ফটাঢোল

ক্ৰিকেটীয় ফকৰা যোজনা -সঞ্জীৱ কুমাৰ মহন্ত

 

১)

ফাষ্ট বলাৰ ধ্বংস হয়

ঘনাই পালে আঘাত, 

ভাল বেটছমেনো ব্যৰ্থ হয়

য়ৰ্কাৰ মাৰিলে জেগাত।

২)

ছুইং খেলিবা সাৱধানে
বাউঞ্চাৰ এৰিবা বহি,
স্পীন খেলিবা ফুটৱৰ্ক চলাই
য়ৰ্কাৰ ডিফেন্স কৰি।

৩)

চিক্স ফ’ৰ মৰাজন
আউট হৈ আহিল,
চিংগল ডাবোল লোৱাজন
নট আউট থাকিল।

৪)

প্লেয়াৰ কিনিবা
ফৰ্ম-ফিটনেছ চাই,
আধাতে টুৰ্ণামেণ্ট এৰি নাযায়।

৫)

আই.পি.এল-ত ভাল খেলিলেই
নিদিবা ধ্যান,
ছেমছন  বোলাজন
তাৰেই প্ৰমাণ।

৬)

পাৱাৰ প্লে-ত কেনেবাকৈ
বাচি যায়,
লাষ্ট অভাৰবোৰত
পিটন খায়।

৭)

২/৩জনকৈ ৰাখিবা শ্লিপত
ছুইং কৰাবা দুয়োটা দিশত
প্ৰয়োজনত ৰাখিবা
গালী,চৰ্ট লেগ ,
দস্তুৰমত তুমি পাবাই উইকেট।

৮)

ভাল বেটিং,
ভাল ফিল্ডিং
লগতে ভাল বলাৰ,
তেনে খেলুৱৈকে বোলে
অলৰাউণ্ডাৰ।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *