ফটাঢোল

লটাৰী আখ্যান- কৰবী দেবী

: হেৰা শুনিছা এটা বিৰাট ভাল খবৰ আছে।

: ভাল খবৰ? কিন্তু কি ভাল খবৰ?

: হেই আগতে পানী এগিলাচ লৈ আহাচোন। কৈ আছোঁ সকলো।

জেঠ মহীয়া প্ৰখৰ ৰ’দত ঘামি-জামি অহা বাখৰে ঘৈণীয়েকৰ উল্লাস দেখিয়েই পানী গিলাচ ফৰমাইচ কৰিবলৈ সাহস কৰে। পত্নী বাসন্তীয়েও আজি হেঁপাহেৰে পানী গিলাচ লৈ পাগঘৰৰ পৰা ওলাই আহে। কি বা ভাল খবৰ বুজ ল’বলৈ মনটো উচপিচাই উঠে।

একে উশাহতে পানী গিলাচ গলাধঃকৰণ কৰি বাখৰে বুকু ফিন্দাই কয়…

: কপাল ফুলিল বুজিছা। সদায় মোক আনলাকি বুলি ঠাট্টা কৰা নহয়। আজি ভাগ্যচকৰী খোল খালে। লটাৰী লাগিল মোৰ।

: সঁচা!!

: বিদ্যা…

: তেন্তে আজি কথা ফাইনেল।

: বাসন্তী, কথা ফাইনেল মানে? কি কথা? বুজা নাই মই।

: হ’ব এতিয়া অজলাৰ ভাও ধৰিব নালাগে। কাজিয়া লাগিলে শুনাই থাকা নহয়, “অশান্তি পালে মাৰৰ ঘৰলৈ যাগৈ যা” বুলি। এতিয়া তাকেই কৰিম। নাথাকোঁ আৰু তোমাৰ লগত। ভালে ভালে লটাৰীৰ আধা টকা মোক দি দিয়া। অন্যথা মই উকীলৰ কাষ চাপিবলৈ বাধ্য হ’ম বুজিলা।

: হেৰা কি কৰা, কি কৰা… হেই কি আচৰিত মহিলা তুমি। ক’ৰ্ট কাছাৰীৰ মেৰপাকত সোমাবলৈ নাই দেই। তাতকৈ লটাৰীৰ গোটেইখিনি টকা তুমিয়েই ৰাখা। মোক এটকাও নালাগে যোৱা।

বাখৰে খৰধৰকৈ পকেটৰ পৰা খমখমীয়া নোট এখন উলিয়াই পত্নীৰ হাতত গুজি দিয়ে… 

: এয়া লোৱা লটাৰীৰ আটাইখিনি টকা তোমাকে দিলোঁ। যোৱা, এতিয়াই গুচি যোৱা। মোৰ চিন্তা ভুলতেও নকৰিবা যোৱা। মই মৰোঁ, জীয়াই থাকোঁ, খাওঁ-নেখাওঁ সেইবোৰ যি হয় হ’ব!

: পিচে হেৰা এইখন কি দিছা? এশ টকীয়া নোটহে দেখোন?

: এশ টকাই লাগিছে আকৌ লটাৰীত। যোৱা গোটেইখিনি তোমাকে দিলোঁ।

এইবাৰ পত্নীয়ে ৰাওচি জুৰি কান্দিবলৈ ধৰে। কান্দি কান্দিয়েই কয়…… 

: তুমি কেৱল মোক ঘৰৰ পৰা উলিয়াই দিয়াৰ সপোনেই দেখি থাকা। মোৰ প্ৰতি অকণো মৰম দয়া নাই তোমাৰ।নহ’লে এনেকৈ মোক ঘৰ এৰিবলৈ কোৱানে! 

কান্দি কাটি বাউলি হোৱা বাসন্তীক নিচুকাবলৈ খুজি বাখৰে কয়,

: ধেৎ আকৰীজনী। তোমাৰ খঙটো ভাল লাগে বাবেহে জোকাই থাকোঁ। আচ্ছা শুনা, পৰহি কৈছিলা নহয় তোমাৰ বান্ধৱী এজনীৰ ভনীয়েকৰ বিয়া বুলি। বিয়ালৈ যাবা নে নাই? 

: নাযাওঁ।

: কিয়

: ভাল কাপোৰ এসাজো নাই।

: আচ্ছা আজিয়েই মন পচন্দৰ কাপোৰ এসাজ কিনি ল’বা, ব’লা বজাৰলৈ যাওঁ।

: তুমি যাব নালাগে। মোক এ টি এম কাৰ্ডখন দিলেই হ’ব।

: এনেই বাজেট কিমানমান বাসন্তী?

: বান্ধৱীৰ ভনীয়েকহে। বেছি হেভী কাপোৰ নালাগে বাৰু! মিনিমান বাৰ হেজাৰ। মানে উপহাৰ, বিউটি পাৰ্লাৰ আদি সকলোবোৰ সাঙুৰি কৈছোঁ। হয়তো আৰু তিনি হাজাৰমান প্ৰয়োজন হ’বও পাৰে। 

খন্তেক পিছত ৰচক পচক খোজেৰে বাসন্তী পদূলি মুখত ৰওতে বাখৰে ৰিঙিয়াই কয়, 

: হেৰা, উভতি আহোঁতে পাৰিলে নৱৰত্ন তেল এটা  লৈ আহিবা, ভাগ্য খোল খোৱাৰ উপহাৰ হিচাপে। 

: বিছনাৰ শিতানতে থৈ আহিছোঁ যোৱা,

পত্নীয়েও ৰিঙিয়াই কয়। 

নৱৰত্ন তেলকণ লগোৱাৰ আগতে লটাৰীৰ টিকটটো কাটি টুকুৰা টুকুৰ কৰাৰ উদ্দেশ্যে বাখৰ কাইটি তীব্ৰ গতিৰে পাকঘৰলৈ গৈ নলীয়া কটাৰীখন বিচাৰিবলৈ ধৰে।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *