ফটাঢোল

দুটা আপদীয়া পদ্য- জোনমণি দাস

১)

গড়গঞা গংগাধৰৰ বৰ গেলা গপ
গছৰ তলত বহি কৰে সদায় তপ-জপ
তেৰা বোলে সন্যাসী
কথা কয় জুখি-মাখি
মিছামিছি মাৰি ফুৰে ফোঁপজহী ধপ।

২)

লচপচী বাইদেউ বিজুলী বৰুৱা
নেকলেছ পিন্ধি থাকে সোণপানী চৰোৱা
বন্ধনৰ ‘লোন’ লৈ
তেওঁ থাকে ৰাণী হৈ
গিৰিয়েকক কৰি কৰি গোটেই জীৱন ধৰুৱা।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *