বিমলানন্দ-ঈশান জ্যোতি বৰা
পৰহি নগাঁও চহৰলৈ গৈ আছিলোঁ৷ মোৰ সমুখত উদং ৰাস্তা৷ গতিকে মনখুলি বাহন চলাবলৈ সুবিধা৷ নতুন অসমৰ ‘নতুন নায়ক’জনে গাড়ীৰ গতিবেগ চল্লিছৰ পৰা ষাঠিলৈ সলনি কৰাৰ যুগান্তকাৰী আৰু বৈপ্লৱিক সিদ্ধান্তটো এইখিনিতে বিশেষভাৱে উল্লেখযোগ্য৷ এতিয়া স্বাভাৱিকতেই আমি উৎসাহিত আৰু আনন্দিত৷ সেয়ে কণ্ঠত ভূপেনদাৰ ‘মইনাজান, মইনাজান লুইত পাৰে হ’লোঁ’ শীৰ্ষক গীতটি গাই গাই কোবাল গতিৰে আগবাঢ়িছোঁ৷ উৰিয়াগাঁৱৰ চ’কটো অতিক্ৰম কৰি এশ মিটাৰমানহে গৈছোঁ৷ তেনেতে ঘটিল এটা শিহৰণকাৰী ঘটনা৷ ক’ৰবাৰপৰা উৰি অহা ঈষৎ ৰঙা পিক্ এসোপাই মোৰ গাল-মুখ আৰু চোলাৰ উপৰিভাগ তিয়াই পেলালে৷ মুখেৰে এসোপা গুৱাল-গালি নিক্ষেপ কৰি বাহনখন ৰাস্তাৰ দাঁতিত ৰখালোঁ আৰু ইফালে-সিফালে চকুহাল বহল কৰি চালোঁ৷ নাই৷ কোনেও মোৰ ওপৰত পিক্-বৰ্ষণ হোৱাৰ নান্দনিক দৃশ্যটো দেখা নাই৷ শান্তি!
অলপ আগতে মোৰ কাষেৰে ভোঁ-ভোঁৱাই গতি কৰা বিলাসী গাড়ীখন সৌ দূৰণিত ৰৈছেগৈ৷ বোধহয় ৰঙা ৰঙৰ সোঁতটোৰ উৎপত্তিস্থলী সেইখনেই৷ গাড়ীখনৰ পৰা ওখ-পাখ মানুহ এজন নামিছে৷ মুখখন দেখোন চিনাকি! ক’ত দেখিছোঁ, ক’ত দেখিছোঁ! মোৰ গাটো সামান্য কঁপিল৷ চশমাযোৰ খুলি ৰুমালেৰে মচিলোঁ৷ পুনৰ পিন্ধিলোঁ৷ ওখ-পাখ মানুহজন পুনৰ গৈ নিজৰ আসনত বহিছে৷ কিন্তু আশ্বৰ্যকৰ কথা যে গাড়ীখন আগবাঢ়ি যোৱাৰ পৰিৱৰ্তে পাছুৱাইহে আহিল৷ আহি-আহি মোৰ ওচৰ পালেহি৷ দুইছেকেণ্ডমানৰ অনানুষ্ঠানিক বিৰতি৷ ভিতৰত দুটা কাহ মৰাৰ শব্দ৷ দুয়োটা কাহেই মহিলাৰ৷
খন্তেক পিছত বিলাসী গাড়ীখনৰ আগফালৰ দুৱাৰ ঠেলি সেই ওখ-পাখ মানুহজন নামি আহিল৷ হয়৷ মোৰেই কপাল৷ মোৰ সমুখত সাক্ষাৎ অজয় দেৱগন৷ যোৱা প্ৰায় চাৰি-পাঁচবছৰ ধৰি সমগ্ৰ ভাৰততে চলি থকা ‘বিমল খাওঁ আহা’ নামৰ ঐতিহাসিক যুৱ-আন্দোলনটোৰ মুখ্য প্ৰচাৰক, সংগঠক আৰু পৃষ্ঠপোষক৷ ইয়াৰ উপৰি তেখেত হৈছে ভাৰতীয় ছবিজগতৰ আগশাৰীৰ অভিনেতা, কোটি-কোটি মানুহৰ হাৰ্ট-থ্ৰ’ব আৰু এগৰাকী আদৰ্শৱান স্বামী৷ নতুন প্ৰজন্মৰ বৰুণ, সিদ্ধাৰ্থহঁতে অভিনয় জীৱনৰ লগতে ‘ৰোমাণ্টিক’ জীৱনৰো কিছু নীতি-নিৰ্দেশনা এইগৰাকী মহানুভৱৰ পৰা ‘ৰেগুলাৰলি’ সংগ্ৰহ কৰে বুলি বিশ্বাসযোগ্য সূত্ৰত প্ৰকাশ৷ প্ৰণিধানযোগ্য, শেহতীয়াকৈ কিং খান শ্বাহৰুখেও ‘বিমল খাওঁ আহা’ আন্দোলনত নামভৰ্তি কৰি দিন-ৰাতি নিজৰ সুনাম অৰ্জনৰ কামত লাগিছে৷ চক দে ইণ্ডিয়া! চক দে শ্বাহৰুখ খান! “ছ’ৰি, ছ’ৰি!”- ইতিমধ্যেই গাড়ীৰ পৰা ওলাই অহা অজয় দেৱগনে হাতযোৰ কৰি মোৰ সমুখত কাকূতি-মিনতি কৰিবলৈ ধৰিলে৷
“নাই, নাই” মই তেখেতৰ হাতখনত ধৰি ক’লোঁ,
: নাই নাই অজয় জী৷ কোনো কথা নাই৷ আমি অসমৰ বোকা-পানীতে থাকি ডাঙৰ-দীঘল হৈছোঁ৷ বছৰৰ আধাখিনি সময় বানপানীতেই সোমাই থাকোঁ৷ গতিকে এই সামান্য ৰঙা ৰঙকণে মোৰ একো হানি কৰিব নোৱাৰে দিয়ক৷
: তথাপিও বেয়া লাগেতো৷
: হ’ব বাৰু৷ এইহেন ক’ৰণা কালত আপুনি অসমলৈ কিয় আহিছে কওকচোন৷
মই গাড়ীৰ ক’লা আইনাখনৰ ফালে চাই চাই সুধিলোঁ৷
: ডাঙৰীয়া৷ আমাৰ আন্দোলনটোৰ শেহতীয়া সমীক্ষাত আমি কথা এটা জানিব পাৰিছোঁ৷
: কি কথা! আমিও শুনো।
মোৰ আগ্ৰহ জন্মিল৷
: কথাটো আপোনালোকৰ বাবে গৌৰৱৰ৷ গতিকে কোৱাত বাধা নাই৷
: লাভলীনাতকৈও কিবা গৌৰৱৰ কথা আছেনে?
: হয়৷ এইটো কথা তাতকৈও গৌৰৱৰ৷
অজয়ৰ চকুত ৰহস্যজনক চিক্মিকনি৷
: সাংঘাতিক কথা৷ কওকচোন।
মোৰ উৎসুকতা বাঢ়ে৷
: সমীক্ষা মতে, বিমল-ভক্ষণকাৰীৰ তালিকাত অসমৰ স্থান আগতকৈ উন্নত হৈছে৷ অসমৰ ডেকাচামে আমাৰ আন্দোলনটোক আদৰি লৈছে৷ তিনিআলি আৰু চাৰিআলিত বিমল ভক্ষণ কৰি পিক্ এসোপা পেলাই থৈ যোৱা ডেকাৰ সংখ্যা অস্বাভাৱিক হাৰত বাঢ়িছে৷ তেওঁলোকৰ কৃপাতেই সেইবোৰ ঠাই, সেইবোৰ ৰাস্তা, সেইবোৰ পদপথ ৰং-চঙীয়া হৈ যোৱাৰ ফলত পৌৰ সভাৰ ৰং-বাৰ্ণিচ মৰাৰ আৰ্থিক লেঠাটো মৰিছে৷ ঘৰৰ বাহিৰে-ভিতৰে, ওলাওঁতে-সোমাওঁতে, প্ৰস্ৰাৱ-পায়খানা কৰোঁতে মেলোঁতে, ইউ টিউবৰ ভিডিঅ’ চাই চাই লাইক-কমেণ্ট কৰি থাকোঁতে বিমল অকণ নহ’লেই নহয়৷ কিছুমান ঠাইত মাক-দেউতাকে ‘বাবা, বিমল দিম দেই’ বুলি প্ৰতিশ্ৰুতি দিহে ল’ৰাটোক মাছ-মাংস অথবা পালেং পনীৰ জাতীয় সাধাৰণ খাদ্য খোৱাব পাৰিছে৷ ৱেবিনাৰত অংশগ্ৰহণকাৰীয়েও ‘একমিনিটৰ ব্ৰেক’ এটা লৈ বাহিৰত গৈ বিমলেৰে ‘মুহ-মিঠা’ কৰি আহেগৈ৷ নহ’লে ‘ক্লাছ’ত মন নবহে৷ চাধা আৰু ছেনিটাইজাৰৰ পিছত এতিয়া বিমল নামৰ মহৌষধবিধ দেখিলে এচাম উদীয়মান বিমল-ভক্ষক আগুৱাই গৈ ‘মোকো অকণ দিয়ক’ বুলি সোঁহাত আৰু বাওঁহাত আগবঢ়াই দিয়ে৷ সিপিনে গাড়ী বা বাইকেৰে গৈ থাকোঁতে মুখত ভৰাই ৰখা বিমলৰ ৰসসোপা হলহলকৈ বমি কৰি দিব পৰাটো এতিয়া ‘নিত্যনৈমিত্তিক ৰাজহুৱা ষ্টাণ্ট’ হিচাপে স্বীকৃতি দিয়া হৈছে৷ ওঁঠ দুখন জোঙা কৰি, কঁকালটো বেঁকা কৰি, ডিঙিটো চল্লিচ ডিগ্ৰী কোণত ঘূৰাই লৈ যিদৰে এইসকল ডেকাই নিউটনীয়ান গতি প্ৰদৰ্শন কৰে, তালৈ লক্ষ্য ৰাখি তেওঁলোকক চৰকাৰী প্ৰশিক্ষণৰ জৰিয়তে জিমনাষ্টিকছ বা তেনে কোনো কৌশলী ক্ৰীড়াত আগবঢ়াই দিব পাৰি৷
: বৰ ভাল পালোঁ৷ অজয় জী, মোৰ সবাতোকৈ কি ভাল লাগে জানেনে?
অজয়ৰ ভাষণ শুনি মোৰো কথা এটা ‘শ্বেয়াৰ’ কৰিবলৈ মন গ’ল৷“গোন্ধটো৷ মানে বিমল চোবাই থকা মানুহৰ মুখেৰে যিটো কেঁচা, ৰসাল আৰু ৰিমজিমাই থকা গোন্ধৰ নিৰ্গমন ঘটে আৰু পিছমুহূৰ্ততে সেই গোন্ধই যি বেগেৰে সমস্ত বায়ুমণ্ডল বিমলময় কৰি তোলে-সেইয়া প্ৰকৃতাৰ্থত ব্যাখ্যাহীন৷ মানে বুজাব নোৱাৰি৷ একপ্ৰকাৰ নৈসৰ্গিক৷”
: ঠিক৷ ঠিক৷
: পিচে, আচল কথাটো কওক৷ আপোনালোক অসমলৈ কিয় আহিছে? আৰু সেই যে গাড়ীৰ ভিতৰত বহি আছে-কোন?
সোধোঁ-নোসোধোঁকৈ শেষত মনৰ কৌতূহলটো ব্যক্তয়েই কৰিলোঁ৷
: কৈছোঁ ৰ’ব৷ আপুনি পিচে খং নকৰিব৷
: কি যে কয়! মইনো বাৰু আপোনাক খং কৰিব পাৰোঁনে?
মই আশ্বাস দিলোঁ৷
: তেন্তে শুনক৷ আমাৰ ‘বিমল খাওঁ আহা’ আন্দোলনটোৰ মূলমন্ত্ৰ হৈছে- “আঁহে আঁহে কেশৰ”, কিন্তু দুৰ্ভাগ্যজনকভাৱে এই মূলমন্ত্ৰভাগিৰ তাৎপৰ্য অসমৰ ছোৱালী আৰু নাৰীসমাজখনে এতিয়ালৈকে বুজি পোৱা নাই৷ তেওঁলোকৰ মাজত বিমলৰ আঁহ আৰু কেশৰে বৰকৈ মৰ্যাদা আৰু পৰিচিতি লাভ কৰা নাই৷ বৰঞ্চ আমাৰ বিমল-ভক্ষক ডেকাসকলে নাৰী আৰু কন্যাখিনিৰ পৰা নিয়মীয়াকৈ দাবি-ধমক আৰু লঘু-লাঞ্ছনাৰহে সমুখীন হৈছে৷ ঘৰৰ ভিতৰত বিমল-খোৱা মানুহৰ প্ৰবেশ নিষিদ্ধ কৰি তেওঁলোকে আমাৰ আন্দোলনৰ সেনানীক বৰকৈ বিপদত পেলাইছে৷ সেয়েহে আমি ভাবিছোঁ, এই কথাই কথা নহয়৷ মহিলাসমাজৰ মাজতো আমি আন্দোলনটোৰ তাৎপৰ্য প্ৰচাৰ-প্ৰসাৰ কৰিব লাগিব৷ তেওঁলোককো আমাৰ আন্দোলনত চামিল কৰিব লাগিব৷ তেহে দেশ আগুৱাই যাব৷ সেইটো পবিত্ৰ উদ্দেশ্যৰেই আমি এতিয়া অসমলৈ আহিছোঁ৷
: বেচ৷ বেচ৷ বৰ ভাল পালোঁ৷ পিচে আপুনি অকলেই পাৰিব জানো?
মই সন্দেহ প্ৰকাশ কৰিলোঁ৷
: নোৱাৰোঁ৷ আৰু সেইবাবেই মই কাজলকো লৈ আহিছোঁ৷
অজয়ে দুচকুত প্ৰত্যয় আৰু দৃঢ়তা৷
: হয় নেকি! তাৰমানে গাড়ীৰ ভিতৰত সেয়া…
মই কাজলক চাবলৈ উদগ্ৰীৱ হৈ পৰিলোঁ৷ কিন্তু অজয় দেৱগনে গাড়ীৰ দুৱাৰৰ কাষেই নাচাপিলে৷ মোৰো বৰকৈ থেনথেনাবলৈ মন নগ’ল৷
: হয়৷ সেয়া কাজল আৰু অথনি যে আপোনাৰ গাত সেই পিক্-বৰ্ষণ হ’ল, সেয়াও কাজলৰ মুখৰ পৰাই সৰকি পৰিছে৷
অজয়ে গৌৰৱৰ ভংগীমাত ক’লে৷
: কি কয়?
মই তাজ্জৱ মানিলোঁ৷
: তেওঁক ট্ৰেইনিং দিয়াই আছোঁ৷ আমি এটা মহিলা গোটৰ কথা ভাবিছোঁ। সৰ্বভাৰতীয় পৰ্যায়ত কাজলেই এই গোটটোৰ সভানেত্ৰী হৈ থাকিব। সেয়েহে আমি চাব বিচাৰিছিলোঁ, ৰাস্তাৰে গৈ থকা বাইক-আৰোহীৰ দেহলৈ কাজলে কিমান পৰিমাণৰ বিমল কিমান গতিৰে পিকাব পাৰে৷ কাজলৰ নিক্ষেপ-ক্ষমতাৰ পৰীক্ষা৷
: মোৰ বোধেৰে আপোনাৰ অভিযান সফল হ’ব৷ কাজলৰ গতি ভালেই৷ এওঁকে দেখি এতিয়া অনেক গাভৰু-ছোৱালীয়েও ‘বিমল খাওঁ আন্দোলন’টোত ভাগ ল’বলৈ আগুৱাই আহিব৷ কাৰণ, আপোনালোক তাৰকা৷ আপোনালোকৰ কোটি-কোটি অনুগামী৷ তামোল গছত নাৰিকল লাগে বুলি বিজ্ঞাপন দিলেও ৰাইজে চকু মেলি তামোল জোপালৈ চাব৷ তেনে এক প্ৰেক্ষাপটত এইটো প্ৰয়াসতো তেনেই সাধাৰণ কথা৷
মোৰ কণ্ঠ আত্মবিশ্বাসী৷
: হয়৷ হয়৷ এতিয়া যাওঁহে৷ কাম ধেৰ আছে৷ পাছত আকৌ লগ পাম৷
অজয় দেৱগন লাহে লাহে গাড়ীৰ ফালে আগবাঢ়িল৷
: নিশ্চয়৷ পিচে, যোৱাৰ আগত মোক অট’গ্ৰাফ এটা দি থৈ যাওক৷ এনে সুবিধা পুনৰনো ক’ত পাম চাগৈ।
মই পকেটৰ পৰা কাগজ এখিলা উলিয়াই অজয়ৰ ফালে আগবঢ়াই দিলোঁ৷
: হেহেহেঃ হয়, হয়৷ আপোনাৰ নামটো…?
মোৰ পৰা কাগজখিলা আগ্ৰহেৰে হাতলৈ নিলে অজয়ে দেৱগনে৷
: বিমলানন্দ৷
মনৰ আনন্দ প্ৰকাশ কৰি ময়ো ততালিকে সঁহাৰিটো দিলোঁ৷
☆ ★ ☆ ★ ☆
4:48 pm
অতি বিষময় বিষয় এইটো ।