড দলৰ বিৰুদ্ধে এখন খেলত অংশ লয়৷ য’ত ২০১৮ চনৰ বিশ্বকাপ বিজয়ী নিউজিলেণ্ড দলক প্ৰথম খেলত ৪-০গলৰ ব্যৱধানত পৰাজিত কৰে৷ যদিও নিউজিলেণ্ড দলে নিজৰ পৰবৰ্তী দুয়োখন খেল ২-১ আৰু ১-০গলৰ ব্যৱধানত ভাৰতীয় হকী দলক পৰাজিত কৰিলেও শেষত খেলত ভাৰতীয় মহিলা হকী দলে পুনৰ এবাৰ ৩-০গলৰ ব্যৱধানত নিউজিলেণ্ডক পৰাজিত কৰে৷ তদুপৰি ইংলেণ্ড দলক ১-০গলৰ ব্যৱধানত পৰাজিত কৰিছিল। অলিম্পিকৰ বাবে এয়া শুভ লক্ষণ বুলি বিবেচিত হৈছিল যদিও মহামাৰী ক’ভিড ১৯ৰ বাবে  ২০২০ৰ টকিঅ’ অলিম্পিক ২০২১লৈ পিছুৱাই গ’ল৷ ২০২১ চনৰ এপ্ৰিল মাহত সাপ্তাহিক জনমভূমিৰ ক্ৰীড়া পৃষ্ঠাত ভাৰতীয় হকীৰ অলিম্পিক প্ৰস্তুতিক লৈ এটা প্ৰবন্ধ লিখিছিলোঁ৷ তাত মহিলা দলৰ প্ৰস্তুতি আছিল এনেকুৱা “আনহাতে ভাৰতীয় মহিলা হকী দলে বছৰৰ আৰম্ভণিত আৰ্জেণ্টিনা ভ্ৰমণত অংশ লোৱা মুঠ ৭খন খেলত প্ৰথম দুখনত আৰ্জেণ্টিনাৰ জুনিয়ৰ দলৰ বিৰুদ্ধে পৰাজিত হয়, পিছত আৰ্জেণ্টিনা বি দলৰ বিৰুদ্ধে প্ৰথম দুখন খেল দ্ৰ কৰে আৰু তৃতীয়খন খেলত পৰাজিত হয় আনহাতে আৰ্জেণ্টিনা মূল দলৰ বিৰুদ্ধে দুয়োখন খেলতেই পৰাজিত হয়। জাৰ্মানী দলৰ বিৰুদ্ধে হোৱা তিনিখন খেলত ২-১ব্যৱধানত ভাৰতীয় মহিলা হকী দল পৰাজিত হ’ল। অৱশ্যে পৰাজিত হ’লেও মন তল কৰা নাই মহিলা হকী দলে৷ দলৰ খেলুৱৈ নৱজ’ট কৌৰে মন্তব্য কৰি কয় যে এই দুয়োটা ভ্ৰমণৰ পৰা আমি বহুখিনি শিকিবলৈ সক্ষম হৈছোঁ৷ বৰ্তমান সময়ত টকিঅ’ অলিম্পিকৰ প্ৰস্তুতিৰ বাবে ২৫জন খেলুৱৈৰ ভাৰতীয় মহিলা হকী দল বেংগালুৰুৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষণ কেম্পত উপস্থিত হৈ অনুশীলন আৰম্ভ কৰিছে৷” এই পৰিস্থিতিৰ পৰা আহি অলিম্পিকত প্ৰথম তিনিখন খেল ক্ৰমে নেডাৰলেণ্ডৰ হাতত ৫-১ য’ত এটাও পেনাল্টি কৰ্ণৰ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল, দ্বিতীয় খেল ২-০ য’ত এটাও গল কৰিবলৈ সক্ষম হোৱা নাছিল আনকি পেনাল্টি শ্বুট অফ মিছ কৰিছিল, তৃতীয়খন খেলত গ্ৰেট ব্ৰিটেইনৰ হাতত ৪-১ত পৰাজিত হৈছিল৷ এইখিনি মুহূৰ্তলৈ এটেক তথা ডিফেন্স দুয়োটা বিভাগতে দুৰ্বল আছিল ভাৰতীয় মহিলা হকী দল৷ পৰিবৰ্তন আহিল চতুৰ্থখন খেলত য’ত মহিলা দলে ১৪ টাকৈ পেনাল্টি কৰ্ণাৰ মিছ কৰাৰ পিছত কিবাকৈ ৫৭মিনিটত এটা গল কৰি জয়ী হৈছিল৷ যদি এখন খেল দ্ৰ বা পৰাজিত হ’লহেঁতেন তেতিয়া ভাৰতীয় দল বাহিৰ হ’লহেঁতেন প্ৰতিযোগিতাৰ পৰা৷ তাৰপিছত আহিল দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেল, এইখন খেলত দুৰ্বল দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিবাৰ অগ্ৰগতি লাভ কৰাৰ পিছত তিনিবাৰ সমতা স্থাপন কৰিবলৈ সক্ষম হৈছিল দক্ষিণ আফ্ৰিকাৰ দলে শেষৰ ৪৯ মিনিটত দিয়া গল আৰু ১১ মিনিট এটা গলৰ ডিফেন্স কৰি কোৱাৰ্টাৰ খেলাৰ এটা সৰু আশা জীয়াই ৰাখিছিল ভাৰতীয় মহিলা হকী দলে। গ্ৰেট ব্ৰিটেইন দলে আয়াৰলেণ্ডক ২-০ব্যৱধানত পৰাজিত কৰাৰ পিছত একদম শেষৰ মুহূৰ্তত কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত হৈছিল ভাৰতীয় দলৰ৷ এনে এক পৰিস্থিতিৰ মাজেৰে অহা ভাৰতীয় হকী দলে শক্তিশালী অষ্ট্ৰেলিয়া দলক ১-০ব্যৱধানত পৰাজিত কৰি লগতে শক্তিশালী ডিফেন্স কৰি যি খেল দেখুৱাই সকলোকে আচৰিত কৰি দিছিল আৰু পদক জয়ৰ আশা সকলোৰে মাজত জগাই তুলিছিল৷ যদিও চেমিফাইনেলত আৰ্জেণ্টিনাৰ হাতত ২-১ আৰু ব্ৰঞ্জৰ পদকৰ খেলত গ্ৰেট ব্ৰিটেইনৰ হাতত ৪-৩ব্যৱধানত পৰাজিত হৈ পদক জয়ৰ সপোন স্তব্ধ হয় তথাপি ভাৰতীয় মহিলা হকী দলৰ প্ৰদৰ্শনে সকলোকে মোহিত কৰে৷ অলিম্পিকত ভাৰতীয় মহিলা হকী দলৰ গুৰুত্বপূৰ্ণ অংশ আছিল উত্তৰ-পূৰ্বাঞ্চলৰ মিজোৰামৰ লালৰেমছিয়ামি আৰু মণিপুৰৰ চুচিলা চানু৷ উল্লেখ্য যে লালৰেমছিয়ামি হ’ল অলিম্পিকত অংশগ্ৰহণ কৰা মিজোৰামৰ প্ৰথমগৰাকী এথলেট৷ লালৰেমছিয়ামিক মিজোৰাম চৰকাৰে মিজোৰাম ক্ৰীড়া আৰু যুৱ সেৱা বিভাগৰ অধিনিষ্ঠ মুখ্য প্ৰশিক্ষক (হকী)ত নিযুক্তি দিয়াৰ কথা ঘোষণা কৰাৰ লগতে ২৫ লাখ টকা আৰু এটা ঘৰ উপহাৰ হিচাপে দিয়াৰ কথা ঘোষণা কৰিছে৷

তৰুণদ্বীপ ৰায় : চিকিমৰ তৰুণদ্বীপ ৰায়ে আৰ্চাৰীৰ ৰেংকিং ৰাউণ্ডত  ৬৫২ পইণ্টৰে ৩৭নং ৰেংকত থাকে আৰু দলীয়ভাৱে ১২টা দলৰ ভিতৰত ১৯৬১পইণ্টৰে অতনু দাস, প্ৰবীণ যাদৱ, তৰুণদ্বীপ ৰায়ে নৱম স্থান দখল কৰে। প্ৰথমে অনুষ্ঠিত হোৱা পুৰুষৰ দলীয় শাখাত কাজাখাস্থানক পৰাজিত কৰে যদিও কোৱাৰ্টাৰ ফাইনেলত দক্ষিণ কোৰীয়াৰ বিৰুদ্ধে ৬-০ ব্যৱধানত পৰাজিত হ’ব লগা হয়৷ আর্চাৰীৰ ব্যক্তিগত শাখাত ১/৩২ ইলিমিনেচন ৰাউণ্ডত তৰুণদ্বীপ ৰায় ইউক্ৰেইনৰ ওলেকছি হানবিনক ৬-৪ ব্যৱধানত পৰাজিত কৰে যদিও ১/১৬ এলিমিচেন ৰাউণ্ডত ইজৰাইলৰ প্ৰতিদ্বন্দী ইটে শ্বানীৰ হাত ৬- ৫ ব্যৱধানত পৰাজিত হৈ প্ৰতিযোগিতাৰ বাহিৰ হয়৷

সুশীলা লিকমবম (Likmabam) দেৱী : মণিপুৰৰ সুশীলা দেৱী জুডোত মহিলাৰ ৪৮ কেজি শাখাত   প্ৰথম ৰাউণ্ডতে হাংগেৰিৰ খেলুৱৈৰ ইভাৰ হাতত পৰাজিত হয়৷

উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰে ভাৰতীয় ক্ৰীড়াত বিশেষভাৱে অৱদান আগবঢ়াই আহিছে৷ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে মণিপুৰক উদাহৰণ হিচাপে লৈ আগবাঢ়ি গ’লে নিশ্চয়কৈ ক্ৰীড়াক্ষেত্ৰত আৰু অধিক সফলতা পাব বুলি মোৰ বিশ্বাস।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *